পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সমিপত আফগানিস্তানৰ আত্মঘাতী ড্ৰোন আক্ৰমণ!

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সমিপত আফগানিস্তানৰ আত্মঘাতী ড্ৰোন আক্ৰমণ!

আফগানিস্তানে নিজৰ বায়ু শক্তি প্ৰদৰ্শন কৰি ইছলামবাগত থকা পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰত্বত ড্ৰোন আক্ৰমণ কৰাৰ দাবী কৰিছে। পাকিস্তানৰ ৰাজধানী ইছলামবাদ স্থিত প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ নিলগত আফগানিস্তানে ড্ৰোন আক্ৰমণ চলাই। এই আক্ৰমণে পাকিস্তানৰ শক্তি কৰিডৰত আলোড়নৰ সৃষ্টি কৰিছে আৰু

আফগানিস্তানে নিজৰ বায়ু শক্তি প্ৰদৰ্শন কৰি ইছলামবাগত থকা পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰত্বত ড্ৰোন আক্ৰমণ কৰাৰ দাবী কৰিছে।

পাকিস্তানৰ ৰাজধানী ইছলামবাদ স্থিত প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ নিলগত আফগানিস্তানে ড্ৰোন আক্ৰমণ চলাই।

এই আক্ৰমণে পাকিস্তানৰ শক্তি কৰিডৰত আলোড়নৰ সৃষ্টি কৰিছে আৰু আফগানিস্তানে পুনৰবাৰ তেওঁলোকৰ প্ৰতিবেশী দেশখনক নিজৰ শক্তি উপলব্ধি কৰাইছে।

আফগান স্বৰাজ মন্ত্ৰালয়ৰ সীমান্ত আৰক্ষীৰ মুখপাত্ৰ আব্দুল্লা ফাৰুকীয়ে এই দাবী কৰিছে। তেওঁ কৈছে যে,পাকিস্তানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰত্বত আফগানিস্তানে আক্ৰমণ সংঘটিত কৰাত সফল হৈছে।

আফগানিস্তান সীমান্ত আৰক্ষীৰ মুখপাত্ৰ আব্দুল্লা ফাৰুকিয়ে কয়, ইছলামবাদত আমি এঘণ্টা পূৰ্বে বিমান আক্ৰমণ চলাইছো,আমি ইছলামবাদ, নৌশ্বেৰা, এবটাবাদ, জামৰুদটো আক্ৰমণ কৰিছো।ইছলামবাদত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ৫ কিলোমিটাৰ দূৰত তেওঁলোকৰ সেনা শিবিৰ আছে, আমি তাত আক্ৰমণ কৰিছো।”

আফগান বায়ুসেনাই কয় এই আক্ৰমণ পাকিস্তানৰ গুৰুত্বপূৰ্ণ সামৰিক ঘাটি, কেন্দ্ৰ আৰু সুবিধাসমূহত কৰা হৈছে।কাবুল, কান্দাহাৰ আৰু পাকতিয়াত পাকিস্তানে চলোৱা বিমান আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক: পাকিস্তানৰ ১৯টা পোষ্ট দখল আফগানিস্তানৰ, কাবুল-কান্দাহাৰত বিমান আক্ৰমণ পাক বাহিনীৰ