‘ডন ৩’ৰ অংশ নহয় হৃতিক ৰোশন; উৰাবাতৰিত নিৰ্মাতাই লগালে মোহৰ
‘ডন ৩’ৰ বাবে দৰ্শক সকল অতি আগ্ৰহেৰে ৰৈ আছে । কিন্তু তাৰ মাজতে ৰণবীৰ সিং ছবিখনৰ পৰা ওলাই গৈছে । হৃতিক ৰোশন হ’ব নেকি বিকল্প ?
ৰণবীৰ সিঙৰ ‘ধুৰন্ধৰ’ ছবিখনৰ সফলতাৰ পিছত এইবাৰ বাতৰিৰ শিৰোনামত অব্যাহত আছে ‘ডন ৩’ ছবিখন।ৰণবীৰ সিং ইয়াৰ পৰা ইতিমধ্যে বাহিৰ হৈছে।
এনে পৰিস্থিতিত ফাৰহান আখতাৰৰ এই ছবিখনত কোনে এণ্টি হিৰোৰ চৰিত্ৰত অভিনয় কৰিব,এই বিষয়ে কৌতুহলৰ সৃষ্টি হৈছে।
শেহতীয়াকৈ শুনিব পোৱা গৈছিল যে,ডনৰ চৰিত্ৰটিত হৃতিক ৰোশনে অভিনয় কৰিব।সেই খবৰৰ পিছতে অভিনেতা গৰাকীৰ অনুৰাগী সকল সুখী হৈছিল। ইয়াৰ পূৰ্বে ডন চৰিত্ৰত অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানে অভিনয় কৰিছিল।
অৱশ্যে ছবিখনৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, ‘ডন ৩’ৰ বাবে হৃতিকৰ সৈতে আলোচনাত মিলিত হোৱা নাই। তেওঁ টীমৰ সৈতেও কোনো মিটিং হোৱা নাই’।
‘ৰণবীৰ হঠাৎ গুছি যোৱাৰ বাবে ছবিখনৰ ভৱিষ্যতৰ বিষয়ে পুনৰ নিৰ্মাতাসকলক চিন্তা কৰিবলৈ বাধ্য কৰাইছে আৰু পুনৰ পৰিকল্পনা কৰিব লগা হৈছে’।
‘অৱশ্যে ৰণবীৰ সিঙৰ স্থানত হৃতিক ৰোশন এটা ডাঙৰ বিকল্প হ’ব পাৰে, কিন্তু এতিয়ালৈকে যিমান উৰাবাতৰি ওলাইছে সেয়া মিছা।’
লগতে পঢ়ক: শীঘ্ৰেই আহিব থ্ৰি ইডিয়টছৰ চিকুৱেল…! মৌনতা ভংগ কৰিলে আমিৰ-মাধৱনে
