বিজ্ঞানীসকলে এক গুৰুতৰ সতৰ্কবাণী জাৰি কৰি কৈছে যে মহাকাশত জমা হোৱা এই আৱৰ্জনাবোৰ ক্ষিপ্ৰগতিত সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ বিপদ হৈ দেখা দিছে
বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব উন্নতিৰ লগে লগে বৰ্তমান সময়ত পৃথিৱীৰ সমান্তৰালভাৱে মহাকাশত এক নতুন সংকট ঘনীভূত হৈ পৰিছে । এই সংকট হৈছে ‘মহাকাশৰ আৱৰ্জনা’ বা স্পেচ ডেব্ৰি (Space Debris) । বিজ্ঞানীসকলে এক গুৰুতৰ সতৰ্কবাণী জাৰি কৰি কৈছে যে মহাকাশত জমা হোৱা এই আৱৰ্জনাবোৰ ক্ষিপ্ৰগতিত সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ বিপদ হৈ দেখা দিছে, যিয়ে আমাৰ আধুনিক জীৱন যাত্ৰাক মূহূৰ্তৰ ভিতৰতে স্তব্ধ কৰি দিব পাৰে ।
পুৰণি নিষ্ক্ৰিয় উপগ্ৰহ, ৰকেটৰ ভঙা অংশ আৰু মহাকাশত হোৱা বিভিন্ন বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সৰু সৰু টুকুৰাবোৰেই হৈছে এই আৱৰ্জনা । আচৰিত কথাটো হ’ল, এই আৱৰ্জনাবোৰে পৃথিৱীৰ চাৰিওফালে প্ৰায় ২৮,০০০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ তীব্ৰ বেগত ঘূৰি ফুৰিছে । ইমান তীব্ৰ গতিৰ বাবে এটা সৰু টুকুৰায়ো সক্ৰিয় উপগ্ৰহসমূহ ধ্বংস কৰি পেলাব পাৰে ।
মহাকাশৰ এই আৱৰ্জনাবোৰে আমাৰ দৈনন্দিন জীৱনত কেনেধৰণৰ ভয়াবহ প্ৰভাৱ পেলাব পাৰে-
নেভিগেচন চিষ্টেম সম্পূৰ্ণ বিকল হোৱাৰ আশংকা-
বৰ্তমান সময়ত গাড়ী, বিমান, জাহাজৰ পৰা আদি কৰি আমাৰ ম’বাইলৰ খাদ্য যোগান ধৰা এপসমূহলৈকে সকলোতে জিপিএছ (GPS) উপগ্ৰহ ব্যৱহাৰ কৰা হয় । যদি মহাকাশৰ আৱৰ্জনাই এই উপগ্ৰহসমূহৰ ক্ষতি কৰে, তেন্তে সমগ্ৰ বিশ্বৰ নেভিগেচন চিষ্টেম বিকল হৈ পৰিব । ইয়াৰ ফলত বিমান আৰু জাহাজসমূহে দিশ হেৰুৱাই ডাঙৰ দুৰ্ঘটনাত পতিত হ’ব পাৰে আৰু স্মাৰ্টফোনৰ মেপ (Map) সেৱা সম্পূৰ্ণ বন্ধ হৈ পৰিব ।
ম’বাইল আৰু বেংকিং সেৱা স্তব্ধ হ’ব-
গোলকীয় ইণ্টাৰনেট সংযোগ, ম’বাইল নেটৱৰ্ক আৰু ছেটেলাইট টেলিভিছন সেৱা সম্পূৰ্ণৰূপে উপগ্ৰহৰ ওপৰত নিৰ্ভৰশীল । মহাকাশত এটা ডাঙৰ সংঘৰ্ষই সমগ্ৰ বিশ্বৰ ইণ্টাৰনেট আৰু যোগাযোগ ব্যৱস্থা বিছিন্ন কৰি দিব পাৰে । ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিব বিত্তীয় খণ্ডত । এটিএম, অনলাইন বেংকিং, শ্বেয়াৰ বজাৰ আৰু ডিজিটেল পেমেণ্ট ব্যৱস্থাবোৰ উপগ্ৰহৰ নিখুঁত সময়ৰ ওপৰত চলে । উপগ্ৰহ বিকল হ’লে সমগ্ৰ অৰ্থনীতি থমকি ৰ’ব ।
