ভংগ হ’ল যুদ্ধ বিৰতি! ইৰাণৰ কাৰ্গো জাহাজত আমেৰিকাৰ মিছাইল নিক্ষেপ

আমেৰিকা আৰু ইৰাণৰ মাজত দ্বিতীয় শান্তি আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে যুদ্ধবিৰতি ভংগ হোৱা যেন দেখিবলৈ পোৱা গৈছে

আমেৰিকা আৰু ইৰাণৰ মাজত তিনিদিন পূৰ্বেই যুদ্ধবিৰতি ভংগ হোৱা যেন দেখিবলৈ পোৱা গৈছে। ইৰাণৰ এখন মালবাহী জাহাজত আমেৰিকাই মিছাইল আক্ৰমণ চলাইছে । এই মালবাহী জাহাজখন মালয়েছিয়াৰ পৰা ইৰাণলৈ গৈ আছিল। ওমান উপসাগৰৰ ওচৰত আমেৰিকাৰ নৌসেনাই এই জাহাজখন ৰখাবলৈ নিৰ্দেশ দিছিল। কিন্তু ইৰাণৰ জাহাজখনে আমেৰিকাৰ নৌসেনাৰ কোনো গুৰুত্ব নিদিলে।

ইয়াৰ পাছতে আমেৰিকাৰ যুদ্ধজাহাজখনে ইৰাণৰ জাহাজখনৰ ইঞ্জিন ৰুমত মিছাইল নিক্ষেপ কৰে।ফলত ইৰাণৰ জাহাজখন ৰৈ যায়। বৰ্তমান জাহাজখন আমেৰিকাৰ জিম্মাত আছে।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই ছ’চিয়েল মিডিয়া পোষ্টত এই আক্ৰমণৰ তথ্য শ্বেয়াৰ কৰে।

ইফালে ইৰানে আমেৰিকাৰ কেইবাখনো যুদ্ধ জাহাজত আক্ৰমণ চলাইছে। ইৰাণে ড্ৰ’ন ব্যৱহাৰ কৰি আমেৰিকাৰ যুদ্ধজাহাজক লক্ষ্য কৰি লোৱা বুলি উল্লেখ কৰিছে। ইৰাণে এই পদক্ষেপে আমেৰিকাৰ নৌসেনাৰ কাৰ্যৰ প্ৰত্যুত্তৰ দিছে। প্ৰথমে আমেৰিকাৰ নৌসেনাই ইৰাণৰ এখন মালবাহী জাহাজত আক্ৰমণ কৰে, ইয়াৰ পিছতে ইৰানে ড্ৰ’ন আক্ৰমণ কৰা বুলি দাবী কৰিছে। অৱশ্যে, আমেৰিকাই এই আক্ৰমণ এতিয়াও নিশ্চিত কৰা নাই।  

লগতে পঢ়ক: ‘যদি নামানে, সকলো দলং আৰু বিদ্যুৎ কেন্দ্ৰ উৰুৱাই দিম’; ইছলামাবাদ আলোচনাৰ পূৰ্বে ইৰাণক ভাবুকি ট্ৰাম্পৰ

“মই নিজে পাকিস্তানলৈ যাম”; ইৰাণৰ সৈতে দ্বিতীয় শান্তি আলোচনাৰ পূৰ্বে ট্ৰাম্পৰ বিস্ফোৰক বক্তব্য

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে দ্বিতীয়বাৰৰ বাবে শান্তি আলোচনা সন্দৰ্ভত এটা ডাঙৰ ইংগিত দিছে। চুক্তিৰ বাবে তেওঁ পাকিস্তানলৈ যাবলৈ সাজু আছে।

মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে এতিয়া কূটনৈতিক প্ৰচেষ্টা তীব্ৰতৰ হোৱা যেন অনুভৱ হৈছে।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে স্পষ্ট ইংগিত দিছে যে ইৰাণৰ সৈতে শান্তি চুক্তি এতিয়া আৰু দূৰত নহয়।তেওঁ কয় যে যদি ইছলামাবাদত চুক্তি স্বাক্ষৰিত হয়, তেন্তে তেওঁ নিজেই পাকিস্তান ভ্ৰমণ কৰিবলৈ সাজু আছে।আমেৰিকা আৰু ইৰাণৰ মাজত দ্বিতীয়বাৰৰ আলোচনাৰ প্ৰস্তুতি অব্যাহত থকাৰ সময়তে ট্ৰাম্পে এই মন্তব্য কৰিছে।

হোয়াইট হাউছৰ পৰা ওলাই যোৱাৰ সময়ত ট্ৰাম্পে কয় যে আলোচনা “অতি ভালদৰে” আগবাঢ়িছে আৰু ইৰাণে প্ৰায় সকলো মূল বিষয়তে একমত হৈছে। তেওঁৰ প্ৰধান লক্ষ্য হৈছে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী ধ্বংস কৰা।ট্ৰাম্পে দাবী কৰে যে ইৰাণে কেৱল পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ পৰাহে বিৰত থাকিব, বৰঞ্চ তেওঁ সমৃদ্ধ ইউৰেনিয়াম গতাই দিবলৈও ইচ্ছুক,যিটো বিষয়ক লৈ দীৰ্ঘদিন ধৰি বিবাদ চলি আছে।অৱশ্যে এই দাবীৰ কোনো স্বতন্ত্ৰ নিশ্চয়তা এতিয়াও পোহৰলৈ অহা নাই।

পাকিস্তানৰ মধ্যস্থতাক প্ৰশংসা কৰি ট্ৰাম্পে কয় যে তাত থকা সামৰিক নেতৃত্বই আলোচনাপন্থী বিষয়াসকলৰ সৈতে “অতি ভাল কাম” কৰি আছে।ইছলামবাদত প্ৰথম বাৰৰ আলোচনাৰ সামৰণি পৰাৰ লগে লগে শান্তি প্ৰতিষ্ঠাৰ এক পদক্ষেপ আৰম্ভ হৈছে।দ্বিতীয় বাৰৰ বাবে এতিয়া প্ৰস্তুতি চলি আছে।অৱশ্যে এই বৈঠকৰ দিন এতিয়াও চূড়ান্ত হোৱা নাই।

লগতে পঢ়ক: “ইজৰাইল আৰু লেবাননৰ মাজত ১০ দিনৰ যুদ্ধবিৰতি”; ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ ঘোষণা

“ইজৰাইল আৰু লেবাননৰ মাজত ১০ দিনৰ যুদ্ধবিৰতি”; ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ ঘোষণা

বিগত ছয় সপ্তাহ ধৰি ইজৰাইল আৰু হিজবুল্লাহৰ মাজত চলি থকা সংঘাত বন্ধ হোৱাৰ সন্দৰ্ভত যুদ্ধবিৰতিৰ খবৰ ওলাইছে।

লেবানন আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিক লৈ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। কেইবা সপ্তাহ ধৰি চলি থকা যুদ্ধৰ পিছত ইজৰাইল আৰু হিজবুল্লাহৰ মাজত ১০ দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলৰ এটা পোষ্টত যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছে।

পোষ্টটোত ট্ৰাম্পে লিখিছে-লেবাননৰ অতি সন্মানীয় ৰাষ্ট্ৰপতি জোচেফ আউন আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে মই কিছুসময়ৰ পূৰ্বে কথা পাতিছিলো। এই দুয়োগৰাকী নেতাই এইটো কথাত সহমত প্ৰকাশ কৰিছে যে নিজৰ দেশৰ মাজত শান্তি অনাৰ বাবে, তেওঁলোকে সন্ধিয়া ৫ বজাত EST সন্দৰ্ভত আনুষ্ঠানিকভাৱে ১০ দিনীয়া যুদ্ধবিৰতি আৰম্ভ কৰিব।

আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে লিখিছে-মঙলবাৰে দুয়োখন দেশে ৩৪ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ৱাশ্বিংটন ডি চিত আমাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৰ  সাক্ষাৎ কৰে। মই উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স আৰু বিদেশ সচিব ৰুবিঅ’ক,যুটীয়া মুখ্য কৰ্মচাৰীৰ অধ্যক্ষ ডেন ৰুইজৰ সৈতে ইজৰাইল আৰু লেবাননৰ সৈতে মিলি এটা স্থায়ী শান্তি আনিবলৈ নিৰ্দেশনা জাৰি কৰিছো।

ট্ৰাম্পে এই পোষ্টটোত দাবী কৰিছে যে- মই পৃথিৱীৰ ৯ খন যুদ্ধ বন্ধ কৰিছো।বিশ্বজুৰি ৯খন যুদ্ধৰ সমাধান কৰাটো মোৰ বাবে এক সন্মানৰ বিষয় হৈ পৰিছে আৰু এইখন মোৰ ১০ নম্বৰৰ হ’ব, গতিকে বল’ক,ইয়াক সম্পূৰ্ণ কৰি লওঁ।  

লগতে পঢ়ক: প্ৰথমে ট্ৰাম্প, এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ টেলিফোনিক বাৰ্তালাপ

ইছলামাবাদত আৰম্ভ আমেৰিকা-ইৰাণ শান্তি আলোচনা

ইছলামাবাদত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইৰাণ আৰু পাকিস্তানৰ মাজত ত্ৰিপাক্ষিক যুদ্ধবিৰতি আলোচনা আৰম্ভ

অৱশেষত আলোচনাৰ টেবুললৈ আহিল আমেৰিকা আৰু ইৰাণ । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত প্রতিবেদন অনুসৰি, ইছলামাবাদত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইৰাণ আৰু পাকিস্তানৰ মাজত ত্ৰিপাক্ষিক যুদ্ধবিৰতি আলোচনা আৰম্ভ হৈছে । প্রতিবেদনত উল্লেখ কৰা হৈছে যে ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত ৱাশ্বিংটন আৰু তেহৰানৰ মাজত এয়া সৰ্বোচ্চ পৰ্যায়ৰ আলোচনা ।

আমেৰিকাৰ সৈতে আলোচনাৰ পূৰ্বে ইৰাণৰ আলোচনাপন্থী দলে পাকিস্তানৰ ৰাজধানীত এক কৌশলগত বৈঠক অনুষ্ঠিত কৰে । উচ্চস্তৰীয় আলোচনাত অংশগ্ৰহণ কৰিবলৈ ইছলামাবাদত উপস্থিত হোৱা প্ৰতিনিধি দলটোৱে আমেৰিকাৰ সৈতে আনুষ্ঠানিক “শান্তি আলোচনা” আৰম্ভ হোৱাৰ পূৰ্বে নিজৰ কাৰ্যসূচী চূড়ান্ত কৰে । এই ব্যস্ততাৰ পূৰ্বে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকতো মিলিত হয় বুলি হোৱাইট হাউছৰ এক বিবৃতিত প্ৰকাশ পাইছে ।

ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ ঘালিবাফ আৰু বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচীয়েও পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে । ছেৰেনা হোটেল এই কূটনৈতিক তৎপৰতাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, য’ত ইৰাণ আৰু আমেৰিকা দুয়োটা প্ৰতিনিধি দল আলোচনাত অংশ ল’বলৈ উপস্থিত হৈছে । বিলাসবহুল হোটেলখনৰ বাহিৰৰ দৃশ্যত দেখা গৈছে যে আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকল অনুষ্ঠানস্থলীত সমবেত হোৱাৰ সময়ত কটকটীয়া নিৰাপত্তা আৰু ব্যাপক তৎপৰতা চলিছে ।

জে ডি ভেন্সৰ নেতৃত্বত আমেৰিকাৰ প্ৰতিনিধি দলটোত ষ্টিভ উইটকফ আৰু জাৰেড কুচনাৰ অন্তৰ্ভুক্ত আছে । শ্বেহবাজ শ্বৰীফে আগতে এই আলোচনাৰ পৰিণতি নিৰ্ণায়ক হ’ব বুলি অভিহিত কৰিছিল । তীব্ৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হোৱা এই আলোচনাৰ লক্ষ্য হৈছে এক থুনুকা যুদ্ধবিৰতিক সুস্থিৰ কৰা আৰু আঞ্চলিক নিৰাপত্তাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰা । ৮ এপ্ৰিলত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল । ইৰাণৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ ৰেজা আৰিফে পূৰ্বে পৰামৰ্শ দিছিল যে ইয়াৰ ফলাফল সম্পূৰ্ণৰূপে আমেৰিকাৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰিব ।

