পিচিবিৰ ডাঙৰ সিদ্ধান্ত; পাকিস্তানৰ প্ৰতিজন খেলুৱৈক বিহিব ৫০ লাখ টকাৰ জৰিমনা

টি ২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ ৮ৰ পৰা পাকিস্তান বাহিৰ হোৱাৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে দলৰ প্ৰতিজন খেলুৱৈৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত দুৰ্বল প্ৰদৰ্শনৰ পৰিণতি এতিয়া পাকিস্তান দলৰ খেলুৱৈসকলে নিজৰ পকেটৰ পৰাই দিব লাগিব।

জানিব পৰা মতে, পাকিস্তান ক্ৰিকেট ব’ৰ্ডে কঠোৰ স্থিতি গ্ৰহণ কৰি দলৰ প্ৰতিজন খেলুৱৈৰ বিৰুদ্ধে জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে।বিশ্বকাপৰ ছুপাৰ ৮ৰ পৰা বাহিৰ হোৱা আৰু গ্ৰুপ পৰ্যায়ত টিম ইণ্ডিয়াৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

টি-২০ বিশ্বকাপত খেলা প্ৰতিজন পাকিস্তানী খেলুৱৈক ৫০ লাখ পাকিস্তানী টকা (প্ৰায় ১৬ লাখ ভাৰতীয় টকা) জৰিমনা বিহা হৈছে।এই ধনৰাশি খেলুৱৈৰ দৰমহা বা মেচ মাচুলৰ পৰা কৰ্তন কৰা হ’ব।

একেৰাহে চতুৰ্থবাৰৰ বাবে আই চি চি টুৰ্ণামেণ্টত পাকিস্তানৰ দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ ব্যৰ্থ হৈছে।এনে পৰিস্থিতিত ব’ৰ্ডে স্পষ্টকৈ কৈছে যে,দুৰ্বল প্ৰদৰ্শন এতিয়া পোনপটীয়াকৈ আৰ্থিক লোকচানলৈ পৰিণত হ’ব। ইয়াৰ পূৰ্বেও পাকিস্তান ক্ৰিকেটত ফলাফল সন্দৰ্ভত কঠোৰতা আছিল,কিন্তু এইবাৰ এই বিশাল জৰিমনাক লৈ চৰ্চাৰ বিষয় হৈ পৰিছে।

লগতে পঢ়ক: ‘বহুবাৰ নিজৰ ওপৰত সন্দেহ উপজিছিল’; জয়ৰ পিছত আৱেগিক সঞ্জু চেমছন

খেমেইনীৰ মৃত্যুৰ পিছতেই জ্বলিছে কৰাচী-লাহোৰ-ইছলামাবাদ; নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনী আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত নিহত হোৱাৰ পিছতেই পাকিস্তানৰ কৰাচীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে।

আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুত খবৰ পোৱাৰ পিছত পাকিস্তানৰ ৰাজধানী ইছলামবাদ, কৰাচী আৰু লাহোৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে।

লগতে POK ৰ অৱস্থিত স্কাৰডু চহৰতো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কৰাচীস্থিত আমেৰিকাৰ কনছুলেটৰ বাহিৰত শ শ প্ৰতিবাদকাৰী সমবেত হয়।

এই প্ৰতিবাদত ১২ গৰাকীকৈ লোকৰ মৃত্যু হয়। একে সময়তে লাহোৰতো বৃহৎ সংখ্যক লোকে আমেৰিকাৰ বিৰুদ্ধে শ্লোগান দিয়া দেখা গৈছিল।

ৰাজধানী ইছলামবাদত খেমেইনীৰ মৃত্যুক লৈ ৰাজপথলৈ ওলাই আহিল জনসাধাৰণ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে শ্লোগান উত্থাপন কৰে।

এই প্ৰতিবাদৰ বাবে বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে যাতে ইছলামবাদত কৰাচীৰ দৰে পৰিস্থিতি নহয়।

