কোন আছিল পাকিস্তানৰ বিমান আক্ৰমণত নিহত ৩ জন আফগান ক্ৰিকেটাৰ?

কোন আছিল পাকিস্তানৰ বিমান আক্ৰমণত নিহত ৩ জন আফগান ক্ৰিকেটাৰ?

আফগানিস্তানৰ পাক্তিকা প্ৰদেশত পাকিস্তানৰ বিমান আক্ৰমণত তিনিজন আফগান ক্ৰিকেটাৰ নিহত হৈছে।এই আটাইকেইজন খেলুৱৈয়ে প্ৰীতি মেচত অংশগ্ৰহণ কৰি স্থানীয় সমাৱেশত অংশ লৈছিল। এই আক্ৰমণত মুঠ ৮ জন লোকৰ মৃত্যু হৈছে।

এই আক্ৰমণত নিহত হোৱা এই ক্ৰিকেটাৰসকল কোন আছিল,এই সন্দৰ্ভত আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে এটা পোষ্ট শ্বেয়াৰ কৰিছে।

ACB ৰ মতে, এই তিনিজন ক্ৰিকেটাৰক কবীৰ, ছিবগাতুল্লাহ আৰু হাৰুণ বুলি চিনাক্ত কৰা হৈছে।মৃত্যু হোৱা ক্ৰিকেটাৰ তিনিগৰাকীয়ে পক্তিকাৰ ৰাজধানী শৰণাত প্ৰীতি মেচ খেলিবলৈ গৈছিল। ঘৰলৈ উভতি অহাৰ পিছত উৰগুন জিলাত এক সমাৱেশৰ সময়ত এই আক্ৰমণটো সংঘটিত হয়।

কবীৰ আফগানিস্তানৰ পাক্তিকা প্ৰদেশৰ উৰগুন জিলাৰ এজন যুৱ ক্ৰিকেটাৰ আছিল। তেওঁৰ জীৱন বা কেৰিয়াৰৰ বিষয়ে বিশেষ একো জনা নাযায়,কিন্তু আফগানিস্তানৰ ঘৰুৱা ক্ৰিকেটত তেওঁক এজন প্ৰতিভাৱান খেলুৱৈ হিচাপে গণ্য কৰা হৈছিল।আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ পোষ্টটোৰ পৰা স্পষ্ট হৈ পৰিছে যে কবীৰ আফগানিস্তান ক্ৰিকেটৰ ভৱিষ্যত আছিল।

২০০৬ চনৰ ১৫ মাৰ্চত হাৰুণ খানৰ জন্ম হৈছিল।তেওঁ কাবুলৰ এজন যুৱ বেটছমেন আছিল।হাৰুনে লিষ্ট এ, টি-২০ আৰু প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল আৰু আফগানিস্তান ক্ৰিকেটৰ ভৱিষ্যতৰ উজ্জ্বল তাৰকা হিচাপে গণ্য কৰা হৈছিল।

লগতে পঢ়ক: যুদ্ধবিৰতি উলংঘন কৰি আফগানিস্তানত এয়াৰষ্ট্ৰাইক পাকিস্তানৰ; ৩ ক্ৰিকেটাৰসহ ১০জনৰ মৃত্যু

খেলপথাৰতে স্বাস্থ্যৰ অৱনতি ঘটিল এইগৰাকী তাৰকা ক্ৰিকেটাৰৰ… সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

বাংলাদেশ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তমিম ইকবালক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঢাকা প্ৰিমিয়াৰ লীগ (ডি পি এল) ২০২৫ৰ এখন মেচত ফিল্ডিং কৰাৰ সময়ত বুকুৰ বিষৰ অভিযোগ উত্থাপন কৰে তামিমে । ২৪ মাৰ্চ সোমবাৰে মহম্মদ স্প’ৰ্টিং ক্লাব আৰু শ্বিনপুকুৰ ক্ৰিকেট ক্লাবৰ মাজত হোৱা খেলৰ সময়ত সংঘটিত হয় এই ঘটনা । সূত্ৰই জনোৱা মতে, বাওঁহতীয়া বেটছমেনগৰাকীৰ অৱস্থা গুৰুতৰ । এই খেলখনত তামিমে মহম্মদ স্প’ৰ্টিং ক্লাবৰ অধিনায়কত্ব কৰিছিল ।