এক্সত তেওঁ উল্লেখ কৰে যে যদি ইৰাণৰ প্ৰতিনিধিসকলে “আমেৰিকা ফাৰ্ষ্ট” নীতিৰ প্ৰতিনিধিত্ব কৰাসকলক লগ পায়, তেন্তে দুয়োপক্ষ আৰু বিশ্বৰ বাবে লাভজনক এক চুক্তি হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে তেওঁ সকীয়াই দিয়ে যে যদি তেওঁলোকে “ইজৰাইল ফাৰ্ষ্ট” নীতিৰ প্ৰতিনিধিসকলৰ মুখামুখি হয়, তেন্তে কোনো চুক্তি নহ’ব আৰু তেওঁলোকে পূৰ্বতকৈ অধিক জোৰদাৰভাৱে প্ৰতিৰক্ষা অব্যাহত ৰাখিবলৈ বাধ্য হ’ব, যাৰ ফলত বিশ্বই অধিক মূল্য ভৰিব লাগিব ।

লগতে পঢ়ক : ‘দুয়োটা চৰ্ত পূৰণ হ’লেহে আলোচনা সম্ভৱ’; আমেৰিকাৰ সৈতে আলোচনাৰ পূৰ্বে ইৰাণৰ লক্ষ্মণ ৰেখা

‘দুয়োটা চৰ্ত পূৰণ হ’লেহে আলোচনা সম্ভৱ’; আমেৰিকাৰ সৈতে আলোচনাৰ পূৰ্বে ইৰাণৰ লক্ষ্মণ ৰেখা

যুদ্ধবিৰতিৰ পিছতো আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা অব্যাহত আছে। ইফালে শান্তি আলোচনাৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সো পাকিস্তানত উপস্থিত হৈছে।

শনিবাৰে পাকিস্তানৰ ৰাজধানী ইছলামবাগত ইৰাণ আৰু আমেৰিকাৰ মাজত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হোৱাৰ কথা আছে।ইৰাণ আৰু আমেৰিকাৰ মাজৰ সংঘাতৰ অন্ত পৰিব নে নহয় সেইটো এই আলোচনাৰ পিছত হে নিৰ্ণয় হ’ব।

পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে গভীৰ নিশা সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফৰ নেতৃত্বত আৰু বৈদেশিক মন্ত্ৰী আব্বাছ আৰাকচিকে ধৰি ইৰাণৰ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল ইছলামবাদত উপস্থিত হয়।ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ গালিবাফে কয় যে, শান্তি চুক্তিত উপনীত হ’বলৈ হ’লে আমেৰিকাই ইৰাণৰ দুয়োটা চৰ্ত স্বীকাৰ কৰিব লাগিব।ইয়াৰ ভিতৰত লেবাননত সম্পূৰ্ণ যুদ্ধবিৰতি আৰু জব্দ কৰা ইৰাণৰ সম্পত্তি মুকলি কৰাৰ দাবীও আছে।

পুৱা ৯ বজাৰতেই আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছিল যদিও এতিয়া অলপ বেছি সময় লাগিব। অৱশ্যে জানিব পৰা মতে আমেৰিকাৰ সৈতে শান্তি আলোচনাৰ বাবে ইছলামবাগৰ ছেৰেনা হোটেলত ইতিমধ্যে ইৰাণৰ প্ৰতিনিধি দল উপস্থিত হৈছে। ইয়াত পাকিস্তানৰ মধ্যস্থতাত ইৰাণৰ প্ৰতিনিধি দলটোৱে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ নেতৃত্বত থকা দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব।

