খেমেইনীৰ মৃত্যুৰ পিছতেই জ্বলিছে কৰাচী-লাহোৰ-ইছলামাবাদ; নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি

খেমেইনীৰ মৃত্যুৰ পিছতেই জ্বলিছে কৰাচী-লাহোৰ-ইছলামাবাদ; নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনী আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত নিহত হোৱাৰ পিছতেই পাকিস্তানৰ কৰাচীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুত খবৰ পোৱাৰ পিছত পাকিস্তানৰ ৰাজধানী ইছলামবাদ, কৰাচী আৰু লাহোৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। লগতে POK

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনী আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত নিহত হোৱাৰ পিছতেই পাকিস্তানৰ কৰাচীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে।

আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুত খবৰ পোৱাৰ পিছত পাকিস্তানৰ ৰাজধানী ইছলামবাদ, কৰাচী আৰু লাহোৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে।

লগতে POK ৰ অৱস্থিত স্কাৰডু চহৰতো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কৰাচীস্থিত আমেৰিকাৰ কনছুলেটৰ বাহিৰত শ শ প্ৰতিবাদকাৰী সমবেত হয়।

এই প্ৰতিবাদত ১২ গৰাকীকৈ লোকৰ মৃত্যু হয়। একে সময়তে লাহোৰতো বৃহৎ সংখ্যক লোকে আমেৰিকাৰ বিৰুদ্ধে শ্লোগান দিয়া দেখা গৈছিল।

ৰাজধানী ইছলামবাদত খেমেইনীৰ মৃত্যুক লৈ ৰাজপথলৈ ওলাই আহিল জনসাধাৰণ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে শ্লোগান উত্থাপন কৰে।

এই প্ৰতিবাদৰ বাবে বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে যাতে ইছলামবাদত কৰাচীৰ দৰে পৰিস্থিতি নহয়।

জানিবলৈ পোৱা মতে, কৰাচীত প্ৰতিবাদকাৰীয়ে হাতুৰী আৰু লোহাৰ ৰডেৰে কনছুলেটৰ ভৱনত আক্ৰমণ কৰে। প্ৰতিবাদকাৰীয়ে মূল গেট ভাঙি কনছুলেটৰ চৌহদত প্ৰৱেশ কৰে। প্ৰতিবাদৰ সময়ত অগ্নি বোমা নিক্ষেপ কৰাৰ ফলত কনছুলেট ভৱনৰ কেইবাটাও অংশ জ্বলি উঠে।

এই সকলোবোৰ ঘটনা আমেৰিকা-ইজৰাইলৰ ‘অপাৰেচন এপিক ফিউৰি’ ৰ পিছত সংঘটিত হৈছে, য’ত দাবী কৰা হৈছে যে ইৰাণৰ কেইবাজনো শীৰ্ষ নেতা নিহত হৈছে আৰু পাৰমাণৱিক স্থানৰ ক্ষতিসাধন হৈছে।

লগতে পঢ়ক: পাকিস্তানস্থিত আমেৰিকাৰ দূতাবাসত ছিয়া মুছলমানৰ ভয়ংকৰ আক্ৰমণ, ৮জনৰ মৃত্যু