পৃথিৱীৰ দিশে ধাবমান মহাশক্তিশালী সৌৰ ধুমুহা : ভাৰতৰ আকাশতো দেখা যাব পাৰে অপূৰ্ব মেৰুপ্ৰভা!

পৃথিৱীৰ দিশে তীব্ৰ গতিত আগবাঢ়ি আহিছে এটা মহাশক্তিশালী সৌৰ ধুমুহা

মহাকাশত সৃষ্টি হৈছে এক ডাঙৰ আলোড়ন । পৃথিৱীৰ দিশে তীব্ৰ গতিত আগবাঢ়ি আহিছে এটা মহাশক্তিশালী সৌৰ ধুমুহা (Geomagnetic Storm) । আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ (NASA)ই প্ৰকাশ কৰা অনুসৰি, এই সৌৰ সক্ৰিয়তাৰ বাবে উত্তৰ ভাৰতৰ কিছুমান অঞ্চলকে ধৰি ইউৰোপৰ আকাশত এক অপূৰ্ব মহাজাগতিক দৃশ্য প্ৰত্যক্ষ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে ।

সূৰ্যৰ সক্ৰিয় অঞ্চল ৪৪৬১-ৰ পৰা এক বৃহৎ পৰিমাণৰ প্লাজমা আৰু শক্তিশালী চুম্বকীয় ক্ষেত্ৰৰ উদগীৰণ ঘটিছে, যাক বিজ্ঞানীসকলে কৰোনেল মাছ ইজেকশ্বন বুলি অভিহিত কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ ‘স্পেচ ৱেদাৰ প্ৰেডিকশ্বন চেন্টাৰে’ ৮ আৰু ৯ জুনৰ বাবে বিশ্বজুৰি ভূ-চুম্বকীয় ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে । বিশেষজ্ঞসকলৰ মতে, চলিত সপ্তাহত সংঘটিত অন্যান্য সৌৰ ঘটনাবোৰৰ তুলনাত এই ধুমুহাৰ প্ৰভাৱ বহুত বেছি হ’ব পাৰে ।

কি এই কৰোনেল মাছ ইজেকশ্বন আৰু অৰোৰা ?

সূৰ্যৰ বুকুত হোৱা বিস্ফোৰণৰ ফলত যেতিয়া বিপুল পৰিমাণৰ আধানযুক্ত সৌৰ কণিকা আৰু প্লাজমা পৃথিৱীৰ ফালে আহে, তেতিয়া সিহঁতে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ সৈতে ক্ৰিয়া কৰে । এই আধানযুক্ত কণিকাবোৰে পৃথিৱীৰ বায়ুমণ্ডলৰ ওপৰৰ অংশত থকা গেছসমূহৰ সৈতে খুন্দা খোৱাৰ ফলত নৈশ আকাশত সেউজীয়া, বেঙুনীয়া আৰু ৰঙা পোহৰৰ এক আচৰিত তৰংগায়িত আৰ্হিৰ সৃষ্টি হয় । ইয়াকে বৈজ্ঞানিক ভাষাত অৰোৰা (Aurora) বা মেৰুপ্ৰভা বুলি কোৱা হয় ।

ভাৰতত দেখা যাবনে এই দৃশ্য ?

বৰ্তমান ভাৰতৰ মাহাকাশক লৈ উৎকণ্ঠিত লোকসকল আৰু ফটোগ্ৰাফাৰসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । বিশেষজ্ঞসকলৰ মতে, যদি বতৰ অনুকূল থাকে অৰ্থাৎ আকাশ পৰিষ্কাৰ হয় আৰু পোহৰৰ প্ৰদূষণ কম থাকে, তেন্তে উত্তৰ ভাৰতৰ উচ্চ হিমালয়ৰ অঞ্চলসমূহৰ পৰা এই দৃশ্য দেখা পোৱাৰ সম্ভাৱনা আছে । অৱশ্যে, এই দৃশ্য আইচলেণ্ড বা অন্যান্য মেৰু অঞ্চলৰ দৰে ইমান উজ্জ্বল নহ’বও পাৰে, কেৱল এটা মৃদু আভা প্ৰত্যক্ষ কৰা যাব পাৰে ।

ভাৰতৰ কোনবোৰ স্থানত দেখাৰ সুযোগ আটাইতকৈ বেছি ?

লাডাখ : হানলে ডাৰ্ক স্কাই ৰিজাৰ্ভ, পানগং হ্ৰদ আৰু নুব্ৰা উপত্যকা ।

অৰুণাচল প্ৰদেশ : টাৱাং ।

কাৰ্গিল : দ্ৰাছ ।

কিবা ক্ষতি হোৱাৰ সম্ভাৱনা আছেনে ?

এই ভূ-চুম্বকীয় ধুমুহাই কেৱল আকাশ সুন্দৰ কৰাই নহয়, ইয়াৰ ফলত উপগ্ৰহ সংযোগ, ৰেডিঅ’ যোগাযোগ, জিপিএছ নেভিগেশ্যন ব্যৱস্থা আৰু পাৱাৰ গ্ৰীড বা শক্তি আন্তঃগাঁথনিত সামান্য ব্যাঘাত জন্মিব পাৰে । অৱশ্যে, বতৰ পূৰ্বানুমানকাৰী সংস্থাসমূহে আশ্বস্ত কৰিছে যে এই প্ৰভাৱ অতি সীমিত আৰু নিয়ন্ত্ৰণযোগ্য হ’ব ।

বৰ্তমান যুক্তৰাজ্য, কানাডা আৰু আমেৰিকাৰ ফটোগ্ৰাফাৰসকলৰ দৰেই ভাৰতীয় মহাকাশ সংস্থাসমূহেও এই সমগ্ৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ।

লগতে পঢ়ক : মানৱ জাতিলৈ বিপদ মাতিছে মহাকাশৰ আৱৰ্জনাইঃ স্তব্ধ হৈ পৰিব পাৰে জীৱন!

