উৎক্ষেপণৰ বাবে সাজু  ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট ‘বিক্ৰম-১’

শনিবাৰে শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰিব স্কাইৰুট এৰ’স্পেচৰ বিক্ৰম-১ ৰকেট। এইটো ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত কক্ষপথৰ ৰকেটৰ প্ৰথম উৰণ।

শনিবাৰে পুৱা ১১:৩০ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা স্কাইৰুট এৰ’স্পেচৰ (Skyroot Aerospace) বিক্ৰম-১ ৰকেট উৎক্ষেপণ কৰা হ’ব। ভাৰতত কোনো ব্যক্তিগত কোম্পানীয়ে নিৰ্মাণ কৰা অৰ্বিটেল ক্লাছ ৰকেটৰ (orbital class rocket) এয়া প্ৰথম উৰণ হ’ব। এই মিছনটোৰ নাম দিয়া হৈছে ‘মিছন আগমন’।ইয়াক ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডৰ বাবে এক ডাঙৰ আৰু ঐতিহাসিক পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি ইয়াক এক ‘ঐতিহাসিক নতুন আৰম্ভণি’ বুলি অভিহিত কৰিছে।

হায়দৰাবাদৰ কোম্পানী স্কাইৰুট এৰ’স্পেচে বহু বছৰৰ পৰীক্ষণ আৰু প্ৰস্তুতিৰ অন্তত এই ৰকেটটো মুকলি কৰিবলৈ সাজু কৰি তুলিছে। প্ৰায় সাত মহলীয়া অট্টালিকাৰ সমান ওখ এই ৰকেটটোৰ সকলো জৰুৰী পৰীক্ষা সম্পূৰ্ণ হৈছে। অভিযন্তাসকলে ৰকেটটোৰ পৰীক্ষণ, টেলিমেট্ৰী পৰীক্ষা আৰু ৰাডাৰ ট্ৰেকিং আদি সকলো প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰিছে। স্কাইৰুটৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া (CEO) পৱন কুমাৰ চন্দনাই কয় যে মাটিত যিবোৰ পৰীক্ষা কৰিব লগা আছিল সেইসমূহ সকলো সম্পূৰ্ণ হৈছে আৰু এতিয়া কেৱল উৰণত ৰকেটটোৰ প্ৰদৰ্শন কেনে হয়, সেয়া চাবলৈ বাকী আছে।

এই ৰকেটটোৱে ৩৫০ কিলোগ্ৰাম পৰ্যন্ত ওজন কঢ়িয়াব পাৰে।বিক্ৰম-১ ৰকেটে বিভিন্ন কাৰিকৰী সঁজুলিক পৃথিৱীৰ পৰা ৪৫০ কিলোমিটাৰ ওপৰৰ এক বিশেষ কক্ষপথত স্থাপন কৰাৰ চেষ্টা কৰিব।ৰকেটটো কাৰ্বন কম্পোজিটৰ (carbon composite) সহায়ত তৈয়াৰ কৰা হৈছে আৰু ইয়াত কোম্পানীটোৱে নিজেই নিৰ্মাণ কৰা ইঞ্জিন ব্যৱহাৰ কৰিছে, যাৰ ভিতৰত ৩ডি প্ৰিন্টেড (3D printed) ইঞ্জিনো অন্তৰ্ভুক্ত হৈ আছে।

এই ৰকেটটোৰ জৰিয়তে গ্ৰহ স্পেচ (Graha Space), কছম’ছাৰ্ভ (Cosmoserve), ডি-কিউবড (D-Orbit / D-Qubed) আৰু স্কাইৰুটৰ নিজা পৰীক্ষামূলক সঁজুলিকে ধৰি কেইবাটাও কাৰিকৰী পেলোড প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে লিখা ‘বন্দে মাতৰম’ সম্বলিত পোষ্টকাৰ্ড, ইছৰোৰ (ISRO) বৰ্তমানৰ আৰু প্ৰাক্তন মুৰব্বীসকলৰ বাৰ্তা তথা ভাৰতীয় মহাকাশচাৰীসকলৰ বাৰ্তাও এই মিছনৰ জৰিয়তে পঠোৱা হৈছে।

কোম্পানীটোৰ দুই প্ৰতিষ্ঠাপক পৱন চন্দনা আৰু নাগা ভৰত ডাকাই পূৰ্বে ইছৰোত কাম কৰিছিল। তেওঁলোকৰ মতে, ৰকেটটোৱে সঠিকভাৱে উৰণ কৰাটোৱেই হ’ব তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ সফলতা। ২০২২ চনত সম্পন্ন হোৱা ‘বিক্ৰম-এছ’ (Vikram-S) মিছনৰ সফলতাৰ পিছত ইয়াক পৰৱৰ্তী ডাঙৰ পদক্ষেপ বুলি ধৰা হৈছে।

যদি এই মিছন সফল হয়, তেন্তে ই ভাৰতৰ ব্যক্তিগত মহাকাশ উদ্যোগৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিব। অনাগত সময়ত ইছৰোৰ সৈতে কান্ধত কান্ধ মিলাই ব্যক্তিগত কোম্পানীসমূহেও উপগ্ৰহ উৎক্ষেপণৰ কামত আগবাঢ়ি যাবলৈ সক্ষম হ’ব।

লগতে পঢ়ক: কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভ কৰিব দেশৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল

গগনযানৰ বিজ্ঞানী-অভিযন্তাৰ পদত্যাগ আৰু অৱসৰত কেন্দ্ৰৰ নিষেধাজ্ঞা

অভিলাষী গগনযান মিছনৰ সৈতে জড়িত কোনো বিজ্ঞানী বা অভিযন্তাই এতিয়াৰে পৰা সহজে পদত্যাগ কৰিব নোৱাৰিব নাইবা আগতীয়া অৱসৰো ল’ব নোৱাৰিব

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ পৰা ধাৰাবাহিকভাৱে অভিজ্ঞ বিজ্ঞানী আৰু অভিযন্তাসকল আঁতৰি যোৱাৰ খবৰে উদ্বেগৰ সৃষ্টি কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ মহাকাশ বিভাগে যোৱা ১৪ জুলাইত জাৰি কৰিছে এক জৰুৰী নিৰ্দেশনা ।

এই নতুন নিৰ্দেশনা অনুসৰি, দেশৰ অতি গুৰুত্বপূৰ্ণ তথা অভিলাষী ‘গগনযান‘ (Gaganayaan) মিছনৰ সৈতে জড়িত কোনো বিজ্ঞানী বা অভিযন্তাই এতিয়াৰে পৰা সহজে পদত্যাগ কৰিব নোৱাৰিব নাইবা আগতীয়া অৱসৰো ল’ব নোৱাৰিব ।

কি আছে চৰকাৰৰ নতুন নিৰ্দেশনাত?

