ইজৰাইলৰ প্ৰত্যুত্তৰ; হিজবুল্লাহৰ দুৰ্গ বেইৰুটত সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস

আমেৰিকাৰ মধ্যস্থতাত ইজৰাইল আৰু লেবাননৰ মাজত ১৬ এপ্ৰিলৰ পৰা যুদ্ধবিৰতি কাৰ্যকৰী হয়। এই যুদ্ধবিৰতিৰ পিছত বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত ইজৰাইলে প্ৰথম আক্ৰমণ চলাই।

ইজৰাইল আৰু লেবাননৰ মাজত চলি থকা সংঘাত আৰু উত্তেজনাৰ মাজতে দেওবাৰে এক নতুন ঘটনা পোহৰলৈ আহিছে। ইজৰাইলী সেনাই দেওবাৰে লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণ উপান্ত অঞ্চলত অৱস্থিত সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলায়। ইজৰাইলী সেনাই আক্ৰমণ কৰা এই অঞ্চলটো হিজবুল্লাহৰ দুৰ্গ হিচাপে গণ্য কৰা হয় আৰু ই ‘দাহিয়েহ’ নামেৰে জনাজাত। অৱশ্যে, আমেৰিকাৰ মধ্যস্থতাত ১৬ এপ্ৰিলত হোৱা যুদ্ধবিৰতিৰ পিছত বেইৰুটৰ দক্ষিণ উপান্ত অঞ্চলত এইটোৱেই প্ৰথম আক্ৰমণ।

এই আক্ৰমণক লৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে এক যুটীয়া বিবৃতিত কয় যে উত্তৰ ইজৰাইলত হিজবুল্লাহৰ তৰফৰ পৰা কৰা গুলীচালনাৰ প্ৰত্যুত্তৰত এই আক্ৰমণ চলোৱা হৈছে। অৱশ্যে, এই আক্ৰমণ এনে এক সময়ত হৈছে যেতিয়া আমেৰিকাৰ মধ্যস্থতাত ইজৰাইল আৰু লেবাননৰ মাজত হোৱা যুদ্ধবিৰতি মাত্ৰ কেইদিনমানৰ আগতেহে কাৰ্যকৰী হৈছিল।

আনহাতে, ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও এই সন্দৰ্ভত এক আনুষ্ঠানিক বিবৃতি জাৰি কৰিছে। ইজৰাইলৰ পিএমঅ’ই কয়, ‘প্ৰধানমন্ত্ৰী নেতান্যাহু আৰু প্ৰতিৰক্ষা মন্ত্ৰী কাটজৰ নিৰ্দেশ অনুসৰি ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে বেইৰুটৰ দাহিয়েহ অঞ্চলত অৱস্থিত এটা উগ্ৰপন্থী কমাণ্ড চেন্টাৰত আক্ৰমণ চলাইছে। ইজৰাইলৰ ভূখণ্ডলৈ হিজবুল্লাহৰ গুলীচালনাৰ প্ৰত্যুত্তৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’

ইজৰাইলৰ তৰফৰ পৰা লেবাননত এই আক্ৰমণ এনে এক সময়ত কৰা হৈছে, যাৰ মাত্ৰ কেইদিনমান পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নেতান্যাহুক বেইৰুটৰ দক্ষিণ উপান্ত অঞ্চলত আক্ৰমণ নকৰিবলৈ সতৰ্ক কৰি দিছিল।

লগতে পঢ়ক: ৰাষ্ট্ৰসংঘত পুনৰ মুখথেকেচা পাকিস্তানৰ: কাশ্মীৰক লৈ মিছা আখ্যান ৰচনা কৰাৰ বাবে ভাৰতৰ উচিত প্ৰত্যুত্তৰ

শান্তিৰ দিশত প্ৰতিটো পদক্ষেপক আমি আদৰণি জনাওঁ: ইজৰাইল-লেবাননৰ যুদ্ধবিৰতিক লৈ প্ৰতিক্ৰিয়া ভাৰতৰ

বৃহস্পতিবাৰৰ পৰা লেবানন আৰু ইজৰাইলৰ মাজত কাৰ্যকৰী হোৱা ১০দিনীয়া যুদ্ধবিৰতিৰ পাছতে এই মন্তব্য প্ৰকাশ পাইছে