মুহুৰ্ততে অগ্নি গোলকলৈ পৰিণত হ’ল মিলিয়ন ডলাৰৰ ৰকেট, ফ্লৰিডাত আকাশ ভেদি উঠিল জুইৰ বিশাল কুণ্ডলী!

পৰৱৰ্তী উৎক্ষেপণৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰকেটটোৰ ইঞ্জিনসমূহ পৰীক্ষা কৰাৰ বাবে লাঞ্চ পেডত থিয় কৰাই থোৱা হৈছিল

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজছৰ মহাকাশ সংস্থা ‘ব্লু অৰিজিন‘ (Blue Origin) এক গুৰুত্বপূৰ্ণ দুৰ্ঘটনাৰ সন্মুখীন হৈছে । ২৮ মে’, ২০২৬ৰ নিশা ফ্লৰিডাৰ কেপ কেনাভেৰেলত এক ‘হট-ফায়াৰ’ বা ষ্টেটিক ফায়াৰ পৰীক্ষণৰ সময়ত কোম্পানীটোৰ শক্তিশালী ‘নিউ গ্লেন’ ৰকেটটো ভয়ংকৰভাৱে বিস্ফোৰিত হয় ।

কি ঘটিছিল নিশা ?

স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৯ বজাত এই বিস্ফোৰণটো ঘটে । পৰৱৰ্তী উৎক্ষেপণৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰকেটটোৰ ইঞ্জিনসমূহ পৰীক্ষা কৰাৰ বাবে লাঞ্চ পেডত থিয় কৰাই থোৱা হৈছিল । হঠাৎ হোৱা এক “অস্বাভাৱিক ঘটনা”ৰ বাবে ৰকেটটোৰ ইন্ধন জ্বলি উঠি এক বিশাল জুইৰ কুণ্ডলীত পৰিণত হয় । বিস্ফোৰণৰ প্ৰবলতা ইমানেই বেছি আছিল যে ওচৰৰ অঞ্চলসমূহত কম্পন অনুভূত হয় । অৱশ্যে, এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি কোম্পানীটোৱে নিশ্চিত কৰিছে ।

জেফ বেজছৰ প্ৰতিক্ৰিয়া :

ঘটনাটোৰ পাছত জেফ বেজছে ছ’চিয়েল মিডিয়াযোগে দুখ প্ৰকাশ কৰি কয়, “আজিৰ দিনটো অতি কঠিন আছিল, কিন্তু আমি পুনৰ নিৰ্মাণ কৰি আমাৰ যাত্ৰা অব্যাহত ৰাখিম । ইয়াৰ প্ৰকৃত কাৰণ জানিবলৈ আমি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছোঁ ।”

চৰকাৰী আৰু নাছাৰ প্ৰতিক্ৰিয়া :

নাছাৰ প্ৰশাসক জাৰেড আইজ্যাকমেনে এই ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি কয়, “মহাকাশ যাত্ৰা অত্যন্ত জটিল আৰু কঠিন । আমি ব্লু অৰিজিনৰ সৈতে মিলি এই তদন্তত সহায় কৰিম ।” ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেশ্যন (FAA)-এ জনাইছে যে এই পৰীক্ষণটো তেওঁলোকৰ অনুজ্ঞাপ্ৰাপ্ত কাৰ্যকলাপৰ বাহিৰত আছিল, সেয়ে বিমান চলাচলত কোনো প্ৰভাৱ পৰা নাই ।

ভৱিষ্যতৰ ওপৰত প্ৰভাৱ :

এই বিস্ফোৰণে কোম্পানীটোৰ ভৱিষ্যতৰ অভিযানসমূহৰ ওপৰত প্ৰশ্নচিহ্ন তুলিছে । উল্লেখ্য যে, এই নিউ গ্লেন ৰকেটটো নাছাৰ ‘আৰ্টেমিছ’ চন্দ্ৰ অভিযানৰ বাবে অতি গুৰুত্বপূৰ্ণ । ইতিমধ্যে যোৱা মাহত এটা উপগ্ৰহ উৎক্ষেপণৰ বিফলতাৰ বাবে কোম্পানীটোৱে তদন্তৰ সন্মুখীন হৈছিল । বৰ্তমান এই নতুন দুৰ্ঘটনাই ব্লু অৰিজিনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে ।

লগতে পঢ়ক : স্পেচএক্সৰ ইতিহাস : প্ৰথমবাৰৰ বাবে সফলতাৰে উৎক্ষেপণ কৰা হ’ল ‘ষ্টাৰশ্বিপ ভি৩’

গগণযানৰ পৰা ব্যক্তিগত ৰকেট উৎক্ষেপণলৈকে… মহাকাশত আধিপত্য বিস্তাৰ কৰিব ভাৰতে

ভাৰত এতিয়া মানৱ মহাকাশ যাত্ৰা অভিযানৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে । ভাৰতৰ প্ৰথমটো মানৱবিহীন গগণযান অভিযান ২০২৬ চনত মহাকাশলৈ উৎক্ষেপণ কৰা হ’ব…

