এয়া নতুন মধ্যপ্ৰাচ্যৰ ঐতিহাসিক উত্থান; পণবন্দীক মুকলি কৰাৰ পাছত ইজৰাইলৰ সংসদত ট্ৰাম্পৰ ভাষণ

এয়া নতুন মধ্যপ্ৰাচ্যৰ ঐতিহাসিক উত্থান; পণবন্দীক মুকলি কৰাৰ পাছত ইজৰাইলৰ সংসদত ট্ৰাম্পৰ ভাষণ

এয়া নতুন মধ্যপ্ৰাচ্যৰ ঐতিহাসিক উত্থান গাজাত বাকী থকা ২০ জন পণবন্দীক দুবছৰীয়া যুদ্ধৰ অন্তত হামাছৰ বন্দীত্বৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু তেওঁলোক ইজৰাইললৈ উভতি আহিছে । নিহত ২৮ জন পণবন্দীৰ মৃতদেহ গাজাত আছে যদিও আমেৰিকাৰ মধ্যস্থতাত হোৱা যুদ্ধবিৰতি চুক্তিৰ চৰ্ত অনুসৰি হামাছে ঘূৰাই দিব

এয়া নতুন মধ্যপ্ৰাচ্যৰ ঐতিহাসিক উত্থান

গাজাত বাকী থকা ২০ জন পণবন্দীক দুবছৰীয়া যুদ্ধৰ অন্তত হামাছৰ বন্দীত্বৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু তেওঁলোক ইজৰাইললৈ উভতি আহিছে । নিহত ২৮ জন পণবন্দীৰ মৃতদেহ গাজাত আছে যদিও আমেৰিকাৰ মধ্যস্থতাত হোৱা যুদ্ধবিৰতি চুক্তিৰ চৰ্ত অনুসৰি হামাছে ঘূৰাই দিব । এই উপলক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টেল আভিভৰ সেই পৰিয়ালসমূহক সাক্ষাৎ কৰে, যাৰ আত্মীয় পণবন্দী আছিল বা যিসকলৰ মৃত্যু হৈছে । ইয়াৰ উপৰিও ট্ৰাম্পে কেনেচেট (সংসদ)কো সম্বোধন কৰে । ট্ৰাম্পে তেওঁৰ ভাষণত কয় যে দুবছৰৰ পাছত অৱশেষত বন্দুকসমূহ নিস্তব্ধ হৈছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাষণৰ আৰম্ভণিতে এইদৰে কয় যে, ‘দুবছৰ কষ্টকৰ আন্ধাৰ আৰু বন্দীত্বৰ অন্তত ২০ জন সাহসী পণবন্দী পৰিয়াললৈ উভতি আহিছে আৰু এয়া গৌৰৱশালী । আজি বন্দুকবোৰ নিস্তব্ধ হৈ পৰিছে, সূৰ্য্য ওলাইছে । এয়া যুদ্ধৰ অন্ত নহয় বৰঞ্চ নতুন যুগৰ আৰম্ভণিহে ।’

ট্ৰাম্পে নেতানিয়াহুক ধন্যবাদ জনাই কয়, ‘অসাধাৰণ সাহস আৰু দেশপ্ৰেমৰ ব্যক্তি এজনৰ প্ৰতি মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছো । তেওঁলোকৰ অংশীদাৰিত্বই এই গুৰুত্বপূৰ্ণ দিনটো সম্ভৱ কৰি তোলাত বহুখিনি অৰিহণা যোগাইছে । আৰু জানেনে, মই মাত্ৰ এজন ব্যক্তিৰ কথা কৈছো, প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু ।’

ট্ৰাম্পে মধ্যপ্ৰাচ্যক ‘পৰিৱৰ্তিত অঞ্চল’ বুলি অভিহিত কৰে । নতুন কূটনৈতিক চুক্তিৰ বাবে এই সুযোগৰ সুবিধা ল’ব বিচাৰিছে বুলিও তেওঁ কয় । ট্ৰাম্পে কয় যে ‘এখন পৰিৱৰ্তিত পৃথিৱী’ৰ পোহৰ পৰিছে আৰু ‘এটা সুন্দৰ আৰু উজ্জ্বল ভৱিষ্যত হঠাত আপোনাৰ হাতৰ মুঠিত আছে ।’

এই সময়ছোৱাত ট্ৰাম্পে তেওঁৰ প্ৰশাসনৰ সময়ত আব্ৰাহাম চুক্তিৰ কথা উল্লেখ কৰি কয় যে তেওঁ এতিয়া ইয়াক সম্প্ৰসাৰণৰ বাবে আগ্ৰহী । তেওঁ কয় যে এই চুক্তিয়ে ইজৰাইল আৰু ইয়াৰ আৰব প্ৰতিবেশী দেশসমূহৰ মাজত কূটনৈতিক সম্পৰ্ক স্বাভাৱিক কৰি তুলিছে । তেওঁ নিজৰ ভাষণত কয় যে হামাছৰ সৈতে হোৱা চুক্তিখন দশক দশক ধৰি চলি অহা শত্ৰুতাৰ অন্ত পেলোৱাৰ এক প্ৰেৰণাদায়ক মুহূৰ্ত হ’ব লাগে ।

লগতে পঢ়ক : ‘ন’বেল বঁটাৰ বাবে মই এইবোৰ কৰা নাছিলো’; পুনৰ ভাৰত-পাক যুদ্ধ বন্ধ কৰাৰ কৃতিত্ব ল’লে ড’নাল্ড ট্ৰাম্পে