ইজৰাইল আৰু লেবাননৰ মাজত শেহতীয়াকৈ কাৰ্যকৰী হোৱা যুদ্ধবিৰতিৰ প্ৰতি ভাৰতে আনুষ্ঠানিকভাৱে সমৰ্থন প্ৰকাশ কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে আঞ্চলিক স্থিৰতাৰ লক্ষ্যৰে কৰা সকলো প্ৰচেষ্টাক ভাৰতে সমৰ্থন কৰে । শুকুৰবাৰে এক সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই শেহতীয়া কূটনৈতিক অগ্ৰগতিক আদৰণি জনাই কয় যে, “শান্তিৰ দিশত লোৱা প্ৰতিটো পদক্ষেপক ভাৰতে আদৰণি জনাইছে ।”

বৃহস্পতিবাৰৰ পৰা লেবানন আৰু ইজৰাইলৰ মাজত কাৰ্যকৰী হোৱা ১০দিনীয়া যুদ্ধবিৰতিৰ পাছতে এই মন্তব্য প্ৰকাশ পাইছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দুয়োখন দেশৰ নেতৃত্বৰ মাজত এক অভূতপূৰ্ব উদ্বোধনী বৈঠকৰ সুবিধা কৰি দিবলৈ চেষ্টা কৰা বুলি ইংগিত দিয়াৰ সময়তে এই যুদ্ধবিৰতি আৰম্ভ হৈছে । এই উত্তৰণক তেহৰাণৰ সৈতে চলি থকা সংঘাত সমাপ্ত কৰিবলৈ ৱাশ্বিংটনে চলোৱা এক ব্যাপক কূটনৈতিক প্ৰচেষ্টাৰ অংশ হিচাপে গণ্য কৰা হৈছে । ইৰানে সমগ্ৰ আলোচনাৰ সময়ছোৱাত এক দৃঢ় স্থিতি গ্ৰহণ কৰি আহিছে আৰু তেহৰাণৰ নেতৃত্বই জোৰ দি কৈছে যে যিকোনো চুক্তিৰ অংশ হিচাপে লেবাননৰ যুদ্ধবিৰতি অন্তৰ্ভুক্ত হ’ব লাগিব ।

ইৰান আৰু আমেৰিকাৰ মাজত চলি থকা শান্তি প্ৰক্ৰিয়াত পাকিস্তানৰ জড়িত হোৱাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত জয়ছোৱালে কয় যে নতুন দিল্লীয়ে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে । তেওঁ কয়, “আমি পশ্চিম এছিয়াৰ যুদ্ধৰ সকলো ঘটনাপ্ৰবাহ নিবিড়ভাৱে পৰ্যবেক্ষণ কৰি আছো ।” যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰানৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে চলোৱা সামৰিক অভিযানৰ পাছতে পশ্চিম এছিয়াত বৰ্তমানৰ এই যুদ্ধৰ সূত্ৰপাত হৈছিল । ইয়াৰ পাছতে ২ মাৰ্চত হিজবুল্লাহই ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণ চলোৱাৰ ফলত লেবাননো এই সংঘাতত জড়িত হৈ পৰে আৰু যুদ্ধখন অধিক ব্যাপক হৈ পৰে ।

ভাৰতৰ পৰ্যবেক্ষণৰ সমান্তৰালকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও আশা প্ৰকাশ কৰিছে যে এই সময়ছোৱাত হিজবুল্লাহই দায়িত্বশীলভাৱে কাম কৰিব । ‘ট্ৰুথ ছ’চিয়েল’ত) এক পোষ্ট যোগে ট্ৰাম্পে লিখে, “মই আশা কৰোঁ এই গুৰুত্বপূৰ্ণ সময়ছোৱাত হিজবুল্লাহই ভালদৰে আৰু সঠিক আচৰণ কৰিব । যদি তেওঁলোকে তেনে কৰে, তেন্তে এয়া তেওঁলোকৰ বাবে এক মহান মুহূৰ্ত হ’ব । আৰু হত্যা নহ য়। অৱশেষত শান্তি স্থাপন হ’বই লাগিব !” ৰাষ্ট্ৰপতিগৰাকীয়ে এই পৰিস্থিতিক এক সম্ভাৱ্য সফলতা বুলি অভিহিত কৰি কয় যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু লেবাননৰ ৰাষ্ট্ৰপতি জোছেফ আউন ৪৪ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে হোৱাইট হাউচত মিলিত হ’ব পাৰে ।