ভাৰতৰ দ্বিতীয় মহাকাশচাৰী গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ ঐতিহাসিক যাত্ৰাৰ পিছত ভাৰত এতিয়া মানৱ মহাকাশ যাত্ৰা অভিযানৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে । ভাৰতৰ প্ৰথমটো মানৱবিহীন গগণযান অভিযান ২০২৬ চনত মহাকাশলৈ উৎক্ষেপণ কৰা হ’ব, যিটো দেশৰ মহাকাশ খণ্ডৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব । ব্যক্তিগত মহাকাশ কোম্পানী স্কাইৰুট এৰ’স্পেচ আৰু অগ্নিকুল কচমছেও নিজৰ থলুৱা ৰকেট ব্যৱহাৰ কৰি উপগ্ৰহ উৎক্ষেপণৰ বাবে প্ৰস্তুতি চলাইছে, যাৰ ফলত বিশ্বৰ ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণৰ বজাৰত শক্তিশালী ভাৰতৰ উপস্থিতি শক্তিশালী হৈছে ।

২০২৬ চনত পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল (পি এছ এল ভি) ৰকেট সম্পূৰ্ণৰূপে ব্যক্তিগত কোম্পানীয়ে নিৰ্মাণ কৰিব । ২০২৩ চনত ইছৰোৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত হিন্দুস্তান এৰ’নটিক্স লিমিটেড আৰু লাৰ্ছন এণ্ড টৌব্ৰ’ই ইয়াক নিৰ্মাণ কৰিছিল । এই ৰকেটটো ইছৰোৰ অন্যতম নিৰ্ভৰযোগ্য উৎক্ষেপণ বাহন, ইয়াৰ উপৰিও চন্দ্ৰযান-১ৰ দৰে অভিযানো উৎক্ষেপণ কৰিছে । ২০২৬ চনৰ প্ৰথম ত্ৰিমাসিকত পি এছ এল ভিয়ে অ’চেনছেট-৩এ বা ই অ’ এছ-১০ উৎক্ষেপণ কৰিব ।

অ’চেনছেট-৩এ হ’ব সাগৰৰ সৈতে জড়িত তথ্য সংগ্ৰহৰ এক উপগ্ৰহ । ই সাগৰৰ অৱস্থা, মাছ ধৰা ঠাই, উপকূলীয় অঞ্চল, বতৰ আৰু সাগৰীয় জীৱ-জন্তুৰ বিষয়ে বুজিবলৈ সহায় কৰিব । ইয়াত সাগৰৰ ৰং আৰু পৃষ্ঠৰ উষ্ণতা জুখিব পৰাকৈ বিশেষ যন্ত্ৰ সজ্জিত কৰা হ’ব ।

২০২৬ৰ মাৰ্চৰ ভিতৰত জি-১ উৎক্ষেপণ-

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে যোৱা মাহত সংসদত জনাইছিল যে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত গগণযান অভিযানৰ প্ৰথম অৰবিটাল টেষ্ট জি-১ উৎক্ষেপণ কৰা হ’ব । এই অভিযানত পৃথিৱীৰ নিম্ন কক্ষপথত ক্ৰু ব্যৱস্থা পৰীক্ষা কৰা হ’ব, ইয়াৰ পিছত ভাৰতে ২০২৭ চনত মানৱ মহাকাশ উৎক্ষেপণৰ লক্ষ্য লৈছে ।

ইণ্ডিয়ান স্পেচ এছচিয়েশ্যনৰ সঞ্চালক লেফটেনেণ্ট জেনেৰেল এ.কে. ভাটৰ মতে “২০২৬ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ হ’ব, য’ত কোৱাণ্টাম প্ৰযুক্তি, থ্ৰীডি প্ৰিণ্টেড ইঞ্জিন, হাইপাৰস্পেকট্ৰল উপগ্ৰহ আৰু ব্যক্তিগত লঞ্চ পেডৰ দৰে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ডাঙৰ উন্নতি হ’ব ।”

যোৱা বছৰ শুভাংশু শুক্লাই Axiom-4 বাণিজ্যিক অভিযানত ISS লৈ গৈ ইতিহাস ৰচনা কৰিছিল । তেওঁ ১৮ দিন মহাকাশত কটায় মাইক্ৰ’গ্ৰেভিটি পৰীক্ষা চলাইছিল যিবোৰ গগণযানৰ দৰে অভিযানৰ বাবে অত্যন্ত উপযোগী বুলি প্ৰমাণিত হ’ব । আই আই টি-মাদ্ৰাছত ইনকিউবেট কৰা ষ্টাৰ্টআপ অগ্নিকুল কচমছে পুনৰ ব্যৱহাৰযোগ্য ৰকেট আৰু প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে যাতে ৰকেটৰ ওপৰৰ পৰ্যায়ক উপগ্ৰহলৈ ৰূপান্তৰিত কৰিব পৰা যায় । কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীনাথ ৰবিচন্দ্ৰনে কয় যে এই প্ৰযুক্তিয়ে উৎক্ষেপণ ব্যয় বহু পৰিমাণে হ্ৰাস কৰিব পাৰে ।

ইফালে, শেহতীয়াকৈ স্কাইৰুট এৰ’স্পেছে নিজৰ বিক্ৰম-১ ৰকেট অনাৱৰণ কৰিছে, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি মুকলি কৰিছিল । কোম্পানীটোৱে ২০২৬ চনৰ পৰাই ইয়াক ব্যৱহাৰ কৰি বাণিজ্যিক পেলোড নিক্ষেপ কৰাৰ পৰিকল্পনা কৰিছে । বেংগালুৰুস্থিত দিগন্তৰা ইণ্ডাষ্ট্ৰীজে যোৱা বছৰ বিশ্বৰ প্ৰথমটো মহাকাশ নিৰীক্ষণ উপগ্ৰহ SCOT উৎক্ষেপণ কৰিছিল আৰু ২০২৬ চনত আৰু আঠটা উপগ্ৰহ উৎক্ষেপণৰ পৰিকল্পনা কৰিছে ।

