যুদ্ধবিৰতি উলংঘন কৰি আফগানিস্তানত এয়াৰষ্ট্ৰাইক পাকিস্তানৰ; ৩ ক্ৰিকেটাৰসহ ১০জনৰ মৃত্যু

যুদ্ধবিৰতি উলংঘন কৰি আফগানিস্তানত এয়াৰষ্ট্ৰাইক পাকিস্তানৰ

পাকিস্তানৰ পুনৰ নাপাক কাণ্ড। যুদ্ধবিৰতি উলংঘন কৰি আফগানিস্তানত পুনৰ এয়াৰ ষ্ট্ৰাইক কৰে পাকিস্তানে।পাকিস্তানৰ এই আক্ৰমণত নিহত ৩ গৰাকী আফগান ক্ৰিকেটাৰ আৰু ৮ নাগৰিকৰ মৃত্যু হয়।

শুকুৰবাৰে দুয়োখন দেশে পাৰস্পৰিক সন্মতি সাপেক্ষে ৪৮ ঘণ্টীয়া যুদ্ধবিৰতি বৃদ্ধি কৰাৰ বাবে সহমতত উপনীত হৈছিল।

কিন্তু মাত্ৰ কেইঘণ্টামানৰ পিছতে তালিবানে পাকিস্তানৰ ওপৰত আফগানিস্তানৰ পাক্তিকা প্ৰদেশত বিমান আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰে।পাকিস্তানে ডুৰাণ্ড লাইনৰ গাতে লাগি থকা পাক্তিকা প্ৰদেশৰ কেইবাখনো জিলাত বিমান আক্ৰমণ কৰে।

পাকিস্তানৰ আক্ৰমণত তিনিজন ক্ৰিকেটাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে।এই মৰ্মান্তিক ঘটনাটো পাক্তিকা প্ৰদেশৰ উৰগুন জিলাত সংঘটিত হৈছে।

তথ্য অনুসৰি এই আফগান খেলুৱৈকেইগৰাকী পক্তিকাৰ ৰাজধানী শৰণাত প্ৰীতি মেচ খেলিবলৈ গৈছিল।ঘৰলৈ উভতি অহাৰ পিছত উৰগুন জিলাত এক সমাৱেশৰ সময়ত তেওঁক আক্ৰমণ কৰা হয়।

এই মৰ্মান্তিক কাণ্ডৰ পিছত আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে আগন্তুক ত্ৰিকোণীয় টি-২০ ছিৰিজ,য’ত পাকিস্তানক অন্তৰ্ভুক্ত কৰা হৈছিল, সেই ছিৰিজৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে।

এই ধাৰাবাহিকখন নৱেম্বৰৰ শেষৰ ফালে খেলিব লগা আছিল। পাকিস্তানৰ বিমান আক্ৰমণৰ পিছতে এতিয়া প্ৰত্যুত্তৰৰ বাবে সাজু হৈছে আফগানিস্তান।  

লগতে পঢ়ক: পাক আৰু আফগানিস্তানৰ মাজত ৪৮ ঘণ্টীয়া যুদ্ধবিৰতি; বিমান আক্ৰমণত ১৫ জনৰ নিহত

৫ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত আফগান বিদেশ মন্ত্ৰী; পাকিস্তানক ঘেৰাৰ প্ৰস্তুতি

৫ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত আফগান বিদেশ মন্ত্ৰী

বৃহস্পতিবাৰে ভাৰতত উপস্থিত হৈছে আফগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকী । মুত্তাকী ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা তালিকাত আছে আৰু বিশেষ ৰেহাইৰ সৈতেহে তেওঁ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিব পাৰে । তেওঁ ভাৰত ভ্ৰমণৰ বাবে নিৰাপত্তা পৰিষদৰ অনুমোদন লাভ কৰিছে ।

