গগনযানৰ বিজ্ঞানী-অভিযন্তাৰ পদত্যাগ আৰু অৱসৰত কেন্দ্ৰৰ নিষেধাজ্ঞা

অভিলাষী গগনযান মিছনৰ সৈতে জড়িত কোনো বিজ্ঞানী বা অভিযন্তাই এতিয়াৰে পৰা সহজে পদত্যাগ কৰিব নোৱাৰিব নাইবা আগতীয়া অৱসৰো ল’ব নোৱাৰিব

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ পৰা ধাৰাবাহিকভাৱে অভিজ্ঞ বিজ্ঞানী আৰু অভিযন্তাসকল আঁতৰি যোৱাৰ খবৰে উদ্বেগৰ সৃষ্টি কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ মহাকাশ বিভাগে যোৱা ১৪ জুলাইত জাৰি কৰিছে এক জৰুৰী নিৰ্দেশনা ।

এই নতুন নিৰ্দেশনা অনুসৰি, দেশৰ অতি গুৰুত্বপূৰ্ণ তথা অভিলাষী ‘গগনযান‘ (Gaganayaan) মিছনৰ সৈতে জড়িত কোনো বিজ্ঞানী বা অভিযন্তাই এতিয়াৰে পৰা সহজে পদত্যাগ কৰিব নোৱাৰিব নাইবা আগতীয়া অৱসৰো ল’ব নোৱাৰিব ।

কি আছে চৰকাৰৰ নতুন নিৰ্দেশনাত?

চৰকাৰে দেশৰ সকলো ইছৰো কেন্দ্ৰক কঠোৰভাৱে নিৰ্দেশ দিছে যে গগনযান আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে জড়িত বিজ্ঞানীসকলৰ পদত্যাগ বা অৱসৰৰ কোনো আবেদন কেন্দ্ৰসমূহে পোনে পোনে গ্ৰহণ কৰিব নোৱাৰিব । এনে প্ৰতিটো আবেদন পোনপটীয়াকৈ দিল্লীস্থিত ‘মহাকাশ বিভাগ’ (Department of Space)লৈ প্ৰেৰণ কৰিব লাগিব আৰু তাৰ পৰাই ইয়াৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব । চৰকাৰে নিজেই স্বীকাৰ কৰিছে যে এনে অৱসৰ আৰু পদত্যাগৰ আবেদন বৃদ্ধি পোৱাৰ বাবেই দেশৰ বহু গুৰুত্বপূৰ্ণ অভিযান এতিয়া স্থবিৰ হোৱাৰ দিশে গতি কৰিছে ।

কিন্তু কিয় ইছৰো এৰিব বিচাৰিছে বিজ্ঞানীসকলে?

এসময়ত ইছৰো আছিল দেশৰ আটাইতকৈ মেধাৱী যুৱ প্ৰজন্মৰ বাবে এক সপোনৰ প্ৰতিষ্ঠান । কিন্তু বৰ্তমান সময়ত ইছৰোৰ পৰা বহু অভিজ্ঞ তথা যুৱ বিজ্ঞানীয়ে বাহিৰৰ পথ বাছি লৈছে । ইয়াৰ মূল কাৰণসমূহ হৈছে:

আকৰ্ষণীয় পেকেজ: ব্যক্তিগত মহাকাশ কোম্পানীবোৰে বিজ্ঞানীসকলক বহুগুণে অধিক দৰমহা আৰু উন্নত সুযোগ দিছে ।

কৰ্ম-সংস্কৃতিৰ পৰিৱৰ্তন: ইছৰোৰ ভিতৰচ’ৰাত এতিয়া আমোলাতন্ত্ৰ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে । সিদ্ধান্ত গ্ৰহণত পলম হোৱা আৰু কঠোৰ নিয়মৰ বাবে বিজ্ঞানীসকলে কাম কৰাৰ স্বাধীনতা হেৰুৱাই পেলাইছে ।

কৰ্ম-জীৱনৰ ভাৰসাম্য: অত্যধিক কৰ্মচাপৰ বিপৰীতে উন্নত পৰিৱেশ আৰু সঠিক পদোন্নতিৰ অভাৱে যুৱ প্ৰজন্মক হতাশ কৰি তুলিছে ।

গগনযান মিছনলৈ সংকট!

ভাৰতৰ প্ৰথমটো মানৱবাহী মহাকাশ অভিযান ‘গগনযান’ অতি জটিল প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল । এই অভিযানৰ সৈতে জড়িত বিজ্ঞানী আৰু বিশেষজ্ঞসকল যদি মাজপথতে আঁতৰি যায়, তেন্তে সমগ্ৰ মিছনটোৱেই এক গভীৰ অনিশ্চয়তাৰ দিশে গতি কৰিব ।

বিশেষজ্ঞৰ মত: “চৰকাৰে লোৱা এই বাধা-নিষেধৰ সিদ্ধান্তটো কেৱল এক সাময়িক উপশমহহে । জোৰ-জুলুমকৈ বিজ্ঞানীসকলক ধৰি ৰাখি কেতিয়াও দীৰ্ঘম্যাদী সমাধান সম্ভৱ নহয় ।”

লগতে পঢ়ক : আঠ মাহৰ বাবে মহাকাশলৈ ৰাওনা অনিল মেনন; মানৱ শৰীৰত মাইক্ৰ’গ্ৰেভিটিক লৈ কৰিব অধ্যয়ন

ইছৰোৰ বৃহৎ সফলতা: চন্দ্ৰৰ দক্ষিণ মেৰুত পৃষ্ঠৰ তলত বৰফৰ সন্ধান

বিজ্ঞানীসকলে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত থকা কিছুমান গভীৰ ক্ৰেটাৰৰ তলত পানীৰ বৰফ থকাৰ শক্তিশালী সংকেত লাভ কৰিছে

ভাৰতৰ চন্দ্ৰ অভিযান চন্দ্ৰযান-২ এ চন্দ্ৰক লৈ এক ডাঙৰ বৈজ্ঞানিক আৱিষ্কাৰ কৰিছে । বিজ্ঞানীসকলে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত থকা কিছুমান গভীৰ ক্ৰেটাৰৰ (গহ্বৰ) তলত পানীৰ বৰফ থকাৰ শক্তিশালী সংকেত লাভ কৰিছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ চন্দ্ৰযান-২ অৰ্বিটৰৰ পৰা প্ৰাপ্ত তথ্যৰ আধাৰত এই আৱিষ্কাৰ কৰা হৈছে ।

বিজ্ঞানীসকলে কিহৰ অধ্যয়ন কৰিছিল ?

এই অধ্যয়ন আহমেদাবাদৰ ফিজিকেল ৰিচাৰ্চ লেবৰেটৰীৰ বিজ্ঞানীসকলে কৰিছে । তেওঁলোকে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱস্থিত সেইবোৰ ক্ৰেটাৰৰ অধ্যয়ন কৰিছিল, য’ত কেতিয়াও সূৰ্যৰ পোহৰ নপৰে । এই স্থানসমূহক পাৰ্মানেন্টলি শ্বেড’ড ৰিজন অৰ্থাৎ চিৰদিন ছাঁত থকা অঞ্চল বুলি কোৱা হয় । ইয়াত উষ্ণতা মাইনছ ২৪৮ ডিগ্ৰী চেলচিয়াছলৈকে হ্ৰাস পায়, যাৰ ফলত বৰফ দীৰ্ঘদিন ধৰি সুৰক্ষিত হৈ থাকিব পাৰে ।

এই আৱিষ্কাৰত কি ব্যৱহাৰ কৰা হৈছিল ?

এই গৱেষণাত চন্দ্ৰযান-২ ৰ অৰ্বিটৰত সংলগ্ন হৈ থকা ডিউৱেল ফ্ৰিকুৱেন্সী চিন্থেটিক এপাৰচাৰ ৰাডাৰ ব্যৱহাৰ কৰা হৈছিল । এই বিশেষ ৰাডাৰখন চন্দ্ৰৰ পৃষ্ঠভাগ আৰু ইয়াৰ তলৰ স্তৰসমূহ অধ্যয়ন কৰিবলৈ সক্ষম । বিজ্ঞানীসকলে ৰাডাৰৰ পৰা পোৱা সংকেতসমূহ বিশ্লেষণ কৰি এনে চাৰিটা ক্ৰেটাৰ চিনাক্ত কৰিছে, য’ত পৃষ্ঠৰ তলত বৰফ থকাৰ সম্ভাৱনা আটাইতকৈ বেছি ।

গৱেষণাত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ-

অধ্যয়নৰ সময়ত বিজ্ঞানীসকলে এক নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিছিল, যিয়ে ৰাডাৰৰ সংকেতসমূহ শিলৰ পৰা আহিছে নে বৰফৰ পৰা আহিছে, তাক ধৰা পেলোৱাত সহায় কৰিছিল । ইয়াৰ বাবে বৃত্তাকাৰ মেৰুকৰণ অনুপাত আৰু মেৰুকৰণৰ ডিগ্ৰী নামৰ দুটা পেৰামিটাৰ ব্যৱহাৰ কৰা হৈছিল ।

বিজ্ঞানীসকলে কি জনালে ?

বিজ্ঞানীসকলৰ মতে, ফষ্টিনি ক্ৰেটাৰৰ ভিতৰত থকা প্ৰায় ১.১ কিলোমিটাৰ বহল এটা সৰু ক্ৰেটাৰ আটাইতকৈ শক্তিশালী দাবীদাৰ হিচাপে প্ৰকাশ পাইছে । ইয়াত এনে কিছুমান সংকেত পোৱা গৈছে যিয়ে পৃষ্ঠৰ তলত বৰফ থকাৰ দিশ থিৰাং কৰে ।

চন্দ্ৰত সঁচাকৈয়ে পানীৰ সংকেত পোৱা গৈছেনে ?

চন্দ্ৰত পানীৰ উপস্থিতি ভৱিষ্যতৰ মহাকাশ অভিযানৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে । বিজ্ঞানীসকলৰ মতে, এই পানী খোৱাৰ বাবে, অক্সিজেন প্ৰস্তুত কৰিবলৈ আৰু ৰকেটৰ ইন্ধন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যাব । ই ভৱিষ্যতে চন্দ্ৰত দীৰ্ঘম্যাদী মানৱ অভিযান চলোৱাত সহায় কৰিব ।

শেহতীয়া বছৰবোৰত চন্দ্ৰৰ দক্ষিণ মেৰুটো বিশ্বজুৰি মহাকাশ অভিযানসমূহৰ বাবে এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । ভাৰতৰ চন্দ্ৰযান-৩ অভিযানে ২০২৩ চনত এই অঞ্চলৰ ওচৰত সফল অৱতৰণ কৰি ইতিহাস ৰচনা কৰিছিল । এতিয়া চন্দ্ৰযান-২ ৰ এই আৱিষ্কাৰ চন্দ্ৰত পানীৰ উপস্থিতিক বুজি পোৱাৰ ক্ষেত্ৰত ভাৰতৰ এক ডাঙৰ বৈজ্ঞানিক সাফল্য হিচাপে বিবেচিত হৈছে ।