২০২৬ চনৰ মাৰ্চ মাহৰ পূৰ্বে উপগ্ৰহ উৎক্ষেপণ-

ইছৰৱো টি ডি এছ-০১ উপগ্ৰহটোও উৎক্ষেপণ কৰিব, যিয়ে হাই-থ্ৰাষ্ট ইলেক্ট্ৰিক প্ৰপালচন চিষ্টেম, কোৱাণ্টাম কী ডিষ্ট্ৰিবউশ্যন আৰু থলুৱা ট্ৰেভেলিং ৱেভ টিউব এম্প্লিফায়াৰৰ দৰে অত্যাধুনিক প্ৰযুক্তি পৰীক্ষা কৰিব । ইয়াৰ দ্বাৰা ভৱিষ্যতে লঘু আৰু ইন্ধন-দক্ষ অল ইলেক্ট্ৰিক উপগ্ৰহৰ ব্যৱস্থা সম্ভৱ হ’ব । ইয়াৰ উপৰিও ২০২৬ চনৰ মাৰ্চৰ পূৰ্বে এটা SSLV (Small Satellite Launch Vehicle) ব্যৱহাৰ কৰি এটা নিৰ্দিষ্ট উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব ।

মহাকাশ-টেক ষ্টাৰ্টআপ গেলাক্সিআইয়ে ২০২৬ চনৰ প্ৰথম ত্ৰিমাসিকত বিশ্বৰ প্ৰথমটো মাল্টি-চেন্সৰ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ মিছন দৃষ্টিও উৎক্ষেপণ কৰিব । এই উপগ্ৰহটোৱে সীমান্ত সুৰক্ষা, দুৰ্যোগ ব্যৱস্থাপনা, কৃষি, আন্তঃগাঁথনি নিৰীক্ষণ আৰু প্ৰতিৰক্ষাৰ দৰে অঞ্চলৰ বাবে বাস্তৱ সময়ৰ ভূ-স্থানীয় তথ্য প্ৰদান কৰিব । সামগ্ৰিকভাৱে ২০২৬ চন ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ হ’বলৈ সাজু হৈছে, য’ত চৰকাৰ আৰু ব্যক্তিগত খণ্ডই একেলগে কাম কৰি দেশখনক বিশ্ব মহাকাশ শক্তি হিচাপে প্ৰতিষ্ঠা কৰিব ।

লগতে পঢ়ক : জানুৱাৰীত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দুটা ডাঙৰ স্পেচৱাক কৰিব নাছাই…

মহাকাশত ইছৰোৱে ৰচিলে নতুন ইতিহাস, উৎক্ষেপণ কৰিলে আটাইতকৈ গধুৰ উপগ্ৰহ

ইছৰোৱে আন এক ডাঙৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । বুধবাৰে মহাকাশ সংস্থাটোৱে আন এক কৃতিত্বৰ অধিকাৰী হয় ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে বুধবাৰে মহাকাশ অভিযানৰ ক্ষেত্ৰত ৰচিলে আন এক ইতিহাস । অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয় হেভি-লিফ্ট ৰকেট LVM3 M6 । এই শক্তিশালী ৰকেটে আমেৰিকাৰ ব্লু বাৰ্ড ব্লক-২ উপগ্ৰহটোক কক্ষপথত সফলতাৰে স্থাপন কৰে । এই অভিযানে পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ উপগ্ৰহটো মহাকাশত স্থাপন কৰে । ইয়াৰ জৰিয়তে বিশ্বৰ স্মাৰ্টফোনসমূহে প্ৰত্যক্ষভাৱে হাই-স্পীড চেলুলাৰ ব্ৰডবেণ্ড লাভ কৰিব । ব্লু বাৰ্ড ব্লক-২ এল ভি এম-৩ ৰকেটৰ দ্বাৰা নিম্ন কক্ষপথলৈ প্ৰেৰণ কৰা আটাইতকৈ গধুৰ উপগ্ৰহত পৰিণত হয় ।

উৎক্ষেপণৰ ২৩ মিনিটৰ পাছত ইছৰোৱে ঘোষণা কৰে যে ব্লুবাৰ্ড ব্লক-২ উপগ্ৰহটো পৃথক গৈছে আৰু সফলতাৰে নিম্ন কক্ষপথত স্থাপিত হৈছে । লগে লগে অভিযানটো সফলতাৰে সম্পূৰ্ণ হৈছে বুলি ঘোষণা কৰে ইছৰোৱে । LVM3-M6 ৰকেটে ব্লুবাৰ্ড ব্লক-২ উপগ্ৰহটোক পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰে । ই হৈছে সৰ্ববৃহৎ বাণিজ্যিক যোগাযোগ উপগ্ৰহ আৰু ভাৰতৰ মাটিৰ পৰা এল ভি এম-৩ৰ দ্বাৰা উৎক্ষেপণ কৰা এতিয়ালৈকে আটাইতকৈ গধুৰ পেলোড ।