চৰকাৰে দেশৰ সকলো ইছৰো কেন্দ্ৰক কঠোৰভাৱে নিৰ্দেশ দিছে যে গগনযান আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে জড়িত বিজ্ঞানীসকলৰ পদত্যাগ বা অৱসৰৰ কোনো আবেদন কেন্দ্ৰসমূহে পোনে পোনে গ্ৰহণ কৰিব নোৱাৰিব । এনে প্ৰতিটো আবেদন পোনপটীয়াকৈ দিল্লীস্থিত ‘মহাকাশ বিভাগ’ (Department of Space)লৈ প্ৰেৰণ কৰিব লাগিব আৰু তাৰ পৰাই ইয়াৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব । চৰকাৰে নিজেই স্বীকাৰ কৰিছে যে এনে অৱসৰ আৰু পদত্যাগৰ আবেদন বৃদ্ধি পোৱাৰ বাবেই দেশৰ বহু গুৰুত্বপূৰ্ণ অভিযান এতিয়া স্থবিৰ হোৱাৰ দিশে গতি কৰিছে ।

কিন্তু কিয় ইছৰো এৰিব বিচাৰিছে বিজ্ঞানীসকলে?

এসময়ত ইছৰো আছিল দেশৰ আটাইতকৈ মেধাৱী যুৱ প্ৰজন্মৰ বাবে এক সপোনৰ প্ৰতিষ্ঠান । কিন্তু বৰ্তমান সময়ত ইছৰোৰ পৰা বহু অভিজ্ঞ তথা যুৱ বিজ্ঞানীয়ে বাহিৰৰ পথ বাছি লৈছে । ইয়াৰ মূল কাৰণসমূহ হৈছে:

আকৰ্ষণীয় পেকেজ: ব্যক্তিগত মহাকাশ কোম্পানীবোৰে বিজ্ঞানীসকলক বহুগুণে অধিক দৰমহা আৰু উন্নত সুযোগ দিছে ।

কৰ্ম-সংস্কৃতিৰ পৰিৱৰ্তন: ইছৰোৰ ভিতৰচ’ৰাত এতিয়া আমোলাতন্ত্ৰ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে । সিদ্ধান্ত গ্ৰহণত পলম হোৱা আৰু কঠোৰ নিয়মৰ বাবে বিজ্ঞানীসকলে কাম কৰাৰ স্বাধীনতা হেৰুৱাই পেলাইছে ।

কৰ্ম-জীৱনৰ ভাৰসাম্য: অত্যধিক কৰ্মচাপৰ বিপৰীতে উন্নত পৰিৱেশ আৰু সঠিক পদোন্নতিৰ অভাৱে যুৱ প্ৰজন্মক হতাশ কৰি তুলিছে ।

গগনযান মিছনলৈ সংকট!

ভাৰতৰ প্ৰথমটো মানৱবাহী মহাকাশ অভিযান ‘গগনযান’ অতি জটিল প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল । এই অভিযানৰ সৈতে জড়িত বিজ্ঞানী আৰু বিশেষজ্ঞসকল যদি মাজপথতে আঁতৰি যায়, তেন্তে সমগ্ৰ মিছনটোৱেই এক গভীৰ অনিশ্চয়তাৰ দিশে গতি কৰিব ।

বিশেষজ্ঞৰ মত: “চৰকাৰে লোৱা এই বাধা-নিষেধৰ সিদ্ধান্তটো কেৱল এক সাময়িক উপশমহহে । জোৰ-জুলুমকৈ বিজ্ঞানীসকলক ধৰি ৰাখি কেতিয়াও দীৰ্ঘম্যাদী সমাধান সম্ভৱ নহয় ।”

লগতে পঢ়ক : আঠ মাহৰ বাবে মহাকাশলৈ ৰাওনা অনিল মেনন; মানৱ শৰীৰত মাইক্ৰ’গ্ৰেভিটিক লৈ কৰিব অধ্যয়ন

মানৱ জাতিলৈ বিপদ মাতিছে মহাকাশৰ আৱৰ্জনাইঃ স্তব্ধ হৈ পৰিব পাৰে জীৱন!

বিজ্ঞানীসকলে এক গুৰুতৰ সতৰ্কবাণী জাৰি কৰি কৈছে যে মহাকাশত জমা হোৱা এই আৱৰ্জনাবোৰ ক্ষিপ্ৰগতিত সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ বিপদ হৈ দেখা দিছে

বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব উন্নতিৰ লগে লগে বৰ্তমান সময়ত পৃথিৱীৰ সমান্তৰালভাৱে মহাকাশত এক নতুন সংকট ঘনীভূত হৈ পৰিছে । এই সংকট হৈছে ‘মহাকাশৰ আৱৰ্জনা’ বা স্পেচ ডেব্ৰি (Space Debris) । বিজ্ঞানীসকলে এক গুৰুতৰ সতৰ্কবাণী জাৰি কৰি কৈছে যে মহাকাশত জমা হোৱা এই আৱৰ্জনাবোৰ ক্ষিপ্ৰগতিত সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ বিপদ হৈ দেখা দিছে, যিয়ে আমাৰ আধুনিক জীৱন যাত্ৰাক মূহূৰ্তৰ ভিতৰতে স্তব্ধ কৰি দিব পাৰে ।

পুৰণি নিষ্ক্ৰিয় উপগ্ৰহ, ৰকেটৰ ভঙা অংশ আৰু মহাকাশত হোৱা বিভিন্ন বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সৰু সৰু টুকুৰাবোৰেই হৈছে এই আৱৰ্জনা । আচৰিত কথাটো হ’ল, এই আৱৰ্জনাবোৰে পৃথিৱীৰ চাৰিওফালে প্ৰায় ২৮,০০০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ তীব্ৰ বেগত ঘূৰি ফুৰিছে । ইমান তীব্ৰ গতিৰ বাবে এটা সৰু টুকুৰায়ো সক্ৰিয় উপগ্ৰহসমূহ ধ্বংস কৰি পেলাব পাৰে ।