জানিবলৈ পোৱা মতে, কৰাচীত প্ৰতিবাদকাৰীয়ে হাতুৰী আৰু লোহাৰ ৰডেৰে কনছুলেটৰ ভৱনত আক্ৰমণ কৰে। প্ৰতিবাদকাৰীয়ে মূল গেট ভাঙি কনছুলেটৰ চৌহদত প্ৰৱেশ কৰে। প্ৰতিবাদৰ সময়ত অগ্নি বোমা নিক্ষেপ কৰাৰ ফলত কনছুলেট ভৱনৰ কেইবাটাও অংশ জ্বলি উঠে।

এই সকলোবোৰ ঘটনা আমেৰিকা-ইজৰাইলৰ ‘অপাৰেচন এপিক ফিউৰি’ ৰ পিছত সংঘটিত হৈছে, য’ত দাবী কৰা হৈছে যে ইৰাণৰ কেইবাজনো শীৰ্ষ নেতা নিহত হৈছে আৰু পাৰমাণৱিক স্থানৰ ক্ষতিসাধন হৈছে।

লগতে পঢ়ক: পাকিস্তানস্থিত আমেৰিকাৰ দূতাবাসত ছিয়া মুছলমানৰ ভয়ংকৰ আক্ৰমণ, ৮জনৰ মৃত্যু

পাকিস্তানস্থিত আমেৰিকাৰ দূতাবাসত ছিয়া মুছলমানৰ ভয়ংকৰ আক্ৰমণ, ৮জনৰ মৃত্যু

পাকিস্তানৰ কৰাচী চহৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে

ইৰাণৰ সৰ্বোচ্চ নেতা খামেনেইৰ মৃত্যুৰ পিছতে বিভিন্ন দেশত আমেৰিকাৰ বিৰুদ্ধে প্ৰতিবাদৰ সূত্ৰপাত ঘটিছে । ইফালে পাকিস্তানৰ পৰা প্ৰকাশ পাইছে এক উল্লেখযোগ্য খবৰ । পাকিস্তানৰ কৰাচী চহৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে । খামেনেইৰ মৃত্যুত ক্ষুব্ধ হৈ একাংশই প্ৰথমে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে আৰু তাৰ পিছত আমেৰিকাৰ দূতাবাসত আক্ৰমণ কৰে । প্ৰতিবাদকাৰীয়ে দূতাবাসটো লণ্ড-ভণ্ড কৰে আৰু তাৰ পিছত জুই লগাই দিয়ে । তথ্য লাভ কৰাৰ লগে লগে বৃহৎ আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হৈ বল প্ৰয়োগ কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াৰ চেষ্টা কৰে ।

প্ৰতিবাদকাৰীয়ে প্ৰথমে শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল । দৈনিক পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আৰক্ষীৰ প্ৰত্যুত্তৰত ৮ জন প্ৰতিবাদকাৰী নিহত হয় । অৱশ্যে এই কথা এতিয়াও নিশ্চিত কৰা নাই প্ৰশাসনে । দূতাবাসৰ আশে-পাশে লোকৰ ভিৰ পৰিলক্ষিত হয় । পৰৱৰ্তী জাননী নিদিয়ালৈকে কৰাচীত হাই এলাৰ্ট জাৰি কৰা হৈছে । এই বিক্ষোভৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত প্ৰতিবাদকাৰীয়ে খামেনেইৰ ফটো হাতত লৈ আমেৰিকাৰ বিৰুদ্ধে শ্ল’গান দিয়া দেখা গৈছে ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠিচাৰ্জ কৰে । এই ঘটনাত কেইবাজনো লোক আহত হয় । আহতসকলক এম্বুলেন্সেৰে কৰাচীৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ।

দৈনিক পাকিস্তান মিডিয়াৰ বাতৰি অনুসৰি আৰক্ষীৰ প্ৰত্যুত্তৰত ৮ জন প্ৰতিবাদকাৰী নিহত হয় । পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰশাসনে ।

লগতে পঢ়ক : মধ্যপ্ৰাচ্যৰ উত্তেজনাক লৈ কাশ্মীৰত প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল ছিয়া মুছলমান

