‘ৰণবীৰ সিঙে কৰিব লাগিব চামুণ্ডেশ্বৰী মন্দিৰ পৰিদৰ্শন’; আদালতৰ নিৰ্দেশ
কৰ্ণাটক উচ্চ ন্যায়ালয়ে ‘কান্তৰা মিমিক্ৰী গোচৰ’ত ৰণবীৰ সিঙৰ বিনাচৰ্ত ক্ষমাপ্ৰাৰ্থনা মানি লৈছে।
অৱশেষত ধূৰন্ধৰৰ অভিনেতা ৰণবীৰ সিঙৰ সমস্যাত ফুল ষ্টপ লাগিলে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে ‘কান্তাৰা মিমিক্ৰী গোচৰ’ত ৰণবীৰ সিঙৰ বিনাচৰ্তে ক্ষমাপ্ৰাৰ্থনা মানি লৈছে।শনিবাৰ, ২৫ এপ্ৰিলত তেওঁ শপতনামা দাখিল কৰে। নতুন শপতনামা লক্ষ্য কৰি আদালতে মৌখিকৰূপে কয় যে এই বিষয়টো এতিয়া বন্ধ কৰিব পৰা যাব।
ইয়াৰোপৰি অহা চাৰি সপ্তাহৰ ভিতৰত মহীশূৰৰ চামুণ্ডেশ্বৰী মন্দিৰ পৰিদৰ্শন কৰিবলৈ ৰণবীৰ সিঙক আদালতে নিৰ্দেশ দিছে।অৱশ্যে এতিয়ালৈকে এই গোচৰ সন্দৰ্ভত ৰণবীৰ সিঙে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
ৰণবীৰ সিঙৰ আবেদন সন্দৰ্ভত আদালতত শুনানি অনুষ্ঠিত হয়।য’ত ৰণবীৰ সিঙে তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা এফআইআৰ বাতিল কৰিবলৈ দাবী কৰিছিল। গোৱাত অনুষ্ঠিত ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সময়ত ৰণবীৰে কান্তৰা: অধ্যায় ১ ছবিখনৰ ঋষব শ্বেট্টীৰ চৰিত্ৰৰ অনুকৰণ সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছিল।অভিনেতা গৰাকীৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ লগতে দেৱী চামুণ্ডেশ্বৰীক “মহিলা ভূত” বুলি উল্লেখ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
লগতে পঢ়ক: ‘আমি Situationship ত আছো’; কানত ধৰি জেকী ভগনানীয়ে বিচাৰিছে ক্ষমা

