অগ্নি-৩ ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইলৰ সফলতাৰে পৰীক্ষণ কৰে ভাৰতে । অগ্নি-৩ হৈছে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰা মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল ।
৬ ফেব্ৰুৱাৰীত ওড়িশাৰ চণ্ডীপুৰৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা অগ্নি-৩ ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইলৰ সফলতাৰে পৰীক্ষা কৰে । এই উৎক্ষেপণে সকলো কাৰ্যকৰী আৰু কাৰিকৰী পৰিমাপ পূৰণ কৰে । ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ডৰ তত্বাৱধানত এই পৰীক্ষা সম্পন্ন কৰা হয় । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, পৰীক্ষাৰ সময়ত অগ্নি-৩ ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইলৰ সকলো কাৰিকৰী আৰু কাৰ্যকৰী পৰিমাপ সফল হয় ।
পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিয়াত সক্ষম-
অগ্নি ক্ষেপণাস্ত্ৰ ব্যৱস্থা ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ এক মূল উপাদান । ভাৰতৰ উল্লেখযোগ্য সামৰিক সামৰ্থ্য তদাৰক কৰা ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ডৰ তত্বাৱধানত এই পৰীক্ষণ কৰা হয় । এই পৰীক্ষাই ভাৰতৰ শক্তিশালী আৰু নিৰ্ভৰযোগ্য কৌশলগত প্ৰতিৰোধ ক্ষমতাক স্পষ্টভাৱে প্ৰমাণ কৰে । অগ্নি-৩ হৈছে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰা মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল । ই এম আই আৰ ভি প্ৰযুক্তি সম্পন্ন, যিয়ে একেলগে একাধিক লক্ষ্যক আঘাত কৰিব পাৰে ।
ভাৰতৰ পৰিসৰত থাকিব সমগ্ৰ পাকিস্তান-
অগ্নি-৩ ক্ষেপণাস্ত্ৰৰ মূল শক্তি হ’ল ইয়াৰ গতি । ইয়াৰ পৰিসৰ ৩০০০ৰ পৰা ৫০০০ কিলোমিটাৰ বুলি অনুমান কৰা হৈছে । ইয়াৰ ওজন লঘু হোৱাৰ বাবে ইয়াৰ পৰিসৰ আৰু বৃদ্ধি কৰিব পৰা যায় । ইয়াৰ দ্বাৰা পাকিস্তান আৰু চীনৰ অধিকাংশ অঞ্চল ভাৰতে লক্ষ্য কৰি ল’ব পাৰিব । ইয়াৰ গতি মেক. ১৫ (ঘণ্টাত ১৮,৫২২ কিলোমিটাৰ), অৰ্থাৎ প্ৰতি ছেকেণ্ডত ৫ৰ পৰা ৬ কিলোমিটাৰ । ইয়াৰ দৈৰ্ঘ্য ১৭ মিটাৰ আৰু ওজন ৫০,০০০ কিলোগ্ৰাম ।
অগ্নি-৩ ক্ষেপণাস্ত্ৰৰ বিশেষত্ব-
ভাৰতৰ অগ্নি-৩ ক্ষেপণাস্ত্ৰত ৰিং লেজাৰ জাইৰস্কোপ ইনাৰ্চিয়েল নেভিগেচন চিষ্টেম আছে, যাৰ ফলত উৰণৰ মাজভাগত ক্ষেপণাস্ত্ৰই লক্ষ্য সলনি কৰিব পাৰে । ইফালে ভাৰতীয় সেনাই নিজৰ বায়ু প্ৰতিৰক্ষা আৰু নিৰীক্ষণৰ ক্ষমতা বৃদ্ধিৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে । সেনাই ৩০টা নিম্নস্তৰৰ লঘু ৰাডাৰ ক্ৰয়ৰ বাবে প্ৰায় ৭২৫ কোটিৰ নিবিদা জাৰি কৰিছে ।
লগতে পঢ়ক : পঞ্জাৱৰ জলন্ধৰত ভয়ংকৰ ঘটনা; গুৰুদ্বাৰা চাহাবৰ বাহিৰতেই আপ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা









