ফিফা বিশ্বকাপ ২০২৬: মেছী আৰু এমবাপ্পেৰ সন্মুখত এতিয়া ছেমি-ফাইনেলৰ অগ্নিপৰীক্ষা!

বিশ্বকাপ ২০২৬: শেষ আঠৰ মহাৰণ! ছেমি-ফাইনেলৰ টিকট কাটিব কোনে- আৰ্জেণ্টিনা, ফ্ৰান্স নে ইংলেণ্ডে?

চলিত ফিফা বিশ্বকাপ (FIFA World Cup 2026) এতিয়া এক ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছে । তীব্ৰ উত্তেজনাপূৰ্ণ ‘ৰাউণ্ড অৱ ১৬’ৰ খেলসমূহ সমাপ্ত হোৱাৰ পিছত এতিয়া কেৱল ৮টা শক্তিশালী দল বাকী ৰৈছে । ৪৮টা দলৰ এই অভিলেখ সৃষ্টিকাৰী টুৰ্নামেণ্টখন এতিয়া আৰ্জেণ্টিনা, ফ্ৰান্স, মৰক্কো, স্পেইন, বেলজিয়াম, ইংলেণ্ড, নৰৱে আৰু চুইজাৰলেণ্ডৰ মাজলৈ সংকুচিত হৈ পৰিছে ।

বিশ্বকাপৰ ইতিহাসত এইবাৰেই প্ৰথমবাৰৰ বাবে ব্ৰাজিল আৰু জাৰ্মানী- দুয়োটা দলেই একেলগে কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বেই বিদায় মাগিছে, যিয়ে ফুটবল অনুৰাগীসকলক আচৰিত কৰি তুলিছে ।

কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ

ছেমি-ফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ এই অন্তিম-আঠৰ খেলসমূহত বিশ্বৰ তাৰকা খেলুৱৈসকলৰ মাজত এক তীব্ৰ কৌশলগত যুদ্ধ দেখিবলৈ পোৱা যাব ।

ফ্ৰান্স বনাম মৰক্কো

২০২২ চনৰ কাটাৰ বিশ্বকাপৰ ছেমি ফাইনেলৰ পুনৰাবৃত্তি ঘটিব এই মেচখনত । ৰাউণ্ড অৱ ১৬ ত অধিনায়ক কিলিয়ান এমবাপ্পেৰ পেনাল্টী গ’লৰ সহায়ত ফ্ৰান্সে পেৰাগুৱেক ১-০ ত পৰাস্ত কৰে । আনহাতে, মৰক্কোৱে কানাডাক ৩-০ ব্যৱধানত ধূলিস্যাৎ কৰি একেৰাহে দুবাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম আফ্ৰিকান দেশ হিচাপে ইতিহাস ৰচনা কৰিছে । এতিয়া ‘এটলাছ লায়ন্স’ৰ বাবে ই ফ্ৰান্সৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ সোণালী সুযোগ ।

স্পেইন বনাম বেলজিয়াম

দুটা সম্পূৰ্ণ ভিন্ন শৈলীৰ দলৰ এই যুঁজখন অতি আকৰ্ষণীয় হ’ব । স্পেইনে পৰ্তুগালক ১-০ ব্যৱধানত হৰুৱাই ইয়াত প্ৰৱেশ কৰিছে, য’ত বিকল্প খেলুৱৈ মিকেল মেৰিনোৱে শেষ মুহূৰ্তত নাটকীয় গ’ল কৰে । আনহাতে, বেলজিয়ামে সহ-আয়োজক আমেৰিকাক ৪-১ ব্যৱধানত পৰাস্ত কৰে । এই খেলখনত স্পেইনৰ ‘পজেছন গেম’ আৰু বেলজিয়ামৰ দ্ৰুত আক্ৰমণৰ মাজত প্ৰতিযোগিতা হ’ব ।

ইংলেণ্ড বনাম নৰৱে

থমাছ টুচেলৰ প্ৰশিক্ষণত ইংলেণ্ডে ১০ জন খেলুৱৈৰে খেলিও মেক্সিকোক ৩-২ ত পৰাস্ত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছে । এই মেচত জুড বেলিংহামে দুটা গ’ল কৰে । বিপৰীতে, নৰৱেই ৫ বাৰৰ ডিফেণ্ডিং চেম্পিয়ন ব্ৰাজিলক ২-১ ব্যৱধানত পৰাস্ত কৰি ডাঙৰ অঘটন ঘটায় । প্ৰিমিয়াৰ লীগৰ দুই মহান তাৰকা- নৰৱেৰ আৰ্লিং হালেণ্ড আৰু ইংলেণ্ডৰ হেৰী কেইনৰ মাজত এই মেচত তীব্ৰ যুঁজ হ’ব ।

আৰ্জেণ্টিনা বনাম চুইজাৰলেণ্ড

ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই ইজিপ্তৰ বিৰুদ্ধে ২-০ ত পিছপৰি থকাৰ পিছতো ৩-২ ব্যৱধানত এক অলৌকিক প্ৰত্যাৱৰ্তন কৰি কোৱাৰ্টাৰত স্থান পাইছে । লিঅ’নেল মেছিয়ে পেনাল্টী মিছ কৰাৰ পিছতো দলটোৱে জয় লাভ কৰে । চুইজাৰলেণ্ডে কলম্বিয়াক পেনাল্টী শ্বুটআউটত হৰুৱাই ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে ।

গোল্ডেন বুটৰ দৌৰত কোন আগত?

টুৰ্নামেণ্টখনৰ শেষ পৰ্যায়ৰ লগে লগে গোল্ডেন বুটৰ বাবেও তাৰকাসকলৰ মাজত তীব্ৰ প্ৰতিযোগিতা আৰম্ভ হৈছে :

লিঅ’নেল মেছী (আৰ্জেণ্টিনা): ৮টা গ’ল (শীৰ্ষত)

কিলিয়ান এমবাপ্পে (ফ্ৰান্স): ৭টা গ’ল

আৰ্লিং হালেণ্ড (নৰৱে): ৭টা গ’ল

হেৰী কেইন (ইংলেণ্ড): ৬টা গ’ল

ইয়াৰ বাহিৰেও জুড বেলিংহাম আৰু ঔচমানে ডেম্বেলৰ দৰে খেলুৱৈ সকলো এই দৌৰত আছে ।

ফিফা বিশ্বকাপৰ এক ঐতিহাসিক পৰিসংখ্যা

ফিফাৰ চৰকাৰী তথ্য অনুসৰি, বিশ্বকাপৰ ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে ঘটিছে যে ব্ৰাজিল আৰু জাৰ্মানী দুয়োটা দলেই একেলগে কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বেই বিদায় লৈছে । ইয়াৰ পূৰ্বে বিভিন্ন সংস্কৰণত তেওঁলোকে পৃথকে পৃথকে বিদায় লৈছিল, কিন্তু একেটা টুৰ্নামেণ্টতে দুয়োটা দলৰ এনে বিপৰ্যয় ইয়াৰ পূৰ্বে কেতিয়াও হোৱা নাছিল ।

লগতে পঢ়ক : ফিফা বিশ্বকাপ ২০২৬: মেছিৰ যাদু! আশ্চৰ্যজনক প্ৰত্যাৱৰ্তনেৰে ইজিপ্তক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা

ফিফা বিশ্বকাপ ২০২৬: মেছিৰ যাদু! আশ্চৰ্যজনক প্ৰত্যাৱৰ্তনেৰে ইজিপ্তক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা

ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই ইজিপ্তক ৩-২ গ’লত পৰাস্ত কৰি ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মঙলবাৰে আটলান্টা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত আৰ্জেণ্টিনা ৭৮ মিনিটলৈকে ২-০ গ’লত পিছ পৰি আছিল।

ফিফা বিশ্বকাপ ২০২৬ত বৰ্তমানৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত আছে। ৭ জুলাই (মঙলবাৰ) দিনা আটলাণ্টাৰ বিখ্যাত আটলাণ্টা ষ্টেডিয়ামত অনুষ্ঠিত ৰাউণ্ড অৱ ১৬ৰ এখন অতি ৰোমাঞ্চকৰ মেচত আৰ্জেণ্টিনাই ইজিপ্তক ৩-২ ব্যৱধানত পৰাস্ত কৰে। এই গুৰুত্বপূৰ্ণ বিজয়ৰ সৈতে লিয়নেল মেছিৰ দলটোৱে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে।

৭৮ মিনিটলৈ পিছপৰি আছিল আৰ্জেণ্টিনা: তাৰ পিছত…

খেলখনৰ প্ৰথমাৰ্ধৰ পৰা প্ৰায় ৭৮ মিনিটলৈকে ইজিপ্তে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰি আৰ্জেণ্টিনাক তীব্ৰ চাপত ৰাখিছিল। কিন্তু তাৰ পিছতেই আৰম্ভ হয় লিয়নেল মেছিৰ যাদু। মাত্ৰ ১৩ মিনিটৰ ভিতৰত এটাৰ পিছত এটাকৈ ৩টা গ’ল দি আৰ্জেণ্টিনাই খেলখনৰ সম্পূৰ্ণ গতি সলাই পেলায় আৰু ইজিপ্তক পৰাস্ত কৰে।

আৰ্জেণ্টিনা বনাম ইজিপ্ত খেলৰ গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহ

অধিনায়ক মেছিৰ অনবদ্য অবদান: আৰ্জেণ্টিনাৰ এই ঐতিহাসিক প্ৰত্যাৱৰ্তনৰ মূল কাণ্ডাৰী আছিল অধিনায়ক লিয়নেল মেছি। তেওঁ নিজে এটা গ’ল কৰাৰ লগতে আন এটা গ’ল কৰাত সতীৰ্থক সহায় কৰে।

খেলৰ প্ৰথমটো গ’ল: ৭৯ মিনিটত মেছিৰ এটা সুন্দৰ পাছৰ সহায়ত ক্ৰীষ্টিয়ান ৰোমেৰোৱে আৰ্জেণ্টিনাৰ হৈ প্ৰথমটো গ’ল স্ক’ৰ কৰে।
সমতা স্থাপন: ইয়াৰ ঠিক ৪ মিনিট পিছত, অৰ্থাৎ ৮৩ মিনিটত গঞ্জালো মন্টিয়েলৰ পাছত মেছিয়ে নিজেই এক অনবদ্য গ’ল দি খেলখন ২-২ সমতালৈ আনে।

ইনজুৰী টাইমৰ বিজয় গ’ল: খেলৰ অন্তিম মুহূৰ্তত, ৯০+২ মিনিটত লাউটাৰো মাৰ্টিনেজৰ এক পাছ লাভ কৰি এনজো ফাৰ্নাণ্ডিছে ইজিপ্তৰ জালত বল সুমুৱাই আৰ্জেণ্টিনাক ৩-২ ৰ এক অপ্ৰত্যাশিত আৰু নিৰ্ণায়ক জয় আনি দিয়ে।
বিশ্বকাপৰ ইতিহাসত মেছিৰ নতুন ৰেকৰ্ড
চলিত ২০২৬ চনৰ ফিফা বিশ্বকাপত লিয়নেল মেছিৰ এয়া অষ্টমটো গ’ল আছিল। এই গ’লটোৰ সৈতে তেওঁ এইবাৰৰ বিশ্বকাপৰ ‘গ’ল্ডেন বুট’ দৌৰত আটাইতকৈ আগত স্থান লাভ কৰিছে। ইয়াৰ উপৰিও, ফিফা বিশ্বকাপৰ সমগ্ৰ ইতিহাসত মেছিৰ মুঠ গ’লৰ সংখ্যা এতিয়া ২১টালৈ বৃদ্ধি পাইছে, যাৰ ফলত তেওঁ নিজৰ পুৰণি ৰেকৰ্ড আৰু অধিক উন্নত কৰিবলৈ সক্ষম হৈছে।
কোৱাৰ্টাৰ ফাইনেলত কাৰ মুখামুখি হ’ব আৰ্জেণ্টিনা?
এই জয়ৰ পিছত আৰ্জেণ্টিনাই এতিয়া কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱাৰ্টাৰ ফাইনেলত তেওঁলোকে কলম্বিয়া অথবা চুইজাৰলেণ্ডৰ ভিতৰত বিজয়ী দলটোৰ বিৰুদ্ধে খেলপথাৰত নামিব।

লগতে পঢ়ক: বেলজিয়ামৰ হাতত ৪-১ গ’লত ধূলিসাৎ আমেৰিকা: জ্বলা জুইত ঘিঁউ ঢালি ইৰানৰ মুকলি ইতিকিং!

প্ৰি-কোৱাৰ্টাৰত আৰ্জেণ্টিনা; পৰাজিত হৈয়ো হৃদয় জিনিলে কেপ ভাৰ্ডেই

লিয়নেল মেছিৰ অভিলেখ ভংগকাৰী ২০ সংখ্যক বিশ্বকাপ গ’ল আৰু অতিৰিক্ত সময়ত নিৰ্ণায়ক ষ্ট্ৰাইকৰ দ্বাৰা চালিত আৰ্জেণ্টিনাই ফিফা বিশ্বকাপত কেপ ভাৰ্ডেক ৩-২ গ’লত পৰাস্ত কৰি ফিফা বিশ্বকাপৰ ১৬ ৰাউণ্ডত স্থান নিশ্চিত কৰে।

ফিফা বিশ্বকাপত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই এক ৰোমাঞ্চকৰ মেচত কেপ ভাৰ্ডেক ৩-২ গ’লত পৰাস্ত কৰি ৰাউণ্ড অব-১৬ত প্ৰৱেশ কৰিছে। শনিবাৰে মিয়ামি গাৰ্ডেনচত অনুষ্ঠিত এই খেলখনত প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলা কেপ ভাৰ্ডে শেষ মুহূৰ্তলৈকে আৰ্জেণ্টিনাক তীব্ৰ প্ৰত্যাহ্বান জনায়, কিন্তু অতিৰিক্ত সময়ৰ ১১১ নম্বৰ মিনিটত হোৱা এটা ‘অ’ন গ’লে’ মেচখনৰ ভাগ্য নিৰ্ধাৰণ কৰে।

আৰ্জেণ্টিনাৰ জয়ৰ নিৰ্ণায়ক গ’লটো কেপ ভাৰ্ডেৰ ডিফেণ্ডাৰ ডিনি বৰ্জেছে নিজৰ গ’ল হিচাপে ৰেকৰ্ড কৰে। ক্ৰীষ্টিয়ান ৰোমেৰোৰ হেডাৰটো ৰোধ কৰাৰ প্ৰয়াসত বলটো বর্জেছৰ পৰা আঁতৰি গৈ গ’লপোষ্টত সোমাই পৰে আৰু আৰ্জেণ্টিনাই ৩-২ ব্যৱধানত অগ্ৰগতি লাভ কৰে, যিটো খেলৰ শেষলৈকে অক্ষুণ্ণ থাকে।

ইয়াৰ পূৰ্বে অধিনায়ক লিয়োনেল মেছীয়ে ২৯ নম্বৰ মিনিটত এটা সুন্দৰ গ’ল দি আৰ্জেণ্টিনাক ১-০ ব্যৱধানত আগুৱাই লৈ গৈছিল। আনহাতে, লিসান্দ্ৰো মাৰ্টিনেজে অতিৰিক্ত সময়ৰ ১০৩ নম্বৰ মিনিটত গ’ল দি স্ক’ৰ ২-১ কৰে।