এই উপগ্ৰহটোৰ সফল উৎক্ষেপণৰ লগে লগে ভাৰতে পুনৰবাৰ বৃহৎ মহাকাশ অভিযান সম্পন্ন কৰাৰ সামৰ্থ্য প্ৰমাণ কৰিছে । মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ অভিযান মিছন গগণযানৰ বাবে প্ৰস্তুতি চলাই আছে ইছৰোৱে । ইয়াৰ বাবে মহাকাশচাৰীসকলক প্ৰশিক্ষণ দিয়া হৈছে আৰু মহাকাশযানখনৰ প্ৰস্তুতি অব্যাহত আছে ।

লগতে পঢ়ক : ইছৰোৰ বাহুবলী ৰকেটে কাইলৈ উৎক্ষেপণ কৰিব ​​আটাইতকৈ গধুৰ উপগ্ৰহ, মহাকাশত নতুন ইতিহাস সৃষ্টিৰ বাবে সাজু ভাৰত

ইছৰোৰ বাহুবলী ৰকেটে কাইলৈ উৎক্ষেপণ কৰিব ​​আটাইতকৈ গধুৰ উপগ্ৰহ, মহাকাশত নতুন ইতিহাস সৃষ্টিৰ বাবে সাজু ভাৰত

আন এক ইতিহাস ৰচিবলৈ সাজু হৈছে ইছৰো । বুধবাৰে মহাকাশ সংস্থাটোৱে আন এক কৃতিত্ব অৰ্জন কৰিব ।

বৰদিনৰ মাত্ৰ এদিন পূৰ্বে ভাৰত আৰু আমেৰিকাই এক ঐতিহাসিক অংশীদাৰিত্বৰ সূচনা কৰিবলৈ সাজু হৈছে । ভাৰতৰ বাহুবলী ৰকেটে পুৱা ৮:৫৪ বজাত আমেৰিকাৰ উদ্ভাৱক এ এছ টি স্পেচম’বাইলৰ পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ উপগ্ৰহ ব্লু বাৰ্ড ৬ মহাকাশলৈ উৎক্ষেপণ কৰি দেশৰ মহাকাশ ইতিহাসত আন এক মাইলৰ খুঁটি চিহ্নিত কৰিব । এই উপগ্ৰহ ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰা এতিয়ালৈকে সৰ্বাধিক গধুৰ উপগ্ৰহ । ব্লু বাৰ্ডৰ ওজন প্ৰায় ৬,১০০ কিলোগ্ৰাম । ইয়াৰ ফলত ই কেৱল এক অভিলাষী আৰু প্ৰত্যাহ্বানমূলক অভিযানেই নহয়, বিশ্ব মহাকাশ বাণিজ্যত ভাৰতৰ শক্তিশালী উপস্থিতিৰো সংকেত ।

ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়ণনৰ মতে এয়া ভাৰতীয় উৎক্ষেপণ বাহনে এতিয়ালৈকে উৎক্ষেপণ কৰা আটাইতকৈ গধুৰ উপগ্ৰহ । এই কৃতিত্বক ইছৰোৰ কাৰিকৰী ক্ষমতা আৰু নিৰ্ভৰযোগ্য অভিযান্ত্ৰিকতাৰ এক ডাঙৰ প্ৰমাণ হিচাপে গণ্য কৰা হৈছে ।

প্ৰায় ৪৩.৫ মিটাৰ ওখ আৰু প্ৰায় ৬৪০ টন ওজনৰ এল ভি এম-৩ ভাৰতৰ আটাইতকৈ শক্তিশালী ৰকেট । ই ৪,২০০ কিলোগ্ৰাম পৰ্যন্ত পেলোড GTO (Geosynchronous Transfer Orbit) আৰু তাতোকৈ অধিক LEO (Low Earth Orbit) লৈ কঢ়িয়াই নিব পাৰে । এই ক্ষমতাই ইয়াক “বাহুবলী” উপনাম দিছে আৰু এই নামটো এই অভিযানত সম্পূৰ্ণৰূপে ন্যায্য ।

লগতে পঢ়ক : হুইল চেয়াৰৰ পৰা মহাকাশলৈ… জাৰ্মান মহিলা অভিযন্তাই ৰচিলে ইতিহাস

হুইল চেয়াৰৰ পৰা মহাকাশলৈ… জাৰ্মান মহিলা অভিযন্তাই ৰচিলে ইতিহাস

হুইলচেয়াৰ ব্যৱহাৰ কৰা এগৰাকী মহিলাই মহাকাশলৈ উৰা মাৰি ৰচিলে ইতিহাস । এইগৰাকী জাৰ্মান অভিযন্তা মহাকাশলৈ যোৱা হুইলচেয়াৰ ব্যৱহাৰ কৰা প্ৰথমগৰাকী ব্যক্তিক পৰিগণিত হৈছে ।

এগৰাকী জাৰ্মান পেৰাপ্লেজিক(কঁকালৰ তলচোৱা পক্ষাঘাতগ্ৰস্ত) অভিযন্তাই ৰচিলে ইতিহাস । মাইকেলা বেন্থাউছ হুইলচেয়াৰ ব্যৱহাৰ কৰা প্ৰথমগৰাকী ব্যক্তিত পৰিগণিত হৈছে যিয়ে মহাকাশলৈ উৰা মাৰিছে । শনিবাৰে আমেৰিকাৰ পশ্চিম টেক্সাছৰ পৰা উৰা মাৰিছিল আৰু মহাকাশত ওজনহীনতা অনুভৱ কৰাৰ লগে লগে শূণ্যতে উপঙি পৃথিৱীখন চাই তেওঁ ।