মহাকাশৰ এই আৱৰ্জনাবোৰে আমাৰ দৈনন্দিন জীৱনত কেনেধৰণৰ ভয়াবহ প্ৰভাৱ পেলাব পাৰে-

নেভিগেচন চিষ্টেম সম্পূৰ্ণ বিকল হোৱাৰ আশংকা-

বৰ্তমান সময়ত গাড়ী, বিমান, জাহাজৰ পৰা আদি কৰি আমাৰ ম’বাইলৰ খাদ্য যোগান ধৰা এপসমূহলৈকে সকলোতে জিপিএছ (GPS) উপগ্ৰহ ব্যৱহাৰ কৰা হয় । যদি মহাকাশৰ আৱৰ্জনাই এই উপগ্ৰহসমূহৰ ক্ষতি কৰে, তেন্তে সমগ্ৰ বিশ্বৰ নেভিগেচন চিষ্টেম বিকল হৈ পৰিব । ইয়াৰ ফলত বিমান আৰু জাহাজসমূহে দিশ হেৰুৱাই ডাঙৰ দুৰ্ঘটনাত পতিত হ’ব পাৰে আৰু স্মাৰ্টফোনৰ মেপ (Map) সেৱা সম্পূৰ্ণ বন্ধ হৈ পৰিব ।

ম’বাইল আৰু বেংকিং সেৱা স্তব্ধ হ’ব-

গোলকীয় ইণ্টাৰনেট সংযোগ, ম’বাইল নেটৱৰ্ক আৰু ছেটেলাইট টেলিভিছন সেৱা সম্পূৰ্ণৰূপে উপগ্ৰহৰ ওপৰত নিৰ্ভৰশীল । মহাকাশত এটা ডাঙৰ সংঘৰ্ষই সমগ্ৰ বিশ্বৰ ইণ্টাৰনেট আৰু যোগাযোগ ব্যৱস্থা বিছিন্ন কৰি দিব পাৰে । ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিব বিত্তীয় খণ্ডত । এটিএম, অনলাইন বেংকিং, শ্বেয়াৰ বজাৰ আৰু ডিজিটেল পেমেণ্ট ব্যৱস্থাবোৰ উপগ্ৰহৰ নিখুঁত সময়ৰ ওপৰত চলে । উপগ্ৰহ বিকল হ’লে সমগ্ৰ অৰ্থনীতি থমকি ৰ’ব ।

বতৰৰ আগজাননীত বাধা আৰু প্ৰাকৃতিক দুৰ্যোগৰ আশংকা-

বতৰ বিজ্ঞানৰ উপগ্ৰহসমূহৰ সহায়ত বিজ্ঞানীসকলে ঘূৰ্ণীবতাহ, ধুমুহা, বানপানী আৰু খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী দিয়ে । এই উপগ্ৰহবোৰ নষ্ট হ’লে দুৰ্যোগৰ সতৰ্কবাণী প্ৰণালী বন্ধ হৈ পৰিব, যাৰ ফলত লাখ লাখ মানুহৰ জীৱন বিপন্ন হ’ব পাৰে। লগতে আকাশী যাতায়ত ব্যৱস্থাতো ইয়াৰ ভয়ংকৰ প্ৰভাৱ পৰিব ।

‘কেছলাৰ চিনড্ৰম’ৰ ভয়ংকৰ বিপদ-

বিজ্ঞানীসকল বৰ্তমান আটাইতকৈ বেছি চিন্তিত ‘কেছলাৰ চিনড্ৰম’ক (Kessler Syndrome) লৈ । এই পৰিস্থিতিত মহাকাশত থকা কোনো আৱৰ্জনা আন এটা বস্তুৰ সৈতে খুন্দা খালে হাজাৰ হাজাৰ নতুন টুকুৰাৰ সৃষ্টি হ’ব । এই টুকুৰাবোৰে আকৌ আন উপগ্ৰহক খুন্দা মাৰিব । এইদৰে এটা শৃংখল বিক্ৰিয়া (Chain Reaction) আৰম্ভ হ’ব, যাৰ ফলত ভৱিষ্যতে নতুন উপগ্ৰহ উৎক্ষেপণ কৰা বা মহাকাশ অভিযান চলোৱাটো অসম্ভৱ হৈ পৰিব ।

মানুহ আৰু মহাকাশচাৰীৰ প্ৰাণৰ সংশয়-

আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচন আৰু ভাৰতৰ আগন্তুক মহাকাশ অভিযানসমূহৰ মহাকাশচাৰীসকলৰ বাবে এই আৱৰ্জনা আটাইতকৈ ডাঙৰ শত্ৰু । এটি ক্ষুদ্ৰ কণিকায়ো মহাকাশযানৰ খিৰিকী বা দেৱাল থকা-সৰকা কৰিব পাৰে ।

কেৱল মহাকাশতে নহয়, পৃথিৱীৰ বুকুত থকা মানুহৰ বাবেও ই বিপদ কঢ়িয়াই আনিব পাৰে । যদিও বেছিভাগ আৱৰ্জনা বায়ুমণ্ডলত প্ৰৱেশ কৰোঁতেই জ্বলি ছাই হয়, তথাপিও ৰকেটৰ ডাঙৰ অংশবোৰ পোনপটীয়াভাৱে পৃথিৱীৰ পৃষ্ঠত খহি পৰাৰ সম্ভাৱনা থাকে । বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে কিছুমান পুৰণি উপগ্ৰহত বিপজ্জনক তেজস্ক্ৰিয় পদাৰ্থ থাকে, যিবোৰ পৃথিৱীত পৰিলে এক বৃহৎ অঞ্চলত পাৰমাণৱিক প্ৰদূষণৰ সৃষ্টি হ’ব পাৰে ।

মহাকাশৰ এই আৱৰ্জনা কেৱল বিজ্ঞানীসকলৰ বাবে এক গৱেষণাৰ বিষয় হৈ থকা নাই, বৰঞ্চ ই প্ৰতিগৰাকী আধুনিক মানুহৰ অস্তিত্বৰ প্ৰতি এক প্ৰত্যাহ্বান হৈ পৰিছে । যদি সময় থাকোতেই বিশ্বৰ মহাশক্তিধৰ দেশসমূহে এই আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে কোনো সঠিক পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে মানৱ সভ্যতাই ইয়াৰ ভয়াৱহ পৰিণাম ভুগিবলগীয়া হ’ব পাৰে ।