জালালাবাদত পাকিস্তানী যুঁজাৰু বিমান ভূপতিত, পাইলট জীৱন্তে বন্দী কৰাৰ দাবী আফগান বাহিনীৰ

আফগান বাহিনীয়ে জালালাবাদ চহৰত এখন পাকিস্তানী যুঁজাৰু বিমান ভূপতিত কৰা বুলি দাবী কৰে

পাকিস্তান আৰু আফগানিস্তানৰ সীমান্তত অব্যাহত আছে তীব্ৰ উত্তেজনা । ইফালে শনিবাৰে আফগান বাহিনীয়ে জালালাবাদ চহৰত এখন পাকিস্তানী যুঁজাৰু বিমান ভূপতিত কৰা বুলি দাবী কৰে । আফগান বাহিনীয়ে দাবী কৰা মতে, যুদ্ধ বিমানখনৰ পাইলটক জীৱিত অৱস্থাত বন্দী কৰা হয় ।

প্ৰকাশিত বাতৰি অনুসৰি শনিবাৰে জালালাবাদৰ এখন জিলাত পাকিস্তানী যুদ্ধ বিমান ভূপতিত হয় । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পাইলটজনে বিমানখনৰ পৰা পেৰাচুটেৰে অৱতৰণ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁক আটক কৰা হয় ।

জালালাবাদ আৰক্ষীৰ মুখপাত্ৰই জালালাবাদ চহৰত এখন পাকিস্তানী যুঁজাৰু বিমান ভূপতিত কৰা হয় আৰু পাইলটক জীৱিত অৱস্থাত আটক কৰা বুলি নিশ্চিত কৰিছে । পূব আফগানিস্তান সেনাৰ মুখপাত্ৰ ৱাহিদুল্লাহ মহম্মদীয়েও এই খবৰ নিশ্চিত কৰিছে ।

লগতে পঢ়ক : আমেৰিকাৰ সাতটা সামৰিক ঘাটিত ইৰাণৰ বিধ্বংসী আক্ৰমণ, বাহৰেইন, কুৱেইট, কাটাৰ আৰু ইউ এ ইৰ ঘাটিত ক্ষেপণাস্ত্ৰ নিক্ষেপ

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সমিপত আফগানিস্তানৰ আত্মঘাতী ড্ৰোন আক্ৰমণ!

আফগানিস্তানে নিজৰ বায়ু শক্তি প্ৰদৰ্শন কৰি ইছলামবাগত থকা পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰত্বত ড্ৰোন আক্ৰমণ কৰাৰ দাবী কৰিছে।

পাকিস্তানৰ ৰাজধানী ইছলামবাদ স্থিত প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ নিলগত আফগানিস্তানে ড্ৰোন আক্ৰমণ চলাই।

এই আক্ৰমণে পাকিস্তানৰ শক্তি কৰিডৰত আলোড়নৰ সৃষ্টি কৰিছে আৰু আফগানিস্তানে পুনৰবাৰ তেওঁলোকৰ প্ৰতিবেশী দেশখনক নিজৰ শক্তি উপলব্ধি কৰাইছে।

আফগান স্বৰাজ মন্ত্ৰালয়ৰ সীমান্ত আৰক্ষীৰ মুখপাত্ৰ আব্দুল্লা ফাৰুকীয়ে এই দাবী কৰিছে। তেওঁ কৈছে যে,পাকিস্তানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰত্বত আফগানিস্তানে আক্ৰমণ সংঘটিত কৰাত সফল হৈছে।

আফগানিস্তান সীমান্ত আৰক্ষীৰ মুখপাত্ৰ আব্দুল্লা ফাৰুকিয়ে কয়, ইছলামবাদত আমি এঘণ্টা পূৰ্বে বিমান আক্ৰমণ চলাইছো,আমি ইছলামবাদ, নৌশ্বেৰা, এবটাবাদ, জামৰুদটো আক্ৰমণ কৰিছো।ইছলামবাদত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ৫ কিলোমিটাৰ দূৰত তেওঁলোকৰ সেনা শিবিৰ আছে, আমি তাত আক্ৰমণ কৰিছো।”