লগতে পঢ়ক: ‘ইৰাণ যুদ্ধত পৰাস্ত হৈছে, এতিয়া আমি হৰমুজ খুলিবলৈ ওলাইছো…’; ইছলামবাগত শান্তি আলোচনাৰ পূৰ্বে ট্ৰাম্পৰ ভাবুকি

‘ইয়াৰ দ্বাৰা চিৰস্থায়ী শান্তি আহিব বুলি আশা কৰা হৈছে’; ইৰাণ-আমেৰিকাৰ যুদ্ধবিৰতি সন্দৰ্ভত ভাৰতৰ প্ৰথম প্ৰতিক্ৰিয়া

আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতিৰ ঘোষণাক ভাৰত চৰকাৰে আদৰণি জনাইছে। যুদ্ধবিৰতিৰ পিছত ভাৰতৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি ঘোষণাৰ পিছতে ভাৰত চৰকাৰৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে যুদ্ধবিৰতি আদৰণি জনাই এক বিবৃতি প্ৰকাশ কৰিছে।বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, “আমি এই যুদ্ধবিৰতিক আদৰণি জনাইছো আৰু আশা কৰিছো যে ইয়াৰ ফলত পশ্চিম এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা হ’ব। আমি আগতেও বাৰে বাৰে জোৰ দি আহিছো, আলোচনা আৰু কূটনীতি নিতান্তই প্ৰয়োজনীয়।

বিবৃতিটোত আৰু কোৱা হৈছে যে, এই সংঘাতে ইতিমধ্যে ৰাইজৰ বাবে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে আৰু বিশ্ব শক্তি যোগান আৰু বাণিজ্যিক নেটৱৰ্কত ব্যাঘাত জন্মাইছে। আমি আশা কৰোঁ যে হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজ চলাচলৰ নিৰ্বিঘ্নে আৰু বিশ্ব বাণিজ্যৰ প্ৰবাহ বজাই ৰখা হ’ব।

ইফালে যুদ্ধবিৰতি ঘোষণাৰ পিছতে হৰমুজ জলদ্বীপৰ মাজেৰে যোৱা পথটো পুনৰ মুকলি কৰা হৈছে।ভাৰত চৰকাৰে প্ৰদান কৰা চৰকাৰী তথ্য অনুসৰি বৰ্তমান পাৰস্য উপসাগৰত ১৬ খন ভাৰতীয় জাহাজ লংঘন কৰি আছে।

লগতে পঢ়ক: ‘এই যুদ্ধবিৰতিত লেবানন অন্তৰ্ভুক্ত নহয়’; যুদ্ধবিৰতি সন্দৰ্ভত নেতান্যাহুৰ প্ৰথমটো প্ৰতিক্ৰিয়া

‘এই যুদ্ধবিৰতিত লেবানন অন্তৰ্ভুক্ত নহয়’; যুদ্ধবিৰতি সন্দৰ্ভত নেতান্যাহুৰ প্ৰথমটো প্ৰতিক্ৰিয়া

ইৰাণ-আমেৰিকাৰ যুদ্ধবিৰতিৰ সন্দৰ্ভত ইজৰাইলৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ট্ৰাম্পৰ এই সিদ্ধান্তক আদৰণি জনাইছে।

ইৰাণ-আমেৰিকাৰ যুদ্ধবিৰতি সন্দৰ্ভত ইজৰাইলৰ প্ৰথমটো বিবৃতি প্ৰকাশ কৰিছে।ইৰাণৰ সৈতে যুদ্ধবিৰতি সন্দৰ্ভত আমেৰিকাৰ এই সিদ্ধান্তক আদৰণি জনাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে।ইয়াৰ লগতে তেওঁলোকে নিজস্ব চৰ্তও প্ৰকাশ কৰিছে।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘোষণাৰ চাৰি ঘণ্টাৰ পাছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে বিশেষ পোষ্ট কৰিছে।