লগতে পঢ়ক : মুকেশ আম্বানীক পিছ পেলাই এছিয়াৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী

“ইজৰাইল আৰু লেবাননৰ মাজত ১০ দিনৰ যুদ্ধবিৰতি”; ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ ঘোষণা

বিগত ছয় সপ্তাহ ধৰি ইজৰাইল আৰু হিজবুল্লাহৰ মাজত চলি থকা সংঘাত বন্ধ হোৱাৰ সন্দৰ্ভত যুদ্ধবিৰতিৰ খবৰ ওলাইছে।

লেবানন আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিক লৈ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। কেইবা সপ্তাহ ধৰি চলি থকা যুদ্ধৰ পিছত ইজৰাইল আৰু হিজবুল্লাহৰ মাজত ১০ দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলৰ এটা পোষ্টত যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছে।

পোষ্টটোত ট্ৰাম্পে লিখিছে-লেবাননৰ অতি সন্মানীয় ৰাষ্ট্ৰপতি জোচেফ আউন আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে মই কিছুসময়ৰ পূৰ্বে কথা পাতিছিলো। এই দুয়োগৰাকী নেতাই এইটো কথাত সহমত প্ৰকাশ কৰিছে যে নিজৰ দেশৰ মাজত শান্তি অনাৰ বাবে, তেওঁলোকে সন্ধিয়া ৫ বজাত EST সন্দৰ্ভত আনুষ্ঠানিকভাৱে ১০ দিনীয়া যুদ্ধবিৰতি আৰম্ভ কৰিব।

আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে লিখিছে-মঙলবাৰে দুয়োখন দেশে ৩৪ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ৱাশ্বিংটন ডি চিত আমাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৰ  সাক্ষাৎ কৰে। মই উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স আৰু বিদেশ সচিব ৰুবিঅ’ক,যুটীয়া মুখ্য কৰ্মচাৰীৰ অধ্যক্ষ ডেন ৰুইজৰ সৈতে ইজৰাইল আৰু লেবাননৰ সৈতে মিলি এটা স্থায়ী শান্তি আনিবলৈ নিৰ্দেশনা জাৰি কৰিছো।

ট্ৰাম্পে এই পোষ্টটোত দাবী কৰিছে যে- মই পৃথিৱীৰ ৯ খন যুদ্ধ বন্ধ কৰিছো।বিশ্বজুৰি ৯খন যুদ্ধৰ সমাধান কৰাটো মোৰ বাবে এক সন্মানৰ বিষয় হৈ পৰিছে আৰু এইখন মোৰ ১০ নম্বৰৰ হ’ব, গতিকে বল’ক,ইয়াক সম্পূৰ্ণ কৰি লওঁ।  

লগতে পঢ়ক: প্ৰথমে ট্ৰাম্প, এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ টেলিফোনিক বাৰ্তালাপ

“যুদ্ধ অব্যাহত আছে”; বুলেটপ্ৰুফ জেকেট পিন্ধি লেবাননত উপস্থিত বেঞ্জামিন নেতান্যাহু

বেঞ্জামিন নেতান্যাহুৱে দক্ষিণ লেবানন ভ্ৰমণৰ সময়ত হিজবুল্লাই সৃষ্টি কৰা ভাবুকি দূৰ কৰা বুলি দাবী কৰে। এই সময়ছোৱাত তেওঁ যুদ্ধ অব্যাহত থাকিব বুলিও সতৰ্কবাণী জাৰি কৰিছিল।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দেওবাৰে দক্ষিণ লেবানন ভ্ৰমণ কৰে আৰু তাতেই তেওঁ ইজৰাইলৰ সৈন্যক সাক্ষাৎ কৰে। বুলেটপ্ৰুফ জেকেট পিন্ধি নেতান্যাহুৱে কয় যে ইজৰাইলৰ সেনাই হিজবুল্লাহৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভাবুকি নাইকিয়া কৰিছে।

নেতান্যাহুৱে ফ্লেক ভেষ্ট পৰিধান কৰি আছিল, যিটো এক প্ৰকাৰৰ বডি আৰ্মৰ হয়। ইয়াক কম বেগৰ প্ৰজেক্টাইলৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে। নেতান্যাহুৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা প্ৰকাশ পোৱা এটা ভিডিঅ’ত উল্লেখ কৰিছে যে-লেবাননত যুদ্ধ অব্যাহত আছে, ইয়াৰ ভিতৰত লেবাননৰ নিৰাপত্তা অঞ্চলটোও অন্তৰ্ভুক্ত।ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সমান্তৰালকৈ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজো ইয়াত উপস্থিত আছিল।

