মহাকাশত সফলতাৰ এক নতুন অধ্যায় লিখিবলৈ সাজু ভাৰত; পিছ পৰি ৰ’ল আমেৰিকা

মহাকাশত সফলতাৰ এক নতুন অধ্যায় লিখিবলৈ সাজু ভাৰত; পিছ পৰি ৰ’ল আমেৰিকা

মহাকাশত এক নতুন মাইলৰ খুঁটি অৰ্জন কৰিবলৈ ওলাইছে ভাৰত। আজি সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (SDSC) PSLV-C62 ৰকেট উৎক্ষেপণ কৰা হ’ব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোই এক নতুন ইতিহাস ৰচিবলৈ ওলাইছে।অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত আজি অৰ্থাৎ ১২ জানুৱাৰীৰ পুৱা ১০:১৭ বজাত IST ৰ পৰা সতীশ ধৱন

মহাকাশত এক নতুন মাইলৰ খুঁটি অৰ্জন কৰিবলৈ ওলাইছে ভাৰত। আজি সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (SDSC) PSLV-C62 ৰকেট উৎক্ষেপণ কৰা হ’ব

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোই এক নতুন ইতিহাস ৰচিবলৈ ওলাইছে।অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত আজি অৰ্থাৎ ১২ জানুৱাৰীৰ পুৱা ১০:১৭ বজাত IST ৰ পৰা সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (SDSC) PSLV-C62 ৰকেট উৎক্ষেপণ কৰা হ’ব।

পিএছএলভি-চি৬২ অভিযানৰ সফল উৎক্ষেপণৰ লগে লগে ভাৰতে কেৱল ২০২৬ চনৰ মহাকাশ কেলেণ্ডাৰৰ আৰম্ভণি কৰাই নহয়,বৰঞ্চ মহাকাশত উপগ্ৰহ ইন্ধন ভৰোৱা প্ৰযুক্তি আহৰণ কৰা বিশ্বৰ দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হ’ব।

এই পৰ্যন্ত কেৱল চীনেহে ইয়াত সফলতাৰে প্রদর্শন কৰিছে,আনহাতে আমেৰিকা আৰু ইউৰোপৰ দৰে মহাশক্তিয়ে এতিয়াও মহাকাশত এই প্ৰযুক্তি প্ৰমাণ কৰিব পৰা নাই।

এইটোৱেই হ’ব পিএছএলভিৰ ৬৪ সংখ্যক উৰণ, য’ত মূল পেলোড হিচাপে পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ ‘EOS-N1’ অন্তৰ্ভূক্ত। এই উপগ্ৰহটো থাইলেণ্ড আৰু ব্ৰিটেইনৰ যৌথ প্ৰযুক্তিৰে প্ৰস্তুত কৰা হৈছে।

অন্বেষা নামৰ এই উপগ্ৰহটো উন্নত হাইপাৰস্পেকট্ৰল ইমেজিং প্ৰযুক্তিৰে সজ্জিত।ই অতি বিশদ ফটো ল’ব পাৰে। এই উপগ্ৰহ PSLV-C62 ৰ সৈতে মহাকাশলৈ যাব আৰু উৎক্ষেপণৰ চাৰি ঘণ্টাৰ ভিতৰতে মহাকাশত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ ইন্ধন ভৰোৱাৰ প্ৰদৰ্শন কৰিব।

আয়ুলছেটে এটা টাৰ্গেট উপগ্ৰহ হিচাপে কাম কৰিব,যিয়ে মাইক্ৰ’গ্ৰেভিটিত তৰল পদাৰ্থ (ইন্ধন)ৰ আচৰণ অধ্যয়ন কৰিব।

যোৱা বছৰ চীনে অন-অৰ্বিট ইন্ধন ভৰোৱাৰ পৰীক্ষা কৰিছিল কিন্তু সেই বিষয়ে অতি কম তথ্যহে লাভ কৰিব পাৰে। আমেৰিকাৰ ব্যক্তিগত কোম্পানী এষ্ট্ৰ’স্কেলে এই প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে যদিও ইয়াৰ মিছন এতিয়াও আৰম্ভ হোৱা নাই।এনে পৰিস্থিতিত অৰ্বিটএইডৰ এই প্ৰচেষ্টাই বিশেষ প্ৰযুক্তিৰ দৌৰত ভাৰতক আগস্থানত ৰাখিব পাৰে।

লগতে পঢ়ক: নতুন বছৰৰ প্ৰথমটো সফলতাৰ বাবে সাজু ইছৰো…মহাকাশলৈ যাব ভাৰতৰ এই বিশেষ অভিযান