মন কৰিবলগীয়া যে, ২০১৯ চনত চন্দ্ৰযান-২ ৰ লেণ্ডাৰখন যদিও সফলতাৰে অৱতৰণ কৰিব পৰা নাছিল, তথাপিও ইয়াৰ অৰ্বিটৰখনে আজিও কাম কৰি আছে আৰু ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ বৈজ্ঞানিক তথ্য প্ৰেৰণ কৰি আছে ।

লগতে পঢ়ক : মঙলৰ অতি কাষেৰে পাৰ হৈ গ’ল নাছাৰ ‘চাইকী’, প্ৰেৰণ কৰিলে ৰঙা গ্ৰহটোৰ বিৰল ছবি

চেমি-ক্ৰায়’জেনিক ইঞ্জিনৰ বিকাশৰ বাবে ভাৰত আৰু ৰাছিয়াৰ মাজত চুক্তি

চেমি-ক্ৰায়’জেনিক ইঞ্জিনৰ যোগান সন্দৰ্ভত সংস্থাটোৱে মস্কোত ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছৰ সৈতে কাৰিকৰী আলোচনাত মিলিত হয়

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, চেমি-ক্ৰায়’জেনিক ইঞ্জিনৰ যোগান সন্দৰ্ভত সংস্থাটোৱে মস্কোত ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছৰ (Roscosmos) সৈতে কাৰিকৰী আলোচনাত মিলিত হয় । বাৰ্ষিক প্ৰতিবেদনখনত কোৱা হৈছে যে ইছৰোৰ বিষয়াসকলে বিতং কাৰিকৰী আলোচনাৰ বাবে মস্কো ভ্ৰমণ কৰিছিল আৰু ইঞ্জিনসমূহৰ বাবে এখন খচৰা চুক্তি বৰ্তমান অনুমোদন প্ৰক্ৰিয়াৰ অধীনত আছে ।

চেমি-ক্ৰায়’জেনিক ইঞ্জিন ভাৰতৰ ভৱিষ্যতৰ গধুৰ যান উৎক্ষেপণকাৰী বাহনসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰযুক্তি । ই পৰিশোধিত কেৰাচিন আৰু তৰল অক্সিজেনৰ সংমিশ্ৰণ ব্যৱহাৰ কৰে, যি বৰ্তমানৰ ব্যৱস্থাতকৈ অধিক দক্ষতা আৰু প্ৰবল থ্ৰাষ্ট (thrust) প্ৰদান কৰে । এনে ইঞ্জিনৰ বিকাশ আৰু অন্তৰ্ভুক্তিয়ে অধিক গধুৰ পেলোড আৰু মহাকাশৰ গভীৰ অভিযানৰ বাবে ভাৰতৰ উৎক্ষেপণ ক্ষমতা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে ।

ইছৰোৱে মহাকাশ প্ৰযুক্তি আৰু অন্বেষণৰ ক্ষেত্ৰত নিজৰ আন্তৰ্জাতিক অংশীদাৰিত্ব সম্প্ৰসাৰিত কৰি থকাৰ সময়তে ৰাছিয়াৰ সৈতে এই সংযোগ স্থাপন হৈছে । যদিও ভাৰতে নিজাকৈ চেমি-ক্ৰায়’জেনিক ইঞ্জিন কাৰ্যসূচীৰ কাম চলাই আছে, ৰছকছমছৰ সৈতে সহযোগিতাই সময়সীমা ত্বৰান্বিত কৰাত আৰু জটিল প্ৰযুক্তিগত অভাৱসমূহ দূৰ কৰাত সহায় কৰিব পাৰে । বাৰ্ষিক প্ৰতিবেদনত চুক্তিখন চূড়ান্ত কৰাৰ বাবে কোনো নিৰ্দিষ্ট সময়সীমা বা ইঞ্জিনসমূহ প্ৰদানৰ সময়সূচী উল্লেখ কৰা হোৱা নাই । অৱশ্যে, চলি থকা অনুমোদন প্ৰক্ৰিয়াই ইংগিত দিয়ে যে আলোচনা প্ৰাৰম্ভিক পৰ্যায় অতিক্ৰম কৰিছে ।

যোৱা বছৰৰ ২৮ মাৰ্চত এক বিবৃতিত ইছৰোৱে কৈছিল যে তেওঁলোকে ২০০০ kN উচ্চ থ্ৰাষ্টযুক্ত এটা চেমি-ক্ৰায়’জেনিক ইঞ্জিন বা তৰল অক্সিজেন/কেৰাচিন ইঞ্জিনৰ ডিজাইন আৰু বিকাশত অগ্ৰগতি লাভ কৰিছে, যিয়ে LVM3 উৎক্ষেপণ বাহনৰ চেমি-ক্ৰায়’জেনিক বুষ্টাৰ পৰ্যায়ক শক্তি প্ৰদান কৰিব । চেমি-ক্ৰায়’জেনিক ইঞ্জিন বিকাশ কাৰ্যসূচীৰ প্ৰথমটো ডাঙৰ সফলতা ২০২৫ চনৰ ২৮ মাৰ্চত অৰ্জন কৰা হৈছিল, যেতিয়া তামিলনাডুৰ মহেন্দ্ৰগিৰিত থকা ইছৰোৰ প্ৰপালচন কমপ্লেক্সত ইঞ্জিন পাৱাৰ হেড টেষ্ট আৰ্টিকলৰ (PHTA) প্ৰথমটো সফল ‘হট টেষ্ট’ সম্পন্ন হৈছিল ।

