জুই আৰু ক’লা ধোঁৱাই আৱৰি ধৰিলে ঢাকা বিমানবন্দৰ
শনিবাৰে বিয়লি বাংলাদেশৰ ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাৰ্গো টাৰ্মিনেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই ঘটনাৰ ফলত কৰ্তৃপক্ষই বিমানবন্দৰটোৰ সকলো বিমানৰ উৰণ বন্ধ কৰি দিবলৈ বাধ্য হয় । দুপৰীয়া প্ৰায় ২:৩০ বজাত সংঘটিত হয় এই ঘটনা । আমদানিকৃত সামগ্ৰী মজুত কৰি ৰখা ঢাকা বিমানবন্দৰৰ কাৰ্গো ভিলেজত সংঘটিত হয় এই অগ্নিকাণ্ড ।
বাংলাদেশৰ কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিমানবন্দৰৰ কাৰ্যবাহী সঞ্চালক মহম্মদ মছুদুল হাছান মাছুদে বিয়লি ৩:৪৫ বজাত পৰিস্থিতি নিশ্চিত কৰি জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা বুলি আশ্বাস দিয়ে । প্ৰকাশিত এক তথ্য অনুসৰি বাংলাদেশ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষ, অগ্নিনিৰ্বাপক সেৱা আৰু বাংলাদেশ বায়ুসেনাৰ অগ্নিনিৰ্বাপক টেণ্ডাৰ্ছৰ যুটীয়া প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণলৈ অনা হয় ।
অগ্নিনিৰ্বাপক বাহিনীৰ মুখপাত্ৰ তালহা বিন জাছিমে জনোৱা মতে, জুই নিৰ্বাপনৰ বাবে ২৮টা অগ্নিনিৰ্বাপক টেণ্ডাৰ্ছ ইউনিট নিয়োগ কৰা হৈছে, আন কেইবাটাও ইউনিট ষ্টেণ্ডবাইত আছে । হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সকলো লেণ্ডিং আৰু টেক অফ বন্ধ কৰা হৈছে আৰু বিষয়াসকলে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । অগ্নিকাণ্ডৰ কাৰণ আৰু ক্ষতিৰ পৰিমাণ এতিয়াও স্পষ্ট হোৱা নাই ।
লগতে পঢ়ক : ডনাল্ড ট্ৰাম্পৰ দাবীৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ; প্ৰেৰণ কৰিলে কঠোৰ বাৰ্তা !