ভাৰত ভ্ৰমণৰ সময়ত আফগান বিদেশ মন্ত্ৰী মুত্তাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰিব । তেওঁ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । প্ৰায় চাৰি বছৰ পূৰ্বে তালিবানে ক্ষমতা দখল কৰাৰ পিছত আফগান বিদেশ মন্ত্ৰীৰ এইটোৱেই প্ৰথম ভাৰত ভ্ৰমণ । ভাৰত-পাকিস্তানৰ সম্পৰ্কত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ মাজতে দক্ষিণ এছিয়াৰ নিৰাপত্তা পৰিৱেশৰ বাবে মুত্তাকীৰ এই ভ্ৰমণ তাৎপৰ্যপূৰ্ণ আৰু ইয়াৰ ওপৰত নিৰাপত্তা বিশেষজ্ঞসকলে তীক্ষ্ণ দৃষ্টি ৰাখিছে ।

ভাৰতে বছৰ বছৰ ধৰি আফগানিস্তানত উন্নয়নমূলক কাম কৰি আহিছে । পথ, বিদ্যালয়, চিকিৎসালয়, সংসদ ভৱন নিৰ্মাণ কৰি আহিছে । তালিবান ক্ষমতালৈ অহাৰ পিছত দেশখনত ভাৰতৰ উপস্থিতি সীমিত হৈ আছে । ইয়াৰ পিছতে চীন আৰু পাকিস্তানে আফগানিস্তানৰ সৈতে ত্ৰিপাক্ষিক মঞ্চ গঠন কৰে ।

উল্লেখ্য যে, অপাৰেচন সিন্দুৰত আতংকিত হৈ পাকিস্তানে জৈছ, লস্কৰ, হিজবুল মুজাহিদীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি আফগানিস্তানৰ সীমান্তৱৰ্তী খাইবাৰ পখতুনখোৱালৈ স্থানান্তৰিত কৰিছে । পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়েও লস্কৰ আৰু তালিবানৰ কঠোৰ বিৰোধী ইছলামিক ষ্টেট খোৰাছান প্ৰভিন্সৰ মাজত মিত্ৰতা গঢ়ি তুলিবলৈ কাম কৰি আছে । ভাৰতে বিচাৰে আফগানিস্তান কেতিয়াও ভাৰত বিৰোধী সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল নহওক ।

ভাৰতৰ বাবেও ভাল খবৰ যে ভাৰত ভ্ৰমণৰ পূৰ্বে মুত্তাকীয়ে মস্কো ফৰ্মেটত কৈছিল যে আঞ্চলিক দেশসমূহে আইছিছ আৰু আফগানিস্তান আৰু অঞ্চলটোৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অন্যান্য গোটৰ বিৰুদ্ধে “যৌথ ব্যৱস্থা” গ্ৰহণ কৰিব লাগে । এই বিষয়ত দুয়োখন দেশৰ মাজত বুজাবুজি হ’ব পাৰে ।

লগতে পঢ়ক : আজি বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী আৰু ষ্টাৰমাৰ; ভিজন ২০৩৫ৰ ওপৰত হ’ব আলোচনা

বন্ধ হৈ পৰিল ইণ্টাৰনেট; নৈতিকতাৰ নামত তালিবানৰ কঠোৰ নিয়ন্ত্ৰণ

বন্ধ হৈ পৰিল ইণ্টাৰনেট

আফগানিস্তানত বিচ্ছিন্ন হৈ পৰিছে ইন্টাৰনেট সংযোগ । স্থানীয় সংবাদ মাধ্যমে অনৈতিকতাৰ বিৰুদ্ধে তালিবানৰ অভিযানৰ অংশ হিচাপে সমগ্ৰ দেশতে ফাইবাৰ অপটিক সেৱাৰ সম্ভাৱ্য কৰ্তনৰ বাতৰি প্ৰকাশ কৰিছে । ২০২১ চনৰ আগষ্ট মাহত তালিবান ক্ষমতালৈ অহাৰ পিছত আফগানিস্তানত এইটোৱেই প্ৰথম এনে ব্লেক আউট দেখা গৈছে । চলিত মাহৰ আৰম্ভণিতে তালিবানৰ নেতা হিবাতুল্লাহে অনৈতিকতা ৰোধৰ বাবে ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পিছত কেইবাখনো প্ৰদেশে ফাইবাৰ অপটিক সংযোগ হেৰুৱাইছিল ।

