সমাধান নোলাল! পৰস্পৰক দোষাৰোপ কৰি আফগানিস্তান-পাকিস্তানে সামৰিলে শান্তি আলোচনা

বিফল আফগানিস্তান-পাকিস্তানৰ শান্তি আলোচনা আফগানিস্তান আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিনীয়া উত্তেজনাৰ অন্ত পেলাবলৈ ইস্তানবুলত চলি থকা শান্তি আলোচনাৰ কোনো সুনিৰ্দিষ্ট সমাধান নোহোৱাকৈয়ে অন্ত পৰিছে । বুধবাৰে পাকিস্তানৰ তথ্য মন্ত্ৰী আট্টাউল্লাহ টাড়াৰে কয় যে দুয়োখন দেশৰ মাজত আলোচনাত কোনো কাৰ্য্যকৰী চুক্তিত উপনীত হ’ব পৰা নগ’ল । ২৫

বিফল আফগানিস্তান-পাকিস্তানৰ শান্তি আলোচনা

আফগানিস্তান আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিনীয়া উত্তেজনাৰ অন্ত পেলাবলৈ ইস্তানবুলত চলি থকা শান্তি আলোচনাৰ কোনো সুনিৰ্দিষ্ট সমাধান নোহোৱাকৈয়ে অন্ত পৰিছে । বুধবাৰে পাকিস্তানৰ তথ্য মন্ত্ৰী আট্টাউল্লাহ টাড়াৰে কয় যে দুয়োখন দেশৰ মাজত আলোচনাত কোনো কাৰ্য্যকৰী চুক্তিত উপনীত হ’ব পৰা নগ’ল । ২৫ অক্টোবৰৰ পৰা তুৰ্কী আৰু কাটাৰৰ মধ্যস্থতাত এই শান্তি আলোচনা চলি আছিল । ১৯ অক্টোবৰত দোহাত যুদ্ধবিৰতি চুক্তি হোৱাৰ পিছত দুয়োখন চুবুৰীয়া দেশৰ মাজত এই বৈঠক অনুষ্ঠিত হৈছিল । কিন্তু অবিৰত মতানৈক্য আৰু অভিযোগৰ বাবে আলোচনাৰ কোনো সমাধান সূত্ৰ নোলাল ।

টাড়াৰে নিজৰ বিবৃতিত কয় যে আফগান প্ৰতিনিধি দলটোৱে মূল বিষয়টোৰ পৰা ফালৰি কাটি আলোচনাৰ মূল উদ্দেশ্যৰ পৰা আঁতৰি আহিছে । আফগান তালিবানে দায়িত্ব গ্ৰহণ কৰাৰ পৰিৱৰ্তে অভিযোগ আৰু অজুহাতৰ আশ্ৰয় লৈছিল । খবৰ অনুসৰি, পাকিস্তানে তালিবানে তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি)ৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো বিচাৰিছিল, যিটো দলক ইছলামবাদে শেহতীয়া আক্ৰমণৰ বাবে দোষাৰোপ কৰিছে । অৱশ্যে তালিবানে টিটিপিৰ নিয়ন্ত্ৰণ অস্বীকাৰ কৰি কয় যে গোটটো তেওঁলোকৰ নিয়ন্ত্ৰণত নাই ।

জানিব পৰা মতে, আলোচনাৰ সময়ত দুয়োপক্ষৰ মাজত উত্তেজনাপূৰ্ণ পৰিবেশ অব্যাহত থাকে । আফগান পক্ষই টিটিপিৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কথা উল্লেখ কৰাৰ বিপৰীতে পাকিস্তানে শেহতীয়া আক্ৰমণৰ বাবে আফগান তালিবানক দোষাৰোপ কৰে । চলিত মাহৰ আৰম্ভণিতে পাকিস্তানী বায়ুসেনাই কাবুলকে ধৰি কেইবাটাও অঞ্চলত টিটিপি ঘাটিত বিমান আক্ৰমণ চলাইছিল, যাৰ ফলত তালিবানে পাকিস্তানী সেনাৰ চকীত আক্ৰমণ চলাইছিল ।

লগতে পঢ়ক : বাংলাদেশৰ দুঃসাহসঃ উত্তৰ পূৰ্বাঞ্চলক সাঙুৰি প্ৰকাশ কৰিলে বিতৰ্কিত মানচিত্ৰ