স্পেচএক্সৰ ইতিহাস : প্ৰথমবাৰৰ বাবে সফলতাৰে উৎক্ষেপণ কৰা হ’ল 'ষ্টাৰশ্বিপ ভি৩'

স্পেচএক্সৰ ইতিহাস : প্ৰথমবাৰৰ বাবে সফলতাৰে উৎক্ষেপণ কৰা হ’ল ‘ষ্টাৰশ্বিপ ভি৩’

শুকুৰবাৰে সন্ধিয়া ইয়াৰ পৰৱৰ্তী প্ৰজন্মৰ ষ্টাৰশ্বিপ মহাকাশযানৰ দ্বাদশটো পৰীক্ষামূলক উৰণ সফলতাৰে সম্পন্ন কৰি এক নতুন ইতিহাস ৰচনা কৰিছে বিশ্বৰ অন্যতম আগশাৰীৰ ব্যক্তিগত মহাকাশ গৱেষণা সংস্থা ‘SpaceX‘ এ যোৱা শুকুৰবাৰে সন্ধিয়া ইয়াৰ পৰৱৰ্তী প্ৰজন্মৰ ষ্টাৰশ্বিপ মহাকাশযানৰ দ্বাদশটো পৰীক্ষামূলক উৰণ সফলতাৰে সম্পন্ন কৰি এক নতুন ইতিহাস ৰচনা

শুকুৰবাৰে সন্ধিয়া ইয়াৰ পৰৱৰ্তী প্ৰজন্মৰ ষ্টাৰশ্বিপ মহাকাশযানৰ দ্বাদশটো পৰীক্ষামূলক উৰণ সফলতাৰে সম্পন্ন কৰি এক নতুন ইতিহাস ৰচনা কৰিছে

বিশ্বৰ অন্যতম আগশাৰীৰ ব্যক্তিগত মহাকাশ গৱেষণা সংস্থা ‘SpaceX‘ এ যোৱা শুকুৰবাৰে সন্ধিয়া ইয়াৰ পৰৱৰ্তী প্ৰজন্মৰ ষ্টাৰশ্বিপ মহাকাশযানৰ দ্বাদশটো পৰীক্ষামূলক উৰণ সফলতাৰে সম্পন্ন কৰি এক নতুন ইতিহাস ৰচনা কৰিছে । এইয়া আছিল সম্পূৰ্ণৰূপে উন্নীতকৰণ কৰা ‘ষ্টাৰশ্বিপ আৰু ছুপাৰ হেভী ভাৰ্চন ৩’ (Starship and Super Heavy Version 3) যানৰ প্ৰথমটো উৰণ । একে সময়তে এই অভিযানৰ জৰিয়তে কোম্পানীটোৰ আটাইতকৈ শক্তিশালী আৰু নতুন ‘ৰেপ্টৰ ৩’ (Raptor 3) ইঞ্জিনৰো প্ৰথম অভিষেক ঘটে ।

SpaceX ৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, টেক্সাছৰ ষ্টাৰবেছত অৱস্থিত কোম্পানীটোৰ নতুন ‘পেড ২’ (Pad 2) প্ৰকল্পৰ পৰা কেন্দ্ৰীয় সময় অনুসৰি বিয়লি ৫:৩০ বজাত এই বিশাল ৰকেটটো উৎক্ষেপণ কৰা হয় । নতুন উৎক্ষেপণ স্থানৰ পৰা কৰা এয়া প্ৰথমটো ষ্টাৰশ্বিপ অভিযান আছিল ।

প্ৰত্যাহ্বান আৰু সফলতা-

যাত্ৰাৰ আৰম্ভণিতে ছুপাৰ হেভী বুষ্টাৰত থকা আটাইকেইটা ৩৩ টা ৰেপ্টৰ ৩ ইঞ্জিনে সফলতাৰে প্ৰজ্বলিত হৈ যানখনক গালফ অব্ আমেৰিকাৰ ওপৰেৰে আকাশমাৰ্গলৈ লৈ যায় । মাজভাগতে এটা ইঞ্জিন বন্ধ হৈ গৈছিল যদিও বুষ্টাৰটোৱে ইয়াৰ প্ৰথম পৰ্যায়ৰ আৰোহণ সফলতাৰে সম্পূৰ্ণ কৰে । ইয়াৰ পিছতে যানখনে এটা জটিল ‘হট-ষ্টেজিং মেনুভাৰ’ (hot-staging manoeuvre) কাৰ্যকৰী কৰে, যাৰ ফলত ষ্টাৰশ্বিপৰ ওপৰৰ অংশটোৱে নিজৰ ৬ টা ৰেপ্টৰ ইঞ্জিন ব্যৱহাৰ কৰি মহাকাশৰ দিশে গতি কৰে । মহাকাশলৈ বুলি আগবঢ়াৰ সময়ত ষ্টাৰশ্বিপে তাৰ এটা ভেকুৱাম-অপ্টিমাইজড ৰেপ্টৰ ৩ ইঞ্জিন হেৰুৱাবলগীয়া হয়, তথাপিও ই নিজৰ পৰিকল্পিত গতিপথ বজাই ৰাখি যানখনৰ “ইঞ্জিন বিকল হ’লেও কাম চলাই যাব পৰা বিশেষ ক্ষমতা” (engine-out capability) প্ৰদৰ্শন কৰে ।

