ব্যৰ্থতা ঢাকিবলৈ পাকিস্তানৰ ‘মিছা খবৰ’ৰ আশ্ৰয় : নতুন দিল্লীৰ তীব্ৰ আক্ৰমণ

অৰ্থনৈতিক সংকট আৰু মৌলিক অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই অহা সাধাৰণ নাগৰিকৰ ওপৰত পাকিস্তান নিৰাপত্তা বাহিনীয়ে চলোৱা কঠোৰ দমন-পীড়নক লৈ ভাৰতে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে

পাক-অধিকৃত জম্মু আৰু কাশ্মীৰত (PoJK) চলি থকা তীব্ৰ অশান্তি আৰু জনসাধাৰণৰ বিক্ষোভৰ মাজতে পাকিস্তানৰ বিৰুদ্ধে এক ডাঙৰ কূটনৈতিক আক্ৰমণ চলাইছে ভাৰতে । মঙলবাৰে ভাৰতে অভিযোগ কৰে যে ইছলামাবাদে নিজৰ প্ৰণালীবদ্ধ ব্যৰ্থতা আৰু অঞ্চলটোত সংঘটিত হোৱা গুৰুতৰ মানৱাধিকাৰ উলংঘনৰ ঘটনা লুকুৱাবলৈ পদ্ধতিগতভাৱে মিছা খবৰ আৰু উৰাবাতৰিৰ আশ্ৰয় লৈছে ।

ভুল তথ্যৰে দৃষ্টি আকৰ্ষণৰ চেষ্টা পাকিস্তানৰ : বৈদেশিক মন্ত্ৰালয়

নতুন দিল্লীত অনুষ্ঠিত এক নিয়মীয়া সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে পাকিস্তানৰ এই কৌশল ফাদিল কৰে । তেওঁ কয় :

“আমি এই সন্দৰ্ভত পাকিস্তানৰ পৰা মিছা খবৰ আৰু ফেক ভিডিঅ’ ওলোৱাৰ এটা ধাৰাবাহিক প্ৰৱণতা প্ৰত্যক্ষ কৰি আহিছোঁ । এয়া পাকিস্তানৰ নিজৰ ব্যৰ্থতা লুকুওৱা আৰু বিশ্ববাসীৰ দৃষ্টি ইয়াৰ মানৱাধিকাৰ উলংঘনৰ পৰা আঁতৰাই ৰখাৰ এক হতাশাজনক প্ৰয়াসৰ বাহিৰে একো নহয় ।”

নিৰীহ নাগৰিকৰ ওপৰত বৰ্বৰ আৰক্ষী নিৰ্যাতন

অধিকৃত ভূখণ্ডটোত অৰ্থনৈতিক সংকট আৰু মৌলিক অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই অহা সাধাৰণ নাগৰিকৰ ওপৰত পাকিস্তানী নিৰাপত্তা বাহিনীয়ে চলোৱা কঠোৰ দমন-পীড়নক লৈ ভাৰতে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে । মুখপাত্ৰ জয়ছোৱালে কয় যে পাক-অধিকৃত কাশ্মীৰত গুৰুতৰ আৰক্ষী নিৰ্যাতনৰ খবৰ পোৱা গৈছে, য’ত ইতিমধ্যে কেইবাজনো প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে বহু লোক গুৰুতৰভাৱে আহত হৈছে ।

বিশ্ব সম্প্ৰদায়ক এই ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনাই তেওঁ কয়, “আমি আশা কৰোঁ যে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে পাকিস্তানক ইয়াৰ অপকৰ্ম আৰু নিৰ্যাতনৰ বাবে কঠোৰভাৱে জবাবদিহি কৰিব ।”

কিহৰ বাবে জ্বলিছে পাক-অধিকৃত কাশ্মীৰ ?