ইণ্টাৰনেট এক্সেছ প্ৰদান কৰা গ্ৰুপ নেটব্লকছে কয়- লাইভ মেট্ৰিকে দেখুৱাইছে যে আফগানিস্তানত সংযোগ স্বাভাৱিক স্তৰৰ ১৪% লৈ “কমি” গৈছে, যাৰ ফলত সমগ্ৰ দেশতে টেলিকমসমূহৰ প্ৰায় সম্পূৰ্ণ বিঘিনি ঘটিছে ।

গোটটোৱে আৰু কয় যে, “এই কাণ্ডই জনসাধাৰণৰ বাহিৰৰ জগতখনৰ সৈতে যোগাযোগ কৰাৰ ক্ষমতাক গুৰুতৰভাৱে সীমিত কৰাৰ সম্ভাৱনা আছে ।”

ইফালে বাহ্যিক আৰু আভ্যন্তৰীণ যোগাযোগৰ বাবে মেছেজিং এপ আৰু ছ’চিয়েল মিডিয়াৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল তালিবান চৰকাৰৰ পৰা ব্লেকআউটৰ কোনো নিশ্চয়তা পোৱা নাই বুলিও এক খবৰ প্ৰকাশ পাইছে ।

লগতে পঢ়ক : ইউক্ৰেইনত ৰাছিয়াৰ বিমান আক্ৰমণ; ৫৯৫খন ড্ৰোন আৰু ৪৮টা মিছাইল নিক্ষেপ

প্ৰকৃতিৰ ৰোষত আফগানিস্তান… পুনৰ জোঁকাৰিলে ভূমিকম্পই

প্ৰকৃতিৰ ৰোষত আফগানিস্তান

আফগানিস্তানত পুনৰ অনুভূত হৈছে ভূমিকম্পৰ জোঁকাৰণি । ইয়াৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৫.৩ বুলি ৰেকৰ্ড কৰা হৈছে । ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি স্থানীয় সময় অনুসৰি সন্ধিয়া ৫:৫৯ বজাত এই কম্পন অনুভূত হয় । আফগানিস্তানত ৩৪.৫৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৭০.৬৮ ডিগ্ৰী পূব দ্ৰাঘিমাংশত, পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু ।

প্ৰাথমিক তথ্য অনুসৰি আজিৰ ভূমিকম্পৰ বাবে কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই । বিশেষজ্ঞসকলে কয় যে ভূ-কেন্দ্ৰটো অধিক গভীৰতাত থকাৰ বাবে এই কম্পন তুলনামূলকভাৱে কম আছিল ।

দুদিন পূৰ্বে সংঘটিত হোৱা ভূমিকম্পত এতিয়ালৈকে ১৪০০ লোকৰ মৃত্যু-

ইয়াৰ পূৰ্বে দেওবাৰে নিশা দেশখনত সংঘটিত হোৱা ৬.০ প্ৰাবল্যৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ১৪০০ অতিক্ৰম কৰাৰ লগতে প্ৰায় ৩ হাজাৰ লোক আহত হৈছে । ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে এতিয়াও সাহায্য দলে চেষ্টা অব্যাহত ৰাখিছে । এই ভূমিকম্পটো পাহাৰীয়া অঞ্চলত সংঘটিত হৈছিল, যাৰ বাবে বহু গাঁৱৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি গৈছিল আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি মানুহবোৰ ধ্বংসাৱশেষৰ তলত পোত খাই আছিল ।