অৱশ্যে কেপ ভাৰ্ডে দুবাৰকৈ সুন্দৰ প্ৰত্যাৱৰ্তন কৰে। চিডনী লোপেচ কেব্ৰালে প্ৰথমটো সমতা স্থাপনকাৰী গ’ল কৰাৰ বিপৰীতে ডেৰয় দুৱাৰ্টেই দ্বিতীয়টো সমতা স্থাপনকাৰী গ’ল দি দক্ষিণ ফ্ল’ৰিডাত উপস্থিত থকা বুজন সংখ্যক আৰ্জেণ্টিনাৰ সমৰ্থকক আচৰিত কৰি তোলে।

এতিয়া ৰাউণ্ড অব-১৬ত আৰ্জেণ্টিনাৰ মুখামুখি হ’ব ইজিপ্তৰ । ইজিপ্তে ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াক পেনাল্টি শ্বুটআউটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছিল। অহা মঙলবাৰে আটলান্টাত দুয়োটা দলৰ মাজত এই খেলখন অনুষ্ঠিত হ’ব।

পৰাজয়ৰ পিছতো কেপ ভাৰ্ডে নিজৰ প্ৰথমটো বিশ্বকাপতে এক স্মৰণীয় প্ৰদৰ্শন দাঙি ধৰে। পশ্চিম আফ্ৰিকাৰ উপকূলৰ ওচৰত অৱস্থিত এই সৰু দ্বীপৰাষ্ট্ৰখনে ইতিহাস ৰচনা কৰি নকআউট পৰ্যায়ত স্থান লাভ কৰিবলৈ সক্ষম হয়। ৪০ বছৰীয়া গ’লৰক্ষক ওজিনহাৰ চমকপ্ৰদ গ’লকিপিং আছিল ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ।

কেপ ভাৰ্ডে গ্ৰুপ পৰ্যায়ত স্পেইন, উৰুগুৱে আৰু চৌদি আৰৱৰ দৰে শক্তিশালী দলসমূহৰ বিৰুদ্ধে খেল ড্ৰ’ খেলি সকলোকে আচৰিত কৰি দিছিল। আৰ্জেণ্টিনাৰ বিৰুদ্ধেও ওজিনহাই ১০ টা সুন্দৰ ছেভ কৰে, য’ত মেছীৰ পাঁচটাকৈ প্ৰয়াসো অন্তৰ্ভুক্ত আছিল।

লগতে পঢ়ক: ‘তেওঁ শচীন আৰু বিৰাটৰ দৰেই প্ৰতিভাশালী’; বৈভৱ সূৰ্যৱংশীক লৈ কপিল দেবৰ বিশেষ মন্তব্য  

মেছিৰ ষষ্ঠ বিশ্বকাপ অভিযান : ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ দল ঘোষণা

১১ জুনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোক কেন্দ্ৰ কৰি আৰম্ভ হ’বলগীয়া এই বিশ্বকাপৰ বাবে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই চূড়ান্ত দল ঘোষণা কৰিছে

২০২৬ চনৰ ফিফা বিশ্বকাপক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীৰ মাজত ব্যাপক উত্তেজনা বিৰাজ কৰিছে । ১১ জুনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোক কেন্দ্ৰ কৰি আৰম্ভ হ’বলগীয়া এই মহাকাব্যিক প্ৰতিযোগিতাখনৰ বাবে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই তেওঁলোকৰ ২৬ জনীয়া চূড়ান্ত দল ঘোষণা কৰিছে । দলৰ মুখ্য প্ৰশিক্ষক লিওনেল স্কালোনিয়ে ঘোষণা কৰা এই তালিকাত অভিজ্ঞ খেলুৱৈৰ লগতে নতুন প্ৰতিভাকো সুযোগ দিয়া হৈছে ।

