তৃণমূল কংগ্ৰেছ বামপন্থীৰ ‘কাৰ্বন কপি’: মুৰ্ছিদাবাদত প্ৰধানমন্ত্ৰী মোদী

তৃণমূল কংগ্ৰেছ বামপন্থীৰ ‘কাৰ্বন কপি’: মুৰ্ছিদাবাদত প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে শাসকীয় দলটোৱে ‘বামপন্থী’সকলৰ শাসন শৈলীকে অনুকৰণ কৰিছে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে শাসকীয় দলটোৱে ‘বামপন্থী’সকলৰ শাসন শৈলীকে অনুকৰণ কৰিছে আৰু পশ্চিমবংগত কোনো অৰ্থপূৰ্ণ পৰিৱৰ্তন অনাত ব্যৰ্থ হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে শাসকীয় দলটোৱে ‘বামপন্থী’সকলৰ শাসন শৈলীকে অনুকৰণ কৰিছে

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে শাসকীয় দলটোৱে ‘বামপন্থী’সকলৰ শাসন শৈলীকে অনুকৰণ কৰিছে আৰু পশ্চিমবংগত কোনো অৰ্থপূৰ্ণ পৰিৱৰ্তন অনাত ব্যৰ্থ হৈছে । মুৰ্ছিদাবাদত এক জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বংগৰ ৰাজনৈতিক ইতিহাসত বাৰে বাৰে প্ৰতিষ্ঠিত শক্তিসমূহৰ পতন দেখা গৈছে আৰু তেওঁ দৃঢ়তাৰে কয় যে ৰাজ্যখনৰ জনসাধাৰণে এতিয়া একেদৰেই তৃণমূল কংগ্ৰেছকো প্ৰত্যাখ্যান কৰিব ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “স্বাধীনতাৰ পিছৰে পৰা বংগক প্ৰত্যাহ্বান জনোৱা প্ৰতিগৰাকী ব্যক্তিৰ অহংকাৰ চূৰ্ণ-বিচূৰ্ণ হৈছে । প্ৰথমে ব্ৰিটিছ, তাৰ পিছত কংগ্ৰেছ আৰু শেষত বামপন্থীসকলৰ অহংকাৰৰ পতন হোৱা দেখা গৈছে । এতিয়া বংগৰ ৰাইজৰ হাতত তৃণমূলৰ অহংকাৰো চূৰ্ণ হ’ব ।” তেওঁ অভিযোগ কৰে যে ‘মা মাটি মানুহ’ৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহাৰ পিছত তৃণমূল কংগ্ৰেছে সেই লক্ষ্য পূৰণত ব্যৰ্থ হৈছে আৰু তাৰ পৰিৱৰ্তে বামপন্থীসকলৰ দৰেই আচৰণ কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “অত্যধিক আশা আৰু উৎসাহেৰে— ‘মা মাটি মানুহ’ৰ শ্লোগানত ভোল গৈ ৰাইজে তৃণমূল কংগ্ৰেছক এটা সুযোগ দিছিল; কিন্তু ক্ষমতাত বহাৰ লগে লগে তৃণমূল বামপন্থীসকলৰ ‘কাৰ্বন কপি’ হৈ পৰিল ।” লগতে তেওঁ দলটোক দুৰ্নীতিৰ জাল বিস্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে পূৰ্বৰ চৰকাৰৰ সৈতে জড়িত উপাদানসমূহ বৰ্তমানৰ চৰকাৰৰ দিনতো চলি আছে । তেওঁ লগতে কয়, “বামপন্থীৰ সৈতে জড়িত সকলো গুণ্ডা আৰু ছিণ্ডিকেট এতিয়া তৃণমূললৈ স্থানান্তৰিত হৈছে… অস্ত্ৰ-শস্ত্ৰ, নিচাযুক্ত দ্ৰব্য আৰু গৰু সৰবৰাহৰ পৰা আৰম্ভ কৰি পূৰ্বে বামপন্থীৰ আমোলত থকা ‘কাট মানি’ আৰু কমিচন লোৱা ব্যৱস্থালৈকে সকলোবোৰৰ দায়িত্ব এতিয়া তৃণমূলে লৈছে ।”

শাসন আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত বিজেপিৰ স্থিতি দোহাৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দলটোৱে পশ্চিমবংগত UCC ৰূপায়ণ কৰিবলৈ সংকল্পবদ্ধ । তেওঁ কয়, “ৰাষ্ট্ৰৰ সুৰক্ষা আমাৰ বাবে প্ৰথম অগ্ৰাধিকাৰ । বিজেপিয়ে বংগত UCC ৰূপায়ণ কৰিবলৈ আৰু তুষ্টিকৰণৰ ৰাজনীতি চিৰদিনৰ বাবে সমাপ্ত কৰিবলৈ সংকল্প লৈছে ।” বিজেপিৰ নিৰ্বাচনী প্ৰচাৰক এক বহল ৰাজনৈতিক লক্ষ্য বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বংগত দলটোৰ এই যুঁজ তৃণমূলৰ “জংঘল ৰাজ” আৰু “ছিণ্ডিকেট ৰাজ”ৰ অন্ত পেলোৱাৰ বাবে ।

তেওঁ কয়, “বিজেপিয়ে লোৱা এই সংকল্প কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতি নহয়; ই তৃণমূলৰ ‘জংঘল ৰাজ’ আৰু ‘ছিণ্ডিকেট ৰাজ’ৰ অন্ত পৰাৰ সংকেতহে ।” তেওঁ লগতে কয় যে নিৰ্বাচনৰ পিছত ৰাজ্যখনৰ পৰিস্থিতি সলনি হ’ব আৰু ইয়াৰ বাবে জবাবদিহিতা নিশ্চিত কৰা হ’ব । প্ৰধানমন্ত্ৰী মোদীয়ে হুংকাৰ দি কয়, “বংগৰ জীয়ৰীসকল এতিয়া সুৰক্ষিত হ’ব । বংগৰ যিসকলে দুৰ্নীতিগ্ৰস্তসকলক আশ্ৰয় দিছে তেওঁলোকে সাৱধান হওক: ৪ মে’ৰ পিছত আপোনালোকে তেওঁলোকক পলায়ন কৰা দেখিব ।”

লগতে পঢ়ক : প্ৰথমে হাঁহি, পিছত হাতযোৰ কৰি সম্ভাষণ; সংসদত ৰাহুল গান্ধীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