মহাকাশ অভিযানৰ সাফল্যৰ পিছত অশোক চক্ৰৰে সন্মানিত শুভাংশু শুক্লা

গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক তেওঁৰ ব্যতিক্ৰমী সাহস আৰু অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা অশোক চক্ৰৰে সন্মানিত কৰা হৈছে ।

ভাৰতৰ মহাকাশ ইতিহাসত এক নতুন সোণালী অধ্যায় সংযোজন কৰা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক তেওঁৰ ব্যতিক্ৰমী সাহস আৰু অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা অশোক চক্ৰৰে সন্মানিত কৰা হৈছে । ২০২৫ চনৰ জুন মাহত ঐতিহাসিক এক্সিয়াম মিছন-৪ৰ সময়ত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে তেওঁ এই সন্মান লাভ কৰিছে । এই মিছনৰ জৰিয়তে বিগত চাৰি দশকৰ পিছত এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যোৱাটো সম্ভৱ হৈ উঠিছিল ।

এক্স-৪ অভিযানত অতুলনীয় সাহস প্ৰদৰ্শন-

২০২৫ চনৰ ২৫ জুনত স্পেচএক্সৰ ড্ৰেগন মহাকাশযান “গ্ৰেচ”ত যোৱা শুভাংশু শুক্লাই ১৮ দিন মহাকাশত কটায় । মহাকাশত তেওঁ ৬০টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষাত অংশগ্ৰহণ কৰে, ইয়াৰে ৭টা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ নেতৃত্বত কৰা হয় । এই অভিযানৰ সময়ত তেওঁ পাইলট হিচাপে জটিল কক্ষপথৰ কৌশল, ডকিং অপাৰেচন আৰু মাইক্ৰ’গ্ৰেভিটিত কাম কৰা আদি উচ্চ বিপদজনক কাম সফলতাৰে সম্পন্ন কৰে ।

Axe-4 অভিযানত ভাৰতৰ লগতে পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰীও আছিল । ২৬ ঘণ্টীয়া যাত্ৰাৰ অন্তত এই মহাকাশযানখনে আই এছ এছত সফলতাৰে ডক কৰে । এই অভিযানৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু তথ্য ভাৰতৰ অভিলাষী গগণযান অভিযান (২০২৭)ৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

ৰাকেশ শৰ্মাৰ পিছত মহাকাশত জিলিকিল শুভাংশু শুক্লা-

লক্ষ্ণৌৰ বাসিন্দা ৩৯ বছৰীয়া শুভাংশু শুক্লা ভাৰতীয় বায়ুসেনাৰ বিষয়া । ২০১৯ চনত গগণযান অভিযানৰ বাবে নিৰ্বাচিত হোৱা শুভাংশু শুক্লাই ৰাছিয়াৰ ইউৰি গাগাৰিন মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । ২০২৫ চনৰ ১৫ জুলাইত তেওঁৰ নিৰাপদে উভতি অহাৰ লগে লগে মহাকাশ ভ্ৰমণ কৰা দ্বিতীয়জন ভাৰতীয় হিচাপে তেওঁ ইতিহাসত ৰচে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শুভাংশু শুক্লাৰ এই কৃতিত্বক প্ৰশংসা কৰি মহাকাশত ভাৰতৰ আকাংক্ষাক উন্নীত কৰিছে বুলি কয় । এই অভিযানত ইছৰোৰ বিনিয়োগক ভৱিষ্যতৰ ভাৰতীয় মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ বাবে এক শক্তিশালী ভেটি হিচাপে বিবেচিত হৈছে । অশোক চক্ৰৰে সন্মানিত হৈ শুভাংশু শুক্লাই এতিয়া সেই নিৰ্বাচিত মহাকাশ নায়কৰ দলত যোগদান কৰিছে যিয়ে কেৱল বিজ্ঞানকে নহয়, ৰাষ্ট্ৰীয় গৌৰৱকো নতুন উচ্চতালৈ উন্নীত কৰিছে ।

লগতে পঢ়ক : ৰোহিত শৰ্মা আৰু হৰমনপ্ৰীত কৌৰক পদ্মশ্ৰী বঁটা… ক্ৰীড়া জগতৰ এইসকল কিংবদন্তিলৈ পদ্ম সন্মান