লগতে পঢ়ক : চন্দ্ৰত স্থায়ী ঘাটি নিৰ্মাণৰ বাবে NASA-ৰ বৃহৎ পৰিকল্পনা

চন্দ্ৰত স্থায়ী ঘাটি নিৰ্মাণৰ বাবে NASA-ৰ বৃহৎ পৰিকল্পনা

আমেৰিকাৰ মহাকাশ সংস্থা NASA-ই চন্দ্ৰত এটা স্থায়ী ঘাটি নিৰ্মাণৰ এক উচ্চাকাংক্ষী পৰিকল্পনা ঘোষণা কৰিছে

মহাকাশ গৱেষণাৰ ইতিহাসত এক নতুন অধ্যায় আৰম্ভ কৰি আমেৰিকাৰ মহাকাশ সংস্থা NASA-ই চন্দ্ৰত এটা স্থায়ী ঘাটি নিৰ্মাণৰ এক উচ্চাকাংক্ষী পৰিকল্পনা ঘোষণা কৰিছে । এই প্ৰকল্পৰ মূল লক্ষ্য হ’ল চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত কেবাশ বৰ্গমাইল জুৰি মানৱৰ বাবে এক স্থায়ী আস্থান গঢ়ি তোলা ।

প্ৰকল্পৰ বিশেষত্ব-

NASA-ৰ এই ঐতিহাসিক প্ৰয়াসত ৰবটিক লেণ্ডাৰ, মুন বাগি (Lunar Terrain Vehicles) আৰু হপিঙ ড্ৰোনৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ’ব । এই আন্তঃগাঁথনিৰ জৰিয়তে মহাকাশত আমেৰিকাৰ নেতৃত্ব সুনিশ্চিত কৰাৰ লগতে মঙল গ্ৰহলৈ মানৱ অভিযান প্ৰেৰণৰ বাবে প্ৰয়োজনীয় অভিজ্ঞতা আহৰণ কৰা হ’ব । NASA-ৰ প্ৰশাসক জাৰেড আইজ্যাকমেনে কয় যে, “এই চন্দ্ৰ ঘাটিটো হ’ব মানৱজাতিৰ বাবে অন্য এক মহাজাগতিক জগতত প্ৰথমটো আস্থান ।”

দক্ষিণ মেৰুৰ গুৰুত্ব-

চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলক বিজ্ঞানীসকলে চন্দ্ৰৰ অন্যতম পুৰণি ভূখণ্ড হিচাপে চিহ্নিত কৰিছে । এই অঞ্চলত অৱস্থিত ‘দক্ষিণ মেৰু-এইটকেন বেচিন’ হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি প্ৰভাৱিত বেচিন । ইয়াৰ পৰা সংগৃহীত তথ্যই চন্দ্ৰৰ প্ৰাৰম্ভিক ইতিহাস আৰু পৃথিৱী-চন্দ্ৰ ব্যৱস্থাৰ বিৱৰ্তন বুজাত সহায় কৰিব ।

ব্যক্তিগত খণ্ডৰ সৈতে অংশীদাৰীত্ব-

এই অভিযানৰ বাবে NASA-ই ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহৰ সৈতে হাত মিলাইছে । জেফ বেজ’ছৰ ‘ব্লু অৰিজিন’, ‘ইনটুইটিভ মেচিনছ’, ‘এষ্ট্ৰব’টিক’, ‘এষ্ট্ৰোল্যাব’ আৰু ‘লুনাৰ আউটপ’ষ্ট’ৰ দৰে প্ৰতিষ্ঠানক প্ৰয়োজনীয় যন্ত্ৰ আৰু বাহন নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে । এই বছৰৰ শেষৰ ফালে ‘মুন বেচ I, II আৰু III’ নামেৰে তিনিটা মানৱবিহীন চন্দ্ৰ অভিযানৰ পৰিকল্পনা কৰা হৈছে ।

ভাৰত আৰু চীনৰ প্ৰতিযোগিতা-

বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰত আৰু চীনেও চন্দ্ৰ অভিযানত গুৰুত্ব দিছে :

ভাৰত : ২০২৭ চনৰ ভিতৰত প্ৰথমখন স্বতন্ত্ৰ মানৱচালিত মহাকাশ অভিযান ‘গগনযান’ আৰু ২০২৮ চনৰ ভিতৰত চন্দ্ৰযান কাৰ্যসূচীৰ অধীনত মানৱচালিত চন্দ্ৰ অভিযানৰ লক্ষ্য লৈছে । লগতে, ২০৪০ চনৰ ভিতৰত চন্দ্ৰত ভাৰতীয় মহাকাশচাৰীক অৱতৰণ কৰোৱাৰ পৰিকল্পনাও আছে । ভাৰত ‘আৰ্টেমিছ একৰ্ডছ’-ৰো অংশীদাৰ ।

চীন : ২০৩০ চনৰ ভিতৰত চন্দ্ৰত মানুহ পঠিওৱাৰ লক্ষ্যৰে চীন আগবাঢ়িছে । শেহতীয়াকৈ তেওঁলোকৰ ‘শ্বেনঝৌ-২৩’ মিছনৰ জৰিয়তে টিয়াংগং মহাকাশ কেন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিছে ।

এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ মাজতে চন্দ্ৰ অভিযানৰ এই নতুন পৰ্যায়টোৱে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছে ।

লগতে পঢ়ক : ইছৰোৰ বৃহৎ সফলতা: চন্দ্ৰৰ দক্ষিণ মেৰুত পৃষ্ঠৰ তলত বৰফৰ সন্ধান

মঙলৰ অতি কাষেৰে পাৰ হৈ গ’ল নাছাৰ ‘চাইকী’, প্ৰেৰণ কৰিলে ৰঙা গ্ৰহটোৰ বিৰল ছবি

নাছাৰ প্ৰখ্যাত চাইকী মহাকাশযানে শেহতীয়াকৈ মঙল গ্ৰহৰ অতি কাষেৰে এক ঐতিহাসিক হাই-স্পীড ফ্লাইবাই সফলতাৰে সম্পূৰ্ণ কৰিছে

