পাকিস্তানৰ খাইবাৰ পখতুনখোৱা অঞ্চলত গেছ পাইপলাইন বিস্ফোৰণৰ ফলত কমেও ৮ জন লোকৰ মৃত্যু হৈছে।
বৃহস্পতিবাৰে পাকিস্তানৰ খাইবাৰ পখতুনখৱা প্ৰদেশৰ হৰিপুৰ জিলাৰ এটা ঔদ্যোগিক এলেকাত গেছ পাইপলাইনত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। য’ত কমেও আঠজন লোকৰ মৃত্যু হোৱাৰ লগতে ১২তকৈও অধিক লোক আহত হৈছে ।এই ঘটনাটো হৰিপুৰ জিলাৰ হাট্টাৰ ঔদ্যোগিক বাগিচাৰ গ্ৰেণ্ড ট্ৰাংক ৰোডৰ ওচৰত অৱস্থিত এটা কাৰখানাৰ সমীপত সংঘটিত হয়।
জানিব পৰা মতে বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে লগে লগে জুইৰ লেলিহান শিখা সমগ্ৰ অঞ্চলটো বিয়পি পৰিল। দাউ দাউ কৈ জ্বলি উঠিল কাৰখানাটোৰ ওচৰৰ এটা বাসগৃহ। হৰিপুৰৰ উপ আয়ুক্ত ৱাছিম আহমেদে কয় যে শ্বাসৰুদ্ধ হোৱাৰ বাবেই বেছি ভাগলোকৰ মৃত্যুৰ হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।আহতসকল চিকিৎসাধীন হৈ আছে।
লগতে পঢ়ক: দিল্লী বিমানবন্দৰত অঘটন; ৰৈ থকা বিমানত খুন্দা স্পাইচজেট বিমানৰ