ইছৰোৰ লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰে (LPSC) এই চেমি-ক্ৰায়’জেনিক প্ৰপালচন ইঞ্জিন আৰু পৰ্যায়টো বিকশিত কৰিছে । ২০০০ kN চেমি-ক্ৰায়’জেনিক ইঞ্জিনৰ (SE2000) দ্বাৰা চালিত SC120 পৰ্যায়টোৱে পেলোড বৃদ্ধিৰ বাবে LVM3-ৰ বৰ্তমানৰ মূল তৰল পৰ্যায় (L110) সলনি কৰিব আৰু ভৱিষ্যতৰ উৎক্ষেপণ বাহনসমূহৰ বুষ্টাৰ পৰ্যায়কো শক্তি যোগাব ।

মস্কো ভ্ৰমণ যোৱা এবছৰত ইছৰোৰ ব্যাপক আন্তৰ্জাতিক সম্পৰ্কৰ এটা অংশ । প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মহাকাশ সংস্থাটোৱে মানৱ মহাকাশ উৰণ, উপগ্ৰহ নেভিগেচন, পৃথিৱী নিৰীক্ষণ আৰু সামৰ্থ্য বিকাশৰ দৰে ক্ষেত্ৰত একাধিক দেশ আৰু সংস্থাৰ সৈতে আলোচনা কৰি আছে । ৰাছিয়াৰ সৈতে ইছৰোৰ সহযোগিতা গ্ৰহ সম্পৰ্কীয় অভিযানসমূহলৈকো বিস্তৃত হৈছে । প্ৰতিবেদনত আলোকপাত কৰা হৈছে যে ভাৰতৰ পৰিকল্পিত শুক্ৰ অভিযানৰ বাবে ৰাছিয়াৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানক এক অংশীদাৰ পেলোড প্ৰদানকাৰী হিচাপে বাছনি কৰা হৈছে আৰু এই সন্দৰ্ভত কাৰিকৰী আলোচনা চলি আছে ।

লগতে পঢ়ক : ইতিহাস সৃষ্টিলৈ আৰু এটা খোজ… সফলতাৰে সম্পন্ন গগণযানৰ দ্বিতীয়টো এয়াৰ ড্ৰপ টেষ্ট

ইতিহাস সৃষ্টিলৈ আৰু এটা খোজ… সফলতাৰে সম্পন্ন গগণযানৰ দ্বিতীয়টো এয়াৰ ড্ৰপ টেষ্ট

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দেশৰ অভিলাষী গগণযান অভিযানৰ বাবে দ্বিতীয়টো ইণ্টিগ্ৰেটেড এয়াৰ ড্ৰপ টেষ্ট সফলতাৰে সম্পন্ন কৰিছে

কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে শুকুৰবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে দেশৰ অভিলাষী ‘গগণযান’ অভিযানৰ বাবে দ্বিতীয়টো ইণ্টিগ্ৰেটেড এয়াৰ ড্ৰপ টেষ্ট (IADT-02) সফলতাৰে সম্পন্ন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে । এই সফলতা অহা বছৰত হ’বলগীয়া ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ যাত্ৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

এক্সৰ এটা পোষ্টত মন্ত্ৰী সিঙে কয়, “গগণযানৰ দ্বিতীয়টো ইণ্টিগ্ৰেটেড এয়াৰ ড্ৰপ টেষ্ট (IADT-02) সফলতাৰে সম্পন্ন কৰাৰ বাবে ISRO-ক অভিনন্দন । শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰত এই পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হয় । ই গগণযান অভিযানৰ প্ৰস্তুতিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে ।”

২০২৫ চনৰ ২৪ আগষ্টত সতীশ ধাৱান মহাকাশ কেন্দ্ৰত সম্পন্ন হোৱা প্ৰথমটো পৰীক্ষণৰ (IADT-01) পাছতে এই দ্বিতীয়টো পৰীক্ষণ কৰা হয় । পূৰ্বৰ পৰীক্ষণটোৱে গগণযান অভিযানৰ ক্ৰু মডিউলৰ বাবে ডিজাইন কৰা পেৰাচুট-আধাৰিত অৱতৰণ প্ৰণালীৰ সামগ্ৰিক কাৰ্যক্ষমতা প্ৰদৰ্শন কৰিছিল ।

ইছৰোৰ মতে, গগণযান অভিযান হৈছে দেশৰ প্ৰথমটো মানৱ মহাকাশ কাৰ্যসূচী । ইয়াৰ উদ্দেশ্য হৈছে তিনিজনীয়া এটা দলক ৪০০ কিলোমিটাৰ কক্ষপথলৈ তিনিদিনীয়া অভিযানৰ বাবে প্ৰেৰণ কৰি তেওঁলোকক নিৰাপদে পৃথিৱীলৈ ওভতাই অনাৰ থলুৱা সামৰ্থ্য প্ৰদৰ্শন কৰা । এই অভিযানৰ বাবে মানৱ-উপযোগী LVM3 উৎক্ষেপণ যান ব্যৱহাৰ কৰা হ’ব ।

অৱতৰণৰ চূড়ান্ত পৰ্যায়ত পেৰাচুট-আধাৰিত এই প্ৰণালীটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ই ক্ৰু মডিউলটোৰ গতিবেগ নিয়ন্ত্ৰণ কৰি সাগৰত ইয়াৰ নিৰাপদ অৱতৰণ নিশ্চিত কৰে । এই প্ৰণালীটোত এপেক্স কভাৰ চেপাৰেচন পেৰাচুট, ড্ৰ’গ পেৰাচুট, পাইলট পেৰাচুট আৰু মেইন পেৰাচুটসহ একাধিক পেৰাচুট থাকে, যিবোৰ এক নিৰ্দিষ্ট ক্ৰমত খোল খায় ।

