আফগানিস্তানত পাকিস্তানৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক, ৪০০ লোকৰ মৃত্যুৰ দাবী

আফগানিস্তানত পাকিস্তানৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক, ৪০০ লোকৰ মৃত্যুৰ দাবী

আফগানিস্তানত তালিবান চৰকাৰৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰিছে যে এই অভিযানৰ সময়ত পাকিস্তানে নিৰীহ লোকক লক্ষ্য কৰি লৈছিল আফগানিস্তানৰ কাবুলত পাকিস্তানৰ ভয়ংকৰ বিমান আক্ৰমণ । পাকিস্তানে দাবী কৰিছে যে কেৱল সামৰিক প্ৰতিষ্ঠানকহে লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছিল । এই আক্ৰমণ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ

আফগানিস্তানত তালিবান চৰকাৰৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰিছে যে এই অভিযানৰ সময়ত পাকিস্তানে নিৰীহ লোকক লক্ষ্য কৰি লৈছিল

আফগানিস্তানৰ কাবুলত পাকিস্তানৰ ভয়ংকৰ বিমান আক্ৰমণ । পাকিস্তানে দাবী কৰিছে যে কেৱল সামৰিক প্ৰতিষ্ঠানকহে লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছিল । এই আক্ৰমণ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি ৪০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে । আফগানিস্তানত তালিবান চৰকাৰৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰিছে যে এই অভিযানৰ সময়ত পাকিস্তানে নিৰীহ লোকক লক্ষ্য কৰি লৈছিল । খবৰ অনুসৰি এখন চিকিৎসালয়ত হোৱা এই বিমান আক্ৰমণৰ ফলত বহু সংখ্যক লোকৰ মৃত্যু হৈছে ।

কাবুলত বিমান আক্ৰমণৰ পিছত তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মুজাহিদে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ আহ্বান জনায় । তেওঁ কয়, “আলোচনা আৰু কূটনীতিৰ সময় শেষ; আমি পাকিস্তানৰ বিৰদ্ধে প্ৰতিশোধ লম ।” তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদৰ এই বক্তব্য নিউজত সম্প্ৰচাৰিত হয় । তেওঁ কয়, “কাবুলৰ কিছুমান লক্ষ্যত পাকিস্তানী সেনাই আক্ৰমণ কৰাৰ পিছত ইছলামবাগৰ সৈতে কূটনীতি আৰু আলোচনাৰ সময় শেষ হৈছে ।” তেওঁ কয় যে আলোচনাৰ পথ গ্ৰহণ কৰাৰ পৰিৱৰ্তে তালিবানে এতিয়া প্ৰতিশোধ লোৱাৰ মনস্থ কৰিছে ।

উল্লেখ্য যে মঙলবাৰে পুৱা পাকিস্তানৰ সামৰিক এক্সন সন্দৰ্ভত আফগানিস্তান চৰকাৰৰ মুখপাত্ৰ হামদুল্লা ফিট্ৰাটে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰে । সোমবাৰে গভীৰ নিশা সংঘটিত হোৱা এই আক্ৰমণত চিকিৎসালয়খনৰ এক বৃহৎ অংশ ধ্বংস হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে । ৪০০ৰো অধিক লোক নিহত হোৱাৰ বিপৰীতে প্ৰায় ২৫০ জন আহত হয় এই আক্ৰমণত । ফিট্ৰাটে কয় যে উদ্ধাৰকাৰী দলে অট্টালিকাটোত থকা জুই নিয়ন্ত্ৰণ কৰি নিহতসকলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছে ।

লগতে পঢ়ক : হৰমুজত যুদ্ধজাহাজ মোতায়েন : ট্ৰাম্পৰ আহ্বানৰ প্ৰত্যুত্তৰ দিলে ভাৰতে