ইজৰাইলৰ ওপৰত ইৰাণৰ ভয়ংকৰ প্ৰত্যাক্ৰমণ, প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ কাৰ্যালয়ত মিছাইল নিক্ষেপ

ইজৰাইলৰ ওপৰত ইৰাণৰ ভয়ংকৰ প্ৰত্যাক্ৰমণ, প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ কাৰ্যালয়ত মিছাইল নিক্ষেপ

ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দাবী কৰিছে যে নেতানিয়াহুৰ কাৰ্যালয় আৰু ইজৰাইলৰ বায়ুসেনাৰ কমাণ্ডাৰ ঘাটিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্ৰমণে মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি কৰাৰ বিপৰীতে ইৰাণে নিৰন্তৰ প্ৰত্যাক্ৰমণ চলাই আহিছে । ইফালে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দাবী

ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দাবী কৰিছে যে নেতানিয়াহুৰ কাৰ্যালয় আৰু ইজৰাইলৰ বায়ুসেনাৰ কমাণ্ডাৰ ঘাটিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে

ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্ৰমণে মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি কৰাৰ বিপৰীতে ইৰাণে নিৰন্তৰ প্ৰত্যাক্ৰমণ চলাই আহিছে । ইফালে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দাবী কৰিছে যে নেতানিয়াহুৰ কাৰ্যালয় আৰু ইজৰাইলৰ বায়ুসেনাৰ কমাণ্ডাৰ ঘাটিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে । আক্ৰমণৰ পিছত নেতানিয়াহুৰ স্থিতি অস্পষ্ট বুলিও তেওঁলোকে উল্লেখ কৰে ।

এই আক্ৰমণে ইজৰাইলক শলঠেকত পেলাইছে আৰু আই আৰ জি চিয়ে দাবী কৰিছে যে আক্ৰমণৰ পিছত নেতানিয়াহুৰ স্থিতি বৰ্তমান স্পষ্ট নহয় । আমেৰিকা-ইজৰাইলৰ যৌথ অভিযানত ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইক হত্যা কৰাৰ পিছত ইজৰাইল-ইৰাণৰ সংঘাত তীব্ৰতৰ হোৱাৰ সময়তে এই ঘোষণা প্ৰকাশ পাইছে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তেহৰাণ আৰু মিত্ৰ মিলিচীয়াই ইজৰাইলৰ চহৰ আৰু উপসাগৰীয় অঞ্চলত থকা আমেৰিকাৰ ঘাটিসমূহত ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণ চলাইছে । অৱশ্যে ইৰাণে প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ কাৰ্যালয়ত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ দাবী সম্পূৰ্ণৰূপে নাকচ কৰিছে ইজৰাইলে ।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সামৰিক বিষয়াসকলক আত্মসমৰ্পণ কৰিবলৈ সকীয়াই দিছে । তেওঁ উল্লেখ কৰে যে সকলো লক্ষ্য পূৰণ নোহোৱালৈকে ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযান অব্যাহত থাকিব । ট্ৰাম্পে কয় যে বিনিময়ত তেওঁ সম্পূৰ্ণ নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰিব । তেওঁ ইৰাণৰ সামৰিক জোৱানসকলক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায় অন্যথা নিশ্চিত মৃত্যুৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে । ট্ৰাম্পে কয় যে ইৰানে বহু ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব ।

ইফালে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ মুৰব্বী ৰাফেল মাৰিয়ানো গ্ৰ’ছিয়ে ইৰাণৰ পাৰমাণৱিক স্থানসমূহৰ আশে-পাশে থকা পৰিস্থিতিক অত্যন্ত চিন্তনীয় বুলি অভিহিত কৰি সম্ভাৱ্য তেজস্ক্রিয় বিকিৰণে গুৰুতৰ ৰূপ লব পাৰে বুলি সকীয়াই দিয়ে ৷ তেওঁ লগতে কয় যে ইৰাণৰ পাৰমাণৱিক নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ প্ৰচেষ্টা চলি আছে যদিও এতিয়াও কোনো সঁহাৰি পোৱা নাই ।

লগতে পঢ়ক : ‘ইৰাণৰ বহু চহৰত পাৰমাণৱিক বিকিৰণৰ সতৰ্কবাণী’; আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ ডাঙৰ মন্তব্য