গগণ ফালি মহাকাশত বিক্ৰম-১; 3D-প্ৰিণ্টেড ইঞ্জিনৰ শক্তিৰে স্কাইৰুটৰ ইতিহাস

ভাৰতীয় মহাকাশ বিজ্ঞানৰ বাবে আজি এক অতি বিশেষ দিন। দেশৰ প্ৰথমটো ব্যক্তিগত কক্ষপথৰ ৰকেট বিক্ৰম-১ উৎক্ষেপণৰ জৰিয়তে ইতিহাস সৃষ্টি কৰিছে।

ভাৰতীয় মহাকাশ বিজ্ঞানৰ ইতিহাসত এক নতুন সোণালী অধ্যায়  সংযোগ হৈছে। হায়দৰাবাদস্থিত ব্যক্তিগত মহাকাশ কোম্পানী স্কাইৰুট এৰ’স্পেচৰ দ্বাৰা নিৰ্মিত সম্পূৰ্ণ ভাৰত নিৰ্মিত ব্যক্তিগত কক্ষপথৰ ৰকেট বিক্ৰম-১ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হৈছে। এইয়া ভাৰতৰ ব্যক্তিগত খণ্ডৰ প্ৰথমটো অৰ্বিটেল ৰকেট উৎক্ষেপণৰ ভিতৰত অন্যতম, যিয়ে সমগ্ৰ দেশকে গৌৰৱান্বিত কৰাৰ সুযোগ প্ৰদান কৰিছে। বিক্ৰম-১ ৰকেট পুৱা প্ৰায় ১১.৩০ বজাত উৎক্ষেপণ কৰা হয়। ৰকেটটোৱে নিৰ্ধাৰিত সময়ত সকলো পৰ্যায় সম্পূৰ্ণ কৰে।

উপগ্ৰহটোক সঠিক কক্ষপথত স্থাপন কৰা হৈছে। ইছৰো (ISRO)ৰ বিজ্ঞানীসকলে উৎক্ষেপণৰ সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰিছিল। এই মিছনৰ নাম ‘আগমন’ ৰখা হৈছে।

এই উৎক্ষেপণ কেৱল স্কাইৰুট (Skyroot)ৰ বাবেই নহয়, বৰঞ্চ ভাৰতৰ সমগ্ৰ ব্যক্তিগত মহাকাশ খণ্ডৰ (Private Space Sector) বাবেও এক ডাঙৰ সুযোগ। ২০২০ বৰ্ষত চৰকাৰে মহাকাশ খণ্ডত ব্যাপক পৰিৱৰ্তন আনিছিল। ইয়াৰ পিছত ব্যক্তিগত কোম্পানীসমূহকো ৰকেট, উপগ্ৰহ আৰু উৎক্ষেপণ সেৱাৰ ওপৰত কাম কৰাৰ অনুমতি দিয়া হৈছিল।

স্কাইৰুটে ইয়াৰ পূৰ্বে ২০২২ চনত বিক্ৰম-S নামৰ এটা চাব-অৰ্বিটেল ৰকেট উৎক্ষেপণ কৰিছিল। কিন্তু সেই মিছনত উপগ্ৰহটোক কক্ষপথলৈ পঠোৱা হোৱা নাছিল। এইবাৰৰ লক্ষ্য সুকীয়া। বিক্ৰম-১ এ বহু গ্ৰাহকৰ সৰু সৰু উপগ্ৰহ পৃথিৱীৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ উচ্চতাৰ ল’-আৰ্থ অৰ্বিট (Low-Earth Orbit)লৈ লৈ যাব। তিনিটা উন্নয়নমূলক মিছন (Development Missions)ৰ ভিতৰত এইটো হ’ব প্ৰথমটো মিছন। ইয়াৰ পিছত ৰকেটটোক নিয়মীয়া ব্যৱসায়িক উৎক্ষেপণৰ বাবে প্ৰস্তুত কৰা হ’ব।

লগতে পঢ়ক: উৎক্ষেপণৰ বাবে সাজু  ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট ‘বিক্ৰম-১’