IADT-01-ৰ সময়ত ভাৰতীয় বায়ুসেনাৰ চিনুক হেলিকপ্টাৰ ব্যৱহাৰ কৰি প্ৰায় ৩ কিলোমিটাৰ উচ্চতাৰ পৰা প্ৰায় ৪.৮ টন ওজনৰ এটা কৃত্ৰিম ক্ৰু মডিউল পেলাই দিয়া হৈছিল । এই পৰীক্ষণত পেৰাচুটসমূহৰ সক্ৰিয়তা আৰু কাৰ্যক্ষমতা সফলভাবে প্ৰমাণিত হৈছিল, যিয়ে মডিউলটোৰ স্পৰ্শকালীন গতিবেগ প্ৰতি ছেকেণ্ডত প্ৰায় ৮ মিটাৰলৈ হ্ৰাস কৰিছিল ।

ইয়াৰ লগতে উৎক্ষেপণ স্থলীত হ’ব পৰা যিকোনো আকস্মিক বিফলতাৰ পৰিস্থিতিকো এই পৰীক্ষণত অনুকৰণ কৰা হৈছিল । অৱতৰণৰ পিছত নৌসেনাৰ দলে মডিউলটো উদ্ধাৰ কৰে । গগণযান কাৰ্যসূচীত DRDO, ভাৰতীয় বায়ুসেনা, ভাৰতীয় নৌসেনা আৰু উপকূলৰক্ষী বাহিনীসহ একাধিক সংস্থাই সহযোগিতা আগবঢ়াইছে । বিভিন্ন পৰিস্থিতিত প্ৰণালীটোৰ কাৰ্যক্ষমতা অধিক পৰীক্ষা কৰিবলৈ আগন্তুক সময়ত এনেধৰণৰ আৰু অধিক পৰীক্ষণৰ পৰিকল্পনা কৰা হৈছে ।

লগতে পঢ়ক : ঐতিহাসিক যাত্ৰাৰ অন্তিম পৰ্যায়ত নাছাৰ আৰ্টেমিছ-২ অভিযান

চন্দ্ৰযান-৪ৰ বাবে সুখবৰ : চন্দ্ৰত বিচাৰি পোৱা গ’ল অৱতৰণৰ আটাইতকৈ নিৰাপদ স্থান !

চন্দ্ৰযান-৪ হ’ব ইছৰোৰ বৰ্তমানলৈকে চলা আটাইতকৈ জটিল চন্দ্ৰ অভিযান । যদি এই অভিযান সফল হয় তেন্তে ভাৰতে ইতিমধ্যে চন্দ্ৰৰ পৰা নমুনা অনা দেশসমূহৰ নিৰ্বাচিত গোটত যোগদান কৰিব ।

চন্দ্ৰযান-৪ অভিযানৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অতি সুৰক্ষিত অৱতৰণ স্থান চিনাক্ত কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চমুকৈ ইছৰোৱে । ইছৰোৰ স্পেচ এপ্লিকেশ্যন চেন্টাৰ(SAC)ৰ বিজ্ঞানীসকলে চন্দ্ৰযান-২ অৰ্বিটাৰে লোৱা উচ্চ ৰেজোলিউচনৰ ছবি অধ্যয়ন কৰি স্থান নিৰ্ণয় কৰে ।

Mons Mouton নামৰ পৰ্বতৰ ওচৰৰ ১ বৰ্গ কিলোমিটাৰ ঠাইডোখৰেই অৱতৰণৰ বাবে আটাইতকৈ বেছি ভাল বুলি বিবেচিত হৈছে । চন্দ্ৰৰ পৰা মাটি আৰু শিল পুনৰ পৃথিৱীলৈ অনা ভাৰতৰ এইটোৱেই হ’ব প্ৰথম অভিযান ।

চন্দ্ৰযান-৪ মিছন কি আৰু ই কিয় বিশেষ ?

চন্দ্ৰযান-৪ হ’ব ইছৰোৰ বৰ্তমানলৈকে চলা আটাইতকৈ জটিল চন্দ্ৰ অভিযান । ইয়াৰ কেইবাটাও অংশ থাকিব-

প্ৰপালচন মডিউল

ডিচেণ্ডাৰ মডিউল

এচেণ্ডাৰ মডিউল

ট্ৰান্সফাৰ মডিউল আৰু ৰি-এন্ট্ৰি মডিউল

মিছনৰ লক্ষ্য : চন্দ্ৰত চফ্ট লেণ্ডিং, নমুনা সংগ্ৰহ কৰা, চন্দ্ৰৰ কক্ষপথলৈ পঠোৱা আৰু তাৰ পিছত পৃথিৱীলৈ ঘূৰাই অনা । যদি এই অভিযান সফল হয় তেন্তে ভাৰতে ইতিমধ্যে চন্দ্ৰৰ পৰা নমুনা অনা দেশসমূহৰ নিৰ্বাচিত গোটত যোগদান কৰিব, যেনে আমেৰিকা, ৰাছিয়া, চীন ।

অৱতৰণ স্থান কিয় ইমান গুৰুত্বপূৰ্ণ ?

চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলটো অতি ঠেক—বৃহৎ গহ্বৰ, শিল আৰু অসমান ভূখণ্ডৰে ভৰি আছে । লেণ্ডাৰৰ বাবে প্ৰয়োজনীয় চৰ্ত হৈছে- ঢাল ১০ ডিগ্ৰীতকৈ কম হ’ব লাগিব (লেণ্ডাৰে ঠেক ঢালত অৱতৰণ কৰিব নোৱাৰে)। শিলবোৰ ০.৩২ মিটাৰতকৈ সৰু হ’ব লাগিব । ইয়াত কমেও ১১-১২ দিন সূৰ্যৰ পোহৰ লাভ কৰিব লাগিব (সৌৰশক্তিৰ বাবে) । পৃথিৱীৰ লগত ইয়াৰ ৰেডিঅ’ সংস্পৰ্শ ভাল হ’ব লাগিব । ই যিকোনো ডাঙৰ বিপদৰ পৰা মুক্ত হ’ব লাগিব ।

বিজ্ঞানীসকলে চন্দ্ৰযান-২ৰ অৰ্বিটাৰ হাই ৰিজ’লিউচন কেমেৰাৰ ছবি ব্যৱহাৰ কৰিছিল । এই ছবিবোৰৰ ৰিজ’লিউচন ৩২ চেণ্টিমিটাৰ, ইয়াত অতি সুক্ষ্ম বিৱৰণ দেখুওৱা হৈছে । প্ৰথম অৱস্থাত কেইবাটাও স্থান নিৰ্বাচন কৰা হৈছিল । ইয়াৰ পিছত তেওঁলোকে Mons Moutonৰ আশে-পাশে থকা পাঁচটা জ’নত গুৰুত্ব আৰোপ কৰে । এটা জ’ন সদায় আন্ধাৰত থকাৰ বাবে বাদ দিয়া হৈছিল । গড় ঢাল, উচ্চতাৰ পাৰ্থক্য আৰু নিৰাপদ লেণ্ডিং গ্ৰীড (২৪x২৪ মিটাৰ)ৰ প্ৰতি লক্ষ্য ৰাখি বাকী চাৰিটা স্থান (এম এম-১, এম এম-৩, এম এম-৪, আৰু এম এম-৫) তুলনা কৰা হৈছিল । ইয়াৰ ভিতৰত এম এম-৪ আটাইতকৈ সঠিক বুলি বিবেচিত হয় ।

লগতে পঢ়ক : শত্ৰুৰ বুকুত কঁপনি তুলি অগ্নি-৩ মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ

মহাকাশত ইছৰোৰ নতুন ইতিহাস; উপগ্ৰহ ‘EOS-N1 অন্বেষা’ উৎক্ষেপণ

বছৰৰ আৰম্ভণিতেই ইছৰোৱে ৰচিলে আন এক ইতিহাস। ইছৰোৱে উৎক্ষেপণ কৰিলে ‘EOS-N1 অন্বেষা’

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৱে আজি মহাকাশৰ ক্ষেত্ৰত আন এক বৃহৎ জাঁপ মাৰে।ইছৰোৱে পিএছএলভি চি-৬২ অভিযানৰ অধীনত দেশৰ উপগ্ৰহ ‘EOS-N1 অন্বেষা’ মহাকাশলৈ প্ৰেৰণ কৰিছে।

এই উপগ্ৰহটোৱে সীমান্ত চোৱাচিতা, লুকাই থকা লক্ষ্য ধৰা পেলোৱা আৰু পৰিৱেশ নিৰীক্ষণত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে।ইছৰোৰ ২০২৬ চনৰ প্ৰথমটো উপগ্ৰহ শ্ৰীহৰিকোটা মহাকাশ বন্দৰৰ পৰা পুৱা প্ৰায় ১০:১৭ বজাত উৎক্ষেপণহয়।

ইছৰোৱে ২০২৬ চনৰ প্ৰক্ষেপণ কেলেণ্ডাৰখন সোমবাৰে ‘PSLV-C62’ মিছনৰ জৰিয়তে আৰম্ভ কৰে। এই অভিযানৰ অধীনত পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ ‘EOS-N1অন্বেষা’ আৰু আন ১৪টা পেলোড মহাকাশত স্থাপন কৰা হ’ব।

ইছৰোৰ বাণিজ্যিক শাখা ‘নিউস্পেচ ইণ্ডিয়া লিমিটেড’ (এনএছআইএল)ৰ এই অভিযানত অন্তৰ্ভূক্ত দেশী-বিদেশী গ্ৰাহকৰ আন ১৪টা সহযাত্ৰী উপগ্ৰহ পুৱা ১০:১৭ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ প্ৰথমটো উৎক্ষেপণ স্থানৰ পৰা উৎক্ষেপণ কৰা হয়।

মূল পেলোড DRDO ৰ EOS-N1 অন্বেষা হাইপাৰস্পেকট্ৰল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ,যিয়ে সীমান্ত চোৱাচিতা, লুকাই থকা লক্ষ্য ধৰা পেলোৱা আৰু পৰিৱেশ নিৰীক্ষণত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব।

লগতে পঢ়ক: মহাকাশত সফলতাৰ এক নতুন অধ্যায় লিখিবলৈ সাজু ভাৰত; পিছ পৰি ৰ’ল আমেৰিকা

মহাকাশত সফলতাৰ এক নতুন অধ্যায় লিখিবলৈ সাজু ভাৰত; পিছ পৰি ৰ’ল আমেৰিকা

মহাকাশত এক নতুন মাইলৰ খুঁটি অৰ্জন কৰিবলৈ ওলাইছে ভাৰত। আজি সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (SDSC) PSLV-C62 ৰকেট উৎক্ষেপণ কৰা হ’ব

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোই এক নতুন ইতিহাস ৰচিবলৈ ওলাইছে।অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত আজি অৰ্থাৎ ১২ জানুৱাৰীৰ পুৱা ১০:১৭ বজাত IST ৰ পৰা সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (SDSC) PSLV-C62 ৰকেট উৎক্ষেপণ কৰা হ’ব।

পিএছএলভি-চি৬২ অভিযানৰ সফল উৎক্ষেপণৰ লগে লগে ভাৰতে কেৱল ২০২৬ চনৰ মহাকাশ কেলেণ্ডাৰৰ আৰম্ভণি কৰাই নহয়,বৰঞ্চ মহাকাশত উপগ্ৰহ ইন্ধন ভৰোৱা প্ৰযুক্তি আহৰণ কৰা বিশ্বৰ দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হ’ব।