আফগান বায়ুসেনাই কয় এই আক্ৰমণ পাকিস্তানৰ গুৰুত্বপূৰ্ণ সামৰিক ঘাটি, কেন্দ্ৰ আৰু সুবিধাসমূহত কৰা হৈছে।কাবুল, কান্দাহাৰ আৰু পাকতিয়াত পাকিস্তানে চলোৱা বিমান আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক: পাকিস্তানৰ ১৯টা পোষ্ট দখল আফগানিস্তানৰ, কাবুল-কান্দাহাৰত বিমান আক্ৰমণ পাক বাহিনীৰ

পাকিস্তানৰ ১৯টা পোষ্ট দখল আফগানিস্তানৰ, কাবুল-কান্দাহাৰত বিমান আক্ৰমণ পাক বাহিনীৰ

আফগান সামৰিক বিষয়াসকলে উল্লেখ কৰিছে যে কিছুদিন পূৰ্বে পাকিস্তানে কৰা বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকে পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল ।

পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানে প্ৰতিশোধমূলক আক্ৰমণ চলোৱাৰ পিছতে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে । আফগান সামৰিক বিষয়াসকলে উল্লেখ কৰিছে যে কিছুদিন পূৰ্বে পাকিস্তানে কৰা বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকে পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল । এগৰাকী মুখপাত্ৰই জনোৱা মতে, কুনাৰ প্ৰদেশত ইছলামিক আমিৰশ্বাহী বাহিনীয়ে চলোৱা অভিযানত প্ৰায় ৫৫ জন পাকিস্তানী সৈনিক নিহত হৈছে ।

ইফালে আফগানিস্তানে পাকিস্তানত আক্ৰমণ কৰাৰ কেইঘণ্টামানৰ পাছত কাবুলত তিনিটা বিস্ফোৰণ আৰু বিমানৰ শব্দ শুনা যায় । ইছলামিক আমিৰশ্বাহীৰ উপ-মুখপাত্ৰ হামদুল্লা ফিট্ৰাটে কয় যে পাকিস্তানী সেনাই কাবুল, কান্দাহাৰ, পাকটিয়া আদি অঞ্চলত বোমা নিক্ষেপ কৰিছিল যদিও কোনো লোকৰ মৃত্যু হোৱা নাই । মুজাহিদে কয় যে ডুৰাণ্ড লাইনৰ কাষৰ কান্দাহাৰ আৰু হেলমাণ্ডত পাকিস্তানী সামৰিক জন্টা নিৰাপত্তা চেকপইণ্টৰ বিৰুদ্ধেও অভিযান আৰম্ভ হৈছে ।

আফগানিস্তানৰ ইছলামিক আমিৰশ্বাহীৰ উপ-মুখপাত্ৰ হামদুল্লাহ ফিত্ৰাটে এক্সত লিখিছে যে ইছলামিক আমিৰাটে ২০৩ মানছুৰী কৰ্পছ আৰু ২০১ খালিদ বিন ৱালিদ কৰ্পছৰ জৰিয়তে পাকটিয়া, পাক্তিকা, খোষ্ট, কুনাৰ, নুৰিষ্টান, নাংগাৰহৰ প্ৰদেশ আৰু টৰখাম গেটত বিভিন্ন স্থানত শত্ৰুৰ বিৰুদ্ধে তীব্ৰ প্ৰতিহত আক্ৰমণ চলাইছে । এতিয়ালৈকে এটা মুখ্য কাৰ্যালয় আৰু ১৯টা আউটপোষ্ট দখল কৰা হৈছে । ইয়াৰে চাৰিটা আউটপোষ্ট খালী কৰি সম্পূৰ্ণৰূপে নিয়োজিত কৰা হৈছে ।