বতৰৰ আগজাননীত বাধা আৰু প্ৰাকৃতিক দুৰ্যোগৰ আশংকা-
বতৰ বিজ্ঞানৰ উপগ্ৰহসমূহৰ সহায়ত বিজ্ঞানীসকলে ঘূৰ্ণীবতাহ, ধুমুহা, বানপানী আৰু খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী দিয়ে । এই উপগ্ৰহবোৰ নষ্ট হ’লে দুৰ্যোগৰ সতৰ্কবাণী প্ৰণালী বন্ধ হৈ পৰিব, যাৰ ফলত লাখ লাখ মানুহৰ জীৱন বিপন্ন হ’ব পাৰে। লগতে আকাশী যাতায়ত ব্যৱস্থাতো ইয়াৰ ভয়ংকৰ প্ৰভাৱ পৰিব ।
‘কেছলাৰ চিনড্ৰম’ৰ ভয়ংকৰ বিপদ-
বিজ্ঞানীসকল বৰ্তমান আটাইতকৈ বেছি চিন্তিত ‘কেছলাৰ চিনড্ৰম’ক (Kessler Syndrome) লৈ । এই পৰিস্থিতিত মহাকাশত থকা কোনো আৱৰ্জনা আন এটা বস্তুৰ সৈতে খুন্দা খালে হাজাৰ হাজাৰ নতুন টুকুৰাৰ সৃষ্টি হ’ব । এই টুকুৰাবোৰে আকৌ আন উপগ্ৰহক খুন্দা মাৰিব । এইদৰে এটা শৃংখল বিক্ৰিয়া (Chain Reaction) আৰম্ভ হ’ব, যাৰ ফলত ভৱিষ্যতে নতুন উপগ্ৰহ উৎক্ষেপণ কৰা বা মহাকাশ অভিযান চলোৱাটো অসম্ভৱ হৈ পৰিব ।
মানুহ আৰু মহাকাশচাৰীৰ প্ৰাণৰ সংশয়-
আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচন আৰু ভাৰতৰ আগন্তুক মহাকাশ অভিযানসমূহৰ মহাকাশচাৰীসকলৰ বাবে এই আৱৰ্জনা আটাইতকৈ ডাঙৰ শত্ৰু । এটি ক্ষুদ্ৰ কণিকায়ো মহাকাশযানৰ খিৰিকী বা দেৱাল থকা-সৰকা কৰিব পাৰে ।
কেৱল মহাকাশতে নহয়, পৃথিৱীৰ বুকুত থকা মানুহৰ বাবেও ই বিপদ কঢ়িয়াই আনিব পাৰে । যদিও বেছিভাগ আৱৰ্জনা বায়ুমণ্ডলত প্ৰৱেশ কৰোঁতেই জ্বলি ছাই হয়, তথাপিও ৰকেটৰ ডাঙৰ অংশবোৰ পোনপটীয়াভাৱে পৃথিৱীৰ পৃষ্ঠত খহি পৰাৰ সম্ভাৱনা থাকে । বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে কিছুমান পুৰণি উপগ্ৰহত বিপজ্জনক তেজস্ক্ৰিয় পদাৰ্থ থাকে, যিবোৰ পৃথিৱীত পৰিলে এক বৃহৎ অঞ্চলত পাৰমাণৱিক প্ৰদূষণৰ সৃষ্টি হ’ব পাৰে ।
মহাকাশৰ এই আৱৰ্জনা কেৱল বিজ্ঞানীসকলৰ বাবে এক গৱেষণাৰ বিষয় হৈ থকা নাই, বৰঞ্চ ই প্ৰতিগৰাকী আধুনিক মানুহৰ অস্তিত্বৰ প্ৰতি এক প্ৰত্যাহ্বান হৈ পৰিছে । যদি সময় থাকোতেই বিশ্বৰ মহাশক্তিধৰ দেশসমূহে এই আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে কোনো সঠিক পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে মানৱ সভ্যতাই ইয়াৰ ভয়াৱহ পৰিণাম ভুগিবলগীয়া হ’ব পাৰে ।
লগতে পঢ়ক : চন্দ্ৰত স্থায়ী ঘাটি নিৰ্মাণৰ বাবে NASA-ৰ বৃহৎ পৰিকল্পনা