মহাকাশত খাদ্য খোৱাটো কিমান কঠিন ! ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰিলে শুভাংশু শুক্লাই

মহাকাশত খাদ্য খোৱাটো কিমান কঠিন

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ অভিজ্ঞতা ব্যক্ত কৰি ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই কয় যে মহাকাশত খাদ্য গ্ৰহণ কৰাটোও অতি প্ৰত্যাহ্বানজনক । তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰি মহাকাশচাৰীয়ে মহাকাশত কেনেদৰে খাদ্য গ্ৰহণ কৰে সেই বিষয়ে কয় । শুভাংশুৱে লগতে কয় যে পৃথিৱীলৈ উভতি অহাৰ পিছত তেওঁ পুনৰ স্বাভাৱিক পদ্ধতিৰে খাদ্য গ্ৰহণ কৰিবলৈ শিকিব লগা হয় ।

শুভাংশুৱে লিখিছে- আকৌ খাবলৈ শিকিব লগা হ’ল

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকাৰ সময়ত ৰেকৰ্ডিং কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে শুভাংশু শুক্লাই । এই ভিডিঅ’টোত শুভাংশুৱে মহাকাশচাৰীয়ে কেনেকৈ খাদ্য খায় আৰু ইয়াত কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় সেই বিষয়ে কৈছে । এই পোষ্টটোৰ সৈতে শ্বেয়াৰ কৰা কেপচনত শুভাশু শুক্লাই লিখিছে যে ‘কেতিয়াও ভবা নাছিলো যে মই আকৌ খাবলৈ শিকিব লাগিব । ইয়াত মই কৈছো মহাকাশত খাদ্য গ্ৰহণ কৰাৰ সময়ত অভ্যাসবোৰ কিয় গুৰুত্বপূৰ্ণ । সাৱধান নহ’লে ভুল হ’ব পাৰে । মহাকাশত বাস কৰাৰ বাবে অন্যতম ফলপ্ৰসূ মন্ত্ৰ হ’ল, ‘ধীৰ দ্ৰুত’ ।

শুভাংশুৱে কয় যে মহাকাশত পানীও খাব লাগে । ভিডিঅ’টোত শুভাংশুৱে দেখুৱাইছে যে কেনেকৈ মহাকাশত কফি খোৱা হয় আৰু খাদ্য সামগ্ৰীসমূহো তাত অতি সাৱধানে ৰখা হয় কাৰণ মাধ্যাকৰ্ষণ শক্তিৰ অভাৱৰ বাবে মহাকাশচাৰীসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । তেওঁ কয় যে ‘আন এটা আমোদজনক কথা হ’ল খাদ্য হজম কৰিবলৈ আমাক মাধ্যাকৰ্ষণৰ প্ৰয়োজন নাই । ‘পেৰিষ্টালচিছ’ নামৰ এটা প্ৰক্ৰিয়া মহাকাশত হজমৰ বাবে দায়বদ্ধ, ইয়াৰ বাবে মাধ্যাকৰ্ষণৰ প্ৰয়োজন নাই । ইয়াত মূৰটো ওপৰলৈ হওক বা তললৈ হওক, মাধ্যাকৰ্ষণ শক্তি হওক বা নহওক, আপোনাৰ শৰীৰে সদায় খাদ্য হজম কৰিব ।’

লগতে পঢ়ক : ভাৰতৰ প্ৰথমটো থলুৱা মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ মুকলি… অধিক শক্তিশালী হ’ব ৰকেট আৰু উপগ্ৰহৰ অভিযান

শুভাংশু শুক্লাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ… আই এছ এছ ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় মহাকাশচাৰী

শুভাংশু শুক্লাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যোৱা এক্সিয়াম-৪ মহাকাশ অভিযানৰ পাইলট গ্ৰুপ কেপ্তেইন শুভাশু শুক্লাক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশ শুক্লাক এই অভিযানৰ সফলতাৰ বাবে অভিনন্দন জনায় । শুভাংশুৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰৰ ভিডিঅ’ প্ৰকাশ পাইছে ।

