আফগানিস্তানৰ কেইবাখনো চহৰত পাকিস্তানী বায়ুসেনাৰ বিমান আক্ৰমণ…

আফগানিস্তানে পুনৰবাৰ পাকিস্তানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আফগান প্ৰশাসনে দাবী কৰিছে যে পাকিস্তানী সেনাই দেশৰ কেইবাটাও অঞ্চলত বিমান আক্ৰমণ কৰিছে।

পবিত্ৰ ৰমজান মাহৰ অন্তিম দিনকেইটাত আফগানিস্তান আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।আফগানিস্তানে দাবী কৰিছে যে- পাকিস্তানে পুনৰবাৰ আফগানৰ সাৰ্বভৌমত্ব উলংঘা কৰি কাবুল,কন্দহাৰ, পাকটিয়া, পক্তিকাকে ধৰি কেইবাখনো ঠাইত ভয়াৱহ বিমান আক্ৰমণ কৰিছে।

পাকিস্তানী বায়ুসেনাৰ বিমানে কান্দাহাৰ বিমানবন্দৰৰ সমীপত অৱস্থিত ব্যক্তিগত বিমান সংস্থা ‘কাম এয়াৰ’ৰ ইন্ধন ডিপোক লক্ষ্য কৰি লৈছে।এই কোম্পানীটোয়ে অসামৰিক বিমান সংস্থাৰ লগতে ৰাষ্ট্ৰসংঘৰ বিমানকো ইন্ধন যোগান ধৰে।এই আক্ৰমণটো এনে সময়ত হৈছে যেতিয়া ইৰাণ-ইজৰাইল সংঘাতৰ বাবে কেইবাখনো দেশত তেল সংকট অব্যাহত আছে।

আফগান তালিবানৰ বিষয়াসকলে জাৰি কৰা এক বিবৃতি অনুসৰি:এই বিমান আক্ৰমণত আৱাসিক অঞ্চলক লক্ষ্য কৰি লোৱা হৈছে,ফলত বহু অসামৰিক বাসগৃহ ধ্বংস হৈছে।এই আক্ৰমণত মহিলা আৰু শিশুৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে।ইফালে আন কিছুমান স্থানত পাকিস্তানী বিমানে মৰুভূমি আৰু জনবসতিহীন অঞ্চলটো আক্ৰমণ কৰিছে।

লগতে পঢ়ক: যুদ্ধৰ মাজতে পুনৰ ট্ৰাম্পক মোক্ষম আঘাত; দুৰ্ঘটনাত পতিত আমেৰিকাৰ সামৰিক ইন্ধন ভৰোৱা বিমান

য়েমেনত ইজৰাইলৰ বিমান আক্ৰমণ… হুথী বিদ্ৰোহী চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ মৃত্যু

য়েমেনত ইজৰাইলৰ বিমান আক্ৰমণ

ইজৰাইলে পুনৰবাৰ য়েমেনৰ ৰাজধানী ছানাত বিমান আক্ৰমণ চলাইছে । জানিব পৰা মতে, হুথী বিদ্ৰোহী নিয়ন্ত্ৰিত চৰকাৰৰ প্ৰধানমন্ত্ৰী আহমেদ আল ৰাহাৱী এই আক্ৰমণত নিহত হৈছে । ইয়াৰ সমান্তৰালকৈ আন বহু মন্ত্ৰীয়েও এই আক্ৰমণত প্ৰাণ হেৰুৱাইছে বুলি প্ৰকাশ পাইছে ।

হুথী বিদ্ৰোহীয়ে কয় যে ২০২৪ চনৰ আগষ্ট মাহৰ পৰা আল-ৰহৱী হুথী নেতৃত্বাধীন চৰকাৰখনৰ প্ৰধানমন্ত্ৰী আছিল । বিগত এটা বছৰত চৰকাৰৰ কাৰ্যকলাপ আৰু কৰ্মক্ষমতাৰ মূল্যায়নৰ বাবে আয়োজন কৰা নিয়মীয়া কৰ্মশালাৰ সময়ত তেওঁক আন মন্ত্ৰীসকলৰ সৈতে লক্ষ্য কৰি লোৱা হৈছিল । একে সময়তে ইজৰাইলী সেনাই য়েমেনৰ ছানা অঞ্চলৰ হৌথী সন্ত্ৰাসবাদী শাসনৰ সামৰিক ঘাটিত নিখুঁত আক্ৰমণ চলাইছিল বুলিও কয় ।

