ইৰাণ-আমেৰিকাৰ যুদ্ধবিৰতিৰ সন্দৰ্ভত ইজৰাইলৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ট্ৰাম্পৰ এই সিদ্ধান্তক আদৰণি জনাইছে।
ইৰাণ-আমেৰিকাৰ যুদ্ধবিৰতি সন্দৰ্ভত ইজৰাইলৰ প্ৰথমটো বিবৃতি প্ৰকাশ কৰিছে।ইৰাণৰ সৈতে যুদ্ধবিৰতি সন্দৰ্ভত আমেৰিকাৰ এই সিদ্ধান্তক আদৰণি জনাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে।ইয়াৰ লগতে তেওঁলোকে নিজস্ব চৰ্তও প্ৰকাশ কৰিছে।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘোষণাৰ চাৰি ঘণ্টাৰ পাছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে বিশেষ পোষ্ট কৰিছে।
ইজৰাইলে কয় যে-ইৰাণ আৰু আমেৰিকাৰ যুদ্ধবিৰতিত লেবানন অন্তৰ্ভুক্ত নহয়। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্ট কৰিছে – ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ট্ৰাম্পৰ সিদ্ধান্তক সমৰ্থন কৰিছে,য’ত ইৰাণৰ সৈতে যুদ্ধ বিৰতিৰ ঘোষণা কৰা হৈছে,যদিহে ইৰাণে তৎক্ষণাত হৰমুজ প্ৰণালী মুকলি কৰি দিয়ে আৰু আমেৰিকা, ইজৰাইল আৰু অঞ্চলটোৰ অন্যান্য দেশসমূহৰ ওপৰত কৰা সকলো আক্ৰমণ বন্ধ কৰে।ইজৰাইলে আমেৰিকাৰ এই প্ৰচেষ্টাকো সমৰ্থন কৰিছে, যাৰ উদ্দেশ্য সেইটো নিশ্চিত কৰা যে ইৰাণে এতিয়া আমেৰিকা, ইজৰাইল, আৰব প্ৰতিবেশী বা সমগ্ৰ বিশ্বৰ বাবে পাৰমাণৱিক ক্ষমতা, ক্ষেপণাস্ত্ৰ বা সন্ত্ৰাসবাদৰ কোনো ভাবুকি কঢ়িয়াই আনিব নালাগে।

ইৰাণৰ সৈতে ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰা দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত আমেৰিকাইও নিজৰ মিত্ৰ ইজৰাইলক এই পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছে।আমেৰিকাই ইজৰাইলক অৱগত কৰিছে যে আগন্তুক আলোচনাত এই লক্ষ্যসমূহ পূৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ যিবোৰ আমেৰিকা, ইজৰাইল, আৰু ইজৰাইলৰ আঞ্চলিক অংশীদাৰৰ ভাগ-বতৰা লক্ষ্য।
ইজৰাইলে আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা যুদ্ধবিৰতিক আদৰণি জনাই কয় যে,এই যুদ্ধবিৰতিত লেবানন অন্তৰ্ভুক্ত নহয়,যদিও পাকিস্তানী মধ্যস্থতাকাৰীয়ে হয়তো অন্য ধৰণে দাবী কৰিছিল।
লগতে পঢ়ক: ‘ইৰাণত ওচৰত ট্ৰাম্পে আত্মসমপৰ্ণ কৰিলে; যুদ্ধবিৰতিৰ পিছতেই চিনেটৰৰ প্ৰশ্নৰ সন্মুখিন ট্ৰাম্প