উষ্ম আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে শুভাশু শুক্লাক উষ্ম আদৰণি জনায় । শুভাংশুৰ সৈতে কৰমৰ্দন কৰি, সাৱটি ধৰি  তেওঁৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে । শুভাংশুৱে প্ৰধানমন্ত্ৰী মোদীক টেবলেটত মহাকাশ যাত্ৰাৰ ছবি দেখুৱাই । লগতে শুক্লাই প্ৰধানমন্ত্ৰীক এক্সিয়াম-৪ মিছনৰ ‘মিছন পেচ’ উপহাৰ দিয়ে । তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা তোলা ছবিও প্ৰধানমন্ত্ৰীৰ সৈতে শ্বেয়াৰ কৰে ।

ভাৰতলৈ উভতি অহাৰ লগে লগে শুভাংশু শুক্লাৰ উষ্ম আদৰণি-

মহাকাশচাৰী শুভাংশু শুক্লাক তেওঁৰ ঐতিহাসিক যাত্ৰাৰ অন্তত ভব্য আদৰণি জনোৱা হয় । ইয়াত বৃহৎ সংখ্যক লোকে ত্ৰিৰংগ জোকাৰি আৰু ঢাক-ঢোল বজাই বিমানবন্দৰত শুক্লাক আদৰণি জনায় । শুক্লাক বিমানবন্দৰত আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে । তেওঁৰ পিতৃ শম্ভু দয়াল শুক্লা আৰু ভগ্নী শুচি মিশ্ৰও লক্ষ্ণৌৰ পৰা তেওঁক লগ কৰিবলৈ বিমানবন্দৰত উপস্থিত হয় ।

লগতে পঢ়ক : আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই…

আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই…

আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই

মহাকাশ জগতত ইতিহাস সৃষ্টি কৰি ভাৰতলৈ উভতি আহিছে ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লা । স্বদেশত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয় । আজি কেপ্তেইন শুভাংশু শুক্লাই প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব । বিমানবন্দৰত বৃহৎ সংখ্যক লোকে ত্ৰিৰংগ জোকাৰি আৰু ঢাক-ঢোলেৰে শুক্লাক আদৰণি জনায় । শুক্লাক বিমানবন্দৰত আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে ।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই-

শুভাংশু শুক্লাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত নিজৰ গৃহ চহৰ লক্ষ্ণৌলৈ যোৱাৰ সম্ভাৱনা আছে । ২২-২৩ আগষ্টত আই এছ এছৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজধানীলৈ উভতি আহিব তেওঁ । কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সসিঙে ‘এক্স’ত এটা পোষ্টত কয়, “ভাৰতৰ মহাকাশ গৌৰৱে ভাৰতৰ মাটি স্পৰ্শ কৰে… আজি পুৱা দিল্লীত উপস্থিত হয় মা ভাৰতীৰ বিশিষ্ট পুত্ৰ গগণযাত্ৰী শুভাংশু শুক্লা । তেওঁৰ লগত আছে গ্ৰুপ কেপ্তেইন প্ৰশান্ত বালকৃষ্ণন নায়াৰ, যি ভাৰতৰ প্ৰথমটো মানৱ অভিযান গগণযানৰ বাবে নিৰ্বাচিত মহাকাশচাৰীসকলৰ ভিতৰত অন্যতম আৰু আই এছ এছৰ এই অভিযানৰ বাবে ভাৰতৰ নিযুক্ত মহাকাশচাৰী আছিল ।” যদি শুভাংশু শুক্লা আৰু তেওঁ মহাকাশলৈ যাব নোৱৰা অৱস্থাত প্ৰশান্ত নায়াৰ আছিল ‘ৰিজাৰ্ভ’ মহাকাশচাৰী ।

লগতে পঢ়ক : স্বদেশলৈ উভতিছে মহাকাশচাৰী শুভাংশু শুক্লা… প্ৰধানমন্ত্ৰী মোদীক কৰিব সাক্ষাৎ, লক্ষ্ণৌত অনুষ্ঠিত হ’ব ৰোড শ্ব’

স্বদেশলৈ উভতিছে মহাকাশচাৰী শুভাংশু শুক্লা… প্ৰধানমন্ত্ৰী মোদীক কৰিব সাক্ষাৎ, লক্ষ্ণৌত অনুষ্ঠিত হ’ব ৰোড শ্ব’