দুৰ্ঘটনাত আহত হৈছিল মাইকেলা বেন্থাউছ-

সাত বছৰ পূৰ্বে মাউণ্টেন বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত মাইকেলা বেন্থাউছ খোজ কাঢ়িব নোৱৰা হয় । ইয়াৰ পিছতো তেওঁ আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ মালিকানাধীন কোম্পানী ব্লু অৰিজিনৰ ৰকেট উৰণত অংশগ্ৰহণ কৰে । এই বিশেষ বিমানখনত তেওঁৰ লগত আছিল জাৰ্মানীত জন্মগ্ৰহণ কৰা স্পেচএক্সৰ প্ৰাক্তন জ্যেষ্ঠ কাৰ্যবাহী হান্স ক’নিগছমেন । তেওঁ বেন্থাউছৰ ভ্ৰমণৰ আয়োজন আৰু পৃষ্ঠপোষকতা কৰাত সহায় কৰিছিল । অৱশ্যে টিকটৰ মূল্য প্ৰকাশ কৰা হোৱা নাই ।

উৰণৰ বাবে কৰা হৈছিল সামান্য পৰিৱৰ্তন-

প্ৰায় ১০ মিনিটৰ এই উপকক্ষীয় উৰণৰ বাবে মাত্ৰ সামান্য পৰিৱৰ্তনৰ প্ৰয়োজন হৈছিল । ব্লু অৰিজিনৰ মতে, তেওঁলোকৰ নিউ শ্বেপাৰ্ড কেপচুল ইতিমধ্যে বিভিন্ন ক্ষমতাৰ লোকৰ বাবে ডিজাইন কৰা হৈছে । কেপচুলত এটা বিশেষ ট্ৰেন্সফাৰ বৰ্ড স্থাপন কৰা হৈছিল যাতে মাইকেলা সহজেই নিজৰ আসনলৈ যাব পাৰে । অৱতৰণ কৰাৰ পিছত লগে লগে মৰুভূমিত কাৰ্পেট লগোৱা হয় যাতে তেওঁৰ হুইল চেয়াৰলৈ সহজে যাব পাৰে । ইতিমধ্যে লঞ্চ পেডত উপস্থিত থকা এটা লিফটে সাত মহল ওপৰৰ কেপচুলটোত প্ৰৱেশ সম্ভৱ কৰি তুলিছিল ।

ইউৰোপীয় মহাকাশ সংস্থাৰ স্নাতক প্ৰশিক্ষাৰ্থী কাৰ্যসূচীৰ অংশ আছিল মাইকেলা-

৩৩ বছৰীয়া মাইকেলা বেন্থাউছ নেদাৰলেণ্ডত ইউৰোপীয় স্পেচ সংস্থাৰ স্নাতক প্ৰশিক্ষাৰ্থী কাৰ্যসূচীৰ অংশ । ২০২২ চনত পেৰাবলিক বিমানৰ জৰিয়তে ওজনহীনতাৰ অভিজ্ঞতা লাভ কৰিছিল আৰু পিছলৈ পোলেণ্ডত দুসপ্তাহৰ চিমুলেটেড স্পেচ অভিযানত অংশগ্ৰহণ কৰিছিল । উৰণৰ পূৰ্বে তেওঁ কয়, “মই কেতিয়াও ভবা নাছিলো যে মহাকাশ ভ্ৰমণ মোৰ বাবে বাস্তৱিক বিকল্প হ’ব । দুৰ্ঘটনাৰ পিছত এই সপোনটো আৰু অধিক দূৰৈৰ যেন লাগিছিল, কিয়নো বিশেষভাৱে সক্ষম লোকসকলে মহাকাশ ভ্ৰমণ কৰাৰ কোনো ইতিহাস নাছিল ।”

এইটো আছিল ব্যক্তিগত মিছন আৰু ইএছএ প্ৰত্যক্ষভাৱে জড়িত নাছিল । চলিত বৰ্ষৰ আৰম্ভণিতে ইএছএয়ে সংৰক্ষিত মহাকাশচাৰী জন মেকফ’লক ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰণৰ বাবে অনুমোদন জনাইছিল । মেকফ’লে অংগচ্ছেদ হোৱাৰ পিছত কৃত্ৰিম ভৰি ব্যৱহাৰ কৰে, আনহাতে বেন্থাউছে খোজ কাঢ়িব নোৱাৰে । ক’নিগছমেনক বিশেষভাৱে জৰুৰীকালীন অৱস্থাত সহায় কৰাৰ দায়িত্ব দিয়া হৈছিল ।

মাইকেলা বেন্থাউছে কয় যে তেওঁ নিজৰ সকলো কাম নিজেই কৰিব বিচাৰিছিল । তেওঁৰ লক্ষ্য হৈছে কেৱল মহাকাশতে নহয়, পৃথিৱীতো বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সুবিধা বৃদ্ধি কৰা । তেওঁ কয়, “আশাকৰোঁ ইয়াৰ দ্বাৰা মোৰ দৰে মানুহৰ বাবে দুৱাৰ মুকলি হ’ব । মই বিচাৰো যে মই মাত্ৰ আৰম্ভণিহে হওঁ ।” এই উৰণৰ জৰিয়তে ব্লু অৰিজিনৰ মুঠ মহাকাশচাৰীৰ সংখ্যা ৮৬ জন হ’ল । কোম্পানীটোৱে চন্দ্ৰলৈ লেণ্ডাৰ প্ৰেৰণ আৰু ডাঙৰ ৰকেট ব্যৱহাৰ কৰি মিছন উৎক্ষেপণৰ কাম কৰি আছে ।

লগতে পঢ়ক : ইছৰোৰ বাহুবলী ৰকেটে উৎক্ষেপণ কৰিব আমেৰিকাৰ আটাইতকৈ গধুৰ যোগাযোগ উপগ্ৰহ