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ (NASA)-ই লাভ কৰিছে এক অভূতপূৰ্ব বৈজ্ঞানিক তথা কাৰিকৰী সফলতা । নাছাৰ প্ৰখ্যাত ‘চাইকী‘ (Psyche) মহাকাশযানে শেহতীয়াকৈ মঙল গ্ৰহৰ অতি কাষেৰে এক ঐতিহাসিক ‘হাই-স্পীড ফ্লাইবাই’ (High-speed flyby) সফলতাৰে সম্পূৰ্ণ কৰিছে । ১৫ মে’ত সংঘটিত এই গুৰুত্বপূৰ্ণ পৰ্যায়টোত যানখনে মঙল গ্ৰহৰ পৃষ্ঠৰ পৰা মাত্ৰ ৪,৬০৯ কিলোমিটাৰ দূৰত্বলৈকে যাবলৈ সক্ষম হয় আৰু তাৰ পৰাই পৃথিৱীলৈ প্ৰেৰণ কৰে ৰঙা গ্ৰহটোৰ অত্যন্ত স্পষ্ট তথা বিৰল কিছুমান আলোকচিত্ৰ ।

‘গ্ৰেভিটি এচিষ্ট’ প্ৰযুক্তিৰ সফল প্ৰয়োগ-

বিজ্ঞানীসকলৰ মতে, চাইকী মহাকাশযানখন মঙলৰ ইমান কাষলৈ যোৱাৰ মূল কাৰণ আছিল গ্ৰহটোৰ মধ্যাকৰ্ষণ শক্তিৰ সুবিধা লোৱা । মহাকাশ বিজ্ঞানৰ ভাষাত ইয়াক ‘গ্ৰেভিটি এচিষ্ট’ (Gravity Assist) বুলি জনা যায় । এই প্ৰযুক্তিৰ জৰিয়তে কোনো ইন্ধন খৰচ নকৰাকৈ কেৱল মঙলৰ মহাকৰ্ষণ শক্তিক ব্যৱহাৰ কৰি যানখনৰ গতিবেগ অভূতপূৰ্বভাৱে বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ দিশ সলনি কৰি এক সঠিক কক্ষপথত স্থাপন কৰা হৈছে । ইয়াৰ ফলত ভৱিষ্যতৰ দীৰ্ঘদিনীয়া যাত্ৰাৰ বাবে যানখনৰ বহু পৰিমাণৰ ইন্ধন ৰাহি হ’ব ।

বন্দী হ’ল বিশাল ‘হিউজেন্স ক্ৰেটাৰ’ৰ দৃশ্য-

এই উৰণৰ সময়ছোৱাত চাইকী যানখনত থকা অত্যাধুনিক ‘মাল্টিস্পেক্ট্ৰেল ইমেজাৰ’ (Multispectral Imager)-এ মঙলৰ দক্ষিণ উচ্চভূমি অঞ্চলৰ কেইবাখনো আশ্চৰ্যজনক ছবি কেমেৰাবদ্ধ কৰে । ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য ছবিখন হৈছে মঙলৰ বুকুত থকা বিশাল ডাবল-ৰিং যুক্ত ‘হিউজেন্স ক্ৰেটাৰ’ (Huygens Crater) । প্ৰায় ৪৭০ কিলোমিটাৰ ব্যাসৰ এই প্ৰাচীন আৰু গাঁতেৰে ভৰা ক্ৰেটাৰটোৰ ছবি ইমান স্পষ্টকৈ পূৰ্বে কেতিয়াও দেখা পোৱা নাছিল । এই ছবিসমূহে মঙল গ্ৰহৰ ভূতাত্ত্বিক ইতিহাস আৰু ক্ৰমবিকাশৰ ৰহস্য উদ্ঘাটন কৰাত বিজ্ঞানীসকলক যথেষ্ট সহায় কৰিব ।

গভীৰ মহাকাশ অভিযানৰ বাবে নতুন আশা-

নাছা আৰু জেট প্ৰপালচন লেবৰেটৰী (JPL)-ৰ বিজ্ঞানীসকলে এই ঘটনাক সমগ্ৰ চাইকী অভিযানৰে আটাইতকৈ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে অভিহিত কৰিছে ।  বিশেষজ্ঞসকলৰ মতে, ইন্ধন অবিহনে কেৱল প্ৰাকৃতিক বল প্ৰয়োগ কৰি মহাকাশযানৰ গতি সলনি কৰাৰ এই সফলতাই ভৱিষ্যতৰ দূৰৱৰ্তী গ্ৰহ আৰু গ্ৰহাণুপুঞ্জ (Asteroids) অভিযানসমূহলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিব । বৰ্তমান চাইকী মহাকাশযানে নিজৰ মূল লক্ষ্য অৰ্থাৎ ধাতুৰে সমৃদ্ধ ‘১৬ চাইকী’ (16 Psyche) নামৰ বিশেষ গ্ৰহাণুটোৰ দিশে তীব্ৰ গতিত অগ্ৰসৰ হৈছে ।

লগতে পঢ়ক : স্পেচএক্সৰ ইতিহাস : প্ৰথমবাৰৰ বাবে সফলতাৰে উৎক্ষেপণ কৰা হ’ল ‘ষ্টাৰশ্বিপ ভি৩’

চেমি-ক্ৰায়’জেনিক ইঞ্জিনৰ বিকাশৰ বাবে ভাৰত আৰু ৰাছিয়াৰ মাজত চুক্তি

চেমি-ক্ৰায়’জেনিক ইঞ্জিনৰ যোগান সন্দৰ্ভত সংস্থাটোৱে মস্কোত ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছৰ সৈতে কাৰিকৰী আলোচনাত মিলিত হয়

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, চেমি-ক্ৰায়’জেনিক ইঞ্জিনৰ যোগান সন্দৰ্ভত সংস্থাটোৱে মস্কোত ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছৰ (Roscosmos) সৈতে কাৰিকৰী আলোচনাত মিলিত হয় । বাৰ্ষিক প্ৰতিবেদনখনত কোৱা হৈছে যে ইছৰোৰ বিষয়াসকলে বিতং কাৰিকৰী আলোচনাৰ বাবে মস্কো ভ্ৰমণ কৰিছিল আৰু ইঞ্জিনসমূহৰ বাবে এখন খচৰা চুক্তি বৰ্তমান অনুমোদন প্ৰক্ৰিয়াৰ অধীনত আছে ।

