যুদ্ধবিৰতিৰ গুৰুতৰ উলংঘন পাকিস্তানৰ, সেনাক কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ : বিদেশ মন্ত্ৰালয়

যুদ্ধবিৰতিৰ মাত্ৰ কেইঘণ্টামানৰ পাছতেই বহু ঠাইত পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে । এই সন্দৰ্ভত নিশা প্ৰায় ১১ বজাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে যোৱা কেইঘণ্টামানৰ পৰা এই চুক্তি পাকিস্তানে গুৰুতৰভাৱে উলংঘা কৰি আছে । ভাৰতীয় সেনাই ব্যৱস্থা লৈছে আৰু এই সীমা অতিক্ৰমণ মোকাবিলা কৰিছে । এই অতিক্ৰম পাকিস্তানে কৰিছে । আমি বিশ্বাস কৰোঁ যে পাকিস্তানে এই কথা সঠিকভাৱে বুজিব লাগে আৰু ইয়াৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে । এই পৰিস্থিতিৰ ওপৰত সেনাই চকু ৰাখিছে আৰু সুনিৰ্দিষ্ট আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে শনিবাৰে সন্ধিয়া ৫ বজাত যুদ্ধবিৰতিৰ লগে লগে ভাৰত আৰু পাকিস্তানৰ মাজত ৮৬ ঘণ্টীয়া দীঘলীয়া যুদ্ধৰ অন্ত পৰে । কিন্তু মাত্ৰ ৩ ঘণ্টাৰ পিছতে পাকিস্তানে এই যুদ্ধবিৰতি উলংঘা কৰে । ইতিমধ্যে জম্মু-কাশ্মীৰত সীমান্তৰ সিপাৰে পাকিস্তানৰ উচটনিমূলক কাৰ্যকলাপ পুনৰ তীব্ৰতৰ হৈ পৰিছে । শনিবাৰে নিশা পাকিস্তানে কেইবাটাও অঞ্চলত যুদ্ধবিৰতি উলংঘা কৰি প্ৰচণ্ড গোলাবৰ্ষণ কৰে, আনহাতে কাশ্মীৰৰ বাৰামুল্লা জিলাত সন্দেহযুক্ত ড্ৰোনৰ বিস্ফোৰণ সংঘটিত হয় ।

ভাৰত আৰু পাকিস্তানৰ মাজত শনিবাৰে বিয়লি যুদ্ধবিৰতিৰ সিদ্ধান্ত হয় । এই তথ্য দি বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে আজি বিয়লি ৩.৩৫ বজাত দুয়োখন দেশৰ ডি জি এম অ’ৰ মাজত বাৰ্তালাপ হয় । সিদ্ধান্ত লোৱা হয় যে দুয়োখন দেশে ৫ বজাৰ পৰা আকাশ, পানী আৰু স্থলভাগত আক্ৰমণ তৎক্ষণাত বন্ধ কৰিব । ইয়াৰ লগে লগে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে । মিশ্ৰীয়ে কয় যে ১২ মে’ত দুয়োখন দেশৰ বিষয়াসকলে অধিক কৌশলৰ বিষয়ে আলোচনা কৰিব । কিন্তু যুদ্ধবিৰতিৰ চাৰি ঘন্টাৰ পিছতেই পাকিস্তানে কাপুৰৰুষালি প্ৰদৰ্শন কৰি পুনৰ গোলাবৰ্ষণ আৰু ড্ৰোন আক্ৰমণ সংঘটিত কৰে ।

চাৰি ঘন্টাও কথা ৰাখিব নোৱাৰিলে বিশ্বাসঘাতক পাকিস্তানে… জম্মু-কাশ্মীৰত পুনৰ ড্ৰোন আক্ৰমণ আৰু গোলাবৰ্ষণ

কেতিয়াও সলনি নোহোৱা নিজৰ চৰিত্ৰ পুনৰ বিশ্ববাসীৰ আগত উদঙাই যুদ্ধবিৰতিৰ চাৰি ঘন্টা পাৰ নহৌতেই পাকিস্তানে আৰম্ভ কৰিছে ড্ৰোন আক্ৰমণ আৰু গোলাবৰ্ষণ । ঘোষণাৰ মাত্ৰ চাৰি ঘন্টাৰ পিছতেই যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে ।