এই পৰ্যন্ত কেৱল চীনেহে ইয়াত সফলতাৰে প্রদর্শন কৰিছে,আনহাতে আমেৰিকা আৰু ইউৰোপৰ দৰে মহাশক্তিয়ে এতিয়াও মহাকাশত এই প্ৰযুক্তি প্ৰমাণ কৰিব পৰা নাই।

এইটোৱেই হ’ব পিএছএলভিৰ ৬৪ সংখ্যক উৰণ, য’ত মূল পেলোড হিচাপে পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ ‘EOS-N1’ অন্তৰ্ভূক্ত। এই উপগ্ৰহটো থাইলেণ্ড আৰু ব্ৰিটেইনৰ যৌথ প্ৰযুক্তিৰে প্ৰস্তুত কৰা হৈছে।

অন্বেষা নামৰ এই উপগ্ৰহটো উন্নত হাইপাৰস্পেকট্ৰল ইমেজিং প্ৰযুক্তিৰে সজ্জিত।ই অতি বিশদ ফটো ল’ব পাৰে। এই উপগ্ৰহ PSLV-C62 ৰ সৈতে মহাকাশলৈ যাব আৰু উৎক্ষেপণৰ চাৰি ঘণ্টাৰ ভিতৰতে মহাকাশত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ ইন্ধন ভৰোৱাৰ প্ৰদৰ্শন কৰিব।

আয়ুলছেটে এটা টাৰ্গেট উপগ্ৰহ হিচাপে কাম কৰিব,যিয়ে মাইক্ৰ’গ্ৰেভিটিত তৰল পদাৰ্থ (ইন্ধন)ৰ আচৰণ অধ্যয়ন কৰিব।

যোৱা বছৰ চীনে অন-অৰ্বিট ইন্ধন ভৰোৱাৰ পৰীক্ষা কৰিছিল কিন্তু সেই বিষয়ে অতি কম তথ্যহে লাভ কৰিব পাৰে। আমেৰিকাৰ ব্যক্তিগত কোম্পানী এষ্ট্ৰ’স্কেলে এই প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে যদিও ইয়াৰ মিছন এতিয়াও আৰম্ভ হোৱা নাই।এনে পৰিস্থিতিত অৰ্বিটএইডৰ এই প্ৰচেষ্টাই বিশেষ প্ৰযুক্তিৰ দৌৰত ভাৰতক আগস্থানত ৰাখিব পাৰে।

লগতে পঢ়ক: নতুন বছৰৰ প্ৰথমটো সফলতাৰ বাবে সাজু ইছৰো…মহাকাশলৈ যাব ভাৰতৰ এই বিশেষ অভিযান

নতুন বছৰৰ প্ৰথমটো সফলতাৰ বাবে সাজু ইছৰো…মহাকাশলৈ যাব ভাৰতৰ এই বিশেষ অভিযান

ইছৰোৱে নতুন বছৰৰ প্ৰথমটো বৃহৎ মহাকাশ অভিযানৰ বাবে সাজু হৈছে । ১২ জানুৱাৰীৰ পুৱা ১০:১৭ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C62 অভিযান উৎক্ষেপণ হ’ব ।

ভাৰতীয় মহাকাশ সংস্থা চমুকৈ ইছৰোৱে নতুন বছৰৰ প্ৰথমটো বৃহৎ মহাকাশ অভিযানৰ বাবে সাজু হৈছে । সোমবাৰে পুৱা শ্ৰীহৰিকোটাৰ পৰা এনে এক ৰকেট উৰা মাৰিব আৰু ভাৰতক সেই শক্তি প্ৰদান কৰিব যাক বিশ্বই স্পেচ ইন্টেলিজেন্স বুলি কয় । ১২ জানুৱাৰীৰ পুৱা ১০:১৭ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C62 অভিযান উৎক্ষেপণ হ’ব । এই অভিযানে ভাৰতৰ নিৰাপত্তা আৰু নিৰীক্ষণ ক্ষমতাক নতুন উচ্চতালৈ উন্নীত কৰিব । এই অভিযানৰ মূল আকৰ্ষণ হৈছে ই অ’ এছ-এন-১ উপগ্ৰহ, যাৰ আন এটা নাম হৈছে “অন্বেষা” ।

ভাৰতৰ PSLV-C62 কঢ়িয়াই লৈ যাব লগা EOS-N1 নামৰ উপগ্ৰহটোৱে পৃথিৱীৰ ফটো লোৱাই নহয় ইয়াৰ বাস্তৱতাও অধ্যয়ন কৰিব । ই ভাৰতক এনে এক শক্তি প্ৰদান কৰিব যাক সমগ্ৰ বিশ্বই স্পেচ ইন্টেলিজেন্স বুলি কয় । এই উপগ্ৰহটোৱে সাধাৰণ কেমেৰাৰ দৰে কাম নকৰে, বৰঞ্চ শতাধিক পোহৰৰ ৰশ্মিক অধ্যয়নক কৰি ছেকেণ্ডতে এক অনন্য প্ৰতিবেদন প্ৰস্তুত কৰে । অৰ্থাৎ মাটিৰ তলত আৰ্দ্ৰতা হওক বা খৰাং হওক, অৰণ্যৰ সেউজীয়া হওক বা শুষ্কতা, ভুৱা শিবিৰ হওক বা প্ৰকৃত কাৰ্যকলাপ, এই সকলোবোৰ বিভিন্ন ধৰণেৰে প্ৰকাশ পাব ।