নেতান্যাহুৱে আৰু কয় যে, “আমি যিটো দেখিবলৈ পাইছো সেইটোৰ মতে আমি এই নিৰাপত্তা অঞ্চলৰ জৰিয়তে লেবাননৰ পৰা হ’ব পৰা আক্ৰমণৰ ভাবুকি নিষ্ক্ৰিয় কৰিছো।’

লগতে পঢ়ক: “আৰু কোনো জাহাজক অহা-যোৱা কৰিবলৈ দিয়া নহ’ব”; হৰমুজ প্ৰণালী অৱৰোধৰ ঘোষণা আমেৰিকাৰ

লেবাননত ইজৰাইলৰ বিমান আক্ৰমণ; ১০ জনৰ মৃত্যুৰ

ইজৰাইলে লেবাননৰ ওপৰত এক বৃহৎ বিমান আক্ৰমণ চলাইছে।খবৰ অনুসৰি এই আক্ৰমণত ১০ জন লোক নিহত হৈছে।

ইজৰাইলে পূব লেবাননত বিমান আক্ৰমণ চলাইছে।এই শেহতীয়া আক্ৰমণে পুনৰবাৰ অঞ্চলটোৰ পৰিস্থিতি ভয়াৱহ কৰি তুলিছে।স্থানীয় সংবাদ মাধ্যমৰ মতে,এই আক্ৰমণত কমেও ১০ জন লোকৰ মৃত্যু হৈছে।

ইৰাণ সমৰ্থিত উগ্ৰপন্থী সংগঠনটোৱে নিশ্চিত কৰিছে যে নিহতসকলৰ ভিতৰত হিজবুল্লাহৰ এজন জ্যেষ্ঠ বিষয়াও আছে।২০২৪ চনৰ নৱেম্বৰ মাহত যুদ্ধ শেষ হোৱাৰ পিছত লেবাননত সংঘটিত হোৱা অন্যতম মাৰাত্মক আক্ৰমণ বুলি গণ্য কৰা হয়।

ইজৰাইলে দাবী কৰিছে যে তেওঁলোকৰ বাহিনীয়ে বেকা উপত্যকাৰ স্থানসমূহক লক্ষ্য কৰি লৈছিল, যাৰ ওপৰত অভিযোগ আছিল যে, তেওঁলোকে ইজৰাইল আৰু লেবাননৰ মাজত হোৱা চুক্তি উলংঘা কৰিছিল।

বেকা আক্ৰমণৰ কেইঘণ্টামান পূৰ্বে ইজৰাইলে দক্ষিণ লেবাননৰ পেলেষ্টাইনী শৰণাৰ্থী শিবিৰতো বিমান আক্ৰমণ চলাইছিল।

এক্সত জাৰি কৰা এক বিবৃতিত ইজৰাইলী সেনাই দাবী কৰে যে আইন আল-হেলৱেহ অঞ্চলত ‘হামাছৰ এটা কমাণ্ড চেণ্টাৰ’ক লক্ষ্য কৰি লোৱা হৈছে।ছিদন চহৰৰ উপকণ্ঠ অঞ্চলত অৱস্থিত এই ঘন জনবসতিপূৰ্ণ শিবিৰত আক্ৰমণত দুজন লোক নিহত হয়।

লগতে পঢ়ক: ‘প্ৰধানমন্ত্ৰী মোদী এজন মহান ব্যক্তি, কিন্তু ভাৰতে শুল্ক দিবই লাগিব…’; ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত ট্ৰাম্পৰ ডাঙৰ দাবী

লেবাননত তীব্ৰ প্ৰত্যাক্ৰমণ ইজৰাইলৰ…  প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ নিৰ্দেশৰ পিছত ব্যাপক বোমা বৰ্ষণ

ইজৰাইলে লেবাননত ব্যাপক প্রত্যাক্রমণ আৰম্ভ কৰিছে ৷ শনিবাৰে পুৱতি নিশা সংঘটিত হোৱা বিমান আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলী সেনাই দক্ষিণ লেবাননৰ কেইবাটাও স্থানত তীব্ৰ আক্ৰমণ চলাইছে । ইয়াৰ ফলত বহু লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে সীমান্তৰ সিপাৰৰ পৰা নিক্ষেপ কৰা ৰকেটৰ প্ৰতিক্ৰিয়া স্বৰূপে কেইবা ডজন সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণৰ নিৰ্দেশ দিছিল ।

