কোন আছিল পাকিস্তানৰ বিমান আক্ৰমণত নিহত ৩ জন আফগান ক্ৰিকেটাৰ?

কোন আছিল পাকিস্তানৰ বিমান আক্ৰমণত নিহত ৩ জন আফগান ক্ৰিকেটাৰ?

কোন আছিল পাকিস্তানৰ বিমান আক্ৰমণত নিহত ৩ জন আফগান ক্ৰিকেটাৰ? আফগানিস্তানৰ পাক্তিকা প্ৰদেশত পাকিস্তানৰ বিমান আক্ৰমণত তিনিজন আফগান ক্ৰিকেটাৰ নিহত হৈছে।এই আটাইকেইজন খেলুৱৈয়ে প্ৰীতি মেচত অংশগ্ৰহণ কৰি স্থানীয় সমাৱেশত অংশ লৈছিল। এই আক্ৰমণত মুঠ ৮ জন লোকৰ মৃত্যু হৈছে। এই আক্ৰমণত নিহত হোৱা এই ক্ৰিকেটাৰসকল

কোন আছিল পাকিস্তানৰ বিমান আক্ৰমণত নিহত ৩ জন আফগান ক্ৰিকেটাৰ?

আফগানিস্তানৰ পাক্তিকা প্ৰদেশত পাকিস্তানৰ বিমান আক্ৰমণত তিনিজন আফগান ক্ৰিকেটাৰ নিহত হৈছে।এই আটাইকেইজন খেলুৱৈয়ে প্ৰীতি মেচত অংশগ্ৰহণ কৰি স্থানীয় সমাৱেশত অংশ লৈছিল। এই আক্ৰমণত মুঠ ৮ জন লোকৰ মৃত্যু হৈছে।

এই আক্ৰমণত নিহত হোৱা এই ক্ৰিকেটাৰসকল কোন আছিল,এই সন্দৰ্ভত আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে এটা পোষ্ট শ্বেয়াৰ কৰিছে।

ACB ৰ মতে, এই তিনিজন ক্ৰিকেটাৰক কবীৰ, ছিবগাতুল্লাহ আৰু হাৰুণ বুলি চিনাক্ত কৰা হৈছে।মৃত্যু হোৱা ক্ৰিকেটাৰ তিনিগৰাকীয়ে পক্তিকাৰ ৰাজধানী শৰণাত প্ৰীতি মেচ খেলিবলৈ গৈছিল। ঘৰলৈ উভতি অহাৰ পিছত উৰগুন জিলাত এক সমাৱেশৰ সময়ত এই আক্ৰমণটো সংঘটিত হয়।

কবীৰ আফগানিস্তানৰ পাক্তিকা প্ৰদেশৰ উৰগুন জিলাৰ এজন যুৱ ক্ৰিকেটাৰ আছিল। তেওঁৰ জীৱন বা কেৰিয়াৰৰ বিষয়ে বিশেষ একো জনা নাযায়,কিন্তু আফগানিস্তানৰ ঘৰুৱা ক্ৰিকেটত তেওঁক এজন প্ৰতিভাৱান খেলুৱৈ হিচাপে গণ্য কৰা হৈছিল।আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ পোষ্টটোৰ পৰা স্পষ্ট হৈ পৰিছে যে কবীৰ আফগানিস্তান ক্ৰিকেটৰ ভৱিষ্যত আছিল।

২০০৬ চনৰ ১৫ মাৰ্চত হাৰুণ খানৰ জন্ম হৈছিল।তেওঁ কাবুলৰ এজন যুৱ বেটছমেন আছিল।হাৰুনে লিষ্ট এ, টি-২০ আৰু প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল আৰু আফগানিস্তান ক্ৰিকেটৰ ভৱিষ্যতৰ উজ্জ্বল তাৰকা হিচাপে গণ্য কৰা হৈছিল।

লগতে পঢ়ক: যুদ্ধবিৰতি উলংঘন কৰি আফগানিস্তানত এয়াৰষ্ট্ৰাইক পাকিস্তানৰ; ৩ ক্ৰিকেটাৰসহ ১০জনৰ মৃত্যু