তাৎক্ষণিক যুদ্ধবিৰতিৰ সহমতত উপনীত পাকিস্তান-আফগানিস্তান

তাৎক্ষণিক যুদ্ধবিৰতিৰ সহমতত উপনীত পাকিস্তান-আফগানিস্তান

কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ে দেওবাৰে পুৱা ঘোষণা কৰে যে তুৰ্কীৰ মধ্যস্থতাত কাটাৰৰ ডোহাত অনুষ্ঠিত হোৱা আলোচনাত পাকিস্তান আৰু আফগানিস্তানে তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে । এই যুদ্ধবিৰতিৰ লক্ষ্য হৈছে এসপ্তাহ ধৰি চলি থকা ভয়াৱহ সীমান্ত সংঘৰ্ষৰ অন্ত পেলোৱা, য’ত কেইবা ডজন লোকৰ মৃত্যু আৰু শ শ লোক আহত হৈছে ।

প্ৰকাশিত এক তথ্য অনুসৰি কাটাৰে কয় যে যুদ্ধবিৰতি স্থায়ী আৰু সঠিকভাৱে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰাৰ বাবে আগন্তুক দিনত আৰু অধিক বৈঠক অনুষ্ঠিত কৰিবলৈ দুয়োপক্ষই সন্মতি প্ৰকাশ কৰিছে । শেহতীয়াকৈ সীমান্তত সংঘটিত হোৱা যুদ্ধত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হোৱাৰ পিছত এই আলোচনা অনুষ্ঠিত হৈছে । ২০২১ চনত তালিবান পুনৰ ক্ষমতালৈ অহাৰ পিছত চুবুৰীয়া দেশ দুখনৰ মাজত এইটোৱেই আটাইতকৈ গুৰুতৰ সংঘাত ।

আফগান বিষয়াসকলে কয় যে কাবুলৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত প্ৰতিৰক্ষা মন্ত্ৰী মোল্লা মহম্মদ ইয়াকুব, আনহাতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে তালিবানৰ প্ৰতিনিধিৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে ।

পাকিস্তানৰ অভিযোগ-

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে আফগানিস্তানৰ পৰা পাকিস্তানলৈ সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদ বন্ধ কৰি পাক-আফগান সীমান্তত শান্তি আৰু স্থিতিশীলতা ঘূৰাই অনাটোৱেই আছিল আলোচনাৰ মূল লক্ষ্য । ইছলামবাদে সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানত আক্ৰমণ চলাই থকা সন্ত্ৰাসবাদীক ৰুধিবলৈ দাবী জনোৱাৰ পিছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় ।

তালিবানৰ প্ৰত্যুত্তৰ-

তালিবানে উগ্ৰপন্থীক আশ্ৰয় দিয়া বুলি অস্বীকাৰ কৰি পাকিস্তানে ভুল তথ্য প্ৰচাৰ কৰা আৰু আফগানিস্তানক অস্থিৰ কৰাৰ বাবে ইছলামিক ষ্টেটৰ সৈতে জড়িত গোটসমূহক সমৰ্থন কৰা বুলি অভিযোগ উত্থাপন কৰে । পাকিস্তানে অৱশ্যে এই অভিযোগ নাকচ কৰি কয় যে উগ্ৰপন্থীয়ে দীৰ্ঘদিন ধৰি চৰকাৰক উফৰাই দেশখনত কঠোৰ ইছলামিক শাসন প্ৰয়োগ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰি আহিছে ।

ইফালে শুকুৰবাৰে যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে পাকিস্তানে সাধাৰণ নাগৰিকক লক্ষ্য কৰি বিমান আক্ৰমণ চলাইছিল বুলি আফগানিস্তানে প্ৰকাশ কৰিছে । কাবুলে কয় যে আলোচনা চলি থাকিবলৈ তেওঁলোকৰ সৈন্যক আক্ৰমণ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে । পাক্তিকা প্ৰদেশত সংঘটিত পাকিস্তানৰ এই আক্ৰমণত তিনিগৰাকী আফগান খেলুৱৈ নিহত হয় । ইয়াৰ পিছতে পাকিস্তানত অনুষ্ঠিত হোৱা টি-২০ ক্ৰিকেট শৃংখলাৰ পৰা আফগানিস্তান আঁতৰি যায় ।