লগতে পঢ়ক : ভূমিকম্পত বিধ্বস্ত আফগানিস্তানলৈ ভাৰতে আগবঢ়ালে সহায়ৰ হাত…

ভূমিকম্পত বিধ্বস্ত আফগানিস্তানলৈ ভাৰতে আগবঢ়ালে সহায়ৰ হাত…

ভূমিকম্পত বিধ্বস্ত আফগানিস্তানলৈ ভাৰতে আগবঢ়ালে সহায়ৰ হাত

দেওবাৰে গভীৰ নিশা পূব আফগানিস্তানত সংঘটিত হোৱা ৬.০ প্ৰাবল্যৰ ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে । শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত এহেজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনি হাজাৰৰো অধিক লোক আহত হৈছে । ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যুদ্ধকালীন গতিত সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে যদিও পৰিস্থিতি অতি ভয়াৱহ হৈয়ে আছে । আফগানিস্তানত এই শোকাৱহ পৰিস্থিতিৰ মাজতে ভাৰতে তাৎক্ষণিক সহায়ৰ কথা ঘোষণা কৰিছে । সোমবাৰে আফগান বৈদেশিক মন্ত্ৰী মৌলৱী আমিৰ খান মুত্তাকীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে বাৰ্তালাপ কৰি আশ্বাস দিয়ে যে এই কঠিন সময়ত ভাৰত আফগান জনসাধাৰণৰ সৈতে থিয় দিছে ।

জয়শংকৰে ছ’চিয়েল মিডিয়াত লিখিছে, আফগানিস্তানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা পাতিলো । ভূমিকম্পত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰো । ভাৰতে আজি কাবুললৈ ১০০০টা পৰিয়ালৰ বাবে তম্বু ডেলিভাৰী কৰিছে । ভাৰতীয় মিছনে কাবুলৰ পৰা কুনাৰলৈ ১৫ টন খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে । কাইলৈৰ পৰা ভাৰতৰ পৰা অধিক সাহায্য সামগ্ৰী যাত্ৰা কৰিব । আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ ।  প্ৰতিটো পৰিস্থিতিত ভাৰত আফগানিস্তানৰ লগত আছে ।

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমিকম্পত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে । তেওঁ এক্সত লিখিছে, আফগানিস্তানত হোৱা ভূমিকম্পৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষতিক লৈ গভীৰ দুখ প্ৰকাশ কৰিছোঁ । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো । ভাৰতবৰ্ষই সকলো ধৰণৰ মানৱীয় সাহায্য প্ৰদান কৰিবলৈ সাজু ।

উল্লেখ্য যে, ভূমিকম্পৰ ফলত আফগানিস্তানৰ পূব প্ৰদেশত সৰ্বাধিক ক্ষতিসাধন হৈছে । বহু গাঁও সম্পূৰ্ণৰূপে ধ্বংস হৈছে । বৃহৎ সংখ্যক ঘৰ ধ্বংসাৱশেষলৈ পৰিণত হোৱাৰ লগতে সাহায্য দলসমূহে অহৰহ ধ্বংসাৱশেষ আঁতৰোৱাৰ কামত নিয়োজিত হৈ আছে । চিকিৎসালয়সমূহত আহত লোকৰ ভিৰ হোৱাৰ লগতে তাত ঔষধ আৰু চিকিৎসা সঁজুলিৰ বিপুল নাটনি হৈছে ।

লগতে পঢ়ক : চুডানত ভয়ংকৰ ভূমিস্খলন… মাটিৰ তলত সম্পূৰ্ণৰূপে পোত গ’ল এখন গাঁও

আফগানিস্তানত ভূমিকম্পত নিহতৰ সংখ্যাই অতিক্ৰম কৰিলে ১৪০০ৰ ঘৰ… উদ্ধাৰ অভিযান জাৰি

আফগানিস্তানত ভূমিকম্পত নিহতৰ সংখ্যাই অতিক্ৰম কৰিলে ১৪০০ৰ ঘৰ

পূব আফগানিস্তানত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪০০ অতিক্ৰম কৰিছে । তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে মঙলবাৰে এই তথ্য প্ৰকাশ কৰে । তেওঁ কয় যে এই দুৰ্ঘটনাত এতিয়ালৈকে প্ৰায় ৩ হাজাৰ লোক আহত হৈছে আৰু সাহায্য দলসমূহে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উলিয়াই অনাৰ কামত নিয়োজিত হৈ আছে ।