ইজৰাইলে কয় যে-ইৰাণ আৰু আমেৰিকাৰ যুদ্ধবিৰতিত লেবানন অন্তৰ্ভুক্ত নহয়। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্ট কৰিছে – ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ট্ৰাম্পৰ সিদ্ধান্তক সমৰ্থন কৰিছে,য’ত ইৰাণৰ সৈতে যুদ্ধ বিৰতিৰ ঘোষণা কৰা হৈছে,যদিহে ইৰাণে তৎক্ষণাত হৰমুজ প্ৰণালী মুকলি কৰি দিয়ে আৰু আমেৰিকা, ইজৰাইল আৰু অঞ্চলটোৰ অন্যান্য দেশসমূহৰ ওপৰত কৰা সকলো আক্ৰমণ বন্ধ কৰে।ইজৰাইলে আমেৰিকাৰ এই প্ৰচেষ্টাকো সমৰ্থন কৰিছে, যাৰ উদ্দেশ্য সেইটো নিশ্চিত কৰা যে ইৰাণে এতিয়া আমেৰিকা, ইজৰাইল, আৰব প্ৰতিবেশী বা সমগ্ৰ বিশ্বৰ বাবে পাৰমাণৱিক ক্ষমতা, ক্ষেপণাস্ত্ৰ বা সন্ত্ৰাসবাদৰ কোনো ভাবুকি কঢ়িয়াই আনিব নালাগে।

ইৰাণৰ সৈতে ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰা দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত আমেৰিকাইও নিজৰ মিত্ৰ ইজৰাইলক এই পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছে।আমেৰিকাই ইজৰাইলক অৱগত কৰিছে যে আগন্তুক আলোচনাত এই লক্ষ্যসমূহ পূৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ যিবোৰ আমেৰিকা, ইজৰাইল, আৰু ইজৰাইলৰ আঞ্চলিক অংশীদাৰৰ ভাগ-বতৰা লক্ষ্য।

ইজৰাইলে আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা যুদ্ধবিৰতিক আদৰণি জনাই কয় যে,এই যুদ্ধবিৰতিত লেবানন অন্তৰ্ভুক্ত নহয়,যদিও পাকিস্তানী মধ্যস্থতাকাৰীয়ে হয়তো অন্য ধৰণে দাবী কৰিছিল।

লগতে পঢ়ক: ‘ইৰাণত ওচৰত ট্ৰাম্পে আত্মসমপৰ্ণ কৰিলে; যুদ্ধবিৰতিৰ পিছতেই চিনেটৰৰ প্ৰশ্নৰ সন্মুখিন ট্ৰাম্প

‘ইৰাণত ওচৰত ট্ৰাম্পে আত্মসমপৰ্ণ কৰিলে; যুদ্ধবিৰতিৰ পিছতেই চিনেটৰৰ প্ৰশ্নৰ সন্মুখিন ট্ৰাম্প

অৱশেষত ইৰাণ আৰু আমেৰিকাৰ মাজত দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। কিন্তু এই ঘোষণাৰ পিছতেই ইৰাণৰ ওচৰত ট্ৰাম্পে আত্মসমপৰ্ণ কৰিছে বুলি প্ৰশ্ন উত্থাপন হৈছে।

৪০ দিনৰ যুদ্ধৰ অন্তত ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। অহা দুসপ্তাহৰ বাবে এই যুদ্ধ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে ড’নাল্ড ট্ৰাম্পে। মঙলবাৰে ইৰাণৰ এটা সভ্যতা শেষ কৰি দিয়া হ’ব বুলি ধমকি দিয়াৰ পিছত ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰে। ভাবুকিৰ পৰা হঠাৎ পিছুৱাই যোৱাৰ সময়ত ড’নাল্ড ট্ৰাম্পে কয় যে, ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ সামৰিক ব্যৱস্থা বন্ধ কৰি দিব।