লগতে পঢ়ক : বাংলাদেশত অথন্তৰঃ জুই আৰু ক’লা ধোঁৱাই আৱৰি ধৰিলে ঢাকা বিমানবন্দৰ

বিনাচৰ্ত যুদ্ধবিৰতিৰ সহমতত উপনীত হৈছে থাইলেণ্ড-কম্বোডিয়া; নিশাৰ পৰা হ’ব কাৰ্যকৰী

বিনাচৰ্ত যুদ্ধবিৰতিৰ সহমতত উপনীত হৈছে থাইলেণ্ড-কম্বোডিয়া

বিশ্বৰ বিভিন্ন প্ৰান্তত সীমান্ত সংঘাত চলি আছে । ক’ৰবাত যুদ্ধৰ ৰূপ লৈছে আৰু ক’ৰবাত অনিৰ্দিষ্টকালীন আলোচনাৰ পৰ্যায় চলি আছে । ইয়াৰ মাদতে দক্ষিণ এছিয়াত থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত সীমান্ত সংঘাত আৰম্ভ হয় আৰু পঞ্চম দিনা যুদ্ধবিৰতিৰে সমাপ্ত হয় । এই উত্তেজনাৰ চতুৰ্থ দিনলৈকে কমেও ৩৪ জন লোকৰ মৃত্যু হৈছে আৰু ২ লাখৰো অধিক লোকক পলায়ন কৰিবলগীয়া হৈছে । কিন্তু সকাহৰ খবৰটো হ’ল দুয়োখন দেশে বিনাচৰ্তে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে ।

সোমবাৰে মালয়েছিয়াত শান্তি বৈঠকৰ বাবে থাইলেণ্ড আৰু কম্বোডিয়াৰ নেতা বৈঠকত মিলিত হয় । মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ মধ্যস্থতাত কুৱালালামপুৰত এই আলোচনা অনুষ্ঠিত হয় । বৰ্তমান মালয়েছিয়া দক্ষিণ এছিয়াৰ সংগঠন আছিয়ানৰ অধ্যক্ষ, যাৰ দুয়োখন দেশ সদস্য । ছ’চিয়েল মিডিয়াত বহু সাংবাদিকে নিশ্চিত কৰিছে যে দুয়োখন দেশে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে ।

বৃহস্পতিবাৰে লেণ্ডমাইন বিস্ফোৰণত ৫ গৰাকী থাইলেণ্ডৰ জোৱান আহত হোৱাৰ পিছতে এই সংঘাত আৰম্ভ হয় । ইয়াৰ পিছত দুয়োপক্ষই টেংক, জেট আৰু কামানেৰে আক্ৰমণ আৰম্ভ কৰে । থাইলেণ্ডে কম্বোডিয়াক চিকিৎসালয় আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে কম্বোডিয়াই দাবী কৰিছে যে থাইলেণ্ডৰ সেনাই ক্লাষ্টাৰ বোমা ব্যৱহাৰ কৰিছিল । থাইলেণ্ডৰ তথ্য অনুসৰি ৮ জন জোৱান আৰু ১৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে কম্বোডিয়াই ৫ জন জোৱান আৰু ৮ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে । থাইলেণ্ডৰ ১,৩৮০০০ আৰু কম্বোডিয়াৰ ৮০ হাজাৰৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় । দেওবাৰে আকৌ এবাৰ দুটা প্ৰাচীন মন্দিৰৰ সমীপত কামানৰ শব্দ শুনা যায় । অৱশেষত দুয়োখন দেশে শান্তি আলোচনাত সন্মতি দিয়ে আৰু ইয়াৰ ফলত যুদ্ধবিৰতি হয় ।

