‘প্ৰধানমন্ত্ৰী মোদী এজন মহান ব্যক্তি, কিন্তু ভাৰতে শুল্ক দিবই লাগিব...’; ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত ট্ৰাম্পৰ ডাঙৰ দাবী

‘প্ৰধানমন্ত্ৰী মোদী এজন মহান ব্যক্তি, কিন্তু ভাৰতে শুল্ক দিবই লাগিব…’; ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত ট্ৰাম্পৰ ডাঙৰ দাবী

ৰাষ্ট্ৰপতি ট্ৰাম্পে আৰোপ কৰা শুল্কক আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে অবৈধ বুলি ঘোষণা কৰিছে । ইয়াৰ পিছতে ট্ৰাম্পে স্পষ্টকৈ কৈছে যে আদালতৰ সিদ্ধান্তৰ পিছতো ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিত কোনো পৰিৱৰ্তন নহ’ব। ভাৰতৰ সৈতে হোৱা বাণিজ্যিক চুক্তি সন্দৰ্ভত এটা ডাঙৰ বিবৃতি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।তেওঁ কয় যে এই

ৰাষ্ট্ৰপতি ট্ৰাম্পে আৰোপ কৰা শুল্কক আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে অবৈধ বুলি ঘোষণা কৰিছে । ইয়াৰ পিছতে ট্ৰাম্পে স্পষ্টকৈ কৈছে যে আদালতৰ সিদ্ধান্তৰ পিছতো ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিত কোনো পৰিৱৰ্তন নহ’ব।

ভাৰতৰ সৈতে হোৱা বাণিজ্যিক চুক্তি সন্দৰ্ভত এটা ডাঙৰ বিবৃতি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।তেওঁ কয় যে এই চুক্তি আগৰ তুলনাত সম্পূৰ্ণৰূপে সলনি হৈছে আৰু এতিয়া ভাৰতে আমেৰিকাক শুল্ক আদায় দিব, আনহাতে আমেৰিকাই ভাৰতক কোনো শুল্ক নিদিয়ে।

ট্ৰাম্পে কয় যে, একো পৰিৱৰ্তন নহয়। তেওঁলোকে শুল্ক দিব আৰু আমি শুল্ক নিদিওঁ।ইয়াক পুৰণি গাঁথনিৰ পৰা পৃথক ব্যৱস্থা বুলি অভিহিত কৰি তেওঁ কয়,ভাৰতৰ সৈতে চুক্তি হৈছে যে তেওঁলোকে শুল্ক দিব। প্ৰথমে এনেকুৱা নাছিলে। কিন্তু আমি সকলো সলনি কৰিলো।

ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ব্যক্তিগতভাৱে প্ৰশংসা কৰে।ট্ৰাম্পে কয় যে, ‘মই ভাবো প্ৰধানমন্ত্ৰী মোদী এজন ভদ্ৰলোক আৰু তেওঁ এজন মহান ব্যক্তি, কিন্তু তেওঁ আমেৰিকানসকলতকৈ বহুত বেছি চতুৰ।ভাৰতে আমাৰ ক্ষতি কৰি আছিল।অৱশ্যে তেওঁ এই বুলিও কয় যে এতিয়া নতুন ব্যৱস্থাটো ন্যায্য চুক্তি হয়।

ইফালে, আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে।য’ত দাবী কৰা হৈছিল যে আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক ক্ষমতা আইন (আইইইপিএ)এ ৰাষ্ট্ৰপতিক শুল্ক আৰোপ কৰাৰ কৰ্তৃত্ব প্ৰদান কৰে।

পূৰ্বৰ সিদ্ধান্তৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে কয় যে,শুল্কৰ দৰে অসাধাৰণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে সংসদীয় অনুমোদন দেখুৱাব লাগিব।

তেওঁ স্পষ্ট শব্দৰে কয়, ৰাষ্ট্ৰপতি গৰাকীয়ে এনে কৰিব নোৱাৰিব। আদালতে ৰায় দিয়ে যে আই ই ই পি এৰ আৱৰণত একপক্ষীয় শুল্ক আৰোপ কৰাটো কংগ্ৰেছৰ অধিকাৰক্ষেত্ৰত হস্তক্ষেপ আৰু উলংঘা হ’ব পাৰে।

লগতে পঢ়ক: বিপদত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প; শুল্কক অবৈধ ঘোষণা আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