উপগ্ৰহ মোতায়েন আৰু সাগৰত অৱতৰণ-

এই অভিযানৰ আন এক বিশেষত্ব আছিল যে ইয়াৰ জৰিয়তে প্ৰথমবাৰৰ বাবে মহাকাশত ২০ টা ষ্টাৰলিংক চিমুলেটৰ আৰু দুটা ৰূপান্তৰিত ষ্টাৰলিংক উপগ্ৰহ সফলতাৰে মোতায়েন কৰা হয় । এই উপগ্ৰহ দুটা বিশেষভাৱে মহাকাশত ষ্টাৰশ্বিপৰ উচ্চমানৰ ছবি গ্ৰহণ কৰিবলৈ ডিজাইন কৰা হৈছিল ।

পৰৱৰ্তী পৰ্যায়ত, ছুপাৰ হেভী বুষ্টাৰটোৱে পৃথিৱীলৈ ঘূৰি অহাৰ বাবে ‘বুষ্টবেক বাৰ্ন’ (boostback burn) ৰ চেষ্টা চলায় যদিও কাৰিকৰী কাৰণত সকলোবোৰ ইঞ্জিন প্ৰজ্বলিত নোহোৱাত ই গালফ অব্ আমেৰিকাত তীব্ৰ গতিৰে আছাত খাই পৰে (hard splashdown)। আনহাতে, মূল ষ্টাৰশ্বিপ মহাকাশযানখনে পৃথিৱীৰ বায়ুমণ্ডলত পুনৰ প্ৰৱেশ কৰি ইয়াৰ হিটশ্বিল্ড আৰু গাঠনিক দৃঢ়তাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰে । শেষত যানখনে পূৰ্ব-নিৰ্ধাৰিত স্থানলৈ নিজকে পৰিচালিত কৰি দুটা ৰেপ্টৰ ইঞ্জিনৰ সহায়ত সফলতাৰে সাগৰৰ বুকুত অৱতৰণ (splashdown) কৰে ।

প্ৰথম প্ৰচেষ্টা বাতিল আৰু নতুন নক্সা-

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম ‘নিউয়ৰ্ক পষ্ট’ৰ বাতৰি অনুসৰি, ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে কৰা প্ৰথমটো উৎক্ষেপণৰ প্ৰচেষ্টা ৰকেটৰ ইন্ধনৰ উষ্ণতা সম্পৰ্কীয় কেতবোৰ সমস্যাৰ বাবে বাতিল কৰা হৈছিল । SpaceX ৰ এজন প্ৰতিনিধিয়ে এই সন্দৰ্ভত কয়, “নতুন ৰকেট, নতুন পেড, আমি এই ব্যৱস্থাসমূহ প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰাৰ লগে লগে বহু নতুন কথা শিকিব পাৰিছোঁ ।”

উল্লেখ্য যে, নতুনকৈ সজোৱা এই ‘ষ্টাৰশ্বিপ V৩’ মহাকাশযানখন ৪০৭ ফুট ওখ, যিটো ইয়াৰ পূৰ্বৰ সংস্কৰণতকৈ চাৰি ফুট বেছি ওখ । ইয়াত ব্যৱহাৰ কৰা অত্যাধুনিক প্ৰপালচন চিষ্টেমে দীৰ্ঘদিনীয়া মহাকাশ অভিযানৰ বাবে অধিক ইন্ধন কঢ়িয়াব পাৰিব । SpaceX ৰ মুৰব্বী ইলন মাস্কৰ মতে, এই ষ্টাৰশ্বিপেই হৈছে সেই ঐতিহাসিক মহাকাশযান যিয়ে ভৱিষ্যতে মানুহক চন্দ্ৰ আৰু মঙল গ্ৰহলৈ কঢ়িয়াই লৈ যাব । নাছাৰ অভিলাষী ‘আৰ্টেমিল’ চন্দ্ৰ অভিযান কাৰ্যসূচীত এই যানখনে এক কেন্দ্ৰীয় ভূমিকা পালন কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ভাৰতৰ প্ৰতিৰক্ষা হ’ব অধিক শক্তিশালী: অগ্নি-১ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