উৎক্ষেপণৰ বাবে সাজু  ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট ‘বিক্ৰম-১’

শনিবাৰে শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰিব স্কাইৰুট এৰ’স্পেচৰ বিক্ৰম-১ ৰকেট। এইটো ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত কক্ষপথৰ ৰকেটৰ প্ৰথম উৰণ।

শনিবাৰে পুৱা ১১:৩০ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা স্কাইৰুট এৰ’স্পেচৰ (Skyroot Aerospace) বিক্ৰম-১ ৰকেট উৎক্ষেপণ কৰা হ’ব। ভাৰতত কোনো ব্যক্তিগত কোম্পানীয়ে নিৰ্মাণ কৰা অৰ্বিটেল ক্লাছ ৰকেটৰ (orbital class rocket) এয়া প্ৰথম উৰণ হ’ব। এই মিছনটোৰ নাম দিয়া হৈছে ‘মিছন আগমন’।ইয়াক ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডৰ বাবে এক ডাঙৰ আৰু ঐতিহাসিক পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি ইয়াক এক ‘ঐতিহাসিক নতুন আৰম্ভণি’ বুলি অভিহিত কৰিছে।

হায়দৰাবাদৰ কোম্পানী স্কাইৰুট এৰ’স্পেচে বহু বছৰৰ পৰীক্ষণ আৰু প্ৰস্তুতিৰ অন্তত এই ৰকেটটো মুকলি কৰিবলৈ সাজু কৰি তুলিছে। প্ৰায় সাত মহলীয়া অট্টালিকাৰ সমান ওখ এই ৰকেটটোৰ সকলো জৰুৰী পৰীক্ষা সম্পূৰ্ণ হৈছে। অভিযন্তাসকলে ৰকেটটোৰ পৰীক্ষণ, টেলিমেট্ৰী পৰীক্ষা আৰু ৰাডাৰ ট্ৰেকিং আদি সকলো প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰিছে। স্কাইৰুটৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া (CEO) পৱন কুমাৰ চন্দনাই কয় যে মাটিত যিবোৰ পৰীক্ষা কৰিব লগা আছিল সেইসমূহ সকলো সম্পূৰ্ণ হৈছে আৰু এতিয়া কেৱল উৰণত ৰকেটটোৰ প্ৰদৰ্শন কেনে হয়, সেয়া চাবলৈ বাকী আছে।

এই ৰকেটটোৱে ৩৫০ কিলোগ্ৰাম পৰ্যন্ত ওজন কঢ়িয়াব পাৰে।বিক্ৰম-১ ৰকেটে বিভিন্ন কাৰিকৰী সঁজুলিক পৃথিৱীৰ পৰা ৪৫০ কিলোমিটাৰ ওপৰৰ এক বিশেষ কক্ষপথত স্থাপন কৰাৰ চেষ্টা কৰিব।ৰকেটটো কাৰ্বন কম্পোজিটৰ (carbon composite) সহায়ত তৈয়াৰ কৰা হৈছে আৰু ইয়াত কোম্পানীটোৱে নিজেই নিৰ্মাণ কৰা ইঞ্জিন ব্যৱহাৰ কৰিছে, যাৰ ভিতৰত ৩ডি প্ৰিন্টেড (3D printed) ইঞ্জিনো অন্তৰ্ভুক্ত হৈ আছে।

এই ৰকেটটোৰ জৰিয়তে গ্ৰহ স্পেচ (Graha Space), কছম’ছাৰ্ভ (Cosmoserve), ডি-কিউবড (D-Orbit / D-Qubed) আৰু স্কাইৰুটৰ নিজা পৰীক্ষামূলক সঁজুলিকে ধৰি কেইবাটাও কাৰিকৰী পেলোড প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে লিখা ‘বন্দে মাতৰম’ সম্বলিত পোষ্টকাৰ্ড, ইছৰোৰ (ISRO) বৰ্তমানৰ আৰু প্ৰাক্তন মুৰব্বীসকলৰ বাৰ্তা তথা ভাৰতীয় মহাকাশচাৰীসকলৰ বাৰ্তাও এই মিছনৰ জৰিয়তে পঠোৱা হৈছে।