৩৬ বছৰীয়া তামিমে টছৰ বাবে ওলাই আহিছিল যদিও শ্বিনপুকুৰৰ ইনিংছৰ সময়ত ফিল্ডিং কৰাৰ সময়ত অস্বস্তি অনুভৱ কৰিছিল । ইয়াৰ পিছতে চিকিৎসাৰ বাবে চিকিৎসাৰ দল উপস্থিত হোৱাৰ লগতে তেওঁক ঢাকালৈ নিবলৈ এখন হেলিকপ্টাৰো অনা হয় । অৱশ্যে তামিমৰ অৱস্থা সংকটজনক হোৱাৰ বাবে হেলিকপ্টাৰত উঠিব পৰা অৱস্থা নাছিল । এনে পৰিস্থিতিত তেওঁক ঢাকাৰ সলনি স্থানীয় ফাজিল টানেছ হাস্পতাললৈ লৈ যোৱা হয় । ঢাকা সংমণ্ডলৰ অন্তৰ্গত ছাভাৰ চহৰত অৱস্থিত ফাজিল টানেছ হাস্পতাল ।

মহম্মদন স্প’ৰ্টছ ক্লাবৰ বিষয়া তাৰিকুল ইছলামে জনোৱা মতে, “তামিম বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু তেওঁৰ অৱস্থা ইমানো ভাল নহয় যে তেওঁক বিমানেৰে ঢাকালৈ লৈ যোৱা হ’ব ।” ঢাকা প্ৰিমিয়াৰ লীগৰ চলিত ছিজনত তামিম অতি উত্তম ফৰ্মত আছে আৰু এই ছিজনত তেওঁ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । বাওঁহাতৰ বেটছমেনগৰাকীয়ে ৭খন মেচত গড়ে ৭৩.৬০ আৰু ১০২.৫০ ষ্ট্ৰাইক ৰেটত ৩৬৮ ৰান সংগ্ৰহ কৰিছে, য’ত দুটা শতক অন্তৰ্ভুক্ত হৈছে ।

সাংসদ প্ৰিয়া সৰোজৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব ক্ৰিকেটাৰ ৰিংকু সিং; লক্ষ্ণৌত অনুষ্ঠিত হ’ব আঙুঠি পিন্ধোৱা পৰ্ব

ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিঙে সমাজবাদী পাৰ্টিৰ সাংসদ প্ৰিয়া সৰোজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে।

প্ৰিয়াৰ পিতৃ তথা কেৰাকাটৰ এছপি বিধায়ক তুফানি সৰোজে কৈছিল যে তেওঁৰ পৰিয়ালে আলিগড়ত ৰিংকুৰ পিতৃৰ সৈতে তেওঁলোকৰ বিবাহৰ বিষয়ে কথা পাতিছে আৰু দুয়োটা পক্ষই ইয়াত সন্মত হৈছে।

তিনিবাৰৰ সাংসদজনে কৈছিল যে তেওঁৰ কন্যা আৰু ৰিংকু এজন বন্ধুৰ জৰিয়তে লগ পাইছিল।তেওঁ লগতে কয় যে “ৰিংকু আৰু প্ৰিয়াই এবছৰধৰি ইজনে সিজনক চিনি পাই।

দুয়োজনে ইজনে সিজনক ভাল পায়, কিন্তু বিবাহৰ বাবে পৰিয়ালৰ সন্মতি প্ৰয়োজনীয় আছিল। দুয়োটা পৰিয়াল এই বিবাহৰ বাবে ইতিমধ্যে সাজু হৈছে।

তেওঁ কয় যে “সংসদৰ অধিৱেশন শেষ হোৱাৰ পিছত আঙুঠি পিন্ধোৱা আৰু বিবাহৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব। বাগদান লক্ষ্ণৌত অনুষ্ঠিত হ’ব।

ৰিংকুৱে ২২ জানুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিব, যাৰ পিছত তেওঁ আই পি এলও খেলিব। সূত্ৰ অনুসৰি, দুয়োটা পৰিয়ালে আলিগড়ৰ ওজোন চহৰত ৰিংকুৰ ঘৰত লগ হৈ উপহাৰ আদান প্ৰদান কৰে।  