ট্ৰাম্পৰ এই ঘোষণাৰ পিছতেই এতিয়া আমেৰিকাৰ উচ্চ সদনৰ সদস্যই ট্ৰাম্পক প্ৰশ্ন কৰিছে।এক সাক্ষাৎকাৰত আমেৰিকাৰ চিনেটৰ ক্ৰীছ মাৰ্ফীয়ে কয় যে ইৰাণৰ বিৰুদ্ধে যুদ্ধত ট্ৰাম্প সম্পূৰ্ণৰূপে পৰাজয়ৰ সন্মুখীন হৈছে।ইৰাণৰ ওচৰত তেওঁ আত্মসমৰ্পণ কৰিছে। ড’নাল্ড ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালীৰ ওপৰত নিয়ন্ত্ৰণ প্ৰদান কৰিবলৈ সন্মত হৈছে। এইটো বিশ্বৰ বাবে এক অত্যন্ত অসাধাৰণ আৰু ধ্বংসাত্মক বিষয়।

লগতে পঢ়ক: ‘সকলো আক্ৰমণ বন্ধ কৰক’; ৪০ দিনৰ ধাৰাবাহিক যুদ্ধৰ অন্তত অৱশেষত ঘোষণা হ’ল যুদ্ধবিৰতি

‘সকলো আক্ৰমণ বন্ধ কৰক’; ৪০ দিনৰ ধাৰাবাহিক যুদ্ধৰ অন্তত অৱশেষত ঘোষণা হ’ল যুদ্ধবিৰতি

ইৰাণৰ সৈতে প্ৰায় এমাহ ধৰি চলি থকা সংঘাতৰ পিছত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিছে। তেওঁ কয় যে মই ইৰাণৰ ওপৰত মিছাইল নিক্ষেপ আৰু আক্ৰমণ দুসপ্তাহৰ বাবে স্থগিত কৰিবৰ বাবে সন্মত হৈছো।

এমাহৰো অধিক সময় ধৰি চলি থকা মধ্যপ্ৰাচ্যৰ যুদ্ধ অৱশেষত বন্ধ হ’ল। মঙলবাৰে নিশা দুসপ্তাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে এই ঘোষণা এনে সময়ত কৰিছে, যেতিয়া মাত্ৰ কেইঘণ্টামানৰ পূৰ্বে তেওঁ ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাই সমগ্ৰ সভ্যতাক নিঃশেষ কৰাৰ সকীয়াই দিছিল। ইৰাণেও কেইবাটাও চৰ্ত সাপেক্ষে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে।

আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল ইৰাণে হৰমুজ প্ৰণালী মুকলি কৰিবলৈ সন্মত হৈছে। যুদ্ধৰ বাবে বিশ্বৰ বজাৰতো যথেষ্ট অস্থিৰতা দেখা গৈছিল।যুদ্ধবিৰতি ঘোষণা কৰাত পাকিস্তানেও উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

যিটো ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত উল্লেখ কৰিছে।ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰী ছেইয়দ আব্বাছ আৰাকচিয়েও পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু ফিল্ড মাৰ্শ্বাল মুনিৰক ধন্যবাদ জ্ঞাপন কৰে।ইৰাণৰ সৈতে প্ৰায় এমাহ ধৰি চলি থকা সংঘাতৰ পিছত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিছে।

ট্ৰাম্পে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে কয়, ইৰাণৰ ওপৰত বোমা বিস্ফোৰণ আৰু আক্ৰমণ দুসপ্তাহৰ বাবে পিছুৱাই দিবলৈ মই সন্মত।এয়া হ’ব দ্বিপাক্ষিক যুদ্ধবিৰতি।

ট্ৰাম্পে কয় যে, ‘পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু ফিল্ড মাৰ্শ্বাল অসীম মুনিৰৰ সৈতে আলোচনা আৰু তেওঁৰ অনুৰোধত মই আজি ৰাতি ইৰাণৰ ফালে পঠোৱা ধ্বংসাত্মক সামৰিক বাহিনীক বন্ধ কৰি দিছো—এই চৰ্তত যে ইৰাণে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে, তৎক্ষণাত আৰু নিৰাপদে পুনৰ মুকলি কৰিবলৈ সন্মত হওক।

ইফালে, ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীয়ে সকলো সামৰিক ইউনিটকে আক্ৰমণ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।

লগতে পঢ়ক: “আজি নিশা অন্ত পৰিব এটা সভ্যতাৰ…,” ইৰাণক ট্ৰাম্পৰ বৃহৎ ভাবুকি