মেছিৰ ষষ্ঠ বিশ্বকাপ অভিযান-

দলৰ নেতৃত্বৰ দায়িত্বত থাকিব কিংবদন্তি ফুটবল খেলুৱৈ লিওনেল মেছি । ৩৮ বছৰীয়া এই তাৰকা খেলুৱৈগৰাকীৰ বাবে এইটো হ’ব ষষ্ঠটো বিশ্বকাপ । ইণ্টাৰ মায়ামিৰ হৈ খেলাৰ সময়ত বাওঁফালৰ হেমষ্ট্ৰীংত আঘাত পোৱা স্বত্বেও, মেছি দলৰ মূল শক্তি হিচাপে অৱতীৰ্ণ হ’ব বুলি আশা কৰা হৈছে । উল্লেখ্য যে, ২০২২ চনৰ কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনাক খিতাপ জিকাই দিয়াৰ ক্ষেত্ৰত মেছিয়ে সাতটা গ’ল আৰু তিনিটা সহায়কাৰী গ’লৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

বিশ্বকাপৰ পূৰ্বে প্ৰস্তুতি-

মহাযুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে দলটোৱে নিজৰ প্ৰস্তুতি তুংগত ৰখাৰ লক্ষ্য লৈছে । স্কালোনিৰ শিষ্যসকলে ৬ জুনত হন্দুৰাছ আৰু ৯ জুনত আইচলেণ্ডৰ বিৰুদ্ধে দুখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ মেচ খেলিব । এই মেচ দুখনৰ পিছতে দলটোৱে কানছাছ চিটিত নিজৰ বেইচ কেম্প স্থাপন কৰিব ।

গ্ৰুপ ‘জে’-ত আৰ্জেণ্টিনাৰ অভিযান-

ফিফা বিশ্বকাপ ২০২৬-ৰ গ্ৰুপ ‘জে’-ত স্থান পোৱা আৰ্জেণ্টিনাই ১৬ জুনত আলজেৰিয়াৰ বিৰুদ্ধে নিজৰ প্ৰথমখন মেচ খেলি বিশ্বকাপ অভিযানৰ শুভাৰম্ভ কৰিব । গ্ৰুপৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ক্ৰমে অষ্ট্ৰিয়া আৰু জৰ্ডানৰ দৰে দলৰ মুখামুখি হ’ব ।

আৰ্জেণ্টিনাৰ ঘোষিত দল :

গ’লৰক্ষক : এমিলিয়ানো মাৰ্টিনেজ, জেৰোনিমো ৰুলি আৰু হুৱান মুছো ।

ডিফেণ্ডাৰ্ছ : গঞ্জালো মন্টিয়েল, নাহুৱেল মলিনা, লিছান্দ্রো মাৰ্টিনেজ, নিকোলাছ অটামেন্দি, লিঅ’নাৰ্ডো ব্যালার্ডি, ক্রিষ্টিয়ান ৰোমেৰো, নিকোলাছ টাগলিয়াফি’কো, ফাকুন্দো মেডিনা ।

মিড ফিল্ডাৰ্ছ : জিওভানি লো চেলছো, লিয়েন্দ্ৰো পারেদেছ, ৰড্রিগো ডি পল, এক্সেকুয়েল পালাচিঅ’ছ, এনজো ফাৰ্নান্দেজ, এলেক্সিস মেক এলিষ্টাৰ, ভেলেন্টিন বার্কো।

ফৰৱাৰ্ড : লিওনেল মেছি, নিকোলাছ গঞ্জালেজ, জুলিয়ানো ছিমিওনে, লাউতাৰো মাৰ্টিনেজ, হোজে মেনুৱেল লোপেজ, জুলিয়ান আলভাৰেজ, থিয়াগো আলমাডা, নিকো পাছ ।

