নাছাৰ প্ৰখ্যাত চাইকী মহাকাশযানে শেহতীয়াকৈ মঙল গ্ৰহৰ অতি কাষেৰে এক ঐতিহাসিক হাই-স্পীড ফ্লাইবাই সফলতাৰে সম্পূৰ্ণ কৰিছে
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ (NASA)-ই লাভ কৰিছে এক অভূতপূৰ্ব বৈজ্ঞানিক তথা কাৰিকৰী সফলতা । নাছাৰ প্ৰখ্যাত ‘চাইকী‘ (Psyche) মহাকাশযানে শেহতীয়াকৈ মঙল গ্ৰহৰ অতি কাষেৰে এক ঐতিহাসিক ‘হাই-স্পীড ফ্লাইবাই’ (High-speed flyby) সফলতাৰে সম্পূৰ্ণ কৰিছে । ১৫ মে’ত সংঘটিত এই গুৰুত্বপূৰ্ণ পৰ্যায়টোত যানখনে মঙল গ্ৰহৰ পৃষ্ঠৰ পৰা মাত্ৰ ৪,৬০৯ কিলোমিটাৰ দূৰত্বলৈকে যাবলৈ সক্ষম হয় আৰু তাৰ পৰাই পৃথিৱীলৈ প্ৰেৰণ কৰে ৰঙা গ্ৰহটোৰ অত্যন্ত স্পষ্ট তথা বিৰল কিছুমান আলোকচিত্ৰ ।
‘গ্ৰেভিটি এচিষ্ট’ প্ৰযুক্তিৰ সফল প্ৰয়োগ-
বিজ্ঞানীসকলৰ মতে, চাইকী মহাকাশযানখন মঙলৰ ইমান কাষলৈ যোৱাৰ মূল কাৰণ আছিল গ্ৰহটোৰ মধ্যাকৰ্ষণ শক্তিৰ সুবিধা লোৱা । মহাকাশ বিজ্ঞানৰ ভাষাত ইয়াক ‘গ্ৰেভিটি এচিষ্ট’ (Gravity Assist) বুলি জনা যায় । এই প্ৰযুক্তিৰ জৰিয়তে কোনো ইন্ধন খৰচ নকৰাকৈ কেৱল মঙলৰ মহাকৰ্ষণ শক্তিক ব্যৱহাৰ কৰি যানখনৰ গতিবেগ অভূতপূৰ্বভাৱে বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ দিশ সলনি কৰি এক সঠিক কক্ষপথত স্থাপন কৰা হৈছে । ইয়াৰ ফলত ভৱিষ্যতৰ দীৰ্ঘদিনীয়া যাত্ৰাৰ বাবে যানখনৰ বহু পৰিমাণৰ ইন্ধন ৰাহি হ’ব ।
বন্দী হ’ল বিশাল ‘হিউজেন্স ক্ৰেটাৰ’ৰ দৃশ্য-
এই উৰণৰ সময়ছোৱাত চাইকী যানখনত থকা অত্যাধুনিক ‘মাল্টিস্পেক্ট্ৰেল ইমেজাৰ’ (Multispectral Imager)-এ মঙলৰ দক্ষিণ উচ্চভূমি অঞ্চলৰ কেইবাখনো আশ্চৰ্যজনক ছবি কেমেৰাবদ্ধ কৰে । ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য ছবিখন হৈছে মঙলৰ বুকুত থকা বিশাল ডাবল-ৰিং যুক্ত ‘হিউজেন্স ক্ৰেটাৰ’ (Huygens Crater) । প্ৰায় ৪৭০ কিলোমিটাৰ ব্যাসৰ এই প্ৰাচীন আৰু গাঁতেৰে ভৰা ক্ৰেটাৰটোৰ ছবি ইমান স্পষ্টকৈ পূৰ্বে কেতিয়াও দেখা পোৱা নাছিল । এই ছবিসমূহে মঙল গ্ৰহৰ ভূতাত্ত্বিক ইতিহাস আৰু ক্ৰমবিকাশৰ ৰহস্য উদ্ঘাটন কৰাত বিজ্ঞানীসকলক যথেষ্ট সহায় কৰিব ।
গভীৰ মহাকাশ অভিযানৰ বাবে নতুন আশা-
নাছা আৰু জেট প্ৰপালচন লেবৰেটৰী (JPL)-ৰ বিজ্ঞানীসকলে এই ঘটনাক সমগ্ৰ চাইকী অভিযানৰে আটাইতকৈ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে অভিহিত কৰিছে । বিশেষজ্ঞসকলৰ মতে, ইন্ধন অবিহনে কেৱল প্ৰাকৃতিক বল প্ৰয়োগ কৰি মহাকাশযানৰ গতি সলনি কৰাৰ এই সফলতাই ভৱিষ্যতৰ দূৰৱৰ্তী গ্ৰহ আৰু গ্ৰহাণুপুঞ্জ (Asteroids) অভিযানসমূহলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিব । বৰ্তমান চাইকী মহাকাশযানে নিজৰ মূল লক্ষ্য অৰ্থাৎ ধাতুৰে সমৃদ্ধ ‘১৬ চাইকী’ (16 Psyche) নামৰ বিশেষ গ্ৰহাণুটোৰ দিশে তীব্ৰ গতিত অগ্ৰসৰ হৈছে ।
লগতে পঢ়ক : স্পেচএক্সৰ ইতিহাস : প্ৰথমবাৰৰ বাবে সফলতাৰে উৎক্ষেপণ কৰা হ’ল ‘ষ্টাৰশ্বিপ ভি৩’