জানিব পৰা মতে প্ৰায় ৫৫ জন পাকিস্তানী সৈনিক নিহত হৈছে আৰু আন কেইবাজনো সৈন্যক মুজাহিদীনে জীৱিত অৱস্থাত বন্দী কৰিছে । ডজন ডজন লঘু আৰু গধুৰ অস্ত্ৰ জব্দ কৰা হৈছে আৰু এখন টেংক ধ্বংস কৰা হৈছে । লগতে জব্দ কৰা হৈছে এখন ইণ্টাৰনেশ্যনেল হাৰ্ভেষ্টাৰ বাহন ।

আফগান আৰ্মী কৰ্পছৰ পূব অঞ্চলৰ সংবাদ মাধ্যমৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে বৃহস্পতিবাৰে নিশা তীব্ৰ যুদ্ধ সংঘটিত হয় । শেহতীয়াকৈ পাকিস্তানী সেনাবাহিনীয়ে নংগাৰহৰ আৰু পাকটিয়া প্ৰদেশত কৰা বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে । আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, ডুৰাণ্ড লাইন সীমান্ত, খোষ্ট, পাকটিয়া, নুৰিস্তান প্ৰদেশ, আৰু আন কিছুমান অঞ্চলত পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক : আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা পাকিস্তানৰ, দুয়োপক্ষৰ তুমুল সংঘৰ্ষ

আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা পাকিস্তানৰ, দুয়োপক্ষৰ তুমুল সংঘৰ্ষ

পাকিস্তানে আফগানিস্তানৰ ৰাজধানী কাবুল আৰু দক্ষিণৰ কান্দাৰ চহৰকে ধৰি কেইবাটাও অঞ্চলত বিমান আক্ৰমণ চলাই ।

পাকিস্তান আৰু আফগানিস্তানৰ মাজত শেহতীয়াকৈ উত্তেজনাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে । শুকুৰবাৰে পাকিস্তানে আফগানিস্তানৰ ৰাজধানী কাবুল আৰু দক্ষিণৰ কান্দাৰ চহৰকে ধৰি কেইবাটাও অঞ্চলত বিমান আক্ৰমণ চলাই । আফগান বাহিনীয়ে পাকিস্তানৰ সীমান্ত চকীত শেহতীয়া বিমান আক্ৰমণৰ প্ৰতিশোধ লোৱা বুলি দাবী কৰাৰ সময়তে তালিবান চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পিছতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে আফগান তালিবানৰ বিৰুদ্ধে “মুকলি যুদ্ধ” ঘোষণা কৰে ।

ইয়াৰ পূৰ্বে পাকিস্তানৰ তথ্য মন্ত্ৰী আট্টুল্লা তাৰাৰে ছ’চিয়েল মিডিয়াত কয় যে পাকটিয়া প্ৰদেশৰ কাবুল আৰু কান্দাহাৰত “আফগান তালিবানৰ প্ৰতিৰক্ষা স্থান”ক লক্ষ্য কৰি লোৱা হৈছে । পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কাবুলৰ বিৰুদ্ধে “মুকলি যুদ্ধ” ঘোষণা কৰাৰ বিপৰীতে মন্ত্ৰী মহচিন নাকভিয়ে ইয়াক “তালিবানৰ মুকলি আগ্ৰাসনৰ প্ৰতি উপযুক্ত সঁহাৰি” বুলি অভিহিত কৰে ।

প্ৰায় দুঘণ্টা ধৰি কাবুলত যুদ্ধ বিমানৰ শব্দ, তীব্ৰ বিস্ফোৰণ আৰু বন্দুকৰ গুলীৰ শব্দ শুনা যায় । তালিবানৰ সৰ্বোচ্চ নেতা হিবাতুল্লাহৰ দুৰ্গ বুলি গণ্য কৰা চহৰখনৰ কান্দাহাৰৰ সাংবাদিকসকলেও জেট বিমানৰ শব্দ শুনাটো নিশ্চিত কৰিছে ।

তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে পাকিস্তানৰ বিমান আক্ৰমণ নিশ্চিত কৰে যদিও কোনো লোকৰ মৃত্যু হোৱা নাই বুলি কয় । অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ সীমান্তত “বৃহৎ পৰিসৰৰ প্ৰত্যাক্ৰমণ” আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল । আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি স্থল যুদ্ধত ৮ জন জোৱান নিহত হৈছে ।