বিশ্বকাপৰ এই খিতাপ বৰ্তাই ৰাখিবলৈ আৰ্জেণ্টিনাৰ এই দলটো কিমান সফল হ’ব, সেয়া এতিয়া সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক : ইংলেণ্ডক ৩৮ ৰানত পৰাস্ত কৰি ১-০ ত অগ্ৰগতি ভাৰতীয় মহিলা দলৰ

এইবাৰ বিশ্ব স্বাস্থ্য সংস্থা এৰিব আৰ্জেণ্টিনাই…ৰাষ্ট্ৰপতি মাইলীয়ে কৰিলে ঘোষণা

আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিয়ে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ সৈতে সম্পৰ্ক সমাপ্ত কৰাৰ কথা ঘোষণা কৰিছে । কেইবাটাও মতানৈক্যৰ বাবে তেওঁ ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ পৰা নিজৰ দেশক প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছে । ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলীৰ এই সিদ্ধান্ত তেওঁৰ সতীৰ্থ আৰু বন্ধু দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আদেশৰ সৈতে সাদৃশ্য আছে । ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰথম দিনাই ২১ জানুৱাৰীত কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰি WHOৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ।

বিশ্ব স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক হ্ৰাস পাব-

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আন এখন সদস্য দেশৰ বিদায়ে বিশ্ব স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক দুৰ্বল কৰি তুলিব । কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই ২০২৪-২০২৫ চনৰ বাবে আনুমানিক ৬.৯ বিলিয়ন মাৰ্কিন ডলাৰৰ বাজেটৰ ভিতৰত আৰ্জেণ্টিনাৰ পৰা প্ৰায় ৮০ লাখ মাৰ্কিন ডলাৰহে লাভ কৰাৰ আশা কৰা হৈছিল ।

আৰ্জেণ্টিনাৰ যুক্তি-

বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ সময়ত স্বাস্থ্য ব্যৱস্থাপনাৰ গভীৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি আৰ্জেণ্টিনাই এই সিদ্ধান্ত লোৱা হৈছে বুলি বুয়েনছ আয়াৰ্ছত মুখপাত্ৰ মেনুৱেল আডৰ্ণীয়ে প্ৰকাশ কৰে । তেওঁ কয় যে সেই সময়ত WHO ৰ গাইডলাইনৰ ফলত মানৱ জাতিৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ লকডাউনৰ সৃষ্টি হৈছিল । দেশসমূহক বিশেষ স্বাস্থ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য কৰাৰ কোনো কৰ্তৃত্ব WHOৰ নাই । সংস্থাটোৰ নিৰ্দেশনা আৰু পৰামৰ্শসমূহ প্ৰায়ে অৱজ্ঞা কৰা হয় । ইয়াৰ ভিতৰত ক’ভিড-১৯ৰ দৰে স্বাস্থ্য সংকটো অন্তৰ্ভুক্ত । অৱশ্যে মাইলীৰ এই সিদ্ধান্ত কেতিয়া কাৰ্যকৰী হ’ব সেই কথা অডৰ্ণীয়ে কোৱা নাই । কাৰো নাম নোলোৱাকৈ তেওঁ লগতে কয় যে কিছুমান দেশৰ ৰাজনৈতিক প্ৰভাৱৰ বাবে WHOৰ স্বাধীনতা হ্ৰাস পাইছে ।

আৰ্জেণ্টিনাৰ ঘোষণা বিবেচনা কৰি আছে: স্বাস্থ্য সংস্থা

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে আৰ্জেণ্টিনাৰ এই ঘোষণাৰ কথা বিবেচনা কৰি আছে । গুৰুতৰ স্বাস্থ্য সংকট, বিশেষকৈ নতুন ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ইব’লা, এইডছ আৰু মংকী পক্সকে ধৰি বৰ্তমানৰ স্বাস্থ্যজনিত ভাবুকিৰ প্ৰতি বিশ্বব্যাপী সঁহাৰিৰ সমন্বয়ৰ বাবে ডব্লিউ এইচ অ’ হৈছে একমাত্ৰ সংস্থা ।