স্বদেশলৈ উভতিছে মহাকাশচাৰী শুভাংশু শুক্লা

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) ভ্ৰমণৰ অন্তত ১৭ আগষ্ট ২০২৫ দেওবাৰে ভাৰতলৈ উভতি আহিব । ইছৰোৱে ২০২৭ চনত প্ৰথম মানৱ মহাকাশ উৰণ আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে । এই অভিযানত শুভাংশু শুক্লাৰ অভিজ্ঞতাই ডাঙৰ ভূমিকা গ্ৰহণ কৰিব । ভাৰতলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ লগতে গৃহ চহৰ লক্ষ্ণৌ ভ্ৰমণ কৰিব মহাকাশচাৰীজনে ।

শুভাংশুৰ মহাকাশ যাত্ৰা

ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা বিগত এবছৰ ধৰি আমেৰিকাত আছিল । তাত তেওঁ এক্সিয়াম-৪ মিছনৰ বাবে প্ৰশিক্ষণ লৈছিল । চলিত বৰ্ষৰ ২৫ জুনত ফ্ল’ৰিডাৰ পৰা স্পেচএক্স ড্ৰেগন কেপচুল উৎক্ষেপণ কৰাৰ পিছত ২৬ জুনত তেওঁ আই এছ এছত উপস্থিত হয় । ১৫ জুলাইত তেওঁ পৃথিৱীলৈ উভতি আহে । ১৮ দিনীয়া এই অভিযানৰ সময়ছোৱাত তেওঁ আন তিনিজন মহাকাশচাৰীৰ সৈতে ৬০টাতকৈও অধিক পৰীক্ষা আৰু ২০টা সজাগতা অধিবেশন সম্পন্ন কৰে ।

২৫ আগষ্টত লক্ষ্ণৌত উপস্থিত হ’ব গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা । শুভাংশুৱে পৰিয়ালৰ সৈতে বিমানবন্দৰৰ পৰা নিজৰ বাসগৃহলৈ ৰোড শ্ব’ৰ জৰিয়তে লক্ষ্ণৌবাসীক ধন্যবাদ জ্ঞাপন কৰিব । ইতিহাস ৰচনা কৰাৰ পিছত প্ৰথমবাৰৰ বাবে লক্ষ্ণৌ ভ্ৰমণ কৰি পৰিয়ালক লগ পাব শুভাংশুৱে ।

ভাৰতলৈ উভতনি-

শুভাংশুৱে ইনষ্টাগ্ৰামত  এখন ফটো শ্বেয়াৰ কৰিছে য’ত তেওঁক বিমানত হাঁহি থকা দেখা গৈছে । তেওঁ লিখিছে, ভাৰতলৈ আহিবলৈ বিমানত উঠাৰ লগে লগে মোৰ হৃদয়ত বহু আৱেগ উথলি উঠিছে । বিগত এবছৰ ধৰি মোৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ দৰে হৈ থকা আচৰিত মানুহখিনিক বিদায় দি দুখী হৈছো । লগতে প্ৰথমবাৰৰ বাবে পৰিয়াল, বন্ধু-বান্ধৱী আৰু দেশবাসীক লগ পাবলৈ গৈ আছোঁ বাবে সুখো অনুভৱ কৰিছোঁ । হয়তো এয়াই জীৱন – সকলো একেলগে ।

তেওঁ আৰু কয় যে মিছনৰ সময়ত আৰু পিছত মই ইমানেই মৰম আৰু সমৰ্থন পাইছিলোঁ যে ভাৰতলৈ আহি মোৰ অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ মই আগ্ৰহী । বিদায় কঠিন, কিন্তু জীৱনত আগবাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ । মোৰ কমাণ্ডাৰ পেগী হুইটছনে কয় যে মহাকাশ উৰণৰ একমাত্ৰ স্থায়ী বস্তুটো হ’ল পৰিৱৰ্তন । জীৱনৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য ।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক-

ভাৰতলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব শুভাংশুৱে । ২০২৫ চনৰ ১৫ আগষ্টত লালকিল্লাত ৭৯ সংখ্যক স্বাধীনতা দিৱসত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা মহাকাশ কেন্দ্ৰৰ পৰা উভতি আহিছে । অনাগত দিনত তেওঁ ভাৰতলৈ উভতি আহিব । ইয়াৰ পিছত শুভাংশু লক্ষ্ণৌলৈ যাব, য’ত তেওঁৰ পৰিয়ালে তেওঁৰ বাবে অপেক্ষা কৰি আছে । অহা ২২-২৩ আগষ্টত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনতো অংশগ্ৰহণ কৰিব তেওঁ ।