লগতে পঢ়ক : যুদ্ধ বন্ধ কৰক অন্যথা… কম্বোডিয়া আৰু থাইলেণ্ডক সকীয়নি ট্ৰাম্পৰ

যুদ্ধবিৰতি ভংগৰ প্ৰত্যুত্তৰ জৰুৰী… ট্ৰাম্পৰ ভাবুকিৰ উত্তৰ নেতানিয়াহুৰ

যুদ্ধবিৰতি ভংগৰ প্ৰত্যুত্তৰ জৰুৰী


ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে পুনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । ইজৰাইলে মঙলবাৰে তেহৰাণৰ সমীপৰ ইৰাণৰ ৰাডাৰ ছাইটত আক্ৰমণ চলায় । প্ৰকাশিত এক প্ৰতিবেদন মতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক স্পষ্ট কৰি দিছিল যে এই আক্ৰমণৰ পৰা হাত সাৰি থকাটো সম্ভৱ নহয় আৰু ইৰাণৰ এই কাৰ্যৰ প্ৰত্যুত্তৰ দি কিবা এটা কৰাটো প্ৰয়োজনীয় ।


ইজৰাইলে ইয়াক ‘সীমিত প্ৰতিশোধ’ বুলি অভিহিত কৰিছে । ইজৰাইলে দাবী কৰিছে যে ইৰাণে যুদ্ধবিৰতি ভংগ কৰি দুটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ সংঘটিত হৈছে । ইফালে ইৰাণৰ সংবাদ মাধ্যম মিজান আৰু শ্বাৰঘে উত্তৰ ইৰাণৰ বাবলছাৰ চহৰত ইজৰাইলে আক্ৰমণ চলোৱাৰ বাতৰি প্ৰকাশ কৰিছে । ইজৰাইলৰ আৰ্মী ৰেডিঅ’ই নিশ্চিত কৰিছে যে তেহৰাণৰ সমীপৰ এটা ৰাডাৰ ছাইটক লক্ষ্য কৰি লোৱা হৈছে ।

ট্ৰাম্পে নিজৰ প্ৰকাশ কৰে অসন্তুষ্টি-
হোৱাইট হাউছৰ লনত সংবাদ মাধ্যমৰ আগত ট্ৰাম্পে সমগ্ৰ ঘটনাটোক লৈ অসন্তুষ্টি প্ৰকাশ কৰে । ইৰাণ-ইজৰাইল যুদ্ধৰ ওপৰত মন্তব্য দিওঁতে তেওঁ কয় যে, ‘তেওঁলোকে ইমান দিনে যুঁজি আছে যে তেওঁলোকে নিজেই নাজানে যে তেওঁলোকে কি কৰিছে ।’

ট্ৰাম্পে কয় যে যুদ্ধবিৰতিৰ পিছতো ব্যৱস্থা গ্ৰহণ কৰা দুয়োপক্ষৰ ওপৰত, বিশেষকৈ ইজৰাইলৰ ওপৰত তেওঁ ক্ষুব্ধ । ট্ৰাম্পে জোৰ দি কয়, ‘মই স্পষ্টকৈ কৈছিলো- বোমা নিক্ষেপ নকৰিব, আপোনাৰ পাইলটসকলক ঘূৰাই আনক । কিন্তু ইয়াৰ পিছতো আক্ৰমণ সংঘটিত হয় ।‘

ইৰাণে সকীয়াই দিছে যে ইয়াৰ প্ৰত্যুত্তৰ দ্ৰুত আৰু ‘দুগুণ ধ্বংসাত্মক’ হ’ব । ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে স্পষ্ট কৰি দিছে যে ‘এয়া সতৰ্কবাণী নহয়, বৰঞ্চ আৰম্ভণিহে’ ।

লগতে পঢ়ক : আমেৰিকাই কৰিলে যুদ্ধবিৰতি ঘোষণা; ইৰাণে কৰিলে অস্বীকাৰ

আমেৰিকাই কৰিলে যুদ্ধবিৰতি ঘোষণা; ইৰাণে কৰিলে অস্বীকাৰ

আমেৰিকাই কৰিলে যুদ্ধবিৰতি ঘোষণা

ইৰাণে নিজৰ পাৰমাণৱিক স্থানত আমেৰিকাৰ আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ লগে লগে ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । আমেৰিকাই ইৰাণক যিদৰে আক্ৰমণ কৰিছিল, ঠিক সেইদৰেই ইৰাণেও কাটাৰত থকা আমেৰিকাৰ ঘাটি আক্ৰমণ কৰে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ আক্ৰমণক অতি সামান্য বুলি অভিহিত কৰে । লগতে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি হোৱা বুলিও দাবী কৰে ট্ৰাম্পে । ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে কয় যে যদি ইজৰাইলে স্থানীয় সময় অনুসৰি পুৱা ৪ বজাৰ ভিতৰত বিমান আক্ৰমণ বন্ধ কৰে তেন্তে তেহৰাণে আক্ৰমণ বন্ধ কৰিব ।

ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰঘাচিয়ে তেহৰাণৰ সময় অনুসৰি পুৱা ৪:১৬ বজাত ছ’চিয়েল প্লেটফৰ্ম এক্সত নিজৰ বাৰ্তা প্ৰকাশ কৰে । তেওঁ কয়, ‘এতিয়ালৈকে কোনো ধৰণৰ যুদ্ধবিৰতি বা সামৰিক অভিযান বন্ধ কৰাৰ ক্ষেত্ৰত কোনো চুক্তি হোৱা নাই । কিন্তু যদিহে ইজৰাইলে তেহৰাণৰ সময় অনুসৰি পুৱা ৪ বজাৰ আগতে ইৰাণী জনসাধাৰণৰ বিৰুদ্ধে কৰা আক্ৰমণ বন্ধ কৰে, তেন্তে তাৰ পিছত আমাৰ প্ৰত্যুত্তৰ দিয়াৰ কোনো উদ্দেশ্য নাই । আমাৰ সামৰিক অভিযান শেষ কৰাৰ চূড়ান্ত সিদ্ধান্ত পিছত লোৱা হ’ব ।’

ইয়াৰ পূৰ্বে যেতিয়া ট্ৰাম্পে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি হৈছে বুলি প্ৰকাশ কৰিছিল তেহৰাণে এই দাবী অস্বীকাৰ কৰিছিল । আমেৰিকাৰ পৰা কোনো ধৰণৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ পোৱা নাই বুলি ইৰাণে প্ৰকাশ কৰিছে । অৱশ্যে আমেৰিকাৰ এই দাবীক লৈ ইজৰাইলে মৌনতা অৱলম্বন কৰিছে ।

কি ক’লে ট্ৰাম্পে ?

ইৰাণে ডোহাৰ সমীপৰ আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি লোৱাৰ কেইঘণ্টামান পিছতে ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত যুদ্ধবিৰতি ঘোষণা কৰে । ২৪ ঘণ্টাৰ ভিতৰত যুদ্ধবিৰতি কাৰ্যকৰী কৰা হ’ব বুলিও তেওঁ কয় । তেওঁ লিখিছে, ‘সকলোকে অভিনন্দন । ইজৰাইল আৰু ইৰাণৰ মাজত সম্পূৰ্ণ চুক্তি হৈছে যে ১২ ঘণ্টাৰ বাবে সম্পূৰ্ণ যুদ্ধবিৰতি থাকিব । ৬ ঘণ্টাৰ পিছত যুদ্ধ শেষ হোৱা বুলি বিবেচনা কৰা হ’ব । ইৰাণে আনুষ্ঠানিকভাৱে যুদ্ধবিৰতি আৰম্ভ কৰিব আৰু ইজৰাইলে ১২ ঘণ্টাত যুদ্ধবিৰতি আৰম্ভ কৰিব আৰু ১২ দিনীয়া যুদ্ধৰ আনুষ্ঠানিকভাৱে ২৪ ঘণ্টাত অন্ত পৰিব ।’

লগতে পঢ়ক : ইৰাণক মুকলি সমৰ্থন ৰাছিয়াৰ; তেহৰাণক সম্ভৱপৰ সকলো সহায় দিয়াৰ আশ্বাস

টেলিফোনিক বাৰ্তালাপত মিলিত মোদী-ট্ৰাম্প; ক’লে-‘মধ্যস্থতা গ্ৰহণ কৰা নাছিলো আৰু নকৰো’