দেওবাৰে গভীৰ নিশা সংঘটিত হোৱা এই ভয়াৱহ ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.০ । পাহাৰীয়া অঞ্চলত সংঘটিত হোৱা ভূমিকম্পৰ ফলত কেইবাখনো গাঁৱৰ বাসগৃহ ভাঙি পৰে । ঘণ্টাৰ পিছত ঘণ্টা ধৰি ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থাকে মৃতদেহকে ধৰি আহতসকল । আফগানিস্তানৰ নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ মুখপাত্ৰ ইউছুফ হাম্মাদে জনোৱা মতে উদ্ধাৰৰ কৰাৰ কাম অব্যাহত ৰখা হৈছে, গতিকে এই পৰিসংখ্যা আৰু সলনি হ’ব পাৰে ।

তেওঁ কয় যে কিছুমান অঞ্চলত ভূমিকম্পৰ বাবে ভূমিস্খলন সংঘটিত হৈছে, যাৰ বাবে পথসমূহ বন্ধ হৈ আছে । কিন্তু এতিয়া বহু পথ খুলি দিয়া হৈছে আৰু বাকী থকা পথসমূহ শীঘ্ৰে মুকলি কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে, যাতে সেই অঞ্চলসমূহ য’ত এতিয়াও যাবলৈ অসুবিধা হৈ আছে তাত উপনীত হ’ব পৰা যায় ।

আফগানিস্তানত সংঘটিত হোৱা ৬.০ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত নংগাৰহৰ প্ৰদেশৰ সমীপৰ কুনাৰ প্ৰদেশ আৰু চুবুৰীয়া নংগাৰহৰ প্ৰদেশৰ জালালাবাদ চহৰৰ চহৰবোৰত বিস্তৰ ক্ষতিসাধন হয় । ইয়াৰ পিছতো বহু কঁপনিয়ে অঞ্চলটোত আঘাত হানে । ছ’চিয়েল মিডিয়া আৰু নিউজ চেনেলত সম্প্ৰচাৰিত ভিডিঅ’ ফুটেজত দেখা গৈছে যে উদ্ধাৰ কৰ্মীয়ে আহত লোকক ষ্ট্ৰেচাৰত কঢ়িয়াই ভাঙি পৰা অট্টালিকাৰ পৰা হেলিকপ্টাৰলৈ লৈ গৈছে, আনহাতে বহু লোকে হাতেৰে ধ্বংসাৱশেষ আঁতৰাবলৈ চেষ্টা কৰিছিল । ইয়াৰে অধিকাংশ লোকৰ মৃত্যু হৈছে কুনাৰ প্ৰদেশত ।

লগতে পঢ়ক : চুডানত ভয়ংকৰ ভূমিস্খলন… মাটিৰ তলত সম্পূৰ্ণৰূপে পোত গ’ল এখন গাঁও

ভয়ংকৰ ভূমিকম্পই জোঁকাৰিলে আফগানিস্তান… ৮০০ লোকৰ মৃত্যু, ২৫০০ আহত

ভয়ংকৰ ভূমিকম্পই জোঁকাৰিলে আফগানিস্তান

ভয়ংকৰ ভূমিকম্পই জোঁকাৰিলে আফগানিস্তান । পূব আফগানিস্তানত সংঘটিত হোৱা এক প্ৰবল ভূমিকম্পত প্ৰায় ৮০০ লোকৰ মৃত্যু হৈছে । এতিয়ালৈকে ২৫০০ৰো অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । দেওবাৰে গভীৰ নিশা নংগাৰহৰ প্ৰদেশৰ জালালাবাদ চহৰৰ সমীপৱৰ্তী কুনাৰ প্ৰদেশৰ কেইবাখনো চহৰত ৬.০ ৰিখটাৰ স্কেলৰ ভূমিকম্পই বিস্তৰ ক্ষতিসাধন কৰে । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি নিশা ১১:৪৭ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু হৈছে নংগাৰহৰ প্ৰদেশৰ জালালাবাদ চহৰৰ পৰা ২৭ কিলোমিটাৰ পূব-উত্তৰ-পূবে । ইয়াৰ গভীৰতা আছিল মাত্ৰ ৮ কিলোমিটাৰ । এই ভূমিকম্পই যথেষ্ঠ ক্ষতিসাধন কৰে । ইয়াৰ পিছত অঞ্চলটোত বহুকেইটা কম্পন অনুভূত হয় ।

