শুকুৰবাৰৰ নামাজৰ সময়তে বোমা বিস্ফোৰণ; ইছলামাবাদত জৰুৰীকালীন অৱস্থাৰ ঘোষণা

শুকুৰবাৰৰ নামাজৰ সময়তে বোমা বিস্ফোৰণ; ইছলামাবাদত জৰুৰীকালীন অৱস্থা

ইছলামাবাদৰ শ্বাহজাদ টাউন অঞ্চলত অৱস্থিত টেৰলাই ইমাম্বৰগাহত এক বিস্ফোৰণ সংঘটিত হৈছে । জুম্মা নামাজৰ সময়তে হোৱা এই আত্মঘাটী বিস্ফোৰণৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ তৰলাই অঞ্চলত অৱস্থিত ইমাম বৰগাহ খাদিজাত-উল কুব্ৰাত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণটোৰ পিছতে দুখনকৈ চিকিৎসালয়ত জৰুৰীকালীন ঘোষণা

ইছলামাবাদৰ শ্বাহজাদ টাউন অঞ্চলত অৱস্থিত টেৰলাই ইমাম্বৰগাহত এক বিস্ফোৰণ সংঘটিত হৈছে । জুম্মা নামাজৰ সময়তে হোৱা এই আত্মঘাটী বিস্ফোৰণৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ তৰলাই অঞ্চলত অৱস্থিত ইমাম বৰগাহ খাদিজাত-উল কুব্ৰাত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণটোৰ পিছতে দুখনকৈ চিকিৎসালয়ত জৰুৰীকালীন ঘোষণা কৰা হৈছে।

বিস্ফোৰণৰ পিছতে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

ইছলামাবাদৰ ইমামবাৰগাহত আত্মঘাতী আক্ৰমণটোৰ ফলত বহু লোক আহত হোৱাৰ আশংকা কৰা হৈছে।আত্মঘাতী বোমাৰুজনে প্ৰথমে মছজিদত প্ৰৱেশ কৰে, তাৰ পিছত গেটৰ সমীপতে বিস্ফোৰণটো সংঘটিত কৰে।

এই ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪ জন আহত হোৱা বুলি নিশ্চিত কৰা হৈছে।বিস্ফোৰণৰ পিছতে ইছলামবাদৰ পলিক্লিনিক, পাকিস্তান ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (পিআইএমএছ) আৰু চিডিএ হাস্পতালত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়।

লগতে পঢ়ক: চৰকাৰ গঠনৰ মাত্ৰ ২৪ ঘন্টাৰ পিছতেই পুনৰ উত্তপ্ত মণিপুৰ; কুকি গোটসমূহে বিধায়কক দিলে সকীয়নি