শুভাংশু আৰু তেওঁৰ বেকআপ মহাকাশচাৰী প্ৰশান্ত নায়াৰে ১৫ আগষ্টত হিউষ্টনত থকা ভাৰতীয় কনছুলেটত স্বাধীনতা দিৱস উদযাপন কৰে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰি শুভাংশুৰ এই কৃতিত্বৰ প্ৰশংসা কৰে ।

লগতে পঢ়ক : ডাঙৰ পদক্ষেপৰ বাবে সাজু ISRO; চেটেলাইটৰ সৈতে সংযোগ কৰিব মোবাইল ফোন

পৃথিৱী পালেহি ভাৰত সন্তান শুভাংশু শুক্লা; কেলিফৰ্ণিয়া উপকূলত অৱতৰণ

পৃথিৱী পালেহি ভাৰত সন্তান শুভাংশু শুক্লা

১৮ দিনীয়া আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS) ভ্ৰমণ শেষ কৰি অৱশেষত পৃথিৱী পালেহি ভাৰতৰ সন্তান শুভাংশু শুক্লা

ইতিহাস সৃষ্টি কৰি এক্সিয়াম-৪ অভিযানৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা শুভাংশু শুক্লা আন ৩ জন মহাকাশচাৰীৰ সৈতে পৃথিৱীলৈ উভতি আহিছে।

চাৰিজন মহাকাশচাৰীক কঢ়িয়াই অনা স্পেচএক্সৰ ড্ৰেগন মহাকাশযানখন ভাৰতৰ সময় অনুসৰি বিয়লি ৩.০১ বজাত আমেৰিকাৰ কেলিফৰ্ণিয়া ৰাজ্যৰ ছান ডিয়েগোৰ উপকূলৰ প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰে।

এই কেপচুলটো ৪টা পেৰাচুটৰ সহায়ত সাগৰত অৱতৰণ কৰে।এতিয়া কেপচুলটো পানীৰ পৰা আঁতৰাই বিশেষ ৰিকুৱেৰি জাহাজত ৰখা হৈছে, য’ৰ পৰা মহাকাশচাৰীসকলক কেপচুলৰ পৰা উলিয়াই অনা হ’ব।

এক্সিয়াম-৪ৰ চাৰিওজন ক্ৰু মেম্বাৰৰ বাবে জাহাজখনতে কেইবাটাও চিকিৎসা পৰীক্ষা কৰা হ’ব। ইয়াৰ পিছত হেলিকপ্টাৰে তেওঁলোকক লৈ যোৱা হ’ব।

শুভাংশ শুক্লাৰ সৈতে আৰু তিনিজন মহাকাশচাৰী এই অভিযানত গৈছিল।নাছাৰ প্ৰাক্তন মহাকাশচাৰী আৰু এক্সিয়াম স্পেচৰ মানৱ মহাকাশ উৰণৰ পৰিচালক পেগী হুইটছন আছিল এই অভিযানৰ অধিনায়ক ।

ড্ৰেগন মহাকাশযানখনে প্ৰায় ২২-২৩ ঘণ্টা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ যাত্ৰা কৰি কেলিফৰ্ণিয়া উপকূলত অৱতৰণ কৰিছে।

লগতে পঢ়ক: সপোন পূৰণ হ’ল এলন মাস্কৰ; ভাৰতত মুকলি হ’ল প্ৰথমটো টেছলাৰ শ্ব’ৰুম

‘অতি সোনকালেই পৃথিৱীত লগ পাই আছো’;শীঘ্ৰেই আৰম্ভ হ’ব শুভাংশু শুক্লাৰ আনডকিং প্ৰক্ৰিয়া

শীঘ্ৰেই আৰম্ভ হ’ব শুভাংশু শুক্লাৰ আনডকিং প্ৰক্ৰিয়া

এক্সিয়াম-৪ অভিযানৰ অধীনত মহাকাশ ভ্ৰমণলৈ যোৱা ক্ৰুসকলৰ উভতি অহাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত ১৮ দিন কটোৱাৰ পিছত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু তেওঁৰ আন তিনিজন সহযোগী মহাকাশচাৰী পৃথিৱীলৈ উভতি আহিবলৈ ওলাইছে।

