ইৰাণৰ সৈতে প্ৰায় এমাহ ধৰি চলি থকা সংঘাতৰ পিছত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিছে। তেওঁ কয় যে মই ইৰাণৰ ওপৰত মিছাইল নিক্ষেপ আৰু আক্ৰমণ দুসপ্তাহৰ বাবে স্থগিত কৰিবৰ বাবে সন্মত হৈছো।
এমাহৰো অধিক সময় ধৰি চলি থকা মধ্যপ্ৰাচ্যৰ যুদ্ধ অৱশেষত বন্ধ হ’ল। মঙলবাৰে নিশা দুসপ্তাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে এই ঘোষণা এনে সময়ত কৰিছে, যেতিয়া মাত্ৰ কেইঘণ্টামানৰ পূৰ্বে তেওঁ ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাই সমগ্ৰ সভ্যতাক নিঃশেষ কৰাৰ সকীয়াই দিছিল। ইৰাণেও কেইবাটাও চৰ্ত সাপেক্ষে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে।
আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল ইৰাণে হৰমুজ প্ৰণালী মুকলি কৰিবলৈ সন্মত হৈছে। যুদ্ধৰ বাবে বিশ্বৰ বজাৰতো যথেষ্ট অস্থিৰতা দেখা গৈছিল।যুদ্ধবিৰতি ঘোষণা কৰাত পাকিস্তানেও উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
যিটো ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত উল্লেখ কৰিছে।ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰী ছেইয়দ আব্বাছ আৰাকচিয়েও পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু ফিল্ড মাৰ্শ্বাল মুনিৰক ধন্যবাদ জ্ঞাপন কৰে।ইৰাণৰ সৈতে প্ৰায় এমাহ ধৰি চলি থকা সংঘাতৰ পিছত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিছে।
ট্ৰাম্পে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে কয়, ইৰাণৰ ওপৰত বোমা বিস্ফোৰণ আৰু আক্ৰমণ দুসপ্তাহৰ বাবে পিছুৱাই দিবলৈ মই সন্মত।এয়া হ’ব দ্বিপাক্ষিক যুদ্ধবিৰতি।
ট্ৰাম্পে কয় যে, ‘পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু ফিল্ড মাৰ্শ্বাল অসীম মুনিৰৰ সৈতে আলোচনা আৰু তেওঁৰ অনুৰোধত মই আজি ৰাতি ইৰাণৰ ফালে পঠোৱা ধ্বংসাত্মক সামৰিক বাহিনীক বন্ধ কৰি দিছো—এই চৰ্তত যে ইৰাণে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে, তৎক্ষণাত আৰু নিৰাপদে পুনৰ মুকলি কৰিবলৈ সন্মত হওক।
ইফালে, ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীয়ে সকলো সামৰিক ইউনিটকে আক্ৰমণ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।
লগতে পঢ়ক: “আজি নিশা অন্ত পৰিব এটা সভ্যতাৰ…,” ইৰাণক ট্ৰাম্পৰ বৃহৎ ভাবুকি