ছ’চিয়েল মিডিয়া আৰু নিউজ চেনেলত সম্প্ৰচাৰিত ভিডিঅ’ ফুটেজত দেখা গৈছে যে উদ্ধাৰ কৰ্মীয়ে আহত লোকক ভাঙি যোৱা অট্টালিকাৰ পৰা ষ্ট্ৰেচাৰত কঢ়িয়াই হেলিকপ্টাৰলৈ লৈ গৈছে, আনহাতে বহুতে হাতেৰে ধ্বংসাৱশেষ আঁতৰাবলৈ চেষ্টা কৰিছে । সোমবাৰে সংবাদমেলত তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে মৃত্যুৰ সংখ্যা ৮০০ লৈ বৃদ্ধি পাইছে । ২৫০০ লোক আহত হৈছে । ইয়াৰে অধিকাংশ লোকৰ মৃত্যু হৈছে কুনাৰ প্ৰদেশত ।

কুনাৰৰ অন্যতম ভয়াৱহ ক্ষতিগ্ৰস্ত অঞ্চল নুৰগাল জিলাৰ প্ৰায় গোটেই গাঁওখন ধ্বংস হৈছে । ধ্বংসাৱশেষৰ তলত শিশুসকে ধৰি বহু লোক আৱদ্ধ হৈ পৰে ।

হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা-

স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ শৰাফত জামানে উদ্ধাৰ অভিযান চলি থকা বুলি জানিবলৈ দিয়ে । কুনাৰ, নংগাৰহৰ আৰু ৰাজধানী কাবুলৰ পৰা চিকিৎসা দল উপস্থিত হৈছে অঞ্চলটোত । জামানে কয় যে বহু অঞ্চলৰ পৰা হতাহতৰ খবৰ পোৱা নাই । মৃত্যু আৰু আঘাতৰ অধিক তথ্য লাভ কৰিলে এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । তালিবান চৰকাৰৰ মুখ্য মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে, “প্ৰাণ ৰক্ষাৰ বাবে উপলব্ধ সকলো সম্পদ ব্যৱহাৰ কৰা হ’ব ।”

লগতে পঢ়ক : য়েমেনত ইজৰাইলৰ বিমান আক্ৰমণ… হুথী বিদ্ৰোহী চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ মৃত্যু

নিশা ২টাকৈ ভূমিকম্পত কঁপি উঠিল আফগানিস্তান; ৫০০ জনৰ মৃত্যু

নিশা ২টাকৈ ভূমিকম্পত কঁপি উঠিল আফগানিস্তান

দেওবাৰে নিশা ২টাকৈ ভূমিকম্পই জোকাৰি যায় পাকিস্তান সীমান্তৰ সমীপৱৰ্তী পূব আফগানিস্তান।ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভেৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত আফগানিস্তানত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.০।

ভূমিকম্পৰ প্ৰাবল্য ইমানেই প্ৰবল আছিল যে ভাৰতৰো বহু ঠাইত ইয়াৰ কম্পন অনুভৱ কৰা হৈছিল। এই ভূমিকম্পৰ ফলত ৫০০লোক নিহত হোৱাৰ লগতে ১০০০ জনতকৈ অধিক লোক আহত হৈছে। আহতসকলক উদ্ধাৰকাৰীদলে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ভূমিকম্পৰ পিছত এতিয়া আতংকিত হৈ পৰিছে আফগানিস্তানবাসী।দেওবাৰে নিশা ১২.৪৭ বজাত প্ৰথমে ৬.০ প্ৰাবল্য আৰু তাৰ পিছত ৬.৩ প্ৰাবল্যৰ দুটাকৈ ভূমিকম্পৰ কম্পন অনুভূত হয়।ভূমিকম্পৰ ফলত বহু ঘৰ ধ্বংসস্তুপ্তত পৰিণত হয়।