টেলিফোনিক বাৰ্তালাপত মিলিত মোদী-ট্ৰাম্প

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দুয়োগৰাকী নেতাৰ মাজত ৩৫ মিনিটৰ ধৰি এই টেলিফোনিক বাৰ্তালাপ চলে । তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক সাক্ষাৎ কৰাৰ কথা আছিল, কিন্তু ট্ৰাম্প আগতীয়াকৈ আমেৰিকালৈ উভতি অহাৰ বাবে এই সাক্ষাৎ হৈ নুঠিল । ট্ৰাম্পৰ অনুৰোধত আজি দুয়োগৰাকী নেতাই ফোনযোগে বাৰ্তালাপ কৰে । জানিব পৰা মতে প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী ৰাখে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত থকা উত্তেজনাৰ বিষয়েও আলোচনা কৰে দুয়োগৰাকী নেতাই । প্ৰধানমন্ত্ৰী মোদীয়ে অপাৰেচন সিন্দুৰৰ বিষয়েও আলোচনা কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক স্পষ্টকৈ কয় যে এই সমগ্ৰ ঘটনাক্ৰমত কোনো সময়তে, কোনো স্তৰতে ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি বা ভাৰত আৰু পাকিস্তানৰ মাজত আমেৰিকাৰ মধ্যস্থতা আদি বিষয়ত কোনো আলোচনা হোৱা নাছিল । উত্তেজনা হ্ৰাস কৰাৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত আলোচনা হৈছিল আৰু পাকিস্তানৰ জোৰত এয়া হৈছিল ।

ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা কথাবোৰ বিতংভাৱে বুজি ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ভাৰতে এতিয়া সন্ত্ৰাসবাদক ছাঁয়া যুদ্ধ হিচাপে চাইছে আৰু ভাৰতৰ অপাৰেচন সিন্দুৰ এতিয়াও চলি আছে ।

ভাৰত আৰু পাকিস্তানৰ মাজত আমেৰিকাৰ মধ্যস্থতাৰ যিকোনো প্ৰচেষ্টাক স্পষ্টভাৱে নাকচ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক জোৰ দি কয় যে ভাৰতে কেতিয়াও মধ্যস্থতা গ্ৰহণ কৰা নাই, কেতিয়াও মানি নলয় । এই বিষয়ত ভাৰতত সম্পূৰ্ণ ৰাজনৈতিক একমত আছে ।

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে প্ৰদান কৰে সম্পূৰ্ণ তথ্য-

এই বিষয়ত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বৈঠক জি-৭ সন্মিলনৰ সময়ত অনুষ্ঠিত হোৱাৰ কথা আছিল । ৰাষ্ট্ৰপতি ট্ৰাম্পে আগতীয়াকৈ আমেৰিকালৈ উভতি যাবলগা হয় যাৰ বাবে এই বৈঠক অনুষ্ঠিত হোৱা নাছিল । ইয়াৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অনুৰোধত আজি দুয়োজন নেতাৰ মাজত টেলিফোনিক বাৰ্তালাপ হয় । দুয়োগৰাকী নেতাই ৩৫ মিনিট ধৰি কথা পাতে ।

আমেৰিকা ভ্ৰমণৰ অনুৰোধ ৰক্ষা কৰিবলৈ অসমৰ্থতা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ-

ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক কানাডাৰ পৰা উভতি আহি আমেৰিকা ভ্ৰমণ কৰাৰ বাবে অনুৰোধ জনাই । অৱশ্যে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত অক্ষমতা প্ৰকাশ কৰে । ইয়াৰ পিছতে দুয়োগৰাকী নেতাই সিদ্ধান্ত লয় যে অদূৰ ভৱিষ্যতে সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিব ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদী আৰু মাৰ্ক কাৰ্নীৰ বৈঠক; কি কি বিষয়ৰ ওপৰত হ’ল আলোচনা ?

‘যুদ্ধবিৰতিৰ সৈতে কোনো সম্পৰ্ক নাই’… জি-৭ৰ পৰা হঠাতে উভতিল ট্ৰাম্প

‘যুদ্ধবিৰতিৰ সৈতে কোনো সম্পৰ্ক নাই’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত কয় যে কানাডাত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ পৰা উভতি অহাৰ সৈতে নিশ্চিতভাৱে যুদ্ধবিৰতিৰ কোনো সম্পৰ্ক নাই । তাতকৈ বহুত ডাঙৰ । এই সন্দৰ্ভত বিশেষ স্পষ্টীকৰণ নিদিয়াকৈ তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান কৰে ।

কি ক’লে ট্ৰাম্পে ?

ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে, ‘প্ৰচাৰ বিচৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ভুলকৈ কৈছিল যে মই কানাডাত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনৰ পৰা ওলাই আহি ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতিৰ কাম কৰিবলৈ ঘূৰি আহিছো । নহয় ! তেওঁ নাজানে যে মই এতিয়া কিয় ৱাশ্বিংটনলৈ যাম, কিন্তু ইয়াৰ নিশ্চিতভাৱে যুদ্ধবিৰতিৰ সৈতে কোনো সম্পৰ্ক নাই । ইয়াতকৈ বহুত ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কাম আছে । ইমানুৱেলে সদায় ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে ভুল কথা কয় । চাই থাকক !’

মেক্ৰনৰ দাবী, ট্ৰাম্পৰ অস্বীকাৰ-

ইয়াৰ পূৰ্বে মেক্ৰনে কয় যে ট্ৰাম্পৰ লক্ষ্য হৈছে ইৰাণ আৰু ইজৰাইলৰ মাজত শান্তি চুক্তি অনা । জি-৭ সন্মিলনত সাংবাদিকৰ আগত তেওঁ কয় যে, “সঁচাকৈয়ে বৈঠকৰ প্ৰস্তাৱ আছে । এই প্ৰস্তাৱ বিশেষভাৱে যুদ্ধবিৰতি আনি তাৰ পিছত এক বিস্তৃত আলোচনা আৰম্ভ কৰাৰ বাবে দিয়া হৈছিল ।” দাবী কৰা হৈছিল যে ট্ৰাম্পৰ পশ্চিম এছিয়াৰ দূত ষ্টিভ উইটকফ আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিৰ মাজত পাৰমাণৱিক চুক্তি আৰু সংঘাতৰ অন্ত পেলোৱাৰ বিষয়ে আলোচনা হ’ব পাৰে ।

ইজৰাইল আৰু ইৰাণৰ মাজত বৃদ্ধি পাইছে সংঘাত-

ইজৰাইল আৰু ইৰাণৰ সংঘাত পঞ্চম দিনতো বন্ধ হোৱা নাই । দুয়োখন দেশে নিৰন্তৰ ইখনে সিখনৰ ওপৰত আক্ৰমণ চলাই আছে । হতাহতৰ সংখ্যা বৃদ্ধি পাইছে । ইজৰাইলত কমেও ২৪ জন আৰু ইৰাণত ২২৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইজৰাইলৰ আক্ৰমণত তেহৰাণৰ উপৰিও ইৰাণৰ কৌশলগত স্থান, ক্ষেপণাস্ত্ৰ সংৰক্ষণ বাংকাৰ, লঞ্চাৰ আৰু পাৰমাণৱিক সুবিধাসমূহ ক্ষতিগ্ৰস্ত হয় । ইজৰাইলে ইৰাণৰ শীৰ্ষ নিৰাপত্তা আৰু চোৰাংচোৱা বিষয়াক হত্যা কৰিছে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে ইজৰাইলৰ হাইফা, টেল আভিভ আৰু জেৰুজালেমৰ ক্ষতিসাধন কৰে ।

লগতে পঢ়ক : ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথত নামিল জনতা; বহু চহৰলৈ বিয়পিল প্ৰতিবাদ

‘তৃতীয় পক্ষই যুদ্ধবিৰতিৰ মধ্যস্থতা কৰা নাছিল’… স্পষ্ট কৰিলে বৈদেশিক সচিবে

সংসদৰ এনেক্স বিল্ডিঙত বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় স্থায়ী সংসদীয় কমিটীৰ বৈঠকত সাংসদসকলে ভাৰত-পাকিস্তান যুদ্ধবিৰতিৰ মধ্যস্থতাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দাবীক লৈ প্ৰশ্ন উত্থাপন কৰে । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষৰ মধ্যস্থতা নাছিল । এই সিদ্ধান্ত দ্বিপাক্ষিক পৰ্যায়ত লোৱা হৈছিল ।