জম্মু-কাশ্মীৰত সীমান্তৰ সিপাৰে পাকিস্তানৰ উচটনিমূলক কাৰ্যকলাপ পুনৰ তীব্ৰতৰ হৈ পৰিছে । শনিবাৰে নিশা পাকিস্তানে বহু অঞ্চলত যুদ্ধবিৰতি উলংঘা কৰি প্ৰচণ্ড গোলাবৰ্ষণৰ আশ্ৰয় লৈছে, আনহাতে কাশ্মীৰৰ বাৰামুল্লা জিলাত সন্দেহযুক্ত ড্ৰোন বিস্ফোৰণ সংঘটিত হৈছে ।

জানিব পৰা মতে পাকিস্তানে আখনূৰ, ৰাজৌৰী আৰু আৰ এছ পুৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তত আৰ্টিলাৰীৰে গোলাবৰ্ষণ আৰম্ঊ কৰিছে । একে সময়তে বাৰামুল্লাত ড্ৰোন আক্ৰমণ সংঘটিত হৈছে । জম্মুৰ পালানৱালা খণ্ডতো পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে । এই ঘটনাৰ লগে লগে ভাৰতীয় সেনা বাহিনীক ইয়াৰ উপযুক্ত উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে । পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰাৰ বাবে বি এছ এফক উপযুক্ত উত্তৰ দিবলৈ নিৰ্দেশ দিছে চৰকাৰে । এই ঘটনাৰ পিছত জম্মুৰ এক বৃহৎ অংশত ব্লেকআউট কৰা হৈছে । বাৰামুল্লাতো ব্লেকআউট হোৱাৰ খবৰ প্ৰকাশ পাইছে । শ্ৰীনগৰৰ বহু অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছে ।

ইয়াৰ বাহিৰেও ৰাজস্থানৰ পোখৰাণলৈ বৃহৎ সংখ্যক ড্ৰোন দেখা পোৱা বুলি খবৰ প্ৰকাশ পাইছে । অৱশ্যে ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই এই ড্ৰোনসমূহ ধ্বংস কৰি ভূপতিত কৰিছে । ৰাজৌৰীৰ পৰাও গুলীচালনাৰ খবৰ আহিছে ।

উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত শনিবাৰে বিয়লি যুদ্ধবিৰতি ঘোষণা হৈছিল । এই তথ্য দি বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে আজি বিয়লি ৩.৩৫ বজাত দুয়োখন দেশৰ ডি জি এম অ’ৰ মাজত বাৰ্তালাপ হয় । সিদ্ধান্ত লোৱা হ’ল যে দুয়োখন দেশে ৫ বজাৰ পৰা আকাশ, পানী আৰু স্থলভাগত আক্ৰমণ তৎক্ষণাত বন্ধ কৰিব । ইয়াৰ লগে লগে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে । মিশ্ৰীয়ে কয় যে অহা ১২ মে’ত দুয়োখন দেশৰ বিষয়াসকলে পৰৱৰ্তী কৌশলৰ বিষয়ে আলোচনা কৰিব । কিন্তু যুদ্ধবিৰতিৰ চাৰি ঘন্টা পাৰ নহৌতেই এতিয়া বিশ্বাসঘাতক পাকিস্তানে পুনৰ গোলাবৰ্ষণ আৰম্ভ কৰিছে ।

পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰাৰ পিছতেই এতিয়া জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই টুইটাৰত উষ্মা প্ৰকাশ কৰি কয়, “যুদ্ধবিৰতিৰ কি হ’ল ?  শ্ৰীনগৰত বিস্ফোৰণৰ শব্দ শুনা গ’ল । এয়া যুদ্ধবিৰতি নহয় । মধ্য শ্ৰীনগৰত এইমাত্ৰ বায়ু প্ৰতিৰক্ষা ইউনিটে প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে ।”