চেমি-ক্ৰায়’জেনিক ইঞ্জিন ভাৰতৰ ভৱিষ্যতৰ গধুৰ যান উৎক্ষেপণকাৰী বাহনসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰযুক্তি । ই পৰিশোধিত কেৰাচিন আৰু তৰল অক্সিজেনৰ সংমিশ্ৰণ ব্যৱহাৰ কৰে, যি বৰ্তমানৰ ব্যৱস্থাতকৈ অধিক দক্ষতা আৰু প্ৰবল থ্ৰাষ্ট (thrust) প্ৰদান কৰে । এনে ইঞ্জিনৰ বিকাশ আৰু অন্তৰ্ভুক্তিয়ে অধিক গধুৰ পেলোড আৰু মহাকাশৰ গভীৰ অভিযানৰ বাবে ভাৰতৰ উৎক্ষেপণ ক্ষমতা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে ।

ইছৰোৱে মহাকাশ প্ৰযুক্তি আৰু অন্বেষণৰ ক্ষেত্ৰত নিজৰ আন্তৰ্জাতিক অংশীদাৰিত্ব সম্প্ৰসাৰিত কৰি থকাৰ সময়তে ৰাছিয়াৰ সৈতে এই সংযোগ স্থাপন হৈছে । যদিও ভাৰতে নিজাকৈ চেমি-ক্ৰায়’জেনিক ইঞ্জিন কাৰ্যসূচীৰ কাম চলাই আছে, ৰছকছমছৰ সৈতে সহযোগিতাই সময়সীমা ত্বৰান্বিত কৰাত আৰু জটিল প্ৰযুক্তিগত অভাৱসমূহ দূৰ কৰাত সহায় কৰিব পাৰে । বাৰ্ষিক প্ৰতিবেদনত চুক্তিখন চূড়ান্ত কৰাৰ বাবে কোনো নিৰ্দিষ্ট সময়সীমা বা ইঞ্জিনসমূহ প্ৰদানৰ সময়সূচী উল্লেখ কৰা হোৱা নাই । অৱশ্যে, চলি থকা অনুমোদন প্ৰক্ৰিয়াই ইংগিত দিয়ে যে আলোচনা প্ৰাৰম্ভিক পৰ্যায় অতিক্ৰম কৰিছে ।

যোৱা বছৰৰ ২৮ মাৰ্চত এক বিবৃতিত ইছৰোৱে কৈছিল যে তেওঁলোকে ২০০০ kN উচ্চ থ্ৰাষ্টযুক্ত এটা চেমি-ক্ৰায়’জেনিক ইঞ্জিন বা তৰল অক্সিজেন/কেৰাচিন ইঞ্জিনৰ ডিজাইন আৰু বিকাশত অগ্ৰগতি লাভ কৰিছে, যিয়ে LVM3 উৎক্ষেপণ বাহনৰ চেমি-ক্ৰায়’জেনিক বুষ্টাৰ পৰ্যায়ক শক্তি প্ৰদান কৰিব । চেমি-ক্ৰায়’জেনিক ইঞ্জিন বিকাশ কাৰ্যসূচীৰ প্ৰথমটো ডাঙৰ সফলতা ২০২৫ চনৰ ২৮ মাৰ্চত অৰ্জন কৰা হৈছিল, যেতিয়া তামিলনাডুৰ মহেন্দ্ৰগিৰিত থকা ইছৰোৰ প্ৰপালচন কমপ্লেক্সত ইঞ্জিন পাৱাৰ হেড টেষ্ট আৰ্টিকলৰ (PHTA) প্ৰথমটো সফল ‘হট টেষ্ট’ সম্পন্ন হৈছিল ।

ইছৰোৰ লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰে (LPSC) এই চেমি-ক্ৰায়’জেনিক প্ৰপালচন ইঞ্জিন আৰু পৰ্যায়টো বিকশিত কৰিছে । ২০০০ kN চেমি-ক্ৰায়’জেনিক ইঞ্জিনৰ (SE2000) দ্বাৰা চালিত SC120 পৰ্যায়টোৱে পেলোড বৃদ্ধিৰ বাবে LVM3-ৰ বৰ্তমানৰ মূল তৰল পৰ্যায় (L110) সলনি কৰিব আৰু ভৱিষ্যতৰ উৎক্ষেপণ বাহনসমূহৰ বুষ্টাৰ পৰ্যায়কো শক্তি যোগাব ।

মস্কো ভ্ৰমণ যোৱা এবছৰত ইছৰোৰ ব্যাপক আন্তৰ্জাতিক সম্পৰ্কৰ এটা অংশ । প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মহাকাশ সংস্থাটোৱে মানৱ মহাকাশ উৰণ, উপগ্ৰহ নেভিগেচন, পৃথিৱী নিৰীক্ষণ আৰু সামৰ্থ্য বিকাশৰ দৰে ক্ষেত্ৰত একাধিক দেশ আৰু সংস্থাৰ সৈতে আলোচনা কৰি আছে । ৰাছিয়াৰ সৈতে ইছৰোৰ সহযোগিতা গ্ৰহ সম্পৰ্কীয় অভিযানসমূহলৈকো বিস্তৃত হৈছে । প্ৰতিবেদনত আলোকপাত কৰা হৈছে যে ভাৰতৰ পৰিকল্পিত শুক্ৰ অভিযানৰ বাবে ৰাছিয়াৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানক এক অংশীদাৰ পেলোড প্ৰদানকাৰী হিচাপে বাছনি কৰা হৈছে আৰু এই সন্দৰ্ভত কাৰিকৰী আলোচনা চলি আছে ।

লগতে পঢ়ক : ইতিহাস সৃষ্টিলৈ আৰু এটা খোজ… সফলতাৰে সম্পন্ন গগণযানৰ দ্বিতীয়টো এয়াৰ ড্ৰপ টেষ্ট

মহাকাশ অভিযানৰ সাফল্যৰ পিছত অশোক চক্ৰৰে সন্মানিত শুভাংশু শুক্লা

গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক তেওঁৰ ব্যতিক্ৰমী সাহস আৰু অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা অশোক চক্ৰৰে সন্মানিত কৰা হৈছে ।

ভাৰতৰ মহাকাশ ইতিহাসত এক নতুন সোণালী অধ্যায় সংযোজন কৰা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক তেওঁৰ ব্যতিক্ৰমী সাহস আৰু অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা অশোক চক্ৰৰে সন্মানিত কৰা হৈছে । ২০২৫ চনৰ জুন মাহত ঐতিহাসিক এক্সিয়াম মিছন-৪ৰ সময়ত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে তেওঁ এই সন্মান লাভ কৰিছে । এই মিছনৰ জৰিয়তে বিগত চাৰি দশকৰ পিছত এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যোৱাটো সম্ভৱ হৈ উঠিছিল ।