EOS-N1 হৈছে এটা নিৰীক্ষণ ব্যৱস্থা যিয়ে লুকাই থকা লক্ষ্য, সন্দেহজনক চালচলন আৰু সন্দেহজনক গতিবিধি ধৰা পেলাব পাৰে । আনকি পাহাৰ, অৰণ্য, মৰুভূমিত লুকাই থকা কাৰ্য্যকলাপো ইয়াৰ হাইপাৰস্পেকট্ৰল ডিজিটেল ফিংগাৰপ্ৰিণ্টৰ দ্বাৰা ৰক্ষা নাপাব । অৰ্থাৎ এতিয়া কেৱল দেখাই নদয় ধৰা পেলোৱাটোও সহজ হৈ পৰিব ।

এই উপগ্ৰহটোৱে কোনবোৰ পথাৰত পানীৰ অভাৱ আছে, ক’ত শস্যৰ ৰোগ আছে আৰু ক’ত খৰাং পৰিস্থিতিৰ ভাবুকি আছে সেই কথা প্ৰকাশ কৰিব । ইয়াৰ জৰিয়তে ঘূৰ্ণীবতাহ, বানপানী, বনজুইৰ আগতীয়া সতৰ্কবাণী প্ৰদান কৰা হ’ব, যাৰ ফলত দুৰ্যোগৰ পূৰ্বে প্ৰস্তুতি চলাব পৰা যাব । PSLV-C62-এ কেৱল ভাৰতৰে নহয়, বিশ্বৰ বহু দেশৰ উপগ্ৰহ কঢ়িয়াই নিছে ।

ইয়াৰ উপৰিও ইয়াত এটা বিশেষ ৰি-এন্ট্ৰি কেপচুল থাকিব যিয়ে ভৱিষ্যতে মহাকাশৰ পৰা ঘূৰি অহা প্ৰযুক্তি পৰীক্ষা কৰিব । ১২ জানুৱাৰীৰ এই উৰণে প্ৰমাণ কৰিব যে ভাৰত এতিয়া কেৱল মহাকাশলৈ উপগ্ৰহ নিক্ষেপ কৰা ৰাষ্ট্ৰ নহয়, বৰঞ্চ দৃষ্টি, বুজাবুজি আৰু নিয়ন্ত্ৰণ তিনিওটাকে আয়ত্ত কৰি মহাকাশ শক্তিত পৰিণত হৈছে ।

লগতে পঢ়ক : চন্দ্ৰলৈ বৃহৎ অভিযানৰ প্ৰস্তুতি! ২০৪০ৰ ভিতৰত চন্দ্ৰলৈ ভাৰতে প্ৰেৰণ কৰিব মহাকাশচাৰী

চন্দ্ৰলৈ বৃহৎ অভিযানৰ প্ৰস্তুতি! ২০৪০ৰ ভিতৰত চন্দ্ৰলৈ ভাৰতে প্ৰেৰণ কৰিব মহাকাশচাৰী

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন মুৰব্বী এ এছ কিৰণ কুমাৰে এক বৃহৎ ঘোষণা কৰিছে।২০৪০ৰ ভিতৰত চন্দ্ৰলৈ ভাৰতে প্ৰেৰণ কৰিব মহাকাশচাৰী

ভাৰতৰ ভৱিষ্যত মহাকাশ ৰোডমেপ সন্দৰ্ভত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন মুৰব্বী এ এছ কিৰণ কুমাৰে এক বৃহৎ ঘোষণা কৰিছে।

তেওঁ কয় যে ভাৰতে কেৱল চন্দ্ৰলৈ মানুহ পঠিয়াবলৈ সাজু হোৱাই নহয়,বৰঞ্চ মহাকাশত নিজৰ স্থায়ী ভিত্তি স্থাপনৰ দিশতো আগবাঢ়িছে।

বৰ্তমান ভৌতিক গৱেষণা পৰীক্ষাগাৰ (পি আৰ এল)ৰ পৰিচালনা পৰিষদৰ অধ্যক্ষ কুমাৰে ভাৰতীয় জ্যোতিৰ্বিজ্ঞান সমিতিৰ পঞ্চম সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে।

তেওঁ কয় যে, ‘এতিয়াৰ পৰা ২০৪০ চনলৈকে মহাকাশ কাৰ্য্যকলাপত বহু অভিযান সম্পন্ন হ’ব।২০৪০ চনৰ ভিতৰত ইছৰ’ই ভাৰতীয় মহাকাশচাৰীক চন্দ্ৰলৈ পঠিয়াই আকৌ নিৰাপদে ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে।ভাৰতে ২০৪০ চনৰ ভিতৰত মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ দিশতো কাম কৰি আছে।

পি আৰ এল চৌহদত অনুষ্ঠিত এই অনুষ্ঠানৰ আঁৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ইছৰোৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে দেশৰ মহাকাশ গৱেষণাৰ বিষয়ে বিতংভাৱে কয়।

তেওঁ কয় যে অদূৰ ভৱিষ্যতে চন্দ্ৰযান সম্পৰ্কীয় অভিযান হ’ব আৰু জাপানৰ সৈতে লেণ্ডাৰ আৰু ৰভাৰত কাম চলি আছে।চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত আমি কিছু নিৰ্দিষ্ট তথ্য বিচাৰি উলিয়াবলৈ চেষ্টা কৰা উচিত।এয়া মাত্ৰ অধিক কাৰ্যসূচীৰ আৰম্ভণি হে।

লগতে পঢ়ক: পি এছ এল ভি–চি৬২ অভিযানেৰে ২০২৬ৰ আৰম্ভণি ইছৰোৰ; ১২ জানুৱাৰীত হ’ব উৎক্ষেপণ