কোম্পানীটোৰ দুই প্ৰতিষ্ঠাপক পৱন চন্দনা আৰু নাগা ভৰত ডাকাই পূৰ্বে ইছৰোত কাম কৰিছিল। তেওঁলোকৰ মতে, ৰকেটটোৱে সঠিকভাৱে উৰণ কৰাটোৱেই হ’ব তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ সফলতা। ২০২২ চনত সম্পন্ন হোৱা ‘বিক্ৰম-এছ’ (Vikram-S) মিছনৰ সফলতাৰ পিছত ইয়াক পৰৱৰ্তী ডাঙৰ পদক্ষেপ বুলি ধৰা হৈছে।

যদি এই মিছন সফল হয়, তেন্তে ই ভাৰতৰ ব্যক্তিগত মহাকাশ উদ্যোগৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিব। অনাগত সময়ত ইছৰোৰ সৈতে কান্ধত কান্ধ মিলাই ব্যক্তিগত কোম্পানীসমূহেও উপগ্ৰহ উৎক্ষেপণৰ কামত আগবাঢ়ি যাবলৈ সক্ষম হ’ব।

লগতে পঢ়ক: কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভ কৰিব দেশৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল

মহাকাশত সফলতাৰ এক নতুন অধ্যায় লিখিবলৈ সাজু ভাৰত; পিছ পৰি ৰ’ল আমেৰিকা

মহাকাশত এক নতুন মাইলৰ খুঁটি অৰ্জন কৰিবলৈ ওলাইছে ভাৰত। আজি সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (SDSC) PSLV-C62 ৰকেট উৎক্ষেপণ কৰা হ’ব

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোই এক নতুন ইতিহাস ৰচিবলৈ ওলাইছে।অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত আজি অৰ্থাৎ ১২ জানুৱাৰীৰ পুৱা ১০:১৭ বজাত IST ৰ পৰা সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (SDSC) PSLV-C62 ৰকেট উৎক্ষেপণ কৰা হ’ব।

পিএছএলভি-চি৬২ অভিযানৰ সফল উৎক্ষেপণৰ লগে লগে ভাৰতে কেৱল ২০২৬ চনৰ মহাকাশ কেলেণ্ডাৰৰ আৰম্ভণি কৰাই নহয়,বৰঞ্চ মহাকাশত উপগ্ৰহ ইন্ধন ভৰোৱা প্ৰযুক্তি আহৰণ কৰা বিশ্বৰ দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হ’ব।

এই পৰ্যন্ত কেৱল চীনেহে ইয়াত সফলতাৰে প্রদর্শন কৰিছে,আনহাতে আমেৰিকা আৰু ইউৰোপৰ দৰে মহাশক্তিয়ে এতিয়াও মহাকাশত এই প্ৰযুক্তি প্ৰমাণ কৰিব পৰা নাই।

এইটোৱেই হ’ব পিএছএলভিৰ ৬৪ সংখ্যক উৰণ, য’ত মূল পেলোড হিচাপে পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ ‘EOS-N1’ অন্তৰ্ভূক্ত। এই উপগ্ৰহটো থাইলেণ্ড আৰু ব্ৰিটেইনৰ যৌথ প্ৰযুক্তিৰে প্ৰস্তুত কৰা হৈছে।

অন্বেষা নামৰ এই উপগ্ৰহটো উন্নত হাইপাৰস্পেকট্ৰল ইমেজিং প্ৰযুক্তিৰে সজ্জিত।ই অতি বিশদ ফটো ল’ব পাৰে। এই উপগ্ৰহ PSLV-C62 ৰ সৈতে মহাকাশলৈ যাব আৰু উৎক্ষেপণৰ চাৰি ঘণ্টাৰ ভিতৰতে মহাকাশত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ ইন্ধন ভৰোৱাৰ প্ৰদৰ্শন কৰিব।