উল্লেখ্য যে, বৰ্তমান পাক-অধিকৃত জম্মু আৰু কাশ্মীৰত (PoJK) শাসন ব্যৱস্থাৰ বিসংগতি, চৰম অৰ্থনৈতিক সংকট আৰু সংৰক্ষিত বিধানসভাৰ আসন বণ্টনক লৈ স্থানীয় বাসিন্দাসকল ক্ষোভিত হৈ পৰিছে । প্ৰতিবাদকাৰীসকলৰ মূল অভিযোগসমূহ হ’ল :

আকাশলংঘী মুদ্ৰাস্ফীতি আৰু সামগ্ৰীৰ নাটনি : খাদ্য-সামগ্ৰী আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ নাটনি ।

বিদ্যুৎ বিল : স্থানীয়ভাৱে বিদ্যুৎ উৎপাদন হোৱাৰ পিছতো বাসিন্দাসকলে ভৰিবলগীয়া হৈছে অত্যধিক বিদ্যুৎ বিল ।

অৰ্ধসামৰিক বাহিনী মোতায়েন, ৰাৱালাকোটত হিংসাত্মক সংঘৰ্ষ

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, জনসাধাৰণৰ এই গণ-বিক্ষোভ দমন কৰিবলৈ পাকিস্তানী প্ৰশাসনে অঞ্চলটোত ব্যাপক হাৰত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে । যাৰ ফলত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত তীব্ৰ হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হৈছে । বিশেষকৈ ৰাৱালাকোট আৰু ইয়াৰ প্ৰতিৱেশী অঞ্চলসমূহত হোৱা সংঘৰ্ষত কেইবাজনো লোকৰ মৃত্যু ঘটিছে । পাকিস্তান চৰকাৰৰ এই বৰ্বৰ কাণ্ডক বৰ্তমান সৰ্বত্ৰে গৰিহণা দিয়া হৈছে আৰু ঘটনাৰ এক স্বতন্ত্ৰ তদন্তৰ দাবী উত্থাপন হৈছে ।

লগতে পঢ়ক : ফিলিপাইনছৰ ভয়াৱহ ভূমিকম্পক লৈ প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

‘যদি নামানে, সকলো দলং আৰু বিদ্যুৎ কেন্দ্ৰ উৰুৱাই দিম’; ইছলামাবাদ আলোচনাৰ পূৰ্বে ইৰাণক ভাবুকি ট্ৰাম্পৰ

ড’নাল্ড ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালীত যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি কঠোৰ সতৰ্কবাণী জাৰি কৰিছে । ইছলামাবাদত দ্বিতীয় ৰাউণ্ডৰ আলোচনাৰ পূৰ্বে তেওঁ কয় যে যদি ইৰাণে চুক্তিখন মানি নচলিলে আক্ৰমণ ভয়ংকৰ হ’ব।

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত দ্বিতীয় বাৰৰ যুদ্ধবিৰতি আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক সতৰ্কবাণী জাৰি কৰিছে।  তেওঁ কয় যে যদি ইৰাণে প্ৰস্তাৱিত চুক্তিখন নাকচ কৰে, তেন্তে আমেৰিকাই তেওঁলোকৰ দলং আৰু বিদ্যুৎ কেন্দ্ৰত আক্ৰমণ কৰিব।ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা দীঘলীয়া পোষ্টত ইৰাণে হৰমুজ প্ৰণালীত যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

পোষ্টটোত প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে যে, ইৰানে কালি হৰমুজ প্ৰণালীত গুলীচালনা কৰে,এয়া আমাৰ যুদ্ধবিৰতি চুক্তিৰ সম্পূৰ্ণ উলংঘা। ফ্ৰান্সৰ এখন জাহাজ আৰু যুক্তৰাজ্যৰ পৰা অহা এখন মালবাহী জাহাজলৈ গুলীচালনা কৰে। ইৰাণৰ এই কাৰ্যই নিজৰে বিৰোধ কৰিছে আৰু ইয়াৰ ফলত আমেৰিকাৰ নেতৃত্বত চলা অৱৰোধ আৰু অধিক শক্তিশালী হৈছে।