ইজৰাইলী সেনাই এক বিবৃতিত কয় যে, “শনিবাৰে পুৱা ইজৰাইলত সংঘটিত ৰকেটৰ আক্ৰমণৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে লেবাননৰ কেইবা ডজন সন্ত্ৰাসবাদী আত্মগোপন স্থানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে । ইজৰাইলে নিজৰ নাগৰিক আৰু সাৰ্বভৌমত্বৰ কোনো ধৰণৰ ক্ষতি কৰিবলৈ নিদিয়ে । আমি আমাৰ নিৰাপত্তা কেনেকৈ নিশ্চিত কৰিব লাগে জানো ।”

ইয়াৰ পূৰ্বে ইজৰাইলৰ জেৰুজালেম চহৰতো য়েমেনৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল । ইজৰাইলে নিজৰ ভূখণ্ডত উপনীত হোৱাৰ আগতেই ইয়াক প্ৰতিহত কৰা বুলি দাবী কৰিছিল । এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে য়েমেনৰ হুথী বিদ্ৰোহীয়ে । ইজৰাইলৰ ৰাজধানী জেৰুজালেমত ছাইৰেনৰ তীব্ৰ শব্দ প্ৰতিধ্বনিত হৈছিল । ছাইৰেন বজাৰ লগে লগে মানুহে ৰাস্তা আৰু দোকানৰ পৰা নিৰাপদ ঠাই বিচাৰি দৌৰিবলৈ আৰম্ভ কৰে ।

ইজৰাইলী সেনাই নিজৰ ভূখণ্ডত উপনীত হোৱাৰ আগতেই ক্ষেপণাস্ত্ৰ আক্ৰমণ প্ৰতিহত কৰা বুলি দাবী কৰে । চলিত সপ্তাহৰ আৰম্ভণিতে আমেৰিকাই হুথীৰ বিৰুদ্ধে বিমান আক্ৰমণৰ নতুন অভিযান আৰম্ভ কৰাৰ পিছৰে পৰা য়েমেনে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছে আৰু ইজৰাইলী বাহিনীয়ে গাজাত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে, য’ত প্ৰায় ৫০০ পেলেষ্টাইনী নিহত হৈছে ।

আনহাতে, গাজাত যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয় ঘেৰাও কৰিছিল । বৰষুণৰ মাজতে জেৰুজালেমৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বাহিৰত প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে পণবন্দী সংকট চম্ভালি লোৱা আৰু দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তাৰক্ষীৰ মুৰব্বীক বৰ্খাস্ত কৰাৰ পৰিকল্পনাৰ প্ৰতিবাদত সমবেত হয় ।

ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে গাজাত বোমা বৰ্ষণ তৎকালীনভাৱে বন্ধ কৰিবলৈ আৰু ইজৰাইল চৰকাৰক যুদ্ধবিৰতি অনুসৰণ কৰিবলৈ আবেদন জনাইছিল । তেওঁলোকে বিচাৰে যে বাকী থকা পণবন্দীসকলক হামাছৰ বন্দীত্বৰ পৰা নিৰাপদে মুকলি কৰি দিয়া হওক । ৰাজপথলৈ ওলাই অহা লোকসকলে আশংকা কৰিছিল যে ইজৰাইলী বোমা বিস্ফোৰণৰ প্ৰতিশোধ ল’বলৈ হামাছে পণবন্দীসকলক হত্যা কৰিব পাৰে । বৰ্তমান তিনি ডজন লোক কাৰাগাৰত আছে ।

উল্লেখ্য যে কেইদিনমান শান্তিৰ অন্তত ইজৰাইলে পুনৰ গাজাত বোমা বৰ্ষণ আৰম্ভ কৰিছে । চলিত সপ্তাহৰ আৰম্ভণিৰে পৰা এই বোমা আক্ৰমণত শ শ পেলেষ্টাইনী নিহত হোৱাৰ লগতে বহু লোক আহত হৈছে । ইজৰাইলে দাবী কৰিছে যে হামাছে যুদ্ধবিৰতি চুক্তি মানি চলা নাই । ইয়াৰ বাবেই তেওঁ গাজাত সামৰিক ব্যৱস্থা গ্ৰহণ কৰিছে ।

নতুন ৰাষ্ট্ৰপতি লাভ কৰিলে লেবাননে; ইজৰাইলৰ সৈতে যুদ্ধৰ নতুন পৰিকল্পনা !