আয়ুলছেটে এটা টাৰ্গেট উপগ্ৰহ হিচাপে কাম কৰিব,যিয়ে মাইক্ৰ’গ্ৰেভিটিত তৰল পদাৰ্থ (ইন্ধন)ৰ আচৰণ অধ্যয়ন কৰিব।

যোৱা বছৰ চীনে অন-অৰ্বিট ইন্ধন ভৰোৱাৰ পৰীক্ষা কৰিছিল কিন্তু সেই বিষয়ে অতি কম তথ্যহে লাভ কৰিব পাৰে। আমেৰিকাৰ ব্যক্তিগত কোম্পানী এষ্ট্ৰ’স্কেলে এই প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে যদিও ইয়াৰ মিছন এতিয়াও আৰম্ভ হোৱা নাই।এনে পৰিস্থিতিত অৰ্বিটএইডৰ এই প্ৰচেষ্টাই বিশেষ প্ৰযুক্তিৰ দৌৰত ভাৰতক আগস্থানত ৰাখিব পাৰে।

লগতে পঢ়ক: নতুন বছৰৰ প্ৰথমটো সফলতাৰ বাবে সাজু ইছৰো…মহাকাশলৈ যাব ভাৰতৰ এই বিশেষ অভিযান

শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ NISAR; আগতীয়াকৈ লাভ কৰিব ভূমিকম্প আৰু ছুনামীৰ সতৰ্কতা

শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ NISAR

ভাৰত আৰু সমগ্ৰ বিশ্বৰ বাবে ৩০ জুলাই দিনটো এক ঐতিহাসিক হিচাপে পৰিগণিত হৈছে। কাৰণ আজি নাছা আৰু ইছৰোৰ যৌথ প্ৰকল্প NISAR (নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰ) উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰা হয়।

এই পৰিক্ষণ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা সন্ধিয়া ৫:৪০ বজাত কৰা হয়। যিটো ভাৰতৰ মহাকাশ বিজ্ঞানত এক ডাঙৰ জাঁপ হিচাপে দেখা গৈছে।  

NISAR ক পৃথিৱী নিৰীক্ষণৰ দিশত এক বৈপ্লৱিক পদক্ষেপ হিচাপে বিবেচিত হৈছে। ইয়াৰ ফলত ভূমিকম্প, চুনামী, আগ্নেয়গিৰি আৰু ভূমিস্খলনৰ দৰে বিপৰ্যয়জনক প্ৰাকৃতিক দুৰ্যোগৰ সময়মতে সতৰ্কবাণী প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে।

এই উপগ্ৰহটোক “পৃথিৱীৰ MRI স্কেনাৰ” বুলিও কোৱা হৈছে। কাৰণ ই পৃথিৱীৰ পৃষ্ঠৰ ইমান সুক্ষ্ম ছবি তুলিব পাৰে যিয়ে মাত্ৰ চেণ্টিমিটাৰ স্কেলতো পৰিৱৰ্তন ধৰা পেলাব পাৰে।

লগতে পঢ়ক: আজি উৎক্ষেপণ কৰা হ’ব নিছাৰ অভিযান; বিশ্বই দেখিব ভাৰতৰ মহাকাশ অভিযান্ত্ৰিকতাৰ শক্তি

শ্ৰীহৰিকোটাত শীঘ্ৰেই তৃতীয়টো লঞ্চ পেড লাভ কৰিব ইছৰোৱে, ৩,৯৮৪ কোটি টকাৰ প্ৰকল্পত মোদী কেবিনেটে জনালে অনুমোদন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱান মহাকাশ কেন্দ্ৰত থাৰ্ড লঞ্চ পেড (টি এল পি) স্থাপনৰ বাবে অনুমোদন জনাইছে । এই পদক্ষেপে ভাৰতৰ মহাকাশ উচ্চাকাংক্ষা বৃদ্ধি কৰিব । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই সন্দৰ্ভত তথ্য প্ৰদান কৰে ।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বৃহস্পতিবাৰে ইছৰোৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰত ৩,৯৮৫ কোটি টকা ব্যয় সাপেক্ষে তৃতীয়টো লঞ্চ পেড স্থাপনৰ বাবে অনুমোদন জনোৱা হয় ।

