“ইজৰাইল আৰু লেবাননৰ মাজত ১০ দিনৰ যুদ্ধবিৰতি”; ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ ঘোষণা

“ইজৰাইল আৰু লেবাননৰ মাজত ১০ দিনৰ যুদ্ধবিৰতি”; ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ ঘোষণা

বিগত ছয় সপ্তাহ ধৰি ইজৰাইল আৰু হিজবুল্লাহৰ মাজত চলি থকা সংঘাত বন্ধ হোৱাৰ সন্দৰ্ভত যুদ্ধবিৰতিৰ খবৰ ওলাইছে। লেবানন আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিক লৈ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। কেইবা সপ্তাহ ধৰি চলি থকা যুদ্ধৰ পিছত ইজৰাইল আৰু হিজবুল্লাহৰ মাজত ১০ দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে ।

বিগত ছয় সপ্তাহ ধৰি ইজৰাইল আৰু হিজবুল্লাহৰ মাজত চলি থকা সংঘাত বন্ধ হোৱাৰ সন্দৰ্ভত যুদ্ধবিৰতিৰ খবৰ ওলাইছে।

লেবানন আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিক লৈ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। কেইবা সপ্তাহ ধৰি চলি থকা যুদ্ধৰ পিছত ইজৰাইল আৰু হিজবুল্লাহৰ মাজত ১০ দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলৰ এটা পোষ্টত যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছে।

পোষ্টটোত ট্ৰাম্পে লিখিছে-লেবাননৰ অতি সন্মানীয় ৰাষ্ট্ৰপতি জোচেফ আউন আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে মই কিছুসময়ৰ পূৰ্বে কথা পাতিছিলো। এই দুয়োগৰাকী নেতাই এইটো কথাত সহমত প্ৰকাশ কৰিছে যে নিজৰ দেশৰ মাজত শান্তি অনাৰ বাবে, তেওঁলোকে সন্ধিয়া ৫ বজাত EST সন্দৰ্ভত আনুষ্ঠানিকভাৱে ১০ দিনীয়া যুদ্ধবিৰতি আৰম্ভ কৰিব।

আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে লিখিছে-মঙলবাৰে দুয়োখন দেশে ৩৪ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ৱাশ্বিংটন ডি চিত আমাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৰ  সাক্ষাৎ কৰে। মই উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স আৰু বিদেশ সচিব ৰুবিঅ’ক,যুটীয়া মুখ্য কৰ্মচাৰীৰ অধ্যক্ষ ডেন ৰুইজৰ সৈতে ইজৰাইল আৰু লেবাননৰ সৈতে মিলি এটা স্থায়ী শান্তি আনিবলৈ নিৰ্দেশনা জাৰি কৰিছো।

ট্ৰাম্পে এই পোষ্টটোত দাবী কৰিছে যে- মই পৃথিৱীৰ ৯ খন যুদ্ধ বন্ধ কৰিছো।বিশ্বজুৰি ৯খন যুদ্ধৰ সমাধান কৰাটো মোৰ বাবে এক সন্মানৰ বিষয় হৈ পৰিছে আৰু এইখন মোৰ ১০ নম্বৰৰ হ’ব, গতিকে বল’ক,ইয়াক সম্পূৰ্ণ কৰি লওঁ।  

লগতে পঢ়ক: প্ৰথমে ট্ৰাম্প, এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ টেলিফোনিক বাৰ্তালাপ