সংসদীয় কমিটীৰ আগত তেওঁ কয় যে ভাৰত আৰু পাকিস্তানৰ সংঘাত সদায় গতানুগতিক ক্ষেত্ৰখনত আছে আৰু চুবুৰীয়া দেশখনৰ পৰা কোনো পাৰমাণৱিক ইংগিত পোৱা নাই । একাংশ সাংসদে প্ৰশ্ন কৰে যে পাকিস্তানে সংঘাতত চীনৰ মঞ্চ ব্যৱহাৰ কৰিছিল নেকি ? এই সন্দৰ্ভত মিশ্ৰীয়ে কয় যে ইয়াৰ কোনো গুৰুত্ব নাই কাৰণ ভাৰতে পাকিস্তানৰ বিমান ঘাটিত আক্ৰমণ কৰিছে । তেওঁ কমিটীক অপাৰেচন সিন্দুৰৰ বিষয়ে অৱগত কৰে । বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে সংসদীয় সমিতিৰ আগত কয় যে ভাৰতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত উত্তৰ দিছে । এই অভিযানত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰা হয় ।

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই এই বিবৃতি প্ৰকাশ কৰিছে । যুদ্ধবিৰতি আনিবলৈ কোনো ধৰণৰ হস্তক্ষেপ কৰিবলৈ ভাৰতে কেতিয়াও আমেৰিকাৰ কাষ চপা নাছিল । সংঘাতৰ সময়ত ভাৰত আৰু পাকিস্তানৰ সকলো যোগাযোগ আছিল ডি জি এম অ’ পৰ্যায়ত ।

বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ বৈঠকত সমিতিৰ অধ্যক্ষ তথা কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ, তৃণমূল কংগ্ৰেছৰ অভিষেক বেনাৰ্জী, কংগ্ৰেছৰ ৰাজীৱ শুক্লা আৰু দীপেন্দৰ হুদা, এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেছি আৰু ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ৰবি শংকৰ প্ৰসাদ, সতনম সিং, নৱীন জিন্দল, অপাৰজিতা সাৰংগী, অৰুণ গোবিল আৰু আৰ পি এন সিং উপস্থিত থাকে । এই বৈঠক ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পহলগাম আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰা অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পিছত দুয়োখন দেশৰ মাজত হোৱা সামৰিক সংঘাত সন্দৰ্ভত অনুষ্ঠিত হয় ।

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে…

‘অপাৰেচন সিন্দুৰ’ আৰম্ভ হোৱাৰ পাছত প্রথমবাৰৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব ৷ স্থল, আকাশ আৰু সাগৰীয় সকলো সামৰিক আক্ৰমণ বন্ধ কৰাৰ বাবে দুয়োখন দেশৰ পাৰস্পৰিক চুক্তিত উপনীত হোৱাৰ দুদিন পিছত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিব দেশবাসীক । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যত্তৰ দি ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পিছত শনিবাৰে দুয়ো দেশৰ মাজত যুদ্ধবিৰতি হয় ।

১০০ সন্ত্ৰাসবাদী আৰু ৪০ পাকিস্তানী সেনা জোৱান নিহত-

পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰাৰ উদ্দেশ্যে ভাৰতে যোৱা ৭ মে’ৰ পুৱা অপাৰেচন সিন্দুৰ আৰম্ভ কৰে । এই অভিযানত কমেও ১০০টা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ৪০ পাকিস্তানী সেনা জোৱান নিহত হয় । ‘অপাৰেচন সিন্দুৰ’ত লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদৰ শিবিৰসমূহক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক-

ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ ডি জি এম অ’ৰ মাজত নিৰ্ধাৰিত আলোচনাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত অংশগ্ৰহণ কৰাসকলৰ ভিতৰত আছে এন এছ এ অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান আৰু তিনি সেৱাৰ মুৰব্বী ।