মুছলমান দেশ লেবাননে দুবছৰৰ অন্তত অৱশেষত লাভ কৰিলে নতুন ৰাষ্ট্ৰপতি। তেওঁৰ পৰা দেশৰ নাগৰিকে বহু আশা কৰিছে। নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনত আমেৰিকা আৰু চৌদি আৰব অতি সুখী। প্ৰায় দুবছৰৰ পিছত লেবাননে লাভ কৰিছে নতুন সামৰিক অধিনায়ক। ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে সামৰিক সেনাধ্যক্ষ জোচেফ আউন। লেবাননৰ সংসদে প্ৰাক্তন ৰাষ্ট্ৰপতি মিচেল আউনৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিবলৈ এইবাৰ তেৰতমবাৰৰ বাবে চেষ্টা কৰিছিল। দুবছৰ পূৰ্বে ২০২২ চনৰ অক্টোবৰ মাহত মিচেলৰ কাৰ্যকাল শেষ হৈছিল।

বিধ্বস্ত লেবাননত পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে ;  বিশ্ব বেংকে কৰিছে সহায়

হিজবুল্লাহ-ইজৰাইল সংঘৰ্ষত বিধ্বস্ত লেবাননত পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। বিশ্ব বেংকে এই পুনৰ্নিৰ্মাণৰ কামত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে।বিশ্ব বেংকৰ এজন জ্যেষ্ঠ বিষয়াই এই তথ্য দিছে।

মধ্য প্ৰাচ্য বিভাগৰ বিশ্ব বেংকৰ কাণ্ট্ৰী ডাইৰেক্টৰ জিন-ক্ৰিষ্টোফ কাৰাটে লেবানন চৰকাৰৰ সৈতে সহযোগিতা কৰাৰ বেংকৰ অভিপ্ৰায় ব্যক্ত কৰে।

লেবাননৰ সংসদৰ অধ্যক্ষ নবিহ বেৰীৰ সৈতে হোৱা বৈঠকত কেৰেটে এই মন্তব্য কৰিছিল।এই সময়ছোৱাত তেওঁলোকে পুনৰনিৰ্মাণ প্ৰকল্প আৰু কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰে,ইয়াৰ ভিতৰত আছে ধ্বংসাৱশেষ পৰিষ্কাৰ কৰা,আৱৰ্জনা আঁতৰোৱা, আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণ আৰু ঔদ্যোগিক আৰু কৃষি সুবিধাসমূহৰ পুনৰ্সংস্থাপন।

বেৰীয়ে “ইজৰাইলী আক্ৰমণৰ পৰিণামৰ সৈতে মোকাবিলা কৰা লেবাননৰ সৈতে আৰু পুনৰ নিৰ্মাণত লেবাননৰ সৈতে বিশ্ব বেংকৰ সহযোগিতাৰ ইচ্ছা আৰু তৎপৰতাক প্ৰশংসা কৰে” ।

তেওঁ বিশ্ব বেংকৰ দ্বাৰা প্ৰস্তুত কৰা পৰিকল্পনাৰ বিৱৰণৰ বিষয়েও কয় যে “এই পৰিকল্পনাত ভূমি পুনৰুদ্ধাৰ আৰু কৃষক, উদ্যোগপতি আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ মালিকসকলৰ বাবে ঋণ সুৰক্ষিত কৰা অন্তৰ্ভুক্ত থাকিব লাগে।

বিশ্ব বেংকৰ মতে, লেবাননত ইজৰাইল-হিজবুল্লাহ সংঘৰ্ষৰ ফলত হোৱা সামগ্ৰিক ক্ষতি আৰু অৰ্থনৈতিক ক্ষতিৰ পৰিমাণ ৮.৫ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে।

গাজা যুদ্ধই ইজৰাইল-হিজবুল্লাহৰ উত্তেজনাও বৃদ্ধি কৰিছিল। ইজৰাইলী সেনাই ২৩ ছেপ্টেম্বৰত লেবানিজ গোটৰ ওপৰত বৃহৎ পৰিমাণৰ বিমান আক্ৰমণ আৰম্ভ কৰে।