তেওঁ কৈছে যে, তেওঁলোকে নজনাকৈয়ে আমাৰ সহায় কৰি আছে আৰু হৰমুজ বন্ধ হোৱাৰ বাবে তেওঁলোকৰেই দৈনিক প্ৰায় ৫০ কোটি ডলাৰৰ লোকচানৰ সন্মুখীন হৈছে। তেওঁ সকীয়াই দিয়ে যে যদি ইৰাণে ন্যায়সংগত আৰু উচিত চুক্তি গ্ৰহণ নকৰে তেন্তে আমেৰিকাই বৃহৎ পৰিসৰৰ সামৰিক কাৰ্য্যসূচী আৰম্ভ কৰিব।

ট্ৰাম্পে আৰু লিখিছে, আমি অতি ন্যায্যসংগত আৰু উচিত চুক্তি আগবঢ়াইছো আৰু আশা কৰা হৈছে যে তেওঁলোকে গ্ৰহণ কৰিব। যদি তেওঁলোকে তেনে নকৰে তেন্তে আমেৰিকাই ইৰাণৰ প্ৰতিটো বিদ্যুৎ কেন্দ্ৰ আৰু প্ৰতিখন দলং ধ্বংস কৰিব। এতিয়া আৰু মৰম দেখুওৱা নহ’ব। যদি তেওঁলোকে চুক্তি নকৰে তেনেহলে যি কৰিব লাগে মোৰ বাবে সেয়া কৰাটো এক সন্মানৰ কথা হ’ব।

লগতে পঢ়ক: “যদি আমি পাৰ হ’ব নোৱাৰো, তেন্তে আনৰ বাবে হৰমুজ পাৰ হোৱাটো অসম্ভৱ”; ট্ৰাম্পক ধমকি ইৰাণৰ

সমাধান নোলাল ইছলামাবাদ আলোচনাত… জে ডি ভান্সে ক’লে ইৰানৰ বাবে এয়া বেয়া খবৰ

ইছলামাবাদৰ পৰা সংবাদ মাধ্যমক সম্বোধন কৰি ভান্সে কয় যে ২১ ঘণ্টা ধৰি চলা আলোচনাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হৈছিল, যদিও কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল

ফলাফল বিহীন ভাৱেই সমাপ্ত হ’ল আমেৰিকা-ইৰান আলোচনা । পাকিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত কেইবা ঘণ্টা ধৰি চলা আলোচনাৰ অন্তত দেওবাৰে এক অচলাৱস্থাৰ সৃষ্টি হয় । আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে কয় যে ইৰানৰ সৈতে হোৱা আলোচনাত কোনো চুক্তিত উপনীত হ’ব পৰা নগ’ল । তেওঁ কয় যে তেওঁলোক আমেৰিকালৈ উভতি যাব যদিও এই ঘটনাটো আমেৰিকাতকৈ ইৰানৰ বাবেহে অধিক “বেয়া খবৰ”।

ইছলামাবাদৰ পৰা সংবাদ মাধ্যমক সম্বোধন কৰি ভান্সে কয় যে ২১ ঘণ্টা ধৰি চলা আলোচনাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হৈছিল, যদিও কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল । তেওঁ কয়, “আমাৰ ইৰানৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সন্মতি হৈছে— সেয়া এক ভাল খবৰ । কিন্তু বেয়া খবৰটো হ’ল যে আমি কোনো চুক্তিত উপনীত হ’ব পৰা নাই । এইটো আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ ইৰানৰ বাবেহে অধিক বেয়া খবৰ ।”

