ইছৰোৱে গঢ়িব নতুন অভিলেখ

ইছৰোৱে গঢ়িব নতুন অভিলেখ… নিৰ্মাণ কৰিব ৪০ মহলীয়া ৰকেট, মহাকাশলৈ কঢ়িয়াই নিব ৭৫ টন ওজন

ইছৰোৱে গঢ়িব নতুন অভিলেখ মঙলবাৰে ভাৰতীয় মহাকাশ সংস্থা চমুকৈ ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে কয় যে মহাকাশ সংস্থাটোৱে ৪০ মহলীয়া অট্টালিকাৰ সমান ওখ ৰকেট নিৰ্মাণ কৰি আছে যিয়ে ৭৫ টনৰ পেলোড পৃথিৱীৰ নিম্ন কক্ষপথলৈ প্ৰেৰণ কৰিব পাৰিব । তেওঁ কয় যে এই বছৰ ইছৰোৰ NAVIC satellite,

ইছৰোৱে গঢ়িব নতুন অভিলেখ

মঙলবাৰে ভাৰতীয় মহাকাশ সংস্থা চমুকৈ ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে কয় যে মহাকাশ সংস্থাটোৱে ৪০ মহলীয়া অট্টালিকাৰ সমান ওখ ৰকেট নিৰ্মাণ কৰি আছে যিয়ে ৭৫ টনৰ পেলোড পৃথিৱীৰ নিম্ন কক্ষপথলৈ প্ৰেৰণ কৰিব পাৰিব ।

তেওঁ কয় যে এই বছৰ ইছৰোৰ NAVIC satellite, N1 rocketৰ দৰে প্ৰকল্প আছে । ইয়াৰ উপৰিও ভাৰতীয় ৰকেটৰ জৰিয়তে ৬৫০০ কিলোগ্ৰাম ওজনৰ আমেৰিকান যোগাযোগ উপগ্ৰহ কক্ষপথলৈ প্ৰেৰণ কৰাৰ কামো আছে । নাৰায়ণনে ক’লে, প্ৰথম ৰকেটৰ ক্ষমতা কিমান আছিল জানেনে ? ড° এ পি জে আব্দুল কালামে নিৰ্মাণ কৰা প্ৰথমটো লঞ্চাৰৰ ওজন আছিল ১৭ টন আৰু ই পৃথিৱীৰ নিম্ন কক্ষপথলৈ ৩৫ কিলোগ্ৰাম পেলোড প্ৰেৰণ কৰিব পাৰিছিল । আজি আমি এনে এটা ৰকেট বনাইছো যিয়ে ৭৫ হাজাৰ কিলোগ্ৰাম পেলোড পঠিয়াব পাৰিব, যাৰ উচ্চতা ৪০ মহলীয়া অট্টালিকাৰ সমান হ’ব ।

নাৰায়ণনে কয় যে মহাকাশ সংস্থাটোৱে এইবাৰ ভাৰতীয় নৌসেনাৰ বাবে নিৰ্মিত প্ৰযুক্তি প্ৰদৰ্শন উপগ্ৰহ আৰু সামৰিক যোগাযোগ উপগ্ৰহ GSAT-7R উৎক্ষেপণৰ পৰিকল্পনা কৰিছে, যিটোৱে বৰ্তমানৰ GSAT-7 (Rukmini) উপগ্ৰহৰ ঠাই ল’ব ।

তেওঁ কয় যে বৰ্তমান ভাৰতৰ কক্ষপথত ৫৫টা উপগ্ৰহ আছে, যিটো অহা তিনি-চাৰি বছৰত তিনিগুণ বৃদ্ধি পাব ।

লগতে পঢ়ক : ইছৰো আৰু আই আই টি গুৱাহাটীৰ বৃহৎ সফলতা… কৃষ্ণগহ্বৰৰ পৰা ওলোৱা এক্স-ৰে সংকেত ডিকোড

শেহতীয়া প্ৰৱন্ধসমূহ