নংগৰহৰ প্ৰদেশৰ টৰখাম সীমান্ত ক্ৰছিঙৰ সমীপত শৰণাৰ্থীৰ বাবে স্থাপন কৰা শিবিৰত মৰ্টাৰ শ্বেলৰ আঘাতত ৭ জন লোক আহত হয়, য’ত এগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে ।

উল্লেখ্য যে, বিগত কেইমাহমানৰ পৰা দুয়োখন দেশৰ মাজত সম্পৰ্ক ক্ৰমাগতভাৱে অৱনতি ঘটিছে । অক্টোবৰৰ পৰা সীমান্ত সংঘৰ্ষত ৭০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ পিছত অক্টোবৰৰ পৰা কেইবাটাও সীমান্ত ক্ৰছিং বন্ধ হৈ আছে । অৱশ্যে আফগান শৰণাৰ্থীৰ সীমিত চলাচলৰ অনুমতি দিয়া হৈছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদী আৰু নেতান্যাহুৰ মাজত দ্বিপাক্ষিক আলোচনা; ভাৰত আৰু ইজৰাইলৰ মাজত বৃহৎ চুক্তিৰ সম্ভাৱনা

পাকিস্তান বনাম নিউজিলেণ্ডৰ মেচত বৰষুণৰ সম্ভাৱনা; কি হ’ব সিদ্ধান্ত

টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ ৰাউণ্ডৰ প্ৰথমখন খেল আজি পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।কিন্তু খেলখনৰ সময়ত বৰষুণ গৃহোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

আজিৰ পৰা আৰম্ভ হৈছে টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ ৰাউণ্ড। এই ৰাউণ্ডত আজি পাকিস্তান বনাম নিউজিলেণ্ডৰ খেলখন অনুষ্ঠিত হ’ব।

এই খেলখন সন্ধিয়া ৭ বজাৰ পৰা কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।কিন্তু গোটেই খেলখনত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কেৱল খেলখনৰ সময়তেই নহয় ইয়াৰ পূৰ্বেও  বৰষুণ হ’ব পাৰে।

কলম্বো বতৰ বিজ্ঞান কেন্দ্ৰৰ অনুসৰি, আজি কলম্বোত গোটেই দিনটো বৰষুণৰ সম্ভাৱনা আছে। ৩ বজাৰ আশে-পাশে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সন্ধিয়া ৬:৩০ বজাত খেলখনৰ হ’ব টছ,এই সময়ছোৱাত বৰষুণৰ সম্ভাৱনা ৩০ শতাংশ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননিৰ মতে, খেলখনৰ সময়ত বৰষুণ দিয়াৰ সম্ভাৱনাই অধিক।যাৰ বাবে পাকিস্তান বনাম নিউজিলেণ্ডৰ খেলখন বাতিলো হ’ব পাৰে ।

যদি এনেকুৱা হয় তেন্তে পইণ্ট দুয়োটা দলৰ মাজত ভাগ কৰা হ’ব। আজি পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব ৫০ সংখ্যক টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ।

লগতে পঢ়ক: ‘ছেমি ফাইনেলৰ পূৰ্বে বাহিৰ হ’ব টিম ইণ্ডিয়া’!প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ ভৱিষ্যদ্বাণী

‘আমেৰিকাই আমাক টয়লেট পেপাৰৰ দৰে ব্যৱহাৰ কৰিছিল…’; সংসদত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ স্বীকাৰোক্তি

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে আকৌ এবাৰ আমেৰিকাৰ বিষয়ে এক তিক্ত সত্য পোহৰলৈ আনিছে। যিটো শ্বাহবাজ চৰকাৰৰ বাবে কাঁইট হৈ পৰিব পাৰে।