এক্স-৪ অভিযানত অতুলনীয় সাহস প্ৰদৰ্শন-

২০২৫ চনৰ ২৫ জুনত স্পেচএক্সৰ ড্ৰেগন মহাকাশযান “গ্ৰেচ”ত যোৱা শুভাংশু শুক্লাই ১৮ দিন মহাকাশত কটায় । মহাকাশত তেওঁ ৬০টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষাত অংশগ্ৰহণ কৰে, ইয়াৰে ৭টা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ নেতৃত্বত কৰা হয় । এই অভিযানৰ সময়ত তেওঁ পাইলট হিচাপে জটিল কক্ষপথৰ কৌশল, ডকিং অপাৰেচন আৰু মাইক্ৰ’গ্ৰেভিটিত কাম কৰা আদি উচ্চ বিপদজনক কাম সফলতাৰে সম্পন্ন কৰে ।

Axe-4 অভিযানত ভাৰতৰ লগতে পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰীও আছিল । ২৬ ঘণ্টীয়া যাত্ৰাৰ অন্তত এই মহাকাশযানখনে আই এছ এছত সফলতাৰে ডক কৰে । এই অভিযানৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু তথ্য ভাৰতৰ অভিলাষী গগণযান অভিযান (২০২৭)ৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

ৰাকেশ শৰ্মাৰ পিছত মহাকাশত জিলিকিল শুভাংশু শুক্লা-

লক্ষ্ণৌৰ বাসিন্দা ৩৯ বছৰীয়া শুভাংশু শুক্লা ভাৰতীয় বায়ুসেনাৰ বিষয়া । ২০১৯ চনত গগণযান অভিযানৰ বাবে নিৰ্বাচিত হোৱা শুভাংশু শুক্লাই ৰাছিয়াৰ ইউৰি গাগাৰিন মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । ২০২৫ চনৰ ১৫ জুলাইত তেওঁৰ নিৰাপদে উভতি অহাৰ লগে লগে মহাকাশ ভ্ৰমণ কৰা দ্বিতীয়জন ভাৰতীয় হিচাপে তেওঁ ইতিহাসত ৰচে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শুভাংশু শুক্লাৰ এই কৃতিত্বক প্ৰশংসা কৰি মহাকাশত ভাৰতৰ আকাংক্ষাক উন্নীত কৰিছে বুলি কয় । এই অভিযানত ইছৰোৰ বিনিয়োগক ভৱিষ্যতৰ ভাৰতীয় মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ বাবে এক শক্তিশালী ভেটি হিচাপে বিবেচিত হৈছে । অশোক চক্ৰৰে সন্মানিত হৈ শুভাংশু শুক্লাই এতিয়া সেই নিৰ্বাচিত মহাকাশ নায়কৰ দলত যোগদান কৰিছে যিয়ে কেৱল বিজ্ঞানকে নহয়, ৰাষ্ট্ৰীয় গৌৰৱকো নতুন উচ্চতালৈ উন্নীত কৰিছে ।

লগতে পঢ়ক : ৰোহিত শৰ্মা আৰু হৰমনপ্ৰীত কৌৰক পদ্মশ্ৰী বঁটা… ক্ৰীড়া জগতৰ এইসকল কিংবদন্তিলৈ পদ্ম সন্মান

নতুন বছৰৰ প্ৰথমটো সফলতাৰ বাবে সাজু ইছৰো…মহাকাশলৈ যাব ভাৰতৰ এই বিশেষ অভিযান

ইছৰোৱে নতুন বছৰৰ প্ৰথমটো বৃহৎ মহাকাশ অভিযানৰ বাবে সাজু হৈছে । ১২ জানুৱাৰীৰ পুৱা ১০:১৭ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C62 অভিযান উৎক্ষেপণ হ’ব ।

ভাৰতীয় মহাকাশ সংস্থা চমুকৈ ইছৰোৱে নতুন বছৰৰ প্ৰথমটো বৃহৎ মহাকাশ অভিযানৰ বাবে সাজু হৈছে । সোমবাৰে পুৱা শ্ৰীহৰিকোটাৰ পৰা এনে এক ৰকেট উৰা মাৰিব আৰু ভাৰতক সেই শক্তি প্ৰদান কৰিব যাক বিশ্বই স্পেচ ইন্টেলিজেন্স বুলি কয় । ১২ জানুৱাৰীৰ পুৱা ১০:১৭ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C62 অভিযান উৎক্ষেপণ হ’ব । এই অভিযানে ভাৰতৰ নিৰাপত্তা আৰু নিৰীক্ষণ ক্ষমতাক নতুন উচ্চতালৈ উন্নীত কৰিব । এই অভিযানৰ মূল আকৰ্ষণ হৈছে ই অ’ এছ-এন-১ উপগ্ৰহ, যাৰ আন এটা নাম হৈছে “অন্বেষা” ।

ভাৰতৰ PSLV-C62 কঢ়িয়াই লৈ যাব লগা EOS-N1 নামৰ উপগ্ৰহটোৱে পৃথিৱীৰ ফটো লোৱাই নহয় ইয়াৰ বাস্তৱতাও অধ্যয়ন কৰিব । ই ভাৰতক এনে এক শক্তি প্ৰদান কৰিব যাক সমগ্ৰ বিশ্বই স্পেচ ইন্টেলিজেন্স বুলি কয় । এই উপগ্ৰহটোৱে সাধাৰণ কেমেৰাৰ দৰে কাম নকৰে, বৰঞ্চ শতাধিক পোহৰৰ ৰশ্মিক অধ্যয়নক কৰি ছেকেণ্ডতে এক অনন্য প্ৰতিবেদন প্ৰস্তুত কৰে । অৰ্থাৎ মাটিৰ তলত আৰ্দ্ৰতা হওক বা খৰাং হওক, অৰণ্যৰ সেউজীয়া হওক বা শুষ্কতা, ভুৱা শিবিৰ হওক বা প্ৰকৃত কাৰ্যকলাপ, এই সকলোবোৰ বিভিন্ন ধৰণেৰে প্ৰকাশ পাব ।