বিদ্ৰেহী সংগঠনটোৰ শীৰ্ষ নেতাসকলে এটা এপাৰ্টমেণ্টত ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰচাৰিত ভাষণ কাৰ্যসূচী চাই থকাৰ সময়তে এই বিমান আক্ৰমণ সংঘটিত হয় । য়েমেনৰ এটা চেনেলে প্ৰকাশ কৰা অনুসৰি হুথী প্ৰধানমন্ত্ৰী আল ৰাহৱী তেওঁৰ কেইবাজনো সহায়কৰ সৈতে এটা এপাৰ্টমেণ্টত আছিল । এই আক্ৰমণত হুথীৰ প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ নাছেৰ আল আথিফি আৰু মুখ্য সেনাধ্যক্ষ মহম্মদ আব্দ আল কৰিম আল গামাৰীও নিহত হোৱাৰ সম্ভাৱনা আছে ।

হামাছৰ সমৰ্থনত ইজৰাইললৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি আহিছে হুথীয়ে-

গাজাত হামাছৰ বিৰুদ্ধে যুদ্ধৰ সময়ত হুথীয়ে বাৰে বাৰে ইজৰাইললৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি আহিছে । হুথী বিদ্ৰোহীসকলে কয় যে এই আক্ৰমণসমূহ পেলেষ্টাইনীসকলৰ সৈতে সংহতি প্ৰদৰ্শনৰ বাবে সংঘটিত কৰা হৈছে । কিন্তু য়েমেনৰ পৰা নিক্ষেপ কৰা বেছিভাগ ক্ষেপণাস্ত্ৰ আকাশমাৰ্গতে ইজৰাইলে বাধা দিয়াত ছিন্নভিন্ন হৈ পৰে । হুথী পৰিচালিত স্বাস্থ্য মন্ত্ৰালয় আৰু চৰকাৰী বিষয়াৰ মতে, চলিত সপ্তাহৰ আৰম্ভণিতে ইজৰাইলৰ আক্ৰমণে ছানাৰ কেইবাটাও অঞ্চলক লক্ষ্য কৰি লৈছিল । এই আক্ৰমণত কমেও ১০ জন লোক নিহত হোৱাৰ লগতে ১০২ জন আহত হয় ।

ট্ৰাম্প প্ৰশাসনৰ সৈতে বুজাবুজি-

ইয়াৰ পূৰ্বে ইজৰাইল আৰু আমেৰিকাই য়েমেনত বিদ্ৰোহীৰ অধীনস্থ অঞ্চলত বোমা বিস্ফোৰণ কৰিছিল । ইয়াৰ ভিতৰত আছিল ছানা আৰু কৌশলগত উপকূলীয় চহৰ হোদেইডা । ইজৰাইলৰ আক্ৰমণৰ বাবে মে’ মাহত ছানা বিমানবন্দৰ সেৱা বন্ধ হৈ পৰিছিল । ট্ৰাম্প প্ৰশাসনে মে’ মাহত হুথীৰ সৈতে চুক্তিৰ কথা ঘোষণা কৰিছিল । ইয়াৰ অধীনত তেওঁলোকে লোহিত সাগৰত জাহাজৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ বিনিময়ত বিমান আক্ৰমণ বন্ধ কৰি দিয়াৰ চুক্তি কৰিছিল । অৱশ্যে বিদ্ৰোহীসকলে কয় যে এই চুক্তিত ইজৰাইলৰ সৈতে জড়িত ঘাটিসমূহত আক্ৰমণ বন্ধ কৰাৰ কথা অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

লগতে পঢ়ক : ড্ৰেগনৰ দেশত ৰঙা দলিচাৰে আদৰণি প্ৰধানমন্ত্ৰী মোদীক… এছ চি অ’ বৈঠকত কৰিব অংশগ্ৰহণ

ইৰাণৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে সাজু ইজৰাইল… ৬০খন যুদ্ধ বিমানেৰে আক্ৰমণ

ইৰাণৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে সাজু ইজৰাইল

ইৰাণৰ সৈতে সম্ভাৱ্য দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছে বুলি প্ৰকাশ কৰিছে ইজৰাইলী সেনাই । ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে সকীয়াই দিছে যে যদি আমেৰিকা সংঘাতত জড়িত হয় তেন্তে ই সকলোৰে বাবে অতি বিপজ্জনক হ’ব ।

ইৰাণৰ সমৰ্থিত হৌথী বিদ্ৰোহীয়েও সকীয়াই দিছে যে যদিহে ট্ৰাম্প প্ৰশাসনে ইজৰাইলৰ সামৰিক অভিযানত যোগদান কৰে তেন্তে তেওঁলোকে লোহিত সাগৰত আমেৰিকাৰ জাহাজ আৰু যুদ্ধজাহাজত পুনৰ আক্ৰমণ আৰম্ভ কৰিব । মে’ মাহত আমেৰিকাৰ সৈতে হোৱা চুক্তিৰ অন্তত তেওঁলোকে এই আক্ৰমণ বন্ধ কৰিছিল । ইফালে, ইজৰাইলৰ পৰা সাধাৰণ নাগৰিকক উলিয়াই আনিবলৈ আমেৰিকাই “সাহায্য উৰণ” আৰম্ভ কৰিছে । ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে এই বিমান সেৱা আৰম্ভ কৰা হৈছে ।