প্ৰিয়া সৰোজ বাৰাণসীৰ বাসিন্দা আৰু দীৰ্ঘদিন ধৰি সমাজবাদী পাৰ্টিৰ সৈতে জড়িত হৈ আছে। তেওঁ যোৱা বছৰ জৌনপুৰ জিলাৰ মাচলিচহৰ আসনৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল।

প্ৰিয়া সৰোজ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন অধিবক্তা। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কলা স্নাতক প্ৰিয়াই নয়ডাৰ এমিটি বিশ্ববিদ্যালয়ৰ পৰা আইনত ডিগ্ৰী লাভ কৰিছে।

এই ১০ গৰাকী খেলুৱৈক ২০২৪ চনত সৰ্বাধিক অনুসন্ধান কৰা হৈছিল, তালিকাত নাই বিৰাট-ধোনী

২০২৪ চনৰ শেষৰ কেইসপ্তাহমান পূৰ্বে গুগলত সৰ্বাধিক সন্ধান কৰা খেলুৱৈৰ তালিকা প্ৰকাশ পাইছে । কিছুদিন পূৰ্বে ইউটিউবৰ তাৰকাৰ হাতত বক্সিং যুঁজত পৰাস্ত হোৱা মহান বক্সাৰ মাইক টাইছন সৰ্বাধিক সন্ধান কৰা খেলুৱৈৰ ভিতৰত দ্বিতীয় স্থানত আছে । প্ৰথম স্থান লাভ কৰিছে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ সময়ত নিজৰ লিংগৰ বাবে লাইমলাইটত অহা ইমান খলিফ । পৰৱৰ্তী সময়ত এটা খবৰ অনুসৰি খলিফা মহিলা নহয় পুৰুষ বুলি ধৰা পৰিছিল । ইমান খলিফে প্ৰথম স্থান, মাইক টাইছনে দ্বিতীয় আৰু স্পেনিছ ফুটবল খেলুৱৈ লমিন য়ামালে তৃতীয় স্থান লাভ কৰিছে ।

২ গৰাকী ভাৰতীয় ক্ৰিকেটাৰো অন্তৰ্ভুক্ত-

২০২৪ চনত সৰ্বাধিক অনুসন্ধান কৰা খেলুৱৈৰ ভিতৰত সপ্তম স্থানত আছে হাৰ্দিক পাণ্ডিয়া । এইবাৰো বহু কাৰণত বাতৰিৰ শিৰোনাম দখল কৰি থাকিল হাৰ্দিকে । উল্লেখ্য যে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত পাণ্ডিয়াই শেষ অভাৰত বলিং কৰিছিল । এই অভাৰৰ প্ৰথমটো বলত সূৰ্যকুমাৰ যাদৱে বাউণ্ডেৰীত দৌৰি থকাৰ সময়তে ডেভিদ মিলাৰক পেভিলিয়নৰ বাট দেখুৱাইছিল । এই অভাৰত হাৰ্দিকে মাত্ৰ ৯ ৰান খৰচ কৰি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াই ৭ ৰানত জয়লাভ কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় ।

পত্নী নাটাছা ষ্টেনকভিচৰ পৰা বিচ্ছেদ হোৱাৰ বাবে এই বছৰো হাৰ্দিকে শিৰোনাম দখল কৰি থাকিল । গৌতম গম্ভীৰ মুখ্য প্ৰশিক্ষক হোৱাৰ পিছত সূৰ্যকুমাৰ যাদৱক টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সময়তো হাৰ্দিকৰ নাম চৰ্চাত থাকিল । এই তালিকাৰ নৱম স্থানত আছে শশাংক সিং, যাক পঞ্জাৱ কিংছে আই পি এল ২০২৫ৰ বাবে ৰিটেইন কৰিছিল । ২০২৪ চনৰ আই পি এলত পঞ্জাৱৰ হৈ ১৪খন খেলত ৩৫৪ ৰান সংগ্ৰহ কৰিছিল শশাংকে । ১৬৪তকৈ অধিক ষ্ট্ৰাইক ৰেটৰ বাবেও তেওঁ লাইমলাইটলৈ আহে ।

এদিনীয়া কেৰিয়াৰত কেতিয়াও শতক অৰ্জন কৰিবলৈ সক্ষম নহ’ল এইসকল বিখ্যাত ক্ৰিকেটাৰে, তালিকাত আছে আশ্চৰ্যকৰ নাম

এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ আছে টিম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ নামত । তেওঁ ২০২৩ চনৰ বিশ্বকাপত শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক ৪৯টা এদিনীয়া শতক অৰ্জন কৰাৰ অভিলেখ ভংগ কৰিছিল । কোহলীৰ নামত ৫০টা এদিনীয়া শতক আছে । সকলোতকৈ বেছি শতক অৰ্জন কৰাটো ঠিকেই, কিন্তু এনে কিছুমান মহান ক্ৰিকেটাৰ আছে যিয়ে নিজৰ সমগ্ৰ এদিনীয়া কেৰিয়াৰত এটা শতকো কৰিবলৈ সফল নহ’ল । এনে চাৰিজন প্ৰখ্যাত ক্ৰিকেটাৰৰ বিষয়ে জানো আহক । এই তালিকাত এজন ভাৰতীয়ও আছে ।

গ্ৰাহাম থৰ্প-

ইংলেণ্ডৰ প্ৰাক্তন বেটছমেন গ্ৰাহাম থৰ্পে এদিনীয়া কেৰিয়াৰত এটাও শতক অৰ্জন কৰিব নোৱাৰিলে । ১৯৯৩ চনত তেওঁ প্ৰথম এদিনীয়া খেলিছিল । ২০০২ চনত শেষৰখন এদিনীয়াৰ সৈতে তেওঁ এই ফৰ্মেটত মুঠ ৮২খন মেচ খেলিছিল । এই মেচসমূহত তেওঁ ২,৩৮০ ৰান সংগ্ৰহ কৰিছিল । তেওঁ ২১টা অৰ্ধশতক অৰ্জন কৰিছিল, য’ত ৮৯ ৰান আছিল তেওঁৰ সৰ্বোচ্চ স্ক’ৰ ।

মিছবাহ উল হক-

পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা বেটছমেন মিছবাহ উল হকৰ এদিনীয়া মেচত তেওঁৰ নামত কোনো শতকৰ ৰেকৰ্ড নাই । ২০০২ চনত এদিনীয়া কেৰিয়াৰ আৰম্ভ কৰা এই কিংবদন্তি বেটছমেনজনে ২০১৫ চনত শেষৰখন এদিনীয়া খেলিছিল । এই ১৩ বছৰীয়া দীঘলীয়া সময়ছোৱাত তেওঁ কোনো শতক অৰ্জন কৰিব নোৱাৰিলে । ১৬২খন খেলৰ দীৰ্ঘ কেৰিয়াৰত মিছবাহে ৫,১২২ ৰান সংগ্ৰহ কৰে । তেওঁ ৪২ বাৰ অৰ্ধশতক অৰ্জন কৰিছিল যদিও কোনো শতক অৰ্জন কৰিব পৰা নাছিল । তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ৯৬* ৰান ।

দীনেশ কাৰ্তিক-

আপুনি জানি আচৰিত হ’ব যে টিম ইণ্ডিয়াৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেন দীনেশ কাৰ্তিকৰ নামতো এদিনীয়াত এটাও শতকৰ ৰেকৰ্ড নাই । দীৰ্ঘদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত এবাৰো শতক অৰ্জন কৰিব নোৱাৰিলে কাৰ্তিকে । ২০০৪ চনত তেওঁ প্ৰথম এদিনীয়া খেলিছিল । একে সময়তে ২০১৯ চনত তেওঁৰ অন্তিমখন এদিনীয়া মেচ খেলিছিল । এদিনীয়া কেৰিয়াৰত কাৰ্তিকে ৯৪খন মেচত নিজৰ নামত ১,৭৫২ ৰান সংগ্ৰহ কৰিছে । তেওঁৰ সৰ্বোচচ স্ক’ৰ আছিল ৭৯ ৰান ।

মাইকেল ভ’গান-

ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা কিংবদন্তি বেটছমেন মাইকেল ভ’গানেও এদিনীয়াত কেতিয়াও শতক অৰ্জন কৰিব নোৱাৰিলে । তেওঁ ৮৬খন এদিনীয়া মেচত ১,৯৮২ ৰান সংগ্ৰহ কৰিছিল, য’ত এটাও শতক নাছিল । ২০০১ চনত এদিনীয়াত অভিষেক ঘটোৱাৰ পিছত ২০০৭ চনলৈকে এই ফৰ্মেটত খেলিছিল তেওঁ । এদিনীয়াত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ৯০(অপৰাজিত) ।