ই সীমান্তৰ সিপাৰে এক “সীমিত” স্থল অভিযানো চলাইছিল, যাৰ উদ্দেশ্য হিজবুল্লাহক দুৰ্বল কৰা বুলি অভিযোগ কৰা হৈছিল।

ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰাল্লাহকে ধৰি কেইবাজনো কমাণ্ডাৰ নিহত হৈছিল আৰু ইয়াৰ বহুতো ঘাটি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল।

এক দীঘলীয়া ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত, ইজৰাইল আৰু লেবাননৰ মাজত এক চুক্তি তৈয়াৰ কৰা হৈছিল। অৱশ্যে বিশ্লেষকসকলে ইয়াক “দুৰ্বল মীমাংসা” বুলি বৰ্ণনা কৰিছে। আনকি চুক্তিৰ পাছতো ইজৰাইলী আক্ৰমণ অব্যাহত আছে।

যুদ্ধবিৰতিৰ পিছটো লেবাননৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলে; যুদ্ধবিৰতি উলংঘনৰ অভিযোগ

যুদ্ধবিৰতি ঘোষণা কৰা স্বত্বেও, ইজৰাইল আৰু লেবাননৰ মাজত অৱ্যাহত আছে উত্তেজনা।বৰ্তমানেও ইজৰাইলৰ পৰা আক্ৰমণ অব্যাহত আছে। লেবাননৰ সংবাদ মাধ্যমৰ মতে, দক্ষিণ লেবাননৰ বিণ্ট জেবিল জিলাৰ বেইট লিফ গাঁৱত ইজৰাইলী বিমান আক্ৰমণত চাৰিজন লোক নিহত হোৱাৰ লগতে আন ছয়জন আহত হয়।

শুক্ৰবাৰে, ইজৰাইলী বায়ু সেনাই চিৰিয়া-লেবানিজ সীমান্তৰ ওচৰত বিমান আক্ৰমণ চলাইছিল। আইডিএফে কৈছিল যে ই “অস্ত্ৰ চোৰাং পথ”ক লক্ষ্য কৰি আক্ৰমণটো চলাইছিল। এই পথটো হিজবুল্লাহৰ হৈ অস্ত্ৰ পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

বিবৃতিটোত কোৱা হৈছে, “এই আক্ৰমণ টো শেহতীয়া সপ্তাহবোৰত আইডিএফৰ দ্বাৰা চিৰিয়া-লেবানিজ সীমান্তত চিৰিয়াৰ শাসনৰ দ্বাৰা পৰিচালিত অস্ত্ৰ চোৰাং সৰবৰাহ পথসমূহ ধ্বংস কৰাৰ এক চলিত প্ৰচেষ্টাৰ অংশ।”

এই আক্ৰমণৰ উদ্দেশ্য আছিল হিজবুল্লাহৰ ইউনিট ৪৪০০ দুৰ্বল কৰা, যাক ইজৰাইলী নাগৰিক আৰু সৈনিকৰ বিৰুদ্ধে ‘সন্ত্ৰাসবাদী আক্ৰমণ’ৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

ইজৰাইল আৰু লেবাননৰ সশস্ত্ৰ গোট হিজবুল্লাহৰ মাজত প্ৰায় ১৪ মাহ ৰ যুঁজ সমাপ্ত কৰাৰ লক্ষ্যৰে ২৭ নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত যুদ্ধবিৰতি কাৰ্যকৰী হয়।

চুক্তিৰ অধীনত, দুয়োপক্ষই ৬০ দিনৰ বাবে শত্ৰুতাৰ সমাপ্তিৰ বাবে সন্মত হয়, য’ত ইজৰাইলে ক্ৰমান্বয়ে দক্ষিণ লেবাননৰ পৰা নিজৰ বাহিনী প্ৰত্যাহাৰ কৰিব আৰু হিজবুল্লাহ লিটানি নদীৰ উত্তৰে পিছুৱাই যাব।

যুদ্ধবিৰতি ৰক্ষা কৰাৰ পিছতো, দুয়োপক্ষই ইজনে সিজনক আক্ৰমণ অব্যাহত ৰখাৰ বাবে উত্তেজনা অধিক হৈ আছে, যুদ্ধবিৰতি উলংঘনৰ অভিযোগত ইজনে সিজনক দোষাৰোপ কৰিছে। এইটোৱে চুক্তিৰ স্থিৰতাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।