ইছৰোৰ বাহুবলী ৰকেটে উৎক্ষেপণ কৰিব আমেৰিকাৰ আটাইতকৈ গধুৰ যোগাযোগ উপগ্ৰহ

ইছৰোৱে পুনৰবাৰ নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে । এইবাৰ আন এক শক্তিশালী অভিযানৰ বাবে সাজু হৈছে মহাকাশ সংস্থাটো ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে পুনৰবাৰ নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে । অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা অহা ২৪ ডিচেম্বৰ, ২০২৫ তাৰিখে পুৱা ৮:৫৪ বজাত এল ভি এম-৩ ৰকেটৰ ষষ্ঠটো অপাৰেশ্যনেল উৎক্ষেপণ হ’ব । এই অভিযানৰ নাম LVM3-M6/Bluebird Block-2 মিছন ।

এইটো এটা সম্পূৰ্ণ বাণিজ্যিক অভিযান, যাৰ জৰিয়তে আমেৰিকাৰ কোম্পানী এ এছ টি স্পেচম’বাইলৰ ব্লুবাৰ্ড ব্লক-২ যোগাযোগ উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব । ইছৰোৰ বাণিজ্যিক শাখা নিউস্পেচ ইণ্ডিয়া লিমিটেড (এন এছ আই এল)ৰ জৰিয়তে এই অভিযান চলোৱা হৈছে ।

প্ৰায় ৬.৫ টন ওজনৰ ব্লুবাৰ্ড ব্লক-২ উপগ্ৰহটো হ’ব পৃথিৱীৰ নিম্ন কক্ষপথত নিয়োজিত হ’বলগীয়া আটাইতকৈ ডাঙৰ বাণিজ্যিক যোগাযোগ উপগ্ৰহ । ইয়াৰ উপৰিও ই ভাৰতৰ মাটিৰ পৰা এল ভি এম-৩ ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰিবলগা আটাইতকৈ গধুৰ পেলোড হ’ব ।

LVM-3 ৰকেট কি ?

ইছৰোৰ দ্বাৰা নিৰ্মিত আৰু পূৰ্বতে GSLV Mk-III নামেৰে জনাজাত LVM-3 (Launch Vehicle Mark-3) ভাৰতৰ আটাইতকৈ শক্তিশালী ৰকেট । ইয়াক প্ৰায়ে বাহুবলী ৰকেট বুলি কোৱা হয় । ই তিনিটা ষ্টেজৰ এটা ৰকেট-

দুটা চলিড ষ্ট্ৰেপ-অন মটৰ (S200)

এটা লিকুইড কোৰ ষ্টেজ (L110)

এটা ক্ৰাইজেনিক আপাৰ ষ্টেজ (C25)

ইয়াৰ উচ্চতা ৪৩.৫ মিটাৰ, লিফ্ট অফ ওজন ৬৪০ টন আৰু ই ৪ টন পৰ্যন্ত পেলোড জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ অৰ্বিট (GTO)লৈ কঢ়িয়াই নিব পাৰে । পৃথিৱীৰ কম কক্ষপথৰ বাবে ইয়াৰ ক্ষমতা প্ৰায় ১০ টন ।

ইয়াৰ পূৰ্বে LVM-3 এ চন্দ্ৰযান-২, চন্দ্ৰযান-৩ আৰু দুটা OneWeb অভিযানকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ অভিযান সফলতাৰে উৎক্ষেপণ কৰি ৭২টা উপগ্ৰহ উৎক্ষেপণ কৰিছে । ইয়াৰ পূৰ্বৰ অভিযান আছিল LVM3-M-5, যিয়ে ২০২৫ চনৰ ২ নৱেম্বৰত CMS-03 উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰিছিল ।

লগতে পঢ়ক : সাতটাকৈ উৎক্ষেপণৰ প্ৰস্তুতি ইছৰোৰ, ২০২৬ৰ মাৰ্চৰ ভিতৰত প্ৰথমটো মানৱবিহীন অভিযান

আজি মহাকাশলৈ ইছৰোৰ ‘বাহুবলী’ ৰকেট; উৎক্ষেপণ কৰিব CMS-03 উপগ্ৰহ

আজি মহাকাশলৈ ইছৰোৰ ‘বাহুবলী’ ৰকেট

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে পুনৰ ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে । আজি বাহুবলী ৰকেটৰ জৰিয়তে ইছৰোৱে মহাকাশলৈ উৎক্ষেপণ কৰিব আটাইতকৈ গধুৰ উপগ্ৰহ । উপগ্ৰহ CMS-03 উৎক্ষেপণ কৰিব ইছৰোৱে । শনিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হয় এই উৎক্ষেপণৰ কাউণ্টডাউন । দেওবাৰে (২ নৱেম্বৰ) বিয়লি ৫.২৬ বজাত ইছৰোৱে ৪,৪১০ কিলোগ্ৰাম ওজনৰ এই উপগ্ৰহটো উৎক্ষেপণ কৰিব । অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ’ব এই CMS-03 যোগাযোগ উপগ্ৰহ ।