এক্সিয়াম স্পেছে এক বিবৃতিত কয় যে আই এছ এছৰ পৰা আনডক কৰাৰ সময় পুৱা ৬:০৫ বজাৰ আগতে (বিয়লি ৪:৩৫ বজাত আই এছ টি) নিৰ্ধাৰণ কৰা হোৱা নাই।

বিবৃতিটোত কোৱা হৈছে যে, ‘প্ৰায় ২২.৫ ঘণ্টাৰ যাত্ৰাৰ অন্তত কেন্দ্ৰীয় সময় অনুসৰি পুৱা ৪:৩১ বজাত (মঙলবাৰে ভাৰতীয় সময় অনুসৰি ৩:০১ বজাত) ক্ৰুৱে কেলিফৰ্ণিয়াৰ উপকূলত অৱতৰণ কৰাৰ সম্ভাৱনা আছে।’

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা অহা শুভংছু শুক্লাৰ পিতৃ শম্ভু দয়াল শুক্লাই পুত্ৰৰ নিৰাপদে পৃথিৱীলৈ ঘূৰি অহাৰ বাবে প্ৰাৰ্থনা কৰে।

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ড্ৰেগন মহাকাশযানৰ পৃথকীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বয়ংক্ৰিয় হ’ব। ডকিং কৰাৰ পিছত ড্ৰেগন ইঞ্জিনসমূহে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা নিৰাপদে নিজকে আঁতৰাই পৃথিৱীলৈ পুনৰ প্ৰৱেশ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় শক্তি উৎপাদনৰ বাবে কেইবাটাও পদ্ধতিৰ মাজেৰে পাৰ হ’ব।

পৃথিৱীলৈ ঘূৰি আহিবলৈ কিমান সময় লাগিব

পৃথিৱীলৈ ঘূৰি অহাৰ সময়ত মহাকাশযানখনে প্ৰায় ১৬০০ ডিগ্ৰী চেলছিয়াছ উষ্ণতাৰ সন্মুখীন হ’ব। পেৰাচুটে দুটা পৰ্যায়ত কাম কৰিব।

প্ৰথম পৰ্যায়ত ষ্টেবিলাইজেচন পেৰাচুটে প্ৰায় ৫.৭ কিলোমিটাৰ উচ্চতাত কাম কৰিব আৰু তাৰ পিছত দ্বিতীয় পৰ্যায়ত মূল পেৰাচুটে প্ৰায় দুই কিলোমিটাৰ উচ্চতাত কাম কৰিব।

মহাকাশযানখন আনডক কৰাৰ প্ৰায় ২২.৫ ঘণ্টাৰ পিছত কেলিফৰ্ণিয়াৰ উপকূলত অৱতৰণ কৰাৰ সম্ভাৱনা আছে আৰু মহাকাশ কেপচুলখন বিশেষ জাহাজে ঘূৰাই অনা হ’ব।

“পৃথিৱীত সোনকালে লগ পাম”

দেওবাৰে এক্সপেডিচন ৭৩ মহাকাশচাৰীসকলে এক্সিয়াম-৪ মিছনৰ ক্ৰুৰ বাবে পৰম্পৰাগত বিদায় অনুষ্ঠান অনুষ্ঠিত কৰে, য’ত শুভাংশু শুক্লা, কমাণ্ডাৰ পেগী হুইটছন আৰু মিছন বিশেষজ্ঞ পোলেণ্ডৰ স্লাভ’জ উজনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপুকে ধৰি এক পৰম্পৰাগত বিদায়ী অনুষ্ঠান অনুষ্ঠিত কৰে।

চাৰি দশকৰো অধিক সময়ৰ অন্তত ভাৰত, পোলেণ্ড আৰু হাংগেৰী মহাকাশলৈ ঘূৰি অহাৰ চিন স্বৰূপ এক্সিয়াম-৪ অভিযান। দেওবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত বিদায়ী অনুষ্ঠানত শুভাংশু শুক্লাই কয় যে পৃথিৱীত অতি সোনকালে লগ পাম।