‘৪৮ মাহত সম্পূৰ্ণ হ’ব এই প্ৰকল্প’

চৰকাৰৰ এই সিদ্ধান্তৰ লক্ষ্য হৈছে ইছৰোৰ উৎক্ষেপণৰ আন্তঃগাঁথনি বৃদ্ধি কৰা আৰু পৰৱৰ্তী প্ৰজন্মৰ উৎক্ষেপণ বাহন (এন জি এল ভি)ক সমৰ্থন কৰা । টি এল পিয়ে বৰ্তমানৰ দ্বিতীয় লঞ্চ পেডৰ গুৰুত্বপূৰ্ণ বেকআপ হিচাপে কাম কৰিব, ভৱিষ্যতে মানৱ অভিযানৰ বাবে ভাৰতৰ সামৰ্থ্য বৃদ্ধি কৰিব । এই প্ৰকল্পৰ আনুমানিক ব্যয় ৩,৯৮৪.৮৬ কোটি টকা । এই প্ৰকল্পটো ৪৮ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ।

নতুন লঞ্চ পেডটো এন জি এল ভি  (NGLV) আৰু এল ভি এম৩ বাহনকে ধৰি বিভিন্ন কনফিগাৰেচনৰ বাবে ডিজাইন কৰা হৈছে, উদ্যোগৰ অংশগ্ৰহণ বৃদ্ধি আৰু লঞ্চ পেড নিৰ্মাণৰ ক্ষেত্ৰত ইছৰোৰ বিস্তৃত অভিজ্ঞতাক লাভৱান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

তৃতীয়টো লঞ্চ পেড যিমান পাৰি সাৰ্বজনীন আৰু অভিযোজিত কনফিগাৰেচনৰ বাবে ডিজাইন কৰা হৈছে যিয়ে কেৱল এন জি এল ভিয়েই নহয়, চেমি ক্ৰাইজেনিক ষ্টেজৰ লগতে এন এন জি এল ভিৰ স্কেল আপ কনফিগাৰেচনৰ সৈতে এল ভি এম ৩ বাহনকো সমৰ্থন কৰিব পাৰে ।

ইছৰোৰ আছে দুটা লঞ্চ পেড-

বৰ্তমান ভাৰতৰ মহাকাশ অভিযান দুটা কাৰ্যকৰী লঞ্চ পেডৰ ওপৰত নিৰ্ভৰশীল, ৩০ বছৰ পূৰ্বে পি এছ এল ভি উৎক্ষেপণৰ বাবে স্থাপন কৰা প্ৰথম লঞ্চ পেড (এফ এল পি) আৰু প্ৰায় ২০ বছৰ ধৰি অবিৰত সেৱাত থকা দ্বিতীয় লঞ্চ পেড (এছ এল পি)।

ভাৰতে ২০৪০ চনৰ ভিতৰত ভাৰতীয় মহাকাশ কেন্দ্ৰ আৰু সম্ভাৱ্য ক্ৰুযুক্ত চন্দ্ৰ অভিযানকে ধৰি অধিক অভিলাষী প্ৰকল্পৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে টি এল পি স্থাপন কৰাটো প্ৰয়োজনীয় ।

অহা ২৫-৩০ বছৰত ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ উদীয়মান প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে এই অভিযোজন ক্ষমতা অতি গুৰুত্বপূৰ্ণ । তৃতীয়টো লঞ্চ পেড স্থাপনে ইছৰোৰ সামৰ্থ্য বৃদ্ধি কৰাই নহয়, বিশ্ব মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ স্থান বৃদ্ধিৰ দিশতো এক কৌশলগত পদক্ষেপৰ চিন স্বৰূপ ।