ইছৰোৰ এই অভিযান বিশেষ কাৰণ ই এতিয়ালৈকে উৎক্ষেপণ কৰা আটাইতকৈ গধুৰ উপগ্ৰহ । বিজ্ঞানীসকলে ইয়াক অতি শক্তিশালী “বাহুবলী” ৰকেট LVM3-M5 ত উৎক্ষেপণ কৰাৰ পৰিকল্পনা কৰিছে । উৎক্ষেপণৰ পিছত এই উপগ্ৰহটোক পৃথিৱীৰ জিঅ’চিংক্ৰ’নাছ ট্ৰেন্সফাৰ কক্ষপথত স্থাপন কৰা হ’ব । এই উপগ্ৰহটোৱে ভাৰত আৰু ইয়াৰ আশে-পাশে থকা বিশাল সাগৰীয় অঞ্চলসমূহত যোগাযোগ সেৱা উন্নত কৰাত সহায় কৰিব । ইছৰোৰ মতে, চূড়ান্ত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু ব্যৱস্থাসমূহ উৎক্ষেপণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ।

গধুৰ পেলোডৰ বাবে ৰকেটটোৰ নাম ‘বাহুবলী’-

মহাকাশ সংস্থাটোৱে নিজৰ আপডেটত কয় যে আমি উৎক্ষেপণৰ ওচৰ চাপি অহাৰ লগে লগে সকলো ব্যৱস্থা সাজু হৈ উঠিছে । ২ নৱেম্বৰৰ সন্ধিয়া ৫:২৬ বজাত উৎক্ষেপণ কৰা হ’ব ৪৩.৫ মিটাৰ উচ্চতাৰ এই ৰকেট । ইছৰোৱে কয় যে এল ভি এম৩ (লঞ্চ ভেহিকেল মাৰ্ক-৩) হৈছে ইছৰোৰ নতুন হেভি-লিফ্ট লঞ্চ বাহন আৰু ইয়াৰ সহায়ত ৪ হাজাৰ কিলোগ্ৰাম ওজনৰ মহাকাশযানক জিঅ’চিংক্ৰ’নাছ ট্ৰেন্সফাৰ অৰ্বিট (জিটিঅ’)ত ব্যয়বহুলভাৱে স্থাপন কৰা হ’ব । LVM3-M5 ৰকেটৰ গধুৰ পেলোড ক্ষমতাৰ বাবে ‘বাহুবলী’ নামেৰে নামাকৰণ কৰা হৈছে ।

লগতে পঢ়ক : আন এক অভিলেখ গঢ়িবলৈ সাজু ইছৰো; কিয় বিশেষ CMS-03 ?

ভাৰত-আমেৰিকা মহাকাশ সহযোগিতাৰ এক নতুন অধ্যায়…চন্দ্ৰ আৰু মংগল অভিযানৰ বাবে একত্ৰিত হ’ব দুয়ো দেশ

ভাৰত-আমেৰিকা মহাকাশ সহযোগিতাৰ এক নতুন অধ্যায়

শেহতীয়াকৈ ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কত বহু উত্থান-পতনৰ পৰিলক্ষিত হৈছে । এফালে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুল্কৰ বাবে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ বিপৰীতে আনফালে ভাৰত আৰু আমেৰিকাই মহাকাশ সহযোগিতাৰ দিশত এক নতুন অধ্যায় লিখিবলৈ ওলাইছে । আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডি চিত থকা ভাৰতীয় দূতাবাসে আয়োজন কৰা এক বিশেষ কাৰ্যসূচীত দুয়োখন দেশে এই কথাৰ ইংগিত দিছে । ‘ভাৰত-আমেৰিকা মহাকাশ সহযোগিতা : ভৱিষ্যত অংশীদাৰিত্বৰ সীমা’ শীৰ্ষক এই অনুষ্ঠানটো সোমবাৰে ইণ্ডিয়া হাউচত অনুষ্ঠিত হয়, য’ত দুয়োখন দেশৰ বিষয়া আৰু মহাকাশচাৰীয়ে অংশগ্ৰহণ কৰে ।

এই অনুষ্ঠানত নাছা-ইছৰোৰ যৌথ উপগ্ৰহ নিছাৰ মিছন আৰু ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ কঢ়িয়াই নিয়া এক্সিয়াম মিছন-৪ উদযাপন কৰা হয় । আমেৰিকাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ, নিক হেগ আৰু বুচ উইলমৰেও ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰি মহাকাশ জীৱনৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰে ।

আমেৰিকাস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কোৱাট্ৰাই ইয়াক বিজ্ঞান, প্ৰযুক্তি আৰু বাণিজ্যিক অংশীদাৰিত্বৰ বাবে এক শক্তিশালী মঞ্চ বুলি অভিহিত কৰে । তেওঁ কয় যে ভাৰতৰ মহাকাশ কাৰ্যসূচী এতিয়া কম খৰচত মহান কাম সাধনৰ বাবে পৰিচিত আৰু আমেৰিকাৰ সৈতে এই সহযোগিতাই মানুহৰ মহাকাশ উৰণৰ সীমা ঠেলি দিব ।

নাছাৰ ড০ কেৰেন ছেইণ্ট জেৰমেইনে নিছাৰক আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ আৰ্হি বুলি অভিহিত কৰি উল্লেখ কৰে যে যেতিয়া দুখন দেশে অভিজ্ঞতা ভাগ-বতৰা কৰে তেতিয়া বৈজ্ঞানিক অগ্ৰগতি ত্বৰান্বিত হয় । শুভাংশু শুক্লাই লগতে কয় যে নিছাৰৰ মহাকাশ যাত্ৰা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ শক্তি আৰু ভাৰতৰ বিশ্বব্যাপী ভূমিকাৰ প্ৰমাণ ।

লগতে পঢ়ক : নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত… সম্ভাৱ্য বায়চিগনেচাৰ আৰু জৈৱিক কাৰ্বনৰ সন্ধান