ভান্সে কয়, “আমি কোনো চুক্তিত উপনীত নোহোৱাকৈয়ে আমেৰিকালৈ উভতি গৈ আছোঁ ।” তেওঁ কয় যে আমেৰিকাই নিজৰ চৰ্ত আৰু যিবোৰ বিষয়ত আপোচ কৰিবলৈ সাজু আছিল সেয়া স্পষ্ট কৰি দিছিল, কিন্তু ইৰানে “আমাৰ চৰ্তসমূহ গ্ৰহণ নকৰাৰ সিদ্ধান্ত ল’লে”।

সংবাদ মাধ্যমৰ উত্তৰত ভান্সে পুনৰবাৰ কয় যে ৱাশ্বিংটনে তেহৰানৰ পৰা এইটো নিশ্চিত কৰিব বিচাৰিছিল যে তেওঁলোকে পাৰমাণৱিক অস্ত্ৰ আৰু সেয়া প্ৰস্তুত কৰাৰ আহিলাসমূহ সংগ্ৰহৰ চেষ্টা নকৰে । তেওঁ লগতে কয়, “আমি এনে এটা পৰ্যায়লৈ যাব নোৱাৰিলোঁ য’ত ইৰানে আমাৰ চৰ্ত মানি ল’বলৈ সাজু আছিল ।” তেওঁ উল্লেখ কৰে যে আমেৰিকা যথেষ্ট “নমনীয় আৰু সহায়ক” হোৱা স্বত্বেও আলোচনা আগুৱাই নিব পৰা নগ’ল ।

ভান্সে কয়, “আমি ইয়াৰ পৰা এটা অতি সৰল প্ৰস্তাৱ লৈ ওলাই আহিছো- বুজাবুজিৰ এক পদ্ধতি যিটো আমাৰ অন্তিম আৰু সৰ্বশ্ৰেষ্ঠ প্ৰস্তাৱ । এতিয়া ইৰানে ইয়াক গ্ৰহণ কৰে নে নকৰে সেয়া চাবলগীয়া হ’ব ।”

সংবাদমেলৰ সময়ত ভান্সে উল্লেখ কৰে যে তেওঁ সমগ্ৰ আলোচনাৰ সময়ছোৱাত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ লগতে ৰাজ্যিক সচিব মাৰ্কো ৰুবিঅ’, যুদ্ধ সচিব পিট হেগচেথ, কোষাগাৰ সচিব স্কট বেচেণ্ট আৰু আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ কমাণ্ডাৰ এডমিৰেল ব্ৰেড কুপাৰৰ দৰে কেইবাজনো শীৰ্ষ আমেৰিকান বিষয়াৰ সৈতে “নিৰন্তৰ” যোগাযোগত আছিল । ভান্সে কয়, “আমি দলটোৰ সৈতে নিৰন্তৰ যোগাযোগত আছিলোঁ কাৰণ আমি সৎ ভাৱে আলোচনা কৰিছিলোঁ ।”

লগতে পঢ়ক : ইছলামাবাদত আৰম্ভ আমেৰিকা-ইৰাণ শান্তি আলোচনা

ৰক্তাক্ত শুকুৰবাৰ : মছজিদত ভয়ংকৰ আত্মঘাতী আক্ৰমণত ৩১ জন নিহত

শুকুৰবাৰৰ নামাজৰ সময়ত ছিয়া মছজিদৰ বাহিৰত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণে চহৰখন কঁপাই তোলে ।

পাকিস্তানৰ ৰাজধানী ইছলামবাদত শুকুৰবাৰৰ নামাজৰ সময়ত ছিয়া মছজিদৰ বাহিৰত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণে চহৰখন কঁপাই তোলে । তৰ্লাই অঞ্চলৰ ইমাম বৰগাহ খাদিজাত-উল কুব্ৰাত সংঘটিত হোৱা এই ভয়ংকৰ বিস্ফোৰণৰ ফলত চৌদিশে আততংকৰ সৃষ্টি হয় । প্ৰকাশিত বাতৰি অনুসৰি বিস্ফোৰণত কমেও ৩১ জন লোক নিহত হোৱাৰ বিপৰীতে ১৬৯ জনতকৈ অধিক লোক আহত হৈছে ।