৬০খন যুঁজাৰু বিমানেৰে আক্ৰমণ-

আই ডি এফে জনোৱা মতে, সঠিক গোপন খবৰৰ ভিত্তিত সেনাই প্ৰায় ৬০খন যুদ্ধ বিমান ব্যৱহাৰ কৰি ইৰাণৰ ভূখণ্ডৰ গভীৰতম অংশত আক্ৰমণ চলাইছিল । ইজৰাইলৰ বায়ুসেনাৰ এখন বিমানে ইৰাণৰ তিনিখন সামৰিক এফ-১৪ যুদ্ধ বিমানক আক্ৰমণ কৰে । এই আক্ৰমণ ইৰাণৰ মাজভাগত সংঘটিত হৈছিল ।

ইৰাণৰ ইছফাহান প্ৰদেশত অৱস্থিত এটা পাৰমাণৱিক গৱেষণা কেন্দ্ৰতো আক্ৰমণ চলাই ইজৰাইলী সেনাই । এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলে কয় যে তেওঁলোকৰ লক্ষ্য ইৰাণৰ পাৰমাণৱিক ক্ষমতা ধ্বংস কৰা ।

আক্ৰমণৰ পিছত ইছফাহানৰ এটা পাহাৰীয়া অঞ্চলৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল, যিটো প্ৰদেশখনৰ নিৰাপত্তা পৰিক্ৰমা বিভাগৰ উপ-ৰাজ্যপাল আকবৰ ছালেহীয়ে নিশ্চিত কৰি কয় যে ই এটা চেণ্ট্ৰিফিউজ উৎপাদন স্থান । আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থায়ো এই আক্ৰমণ নিশ্চিত কৰিছে ।

লগতে পঢ়ক : ইজৰাইলৰ সৈতে যুদ্ধত প্ৰৱেশ আমেৰিকাৰ ! ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ

নিজৰ দেশতে এয়াৰষ্ট্ৰাইক চলালে ম্যানমাৰৰ সেনাই; ৪০ জন লোকৰ মৃত্যু

ম্যানমাৰৰ এটা সশস্ত্ৰ সংখ্যালঘু জাতিগোষ্ঠীৰ দ্বাৰা নিয়ন্ত্ৰিত এখন গাঁৱত সামৰিক বিমান আক্ৰমণত কমেও ৪০ জন লোক নিহত আৰু প্ৰায় ২০ জন আহত হৈছে বুলি জানিব পৰা গৈছে।

বিষয়াসকলে দাবী কৰিছিল যে বিমান আক্ৰমণৰ ফলত সংঘটিত অগ্নিকাণ্ডৰ ফলত শ শ ঘৰ ধ্বংস হৈছিল।জানিব পৰা মতে বুধবাৰে পশ্চিম ৰাখাইন ৰাজ্যৰ সংখ্যালঘু জাতিগোষ্ঠী আৰাকান আৰ্মীৰ দ্বাৰা নিয়ন্ত্ৰিত অঞ্চল ৰামৰি দ্বীপৰ কিয়াউক নি মাও গাঁৱত এই আক্ৰমণটো সংঘটিত হয়।

অৱশ্যে, সেনাই অঞ্চলটোত কোনো আক্ৰমণ নিশ্চিত কৰা নাই। গাওঁখনৰ পৰিস্থিতি স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা নগ’ল, কিয়নো অঞ্চলটোত ইণ্টাৰনেট আৰু ম’বাইল ফোন সেৱাৰ প্ৰৱেশাধিকাৰ প্ৰায় ব্যাহত হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে, ২০২১ চনৰ ফেব্ৰুৱাৰীত সামৰিক বাহিনীয়ে অং চান চু কীৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰাৰ পিছত ম্যানমাৰত হিংসাৰ আৰম্ভণি হৈছিল।

সেনাই শান্তিপূৰ্ণ প্ৰদৰ্শন দমন কৰিবলৈ বল প্ৰয়োগ কৰিছে। ইফালে, সামৰিক শাসনৰ বহুবিৰোধীয়ে অস্ত্ৰ-শস্ত্ৰ গ্ৰহণ কৰিছে আৰু দেশৰ বৃহৎ অংশ এতিয়া সংঘৰ্ষত লিপ্ত হৈছে।