লগতে পঢ়ক: মহাকাশত শুভাংশ শুক্লাৰ বিদায় অনুষ্ঠান; আনডকৰ পূৰ্বে ক’লে ‘ভাৰত সকলোতকৈ শ্ৰেষ্ঠ’

 মহাকাশত শুভাংশ শুক্লাৰ বিদায় অনুষ্ঠান; আনডকৰ পূৰ্বে ক’লে ‘ভাৰত সকলোতকৈ শ্ৰেষ্ঠ’

মহাকাশত শুভাংশু শুক্লাৰ বিদায় অনুষ্ঠান

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ত ঐতিহাসিক যাত্ৰা সম্পূৰ্ণ কৰি মহাকাশক বিদায় দিব ভাৰতীয় বায়ুসেনা গোটৰ কেপ্তেইন শুভাংশু শুক্লাই।

আজি সন্ধিয়া ৭:২৫ বজাত(ভাৰত সময় অনুসৰি) এই বিশেষ মুহূৰ্তটো বিদায় অনুষ্ঠান হিচাপে আয়োজন কৰা হয়।এই অনুষ্ঠানটো LIVE সম্প্ৰচাৰ কৰা হয়, যিটো অনুষ্ঠান সমগ্ৰ বিশ্বৰ লাখ লাখ লোকে চাইছিল।

এক্স-৪ মিছন দলৰ সদস্য আৰু নাছাৰ এক্সপেডিচন ৭৩ দলৰ সদস্যসকলেও বিদায় কাৰ্যসূচীত অংশগ্ৰহণ কৰে।বিদায় অনুষ্ঠানত ভাৰতৰ বাবে এটা বাৰ্তা দিওঁতে শুভাংশুই কয় – সাৰে জাহান ছে আচ্ছা।

উল্লেখ্য যে, ২০২৫ চনৰ ২৬ জুনত নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা স্পেচএক্সৰ ড্ৰেগন মহাকাশযানৰ জৰিয়তে শুভাংশু আৰু তেওঁৰ সংগীসকল এক্স-৪ মিছনলৈ গৈছিল।এই অভিযানত আমেৰিকাৰ অভিজ্ঞ মহাকাশচাৰী পেগী হুইটছন কামাণ্ডৰ ৰূপত আছিল।

বিদায়ী অনুষ্ঠানৰ পিছত ১৪ জুলাইৰ দুপৰীয়া ২:২৫ বজাত (IST) তেওঁলোক স্পেচএক্সৰ ড্ৰেগন বিমানত উঠিব আৰু প্ৰয়োজনীয় প্ৰি-ফ্লাইট চেক সম্পূৰ্ণ কৰাৰ পিছত বিয়লি ৪:৩৪ বজাত আই এছ এছৰ পৰা পৃথক হ’ব।

তেওঁ ১৫ জুলাইৰ বিয়লি প্ৰায় ৩:০০ বজাত কেলিফৰ্ণিয়াৰ উপকূলত স্প্লেশডাউনৰ সৈতে পৃথিৱীলৈ উভতি আহিব।ISRO ৰ মতে পৃথিৱীলৈ ঘূৰি অহাৰ পিছত শুভাংশু শুক্লাই ৭ দিনীয়া পুনৰ্বাসন কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব, যাতে তেওঁলোকে পৃথিৱীৰ মহাকৰ্ষণীয় অৱস্থানত আৰামদায়ক হ’ব পাৰে।

লগতে পঢ়ক: পৃথিৱীলৈ কেতিয়া উভতিব শুভাংশু শুক্লা… ইছৰোৱে দিলে এই আপডেট

পৃথিৱীলৈ কেতিয়া উভতিব শুভাংশু শুক্লা… ইছৰোৱে দিলে এই আপডেট

পৃথিৱীলৈ কেতিয়া উভতিব শুভাংশু শুক্লা

গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা পৃথিৱীলৈ উভতিলৈ সাজু হোৱাৰ সময়তে ভাৰতৰ মহাকাশ অভিযানে এটা সফল অধ্যায় সংযোজন কৰিবলৈ ওলাইছে । বতৰে অনুমতি দিলে ১৫ জুলাইত তেওঁ কেলিফৰ্ণিয়াৰ ওচৰৰ সাগৰত অৱতৰণ কৰিব বুলি ইছৰোৱে জনাইছে । গ্ৰুপ কেপ্তেইন শুভাংশু হৈছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় । আকাশ গংগা নামৰ এই অভিযানটো এক্সিয়াম স্পেচ, নাছা আৰু ইছৰোৰ যৌথ প্ৰচেষ্টা । এই অভিযানে আগন্তুক গগণযান অভিযান আৰু ভাৰতীয় মহাকাশ কেন্দ্ৰৰ লগতে ভাৰতৰ মানৱ মহাকাশ উৰণক এক গতি প্ৰদান কৰিব ।