লগতে পঢ়ক: ধাৰাবাহিকভাৱে হোৱা মুষলধাৰ বৰষুণত উত্তৰাখণ্ডত প্ৰভাৱিত স্বাভাৱিক জীৱন… তেহৰী-ৰুদ্ৰপ্ৰয়াগত প্ৰচণ্ড ক্ষতি

পাকিস্তানত প্ৰৱেশ আফগান সেনা; চাঘীত প্ৰচণ্ড গুলীচালনা, যুদ্ধ সদৃশ পৰিস্থিতি

পাকিস্তানত প্ৰৱেশ আফগান সেনা

বৃহস্পতিবাৰে বেলুচিস্তানৰ চাঘী জিলাৰ পৰা অহা দৃশ্যই দক্ষিণ এছিয়াত আন এক বৃহৎ সংঘাতৰ আশংকাৰ সৃষ্টি কৰিছে।পাকিস্তান আৰু আফগানিস্তানৰ মাজত দীৰ্ঘদিনীয়া উত্তেজনা এতিয়া মুকলি সংঘাতলৈ পৰিণত হৈছে।

পাকিস্তান সীমান্তত সেনাই প্ৰৱেশ কৰাৰ খবৰ পাই দুয়োপক্ষৰ মাজত তীব্ৰ গুলীচালনা হৈছে।পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে সীমান্তত ‘যুদ্ধ সদৃশ পৰিস্থিতি’ৰ বিকাশ ঘটিছে।

চাঘী একেটা অঞ্চল যিটো বেলুচিস্তানৰ ডুৰাণ্ড লাইনৰ ওচৰত অৱস্থিত।সেই একেটা ডুৰাণ্ড লাইন যিটোক তালিবানে এতিয়া ‘অবৈধ’ বুলি ঘোষণা কৰিছে।ইয়াৰ পৰাই পাকিস্তানত আফগান সৈন্যৰ অনুপ্ৰৱেশ নিশ্চিত হৈছে।

এই গুলীচালনাত কেইবাজনো পাকিস্তানী জোৱান নিহত হয়, অৱশ্যে এতিয়ালৈকে পাকিস্তানে কোনো আনুষ্ঠানিকতা নিশ্চিত কৰা নাই।

তালিবানে কুৱেটা-পেছাৱাৰৰ দাবী

তালিবান চৰকাৰ এতিয়া ডুৰাণ্ড লাইন মানি ল’বলৈ সাজু নহয়।কেৱল সীমান্তক অবৈধ বুলি অভিহিত কৰাই নহয়,কিন্তু তেওঁলোকে পাকিস্তানৰ কুৱেটা আৰু পেছাৱাৰৰ দৰে ডাঙৰ চহৰৰ ওপৰতো দাবী উত্থাপন কৰিছে।

তালিবানৰ অভিযোগ যে পাকিস্তানী সেনাই বাৰে বাৰে তেওঁলোকৰ ভূখণ্ডত অনুপ্ৰৱেশ কৰি আছে।এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাকিস্তানে কয় যে তালিবান আৰু তেহৰিক-ই-তালিবান পাকিস্তানে একেলগে নিজৰ সেনাবাহিনীক আক্ৰমণ কৰি আছে আৰু পোষ্টবোৰত আক্ৰমণ চলাইছে।দুয়োখন দেশৰ মাজত থকা আস্থাৰ বান্ধোন এতিয়া যেন প্ৰায় চিঙি গৈছে।

লগতে পঢ়ক: দক্ষিণলৈ হৃতিক ৰোশন;  ‘হোম্বালে ফিল্মছ’ ৰ সৈতে হৈছে চুক্তিবদ্ধ