২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতৰ কূটনৈতিক আৰু সামৰিক সঁহাৰিৰ পৰ্যালোচনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ নিজৰ বাসগৃহত চৰকাৰী আৰু প্ৰতিৰক্ষাৰ শীৰ্ষ বিষয়াৰ সৈতে নিয়মীয়াকৈ বৈঠকত মিলিত হৈছে ।

যুদ্ধবিৰতি উলংঘা কৰিলে পাকিস্তানে-

উল্লেখ্য যে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ৯ মে,’ শুকুৰবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ বিষয়ে তথ্য দিছিল । তেওঁ কয় যে ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম অনুসৰি সন্ধিয়া ৫ বজাৰ পৰা দুয়োপক্ষই স্থল, আকাশ আৰু সাগৰত সকলো গুলীচালনা আৰু সামৰিক কাৰ্যকলাপ বন্ধ কৰিব । কিন্তু এই সিদ্ধান্তৰ মাত্ৰ চাৰি ঘন্টাৰ পিছতে নিজৰ প্ৰকৃত স্বৰূপ উদঙাই যুদ্ধবিৰতি উলংঘা কৰে পাকিস্তানে ।

‘অপাৰেচন এতিয়াও চলি আছে’… যুদ্ধবিৰতিৰ মাজতে ভাৰতীয় বায়ুসেনাৰ ডাঙৰ মন্তব্য

যুদ্ধবিৰতিৰ মাজতে ভাৰতীয় বায়ুসেনাৰ এটা ডাঙৰ বিবৃতি প্ৰকাশ পাইছে । ভাৰতীয় বায়ুসেনাৰ মতে অপাৰেচন সিন্দুৰ এতিয়াও চলি আছে । আগন্তুক সময়ত এই সন্দৰ্ভত তথ্য দিয়া হ’ব । বায়ুসেনাই এই তথ্য নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত প্ৰদান কৰিছে ।

এক্সত অভিযান অব্যাহত ৰখাৰ বিষয়ে তথ্য দি ভাৰতীয় বায়ুসেনাই লিখিছে, ‘ভাৰতীয় বায়ুসেনাই (আই এ এফ) অপাৰেচন সিন্দুৰত নিজৰ নিৰ্ধাৰিত কামবোৰ নিখুঁত আৰু পেছাদাৰীতাৰে সফলতাৰে সম্পন্ন কৰিছে । ৰাষ্ট্ৰীয় উদ্দেশ্য অনুযায়ী চিন্তাশীল আৰু বিবেচনাপূৰ্ণভাৱে অভিযানসমূহ চলোৱা হৈছিল । যিহেতু এতিয়াও অপাৰেচন চলি আছে, সেয়েহে সঠিক সময়ত বিতং তথ্য দিয়া হ’ব । লগতে ভাৰতীয় বায়ুসেনাই সকলো জল্পনা-কল্পনা আৰু অসত্য তথ্য প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।

ভাৰতে ২২ এপ্ৰিলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল । এই অভিযানৰ অধীনত ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাই একেলগে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আতংকিত পাকিস্তানে এল অ’ চিত প্ৰচণ্ড গুলীচালনা কৰি সন্ধিয়া ড্ৰোন আক্ৰমণ চলায় । অৱশ্যে ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে আকাশত থকা সকলো পাকিস্তানী ড্ৰোন ধ্বংস কৰে । ইয়াৰ পিছত ভাৰতে প্ৰতিশোধ লৈ পাকিস্তানৰ ওপৰত কেইবাবাৰো আক্ৰমণ চলায়, য’ত পাকিস্তানী সেনাবাহিনীৰ যথেষ্ট লোকচান হয় ।

একে সময়তে ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ পৰিপ্ৰেক্ষিতত বহু দেশৰ সহায়ত যুদ্ধবিৰতিত সন্মত হৈছিল যদিও কেইঘণ্টামানৰ পিছতে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি ড্ৰোনেৰে ভাৰতক আক্ৰমণ কৰে ।

দিল্লীত চলি আছে উচ্চ পৰ্যায়ৰ বৈঠক-

ইয়াৰ উপৰিও দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক চলি আছে, য’ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, এন এছ এ অজিত ডোভাল, চি ডি এছ আৰু তিনিও সেনাৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰি আছে ।