মধ্যপ্ৰাচ্যৰ উত্তেজনাক লৈ কাশ্মীৰত প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল ছিয়া মুছলমান

মধ্যপ্ৰাচ্যৰ উত্তেজনাক লৈ কাশ্মীৰত প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল ছিয়া মুছলমান

ইৰাণৰ সৰ্বোচ্চ নেতা খামেনেইৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে দেওবাৰে কাশ্মীৰৰ কিছু অংশত প্ৰতিবাদৰ সূত্ৰপাত হয় আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা খামেনেইৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে দেওবাৰে কাশ্মীৰৰ কিছু অংশত প্ৰতিবাদৰ সূত্ৰপাত হয় । বিশেষকৈ ছিয়া অধ্যুষিত অঞ্চলত শ শ লোক ৰাজপথলৈ ওলাই আহে বুলি

ইৰাণৰ সৰ্বোচ্চ নেতা খামেনেইৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে দেওবাৰে কাশ্মীৰৰ কিছু অংশত প্ৰতিবাদৰ সূত্ৰপাত হয়

আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা খামেনেইৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে দেওবাৰে কাশ্মীৰৰ কিছু অংশত প্ৰতিবাদৰ সূত্ৰপাত হয় । বিশেষকৈ ছিয়া অধ্যুষিত অঞ্চলত শ শ লোক ৰাজপথলৈ ওলাই আহে বুলি বাতৰিত প্ৰকাশ ।

প্ৰতিবাদকাৰীসকলে আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে শ্লোগান দি ইৰাণৰ সৈতে সংহতি প্ৰকাশ কৰাৰ লগতে এই আক্ৰমণক গৰিহণা দিয়ে । বিক্ষোভত প্ৰতিবাদকাৰীয়ে হাতত খামেনেইৰ ফটো আৰু ইৰাণৰ সমৰ্থনত বেনাৰ প্ৰদৰ্শিত কৰাৰ লগতে ক’লা পতাকা আৰু পৰম্পৰাগত শোক গীত (নৌহা) গোৱা পৰিলক্ষিত হয় ।

ইফালে, জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়েও খামেনেইৰ মৃত্যুত শোক প্ৰকাশ কৰে । দলৰ সভাপতি তাৰিক হামিদ কাৰাৰ নেতৃত্বত কংগ্ৰেছ নেতাসকলে এই আক্ৰমণক অমানৱীয় আৰু কাপুৰুষালি বুলি অভিহিত কৰি দেওবাৰৰ বাবে সকলো ৰাজনৈতিক অনুষ্ঠান পিছুৱাই দিয়ে । খেমেইনীৰ মৃত্যুত ওমৰ আব্দুল্লা আৰু মেহবুবা মুফটীয়েও শোক প্ৰকাশ কৰে ।

লগতে পঢ়ক : খেমেইনীৰ দ্বিতীয় পুত্ৰৰ হাতত ইৰাণৰ শাসনভাৰ, মুজতাবা খামেইনী হ’ব নতুন সৰ্বোচ্চ নেতা