হৃতিক

দক্ষিণলৈ হৃতিক ৰোশন;  ‘হোম্বালে ফিল্মছ’ ৰ সৈতে হৈছে চুক্তিবদ্ধ

দক্ষিণলৈ হৃতিক ৰোশন বলীউডৰ ‘গ্ৰীক গড’ হিচাপে পৰিচিত ছুপাৰষ্টাৰ হৃতিক ৰোশনক অতি সোনকালে দক্ষিণৰ ছবিত দেখা যাব। ২০২৪ চনৰ আৰম্ভণিতে মুক্তি পোৱা ‘ফাইটাৰ’ ছবিখনত তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল। প্ৰায় ১ বছৰ ধৰি নিজৰ পৰৱৰ্তী ছবি ‘ৱাৰ ২’ত ব্যস্ত আছিল অভিনেতাগৰাকী। এতিয়া অভিনেতা গৰাকীৰ আন

দক্ষিণলৈ হৃতিক ৰোশন

বলীউডৰ ‘গ্ৰীক গড’ হিচাপে পৰিচিত ছুপাৰষ্টাৰ হৃতিক ৰোশনক অতি সোনকালে দক্ষিণৰ ছবিত দেখা যাব। ২০২৪ চনৰ আৰম্ভণিতে মুক্তি পোৱা ‘ফাইটাৰ’ ছবিখনত তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল।

প্ৰায় ১ বছৰ ধৰি নিজৰ পৰৱৰ্তী ছবি ‘ৱাৰ ২’ত ব্যস্ত আছিল অভিনেতাগৰাকী। এতিয়া অভিনেতা গৰাকীৰ আন এক ডাঙৰ প্ৰজেক্ট ঘোষণা কৰা হৈছে, যিয়ে তেওঁৰ অনুৰাগীসকলক অতিশয় আনন্দিত কৰিছে।

দক্ষিণৰ চিনেমা নিৰ্মাতাৰ সৈতে চুক্তিবদ্ধ

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত চিনেমা প্ৰেমীসকলৰ বাবে এনে এটা খবৰ ওলাইছে যিয়ে তেওঁলোকক ভিতৰৰ পৰা সুখী কৰি তুলিছে।

কানাড়া চিনেমাৰ বৃহৎ প্ৰডাকচন হাউছ ‘হোম্বলে ফিল্মছ’ই এই কথা ঘোষণা কৰিছে যে অতি সোনকালে তেওঁলোকে হৃতিক ৰোশনৰ সৈতে এটা প্ৰজেক্টৰ বাবে সহযোগিতা কৰিবলৈ ওলাইছে ।

‘হোম্বলে ফিল্মছ’ সেই একেটা প্ৰডাকচন হাউছেই ভাৰতীয় চিনেমাক ‘কে জি এফ’, ‘ছালাৰ’, ‘কান্তৰা’ৰ দৰে ছুপাৰহিট ছবি প্ৰদান কৰিছে। তেওঁ নিজেই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি হৃতিকৰ সৈতে সহযোগিতা সম্পৰ্কে তথ্য দিছে।

‘হোম্বলে ফিল্মছে’ টুইটাৰত লিখিছে, ‘মানুহে তেওঁক গ্ৰীক গড বুলি কয়।তেওঁ বহুতৰ হৃদয়ত আছে, তেওঁ বহু সীমা অতিক্ৰম কৰিছে আৰু আমি দেখিছো যে তেওঁ কিয় অনন্য!বহু বছৰৰ ধৰি চেষ্টা কৰাৰ পিছত আমি অভিনেতা গৰাকীক হোম্বলে ফিল্মছৰ পৰিয়াললৈ আদৰণি জনাই গৌৰৱ অনুভৱ কৰিছো।

সাহস, গৌৰৱ আৰু ভৱিষ্যৎৰে ভৰা এটা কাহিনী… য’ত গভীৰতাই কল্পনাক লগ পায়। এতিয়া বিগ বেং আৰম্ভ হৈছে।’

হৃতিকেও এই প্ৰজেক্টৰ বাবে নিজৰ উদ্যেগ প্ৰকাশ কৰি ইয়াৰ আৰম্ভণিৰ বাবে অপেক্ষা কৰি আছে।

লগতে পঢ়ক:‘পশ্চিম বংগ কেতিয়াও বিজেপিৰ অধিনলৈ নাযায়…’; প্ৰধানমন্ত্ৰীক সমালোচনা মমতা বেনাৰ্জীৰ