৭ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত আফগান বিদেশ মন্ত্ৰী

৫ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত আফগান বিদেশ মন্ত্ৰী; পাকিস্তানক ঘেৰাৰ প্ৰস্তুতি

৫ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত আফগান বিদেশ মন্ত্ৰী বৃহস্পতিবাৰে ভাৰতত উপস্থিত হৈছে আফগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকী । মুত্তাকী ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা তালিকাত আছে আৰু বিশেষ ৰেহাইৰ সৈতেহে তেওঁ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিব পাৰে । তেওঁ ভাৰত ভ্ৰমণৰ বাবে নিৰাপত্তা পৰিষদৰ অনুমোদন

৫ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত আফগান বিদেশ মন্ত্ৰী

বৃহস্পতিবাৰে ভাৰতত উপস্থিত হৈছে আফগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকী । মুত্তাকী ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা তালিকাত আছে আৰু বিশেষ ৰেহাইৰ সৈতেহে তেওঁ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিব পাৰে । তেওঁ ভাৰত ভ্ৰমণৰ বাবে নিৰাপত্তা পৰিষদৰ অনুমোদন লাভ কৰিছে ।

ভাৰত ভ্ৰমণৰ সময়ত আফগান বিদেশ মন্ত্ৰী মুত্তাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰিব । তেওঁ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । প্ৰায় চাৰি বছৰ পূৰ্বে তালিবানে ক্ষমতা দখল কৰাৰ পিছত আফগান বিদেশ মন্ত্ৰীৰ এইটোৱেই প্ৰথম ভাৰত ভ্ৰমণ । ভাৰত-পাকিস্তানৰ সম্পৰ্কত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ মাজতে দক্ষিণ এছিয়াৰ নিৰাপত্তা পৰিৱেশৰ বাবে মুত্তাকীৰ এই ভ্ৰমণ তাৎপৰ্যপূৰ্ণ আৰু ইয়াৰ ওপৰত নিৰাপত্তা বিশেষজ্ঞসকলে তীক্ষ্ণ দৃষ্টি ৰাখিছে ।

ভাৰতে বছৰ বছৰ ধৰি আফগানিস্তানত উন্নয়নমূলক কাম কৰি আহিছে । পথ, বিদ্যালয়, চিকিৎসালয়, সংসদ ভৱন নিৰ্মাণ কৰি আহিছে । তালিবান ক্ষমতালৈ অহাৰ পিছত দেশখনত ভাৰতৰ উপস্থিতি সীমিত হৈ আছে । ইয়াৰ পিছতে চীন আৰু পাকিস্তানে আফগানিস্তানৰ সৈতে ত্ৰিপাক্ষিক মঞ্চ গঠন কৰে ।

উল্লেখ্য যে, অপাৰেচন সিন্দুৰত আতংকিত হৈ পাকিস্তানে জৈছ, লস্কৰ, হিজবুল মুজাহিদীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি আফগানিস্তানৰ সীমান্তৱৰ্তী খাইবাৰ পখতুনখোৱালৈ স্থানান্তৰিত কৰিছে । পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়েও লস্কৰ আৰু তালিবানৰ কঠোৰ বিৰোধী ইছলামিক ষ্টেট খোৰাছান প্ৰভিন্সৰ মাজত মিত্ৰতা গঢ়ি তুলিবলৈ কাম কৰি আছে । ভাৰতে বিচাৰে আফগানিস্তান কেতিয়াও ভাৰত বিৰোধী সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল নহওক ।

ভাৰতৰ বাবেও ভাল খবৰ যে ভাৰত ভ্ৰমণৰ পূৰ্বে মুত্তাকীয়ে মস্কো ফৰ্মেটত কৈছিল যে আঞ্চলিক দেশসমূহে আইছিছ আৰু আফগানিস্তান আৰু অঞ্চলটোৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অন্যান্য গোটৰ বিৰুদ্ধে “যৌথ ব্যৱস্থা” গ্ৰহণ কৰিব লাগে । এই বিষয়ত দুয়োখন দেশৰ মাজত বুজাবুজি হ’ব পাৰে ।

লগতে পঢ়ক : আজি বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী আৰু ষ্টাৰমাৰ; ভিজন ২০৩৫ৰ ওপৰত হ’ব আলোচনা

শেহতীয়া প্ৰৱন্ধসমূহ