বিস্ফোৰণৰ সময়ত মছজিদত নামাজৰ বাবে বহু সংখ্যক লোক উপস্থিত আছিল, যাৰ বাবে হতাহতৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে । বিস্ফোৰণৰ লগে লগে ইছলামবাদত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় । আৰক্ষী, উদ্ধাৰকাৰী আৰু ফৰেনছিক দল উপস্থিত হৈ সমগ্ৰ অঞ্চলটো অৱৰোধ কৰে আৰু তদন্ত আৰম্ভ কৰে ।

জানিব পৰা মতে এই বিস্ফোৰণটো আত্মঘাতী আক্ৰমণ আছিল নে আন কোনো উপায়েৰে সংঘটিত হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । ফৰেনছিক তদন্তৰ পিছতহে পৰিস্থিতি স্পষ্ট হ’ব ।

উল্লেখ্য যে, ইমাম বৰগাহ (ইমামবাৰা, হুছেইনীয়া বা আশোৰখানা বুলিও কোৱা হয়) হৈছে ছিয়া মুছলমানসকলে বিশেষকৈ পবিত্ৰ মহৰম মাহত হজৰত মহম্মদৰ নাতি ইমাম হুছেইন শ্বহীদ হোৱাৰ স্মৃতিত ব্যৱহাৰ কৰা এক উৎসৰ্গিত সমাৱেশ স্থান । ইমাম বৰগাহ মছজিদৰ পৰা পৃথক । ই দৈনিক জামাতৰ নামাজৰ পৰিৱৰ্তে শোক, মজলিছ (ধৰ্মীয় বক্তৃতা) আৰু অন্যান্য ধৰ্মীয় সমাৱেশৰ কেন্দ্ৰ হিচাপে কাম কৰে ।

লগতে পঢ়ক : শুকুৰবাৰৰ নামাজৰ সময়তে বোমা বিস্ফোৰণ; ইছলামাবাদত জৰুৰীকালীন অৱস্থা

শুকুৰবাৰৰ নামাজৰ সময়তে বোমা বিস্ফোৰণ; ইছলামাবাদত জৰুৰীকালীন অৱস্থা

ইছলামাবাদৰ শ্বাহজাদ টাউন অঞ্চলত অৱস্থিত টেৰলাই ইমাম্বৰগাহত এক বিস্ফোৰণ সংঘটিত হৈছে । জুম্মা নামাজৰ সময়তে হোৱা এই আত্মঘাটী বিস্ফোৰণৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ তৰলাই অঞ্চলত অৱস্থিত ইমাম বৰগাহ খাদিজাত-উল কুব্ৰাত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণটোৰ পিছতে দুখনকৈ চিকিৎসালয়ত জৰুৰীকালীন ঘোষণা কৰা হৈছে।

বিস্ফোৰণৰ পিছতে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

ইছলামাবাদৰ ইমামবাৰগাহত আত্মঘাতী আক্ৰমণটোৰ ফলত বহু লোক আহত হোৱাৰ আশংকা কৰা হৈছে।আত্মঘাতী বোমাৰুজনে প্ৰথমে মছজিদত প্ৰৱেশ কৰে, তাৰ পিছত গেটৰ সমীপতে বিস্ফোৰণটো সংঘটিত কৰে।

এই ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪ জন আহত হোৱা বুলি নিশ্চিত কৰা হৈছে।বিস্ফোৰণৰ পিছতে ইছলামবাদৰ পলিক্লিনিক, পাকিস্তান ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (পিআইএমএছ) আৰু চিডিএ হাস্পতালত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়।

লগতে পঢ়ক: চৰকাৰ গঠনৰ মাত্ৰ ২৪ ঘন্টাৰ পিছতেই পুনৰ উত্তপ্ত মণিপুৰ; কুকি গোটসমূহে বিধায়কক দিলে সকীয়নি