মহাকাশত ইছৰোৱে ৰচিলে নতুন ইতিহাস, উৎক্ষেপণ কৰিলে আটাইতকৈ গধুৰ উপগ্ৰহ

মহাকাশত ইছৰোৱে ৰচিলে নতুন ইতিহাস, উৎক্ষেপণ কৰিলে আটাইতকৈ গধুৰ উপগ্ৰহ

ইছৰোৱে আন এক ডাঙৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । বুধবাৰে মহাকাশ সংস্থাটোৱে আন এক কৃতিত্বৰ অধিকাৰী হয় । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে বুধবাৰে মহাকাশ অভিযানৰ ক্ষেত্ৰত ৰচিলে আন এক ইতিহাস । অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা

ইছৰোৱে আন এক ডাঙৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । বুধবাৰে মহাকাশ সংস্থাটোৱে আন এক কৃতিত্বৰ অধিকাৰী হয় ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে বুধবাৰে মহাকাশ অভিযানৰ ক্ষেত্ৰত ৰচিলে আন এক ইতিহাস । অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয় হেভি-লিফ্ট ৰকেট LVM3 M6 । এই শক্তিশালী ৰকেটে আমেৰিকাৰ ব্লু বাৰ্ড ব্লক-২ উপগ্ৰহটোক কক্ষপথত সফলতাৰে স্থাপন কৰে । এই অভিযানে পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ উপগ্ৰহটো মহাকাশত স্থাপন কৰে । ইয়াৰ জৰিয়তে বিশ্বৰ স্মাৰ্টফোনসমূহে প্ৰত্যক্ষভাৱে হাই-স্পীড চেলুলাৰ ব্ৰডবেণ্ড লাভ কৰিব । ব্লু বাৰ্ড ব্লক-২ এল ভি এম-৩ ৰকেটৰ দ্বাৰা নিম্ন কক্ষপথলৈ প্ৰেৰণ কৰা আটাইতকৈ গধুৰ উপগ্ৰহত পৰিণত হয় ।

উৎক্ষেপণৰ ২৩ মিনিটৰ পাছত ইছৰোৱে ঘোষণা কৰে যে ব্লুবাৰ্ড ব্লক-২ উপগ্ৰহটো পৃথক গৈছে আৰু সফলতাৰে নিম্ন কক্ষপথত স্থাপিত হৈছে । লগে লগে অভিযানটো সফলতাৰে সম্পূৰ্ণ হৈছে বুলি ঘোষণা কৰে ইছৰোৱে । LVM3-M6 ৰকেটে ব্লুবাৰ্ড ব্লক-২ উপগ্ৰহটোক পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰে । ই হৈছে সৰ্ববৃহৎ বাণিজ্যিক যোগাযোগ উপগ্ৰহ আৰু ভাৰতৰ মাটিৰ পৰা এল ভি এম-৩ৰ দ্বাৰা উৎক্ষেপণ কৰা এতিয়ালৈকে আটাইতকৈ গধুৰ পেলোড ।

এই উপগ্ৰহটোৰ সফল উৎক্ষেপণৰ লগে লগে ভাৰতে পুনৰবাৰ বৃহৎ মহাকাশ অভিযান সম্পন্ন কৰাৰ সামৰ্থ্য প্ৰমাণ কৰিছে । মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ অভিযান মিছন গগণযানৰ বাবে প্ৰস্তুতি চলাই আছে ইছৰোৱে । ইয়াৰ বাবে মহাকাশচাৰীসকলক প্ৰশিক্ষণ দিয়া হৈছে আৰু মহাকাশযানখনৰ প্ৰস্তুতি অব্যাহত আছে ।

লগতে পঢ়ক : ইছৰোৰ বাহুবলী ৰকেটে কাইলৈ উৎক্ষেপণ কৰিব ​​আটাইতকৈ গধুৰ উপগ্ৰহ, মহাকাশত নতুন ইতিহাস সৃষ্টিৰ বাবে সাজু ভাৰত

শেহতীয়া প্ৰৱন্ধসমূহ