ৰক্তাক্ত শুকুৰবাৰ : মছজিদত ভয়ংকৰ আত্মঘাতী আক্ৰমণত ৩১ জন নিহত

ৰক্তাক্ত শুকুৰবাৰ : মছজিদত ভয়ংকৰ আত্মঘাতী আক্ৰমণত ৩১ জন নিহত

শুকুৰবাৰৰ নামাজৰ সময়ত ছিয়া মছজিদৰ বাহিৰত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণে চহৰখন কঁপাই তোলে । পাকিস্তানৰ ৰাজধানী ইছলামবাদত শুকুৰবাৰৰ নামাজৰ সময়ত ছিয়া মছজিদৰ বাহিৰত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণে চহৰখন কঁপাই তোলে । তৰ্লাই অঞ্চলৰ ইমাম বৰগাহ খাদিজাত-উল কুব্ৰাত সংঘটিত হোৱা এই ভয়ংকৰ বিস্ফোৰণৰ ফলত চৌদিশে আততংকৰ

শুকুৰবাৰৰ নামাজৰ সময়ত ছিয়া মছজিদৰ বাহিৰত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণে চহৰখন কঁপাই তোলে ।

পাকিস্তানৰ ৰাজধানী ইছলামবাদত শুকুৰবাৰৰ নামাজৰ সময়ত ছিয়া মছজিদৰ বাহিৰত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণে চহৰখন কঁপাই তোলে । তৰ্লাই অঞ্চলৰ ইমাম বৰগাহ খাদিজাত-উল কুব্ৰাত সংঘটিত হোৱা এই ভয়ংকৰ বিস্ফোৰণৰ ফলত চৌদিশে আততংকৰ সৃষ্টি হয় । প্ৰকাশিত বাতৰি অনুসৰি বিস্ফোৰণত কমেও ৩১ জন লোক নিহত হোৱাৰ বিপৰীতে ১৬৯ জনতকৈ অধিক লোক আহত হৈছে ।

বিস্ফোৰণৰ সময়ত মছজিদত নামাজৰ বাবে বহু সংখ্যক লোক উপস্থিত আছিল, যাৰ বাবে হতাহতৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে । বিস্ফোৰণৰ লগে লগে ইছলামবাদত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় । আৰক্ষী, উদ্ধাৰকাৰী আৰু ফৰেনছিক দল উপস্থিত হৈ সমগ্ৰ অঞ্চলটো অৱৰোধ কৰে আৰু তদন্ত আৰম্ভ কৰে ।

জানিব পৰা মতে এই বিস্ফোৰণটো আত্মঘাতী আক্ৰমণ আছিল নে আন কোনো উপায়েৰে সংঘটিত হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । ফৰেনছিক তদন্তৰ পিছতহে পৰিস্থিতি স্পষ্ট হ’ব ।

উল্লেখ্য যে, ইমাম বৰগাহ (ইমামবাৰা, হুছেইনীয়া বা আশোৰখানা বুলিও কোৱা হয়) হৈছে ছিয়া মুছলমানসকলে বিশেষকৈ পবিত্ৰ মহৰম মাহত হজৰত মহম্মদৰ নাতি ইমাম হুছেইন শ্বহীদ হোৱাৰ স্মৃতিত ব্যৱহাৰ কৰা এক উৎসৰ্গিত সমাৱেশ স্থান । ইমাম বৰগাহ মছজিদৰ পৰা পৃথক । ই দৈনিক জামাতৰ নামাজৰ পৰিৱৰ্তে শোক, মজলিছ (ধৰ্মীয় বক্তৃতা) আৰু অন্যান্য ধৰ্মীয় সমাৱেশৰ কেন্দ্ৰ হিচাপে কাম কৰে ।

লগতে পঢ়ক : শুকুৰবাৰৰ নামাজৰ সময়তে বোমা বিস্ফোৰণ; ইছলামাবাদত জৰুৰীকালীন অৱস্থা