মহাকাশ অভিযানৰ সাফল্যৰ পিছত অশোক চক্ৰৰে সন্মানিত শুভাংশু শুক্লা

মহাকাশ অভিযানৰ সাফল্যৰ পিছত অশোক চক্ৰৰে সন্মানিত শুভাংশু শুক্লা

গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক তেওঁৰ ব্যতিক্ৰমী সাহস আৰু অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা অশোক চক্ৰৰে সন্মানিত কৰা হৈছে । ভাৰতৰ মহাকাশ ইতিহাসত এক নতুন সোণালী অধ্যায় সংযোজন কৰা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক তেওঁৰ ব্যতিক্ৰমী সাহস আৰু অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা

গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক তেওঁৰ ব্যতিক্ৰমী সাহস আৰু অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা অশোক চক্ৰৰে সন্মানিত কৰা হৈছে ।

ভাৰতৰ মহাকাশ ইতিহাসত এক নতুন সোণালী অধ্যায় সংযোজন কৰা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক তেওঁৰ ব্যতিক্ৰমী সাহস আৰু অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা অশোক চক্ৰৰে সন্মানিত কৰা হৈছে । ২০২৫ চনৰ জুন মাহত ঐতিহাসিক এক্সিয়াম মিছন-৪ৰ সময়ত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে তেওঁ এই সন্মান লাভ কৰিছে । এই মিছনৰ জৰিয়তে বিগত চাৰি দশকৰ পিছত এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যোৱাটো সম্ভৱ হৈ উঠিছিল ।

এক্স-৪ অভিযানত অতুলনীয় সাহস প্ৰদৰ্শন-

২০২৫ চনৰ ২৫ জুনত স্পেচএক্সৰ ড্ৰেগন মহাকাশযান “গ্ৰেচ”ত যোৱা শুভাংশু শুক্লাই ১৮ দিন মহাকাশত কটায় । মহাকাশত তেওঁ ৬০টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষাত অংশগ্ৰহণ কৰে, ইয়াৰে ৭টা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ নেতৃত্বত কৰা হয় । এই অভিযানৰ সময়ত তেওঁ পাইলট হিচাপে জটিল কক্ষপথৰ কৌশল, ডকিং অপাৰেচন আৰু মাইক্ৰ’গ্ৰেভিটিত কাম কৰা আদি উচ্চ বিপদজনক কাম সফলতাৰে সম্পন্ন কৰে ।

Axe-4 অভিযানত ভাৰতৰ লগতে পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰীও আছিল । ২৬ ঘণ্টীয়া যাত্ৰাৰ অন্তত এই মহাকাশযানখনে আই এছ এছত সফলতাৰে ডক কৰে । এই অভিযানৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু তথ্য ভাৰতৰ অভিলাষী গগণযান অভিযান (২০২৭)ৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

ৰাকেশ শৰ্মাৰ পিছত মহাকাশত জিলিকিল শুভাংশু শুক্লা-

লক্ষ্ণৌৰ বাসিন্দা ৩৯ বছৰীয়া শুভাংশু শুক্লা ভাৰতীয় বায়ুসেনাৰ বিষয়া । ২০১৯ চনত গগণযান অভিযানৰ বাবে নিৰ্বাচিত হোৱা শুভাংশু শুক্লাই ৰাছিয়াৰ ইউৰি গাগাৰিন মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । ২০২৫ চনৰ ১৫ জুলাইত তেওঁৰ নিৰাপদে উভতি অহাৰ লগে লগে মহাকাশ ভ্ৰমণ কৰা দ্বিতীয়জন ভাৰতীয় হিচাপে তেওঁ ইতিহাসত ৰচে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শুভাংশু শুক্লাৰ এই কৃতিত্বক প্ৰশংসা কৰি মহাকাশত ভাৰতৰ আকাংক্ষাক উন্নীত কৰিছে বুলি কয় । এই অভিযানত ইছৰোৰ বিনিয়োগক ভৱিষ্যতৰ ভাৰতীয় মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ বাবে এক শক্তিশালী ভেটি হিচাপে বিবেচিত হৈছে । অশোক চক্ৰৰে সন্মানিত হৈ শুভাংশু শুক্লাই এতিয়া সেই নিৰ্বাচিত মহাকাশ নায়কৰ দলত যোগদান কৰিছে যিয়ে কেৱল বিজ্ঞানকে নহয়, ৰাষ্ট্ৰীয় গৌৰৱকো নতুন উচ্চতালৈ উন্নীত কৰিছে ।

লগতে পঢ়ক : ৰোহিত শৰ্মা আৰু হৰমনপ্ৰীত কৌৰক পদ্মশ্ৰী বঁটা… ক্ৰীড়া জগতৰ এইসকল কিংবদন্তিলৈ পদ্ম সন্মান