এক্সিয়াম স্পেছে দিলে তথ্য-

শুকুৰবাৰে এক্সিয়াম স্পেছে জনোৱা মতে, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত এক্সিয়াম মিছন ৪ (এক্স-৪)ৰ ক্ৰুৱে নিজৰ গৱেষণা প্ৰকল্প সম্পূৰ্ণ কৰি আছে । ইয়াত উপস্থিত হোৱাৰ পিছৰে পৰা তেওঁলোকে ৬০টাতকৈও অধিক বৈজ্ঞানিক গৱেষণামূলক কাৰ্য্যকলাপ চলাইছে আৰু ২০টাতকৈও অধিক আউটৰিচ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে । এই সকলোবোৰ প্ৰকল্পই এনে গৱেষণাক প্ৰসাৰিত কৰিছে যিয়ে মহাকাশ অন্বেষণৰ ভৱিষ্যতত অৰিহণা যোগাব আৰু লগতে পৃথিৱীত আহিবলগীয়া প্ৰজন্মক অনুপ্ৰাণিত কৰিব ।

আই এছ এছত গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই ৭টা ইণ্ডিয়া স্পেচিফিক মাইক্ৰ’গ্ৰেভিটি এক্সপেৰিমেণ্ট চলাইছিল, যিয়ে মহাকাশ বিজ্ঞানত ভাৰতৰ ক্ৰমবৰ্ধমান সামৰ্থ্য প্ৰদৰ্শন কৰে । এই পৰীক্ষাসমূহে ভৱিষ্যতৰ অভিযান আৰু দীৰ্ঘম্যাদী মহাকাশ উৰণৰ বাবে প্ৰয়োজনীয় তথ্য প্ৰদান কৰিব ।

ইছৰোৱে নিৰীক্ষণ কৰি আছে স্বাস্থ্য-

এই পৰীক্ষাসমূহ এতিয়া অধিক বিশ্লেষণৰ বাবে পৃথিৱীলৈ আনিবলৈ প্ৰস্তুত কৰা হৈছে । ইফালে, মাইক্ৰ’ এলগে, শস্যৰ বীজ আৰু ভয়েজাৰ ডিছপ্লেৰ ওপৰত গুৰুত্ব আৰোপ কৰা আন তিনিটা পৰীক্ষা সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে আৰু ই ভাৰতৰ মহাকাশ গৱেষণা পৰ্টফলিঅ’ক শক্তিশালী কৰি তুলিব । এই সকলোবোৰৰ মাজতে ইছৰোৰ ফ্লাইট ছাৰ্জনে সমগ্ৰ অভিযানত ব্যক্তিগত চিকিৎসা আৰু মানসিক সন্মিলনৰ জৰিয়তে গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ স্বাস্থ্য আৰু মানসিক সুস্থতা অহৰহ নিৰীক্ষণ কৰি আছে ।

খবৰ অনুসৰি মহাকাশচাৰীসকলৰ স্বাস্থ্য ভাল আৰু উচ্চ মনোবল । স্প্লেচডাউনৰ পিছত গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই ইছৰোৰ ফ্লাইট ছাৰ্জনৰ তত্বাৱধানত ৭ দিনীয়া কোৱাৰেণ্টাইনত থাকিব । মহাকাশত কেইবা সপ্তাহ কটোৱাৰ পিছত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ লগত অভ্যস্ত হ’বলৈ এই পৰ্যায়টো প্ৰয়োজনীয় ।

লগতে পঢ়ক : ইছৰোৰ মানৱ মহাকাশ অভিযানৰ প্ৰস্তুতি পূৰ্ণগতিত; গগণযানৰ বাবে সাজু ইঞ্জিন