আমেৰিকা আৰু পাকিস্তানৰ মাজত বন্ধুত্বৰ সন্দৰ্ভত আলোচনা অব্যাহত থাকিলেও, পাকিস্তানৰ সংসদত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে যিটো ইংগিত দিছে,সেইটো দেশখনৰ নীতিৰ পৰিৱৰ্তনৰ লক্ষণো হ’ব পাৰে।

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে সংসদৰ ভিতৰত থিয় হৈ এক বিস্ফোৰক স্বীকাৰোক্তি কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কৈছে যে,আমেৰিকাই নিজৰ কৌশলগত স্বাৰ্থৰ বাবে পাকিস্তানক ব্যৱহাৰ কৰিছিল আৰু তাৰ পিছত তেওঁলোকক ‘টয়লেট পেপাৰতকৈও বেয়াকৈ পেলাই দিয়া হ’ল’।

প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে আৰু কয় যে, আমেৰিকাৰ যুদ্ধত জড়িত হোৱাৰ বাবে পাকিস্তানে যথেষ্ট মূল্যও দিব লাগিব।

১৯৯৯ চনৰ পিছত আফগানিস্তানত পাকিস্তানৰ পুনৰ সক্ৰিয়কৰণক লৈ প্ৰশ্ন উত্থাপন কৰি খোৱাজা আছিফে কয় যে সেই সময়ত ইছলামবাগে পুনৰবাৰ ৱাশ্বিংটনৰ সৈতে থিয় দিয়াৰ সিদ্ধান্ত লয়,যাতে আমেৰিকাৰ সমৰ্থন লাভ কৰিব পাৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে যে,কিন্তু এই সিদ্ধান্ত পাকিস্তানৰ বাবে বিপৰ্যয়জনক বুলি প্ৰমাণিত হ’ল।

পাকিস্তানত বছৰ বছৰ ধৰি গঢ় লৈ উঠা চৰকাৰী ধাৰণাক নাকচ কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে আফগান যুদ্ধত পাকিস্তানৰ অংশগ্ৰহণ ইছলামক ৰক্ষাৰ বাবে নাছিল।

তেওঁ মুকলিকৈ স্বীকাৰ কৰিছিল যে পাকিস্তানীক জেহাদৰ নামত যুঁজ দিয়া আৰু মৃত্যুৰ বাবে পঠিওৱা হৈছিল, যিটো ভুল সিদ্ধান্ত আছিল।

তেওঁ কয় যে আশীৰ দশকত ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে আফগান যুদ্ধ ধৰ্মীয় কৰ্তব্য নহয় বৰঞ্চ আমেৰিকাৰ ৰণনীতিৰ অংশ আছিল।

প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মতে ৰাছিয়াই আফগানিস্তান এনেদৰে দখল কৰা নাছিল যে জেহাদ ঘোষণা কৰাটো প্ৰয়োজনীয় আছিল,ইয়াৰ পিছতো পাকিস্তানে সেই যুদ্ধত জপিয়াই পৰিল।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে আৰু কয়, ১৯৯৯ চনৰ পিছত পুনৰ আমেৰিকাৰ সৈতে থিয় দিয়াৰ বাবে পাকিস্তানে যথেষ্ট মূল্য দিবলগীয়া হৈছিল,যাৰ পৰা আজিলৈকে দেশখন সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব পৰা নাই।

সংসদত অতি কঠোৰ শব্দ ব্যৱহাৰ কৰি খোৱাজা আছিফে কয় যে পাকিস্তানক ‘টয়লেট পেপাৰতকৈও বেয়াকে’ ব্যৱহাৰ কৰা হৈছিল।প্ৰথমে প্ৰয়োজনৰ সময়ত লগত লৈ যোৱা হৈছিল, আৰু তাৰ পিছত নিৰ্মমভাৱে পৰিত্যাগ কৰা হৈছিল।

লগতে পঢ়ক: ‘ভাৰতৰ তথ্য শত্ৰুক বিক্ৰী কৰা হৈছে’; চাইবাৰ জালিয়াতিক লৈ দেশবাসীক অমিত শ্বাহৰ সতৰ্কবাণী