'যদি তেওঁলোকে নামানে, সকলো দলং আৰু বিদ্যুৎ কেন্দ্ৰ উৰুৱাই দিম'; ইছলামাবাদ আলোচনাৰ পূৰ্বে ইৰাণক ভাবুকি ট্ৰাম্পৰ

‘যদি নামানে, সকলো দলং আৰু বিদ্যুৎ কেন্দ্ৰ উৰুৱাই দিম’; ইছলামাবাদ আলোচনাৰ পূৰ্বে ইৰাণক ভাবুকি ট্ৰাম্পৰ

ড’নাল্ড ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালীত যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি কঠোৰ সতৰ্কবাণী জাৰি কৰিছে । ইছলামাবাদত দ্বিতীয় ৰাউণ্ডৰ আলোচনাৰ পূৰ্বে তেওঁ কয় যে যদি ইৰাণে চুক্তিখন মানি নচলিলে আক্ৰমণ ভয়ংকৰ হ’ব। পাকিস্তানৰ ৰাজধানী ইছলামাবাদত দ্বিতীয় বাৰৰ যুদ্ধবিৰতি আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড

ড’নাল্ড ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালীত যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি কঠোৰ সতৰ্কবাণী জাৰি কৰিছে । ইছলামাবাদত দ্বিতীয় ৰাউণ্ডৰ আলোচনাৰ পূৰ্বে তেওঁ কয় যে যদি ইৰাণে চুক্তিখন মানি নচলিলে আক্ৰমণ ভয়ংকৰ হ’ব।

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত দ্বিতীয় বাৰৰ যুদ্ধবিৰতি আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক সতৰ্কবাণী জাৰি কৰিছে।  তেওঁ কয় যে যদি ইৰাণে প্ৰস্তাৱিত চুক্তিখন নাকচ কৰে, তেন্তে আমেৰিকাই তেওঁলোকৰ দলং আৰু বিদ্যুৎ কেন্দ্ৰত আক্ৰমণ কৰিব।ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা দীঘলীয়া পোষ্টত ইৰাণে হৰমুজ প্ৰণালীত যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

পোষ্টটোত প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে যে, ইৰানে কালি হৰমুজ প্ৰণালীত গুলীচালনা কৰে,এয়া আমাৰ যুদ্ধবিৰতি চুক্তিৰ সম্পূৰ্ণ উলংঘা। ফ্ৰান্সৰ এখন জাহাজ আৰু যুক্তৰাজ্যৰ পৰা অহা এখন মালবাহী জাহাজলৈ গুলীচালনা কৰে। ইৰাণৰ এই কাৰ্যই নিজৰে বিৰোধ কৰিছে আৰু ইয়াৰ ফলত আমেৰিকাৰ নেতৃত্বত চলা অৱৰোধ আৰু অধিক শক্তিশালী হৈছে।

তেওঁ কৈছে যে, তেওঁলোকে নজনাকৈয়ে আমাৰ সহায় কৰি আছে আৰু হৰমুজ বন্ধ হোৱাৰ বাবে তেওঁলোকৰেই দৈনিক প্ৰায় ৫০ কোটি ডলাৰৰ লোকচানৰ সন্মুখীন হৈছে। তেওঁ সকীয়াই দিয়ে যে যদি ইৰাণে ন্যায়সংগত আৰু উচিত চুক্তি গ্ৰহণ নকৰে তেন্তে আমেৰিকাই বৃহৎ পৰিসৰৰ সামৰিক কাৰ্য্যসূচী আৰম্ভ কৰিব।

ট্ৰাম্পে আৰু লিখিছে, আমি অতি ন্যায্যসংগত আৰু উচিত চুক্তি আগবঢ়াইছো আৰু আশা কৰা হৈছে যে তেওঁলোকে গ্ৰহণ কৰিব। যদি তেওঁলোকে তেনে নকৰে তেন্তে আমেৰিকাই ইৰাণৰ প্ৰতিটো বিদ্যুৎ কেন্দ্ৰ আৰু প্ৰতিখন দলং ধ্বংস কৰিব। এতিয়া আৰু মৰম দেখুওৱা নহ’ব। যদি তেওঁলোকে চুক্তি নকৰে তেনেহলে যি কৰিব লাগে মোৰ বাবে সেয়া কৰাটো এক সন্মানৰ কথা হ’ব।

লগতে পঢ়ক: “যদি আমি পাৰ হ’ব নোৱাৰো, তেন্তে আনৰ বাবে হৰমুজ পাৰ হোৱাটো অসম্ভৱ”; ট্ৰাম্পক ধমকি ইৰাণৰ