EOS-N1 হৈছে এটা নিৰীক্ষণ ব্যৱস্থা যিয়ে লুকাই থকা লক্ষ্য, সন্দেহজনক চালচলন আৰু সন্দেহজনক গতিবিধি ধৰা পেলাব পাৰে । আনকি পাহাৰ, অৰণ্য, মৰুভূমিত লুকাই থকা কাৰ্য্যকলাপো ইয়াৰ হাইপাৰস্পেকট্ৰল ডিজিটেল ফিংগাৰপ্ৰিণ্টৰ দ্বাৰা ৰক্ষা নাপাব । অৰ্থাৎ এতিয়া কেৱল দেখাই নদয় ধৰা পেলোৱাটোও সহজ হৈ পৰিব ।

এই উপগ্ৰহটোৱে কোনবোৰ পথাৰত পানীৰ অভাৱ আছে, ক’ত শস্যৰ ৰোগ আছে আৰু ক’ত খৰাং পৰিস্থিতিৰ ভাবুকি আছে সেই কথা প্ৰকাশ কৰিব । ইয়াৰ জৰিয়তে ঘূৰ্ণীবতাহ, বানপানী, বনজুইৰ আগতীয়া সতৰ্কবাণী প্ৰদান কৰা হ’ব, যাৰ ফলত দুৰ্যোগৰ পূৰ্বে প্ৰস্তুতি চলাব পৰা যাব । PSLV-C62-এ কেৱল ভাৰতৰে নহয়, বিশ্বৰ বহু দেশৰ উপগ্ৰহ কঢ়িয়াই নিছে ।

ইয়াৰ উপৰিও ইয়াত এটা বিশেষ ৰি-এন্ট্ৰি কেপচুল থাকিব যিয়ে ভৱিষ্যতে মহাকাশৰ পৰা ঘূৰি অহা প্ৰযুক্তি পৰীক্ষা কৰিব । ১২ জানুৱাৰীৰ এই উৰণে প্ৰমাণ কৰিব যে ভাৰত এতিয়া কেৱল মহাকাশলৈ উপগ্ৰহ নিক্ষেপ কৰা ৰাষ্ট্ৰ নহয়, বৰঞ্চ দৃষ্টি, বুজাবুজি আৰু নিয়ন্ত্ৰণ তিনিওটাকে আয়ত্ত কৰি মহাকাশ শক্তিত পৰিণত হৈছে ।

লগতে পঢ়ক : চন্দ্ৰলৈ বৃহৎ অভিযানৰ প্ৰস্তুতি! ২০৪০ৰ ভিতৰত চন্দ্ৰলৈ ভাৰতে প্ৰেৰণ কৰিব মহাকাশচাৰী

পি এছ এল ভি–চি৬২ অভিযানেৰে ২০২৬ৰ আৰম্ভণি ইছৰোৰ; ১২ জানুৱাৰীত হ’ব উৎক্ষেপণ

নতুন বছৰৰ প্ৰথমটো উৎক্ষেপণৰ বাবে সাজু হৈছে ইছৰো । ১২ জানুৱাৰীত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ হ’ব বিশেষ অভিযান ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে নতুন বছৰৰ প্ৰথমটো উৎক্ষেপণৰ বাবে সাজু হৈছে । ২০২৬ৰ ১২ জানুৱাৰীত পুৱা ১০:১৭ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ হ’ব পি এছ এল ভি-চি৬২ অভিযান । এয়া হ’ব ইছৰোৰ বিশ্বাসযোগ্য ৰকেট পি এছ এল ভিৰ ৬৪ সংখ্যক উৰণ ।

মূল উপগ্ৰহ : EOS-N1 (অন্বেষা)

ইছৰোৰ এই অভিযানৰ প্ৰধান পেলোড হৈছে ই অ’ এছ-এন১, যাক “অন্বেষা” উপনাম দিয়া হৈছে । এই উপগ্ৰহটো ডি আৰ ডি অ’ই নিৰ্মাণ কৰিছিল । ই হৈছে শ শ ভিন্ন তৰংগদৈৰ্ঘ্যত পৃথিৱীৰ পৃষ্ঠভাগ নিৰীক্ষণ কৰিব পৰা হাইপাৰস্পেকট্ৰল ইমেজিং উপগ্ৰহ । ই প্ৰতিৰক্ষা, কৃষি, চহৰৰ মেপিং, পৰিৱেশ নিৰীক্ষণ আৰু সামগ্ৰী চিনাক্তকৰণত সহায় কৰিব । কৌশলগত উদ্দেশ্যৰ বাবে ই বিশেষভাৱে গুৰুত্বপূৰ্ণ ।

অন্যান্য পেলোড-

কেষ্ট্ৰেল ইনিচিয়েল ডেমনষ্ট্ৰেটৰ (KID): এই সৰু প্ৰ’বটো (প্ৰায় ফুটবলৰ আকাৰৰ, ২৫ কিলোগ্ৰাম) স্পেনিছ ষ্টাৰ্টআপ অৰ্বিটাল পেৰাডাইমে বিকশিত কৰিছিল । ইয়াক ৰকেটৰ চতুৰ্থ ষ্টেজ (PS-4)ৰ সৈতে সংলগ্ন কৰা হ’ব । ইয়াত পুনৰ প্ৰৱেশ প্ৰযুক্তি পৰীক্ষা কৰা হ’ব ।

ইয়াৰ উপৰিও আন ১৭-১৮ টা বাণিজ্যিক পেলোড থাকিব, যিবোৰ ভাৰত, মৰিচাছ, লাক্সেমবাৰ্গ, ইউ এ ই, ছিংগাপুৰ, ইউৰোপ আৰু আমেৰিকাৰ ষ্টাৰ্টআপ আৰু গৱেষণা প্ৰতিষ্ঠানৰ ।

এই অভিযানে যোৱা বছৰৰ পি এছ এল ভি-চি৬১ৰ আংশিক বিফলতাৰ পিছত পি এছ এল ভিৰ প্ৰত্যাৱৰ্তনৰ সূচনা কৰে । পি এছ এল ভি হৈছে ইছৰোৰ ৱৰ্কহৰ্চ ৰকেট, যিয়ে সৰু আৰু মজলীয়া উপগ্ৰহক নিখুঁতভাৱে কক্ষপথলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : মহাকাশচাৰীৰ চন্দ্ৰ প্ৰদক্ষিণৰ পৰা আৰম্ভ কৰি ব্যক্তিগত মহাকাশ ষ্টেচনলৈ… কেইবাটাও বৃহৎ মহাকাশ অভিযানৰ সাক্ষী হ’ব ২০২৬