মহাকাশত ইছৰোৱে ৰচিলে নতুন ইতিহাস, উৎক্ষেপণ কৰিলে আটাইতকৈ গধুৰ উপগ্ৰহ

ইছৰোৱে আন এক ডাঙৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । বুধবাৰে মহাকাশ সংস্থাটোৱে আন এক কৃতিত্বৰ অধিকাৰী হয় ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে বুধবাৰে মহাকাশ অভিযানৰ ক্ষেত্ৰত ৰচিলে আন এক ইতিহাস । অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয় হেভি-লিফ্ট ৰকেট LVM3 M6 । এই শক্তিশালী ৰকেটে আমেৰিকাৰ ব্লু বাৰ্ড ব্লক-২ উপগ্ৰহটোক কক্ষপথত সফলতাৰে স্থাপন কৰে । এই অভিযানে পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ উপগ্ৰহটো মহাকাশত স্থাপন কৰে । ইয়াৰ জৰিয়তে বিশ্বৰ স্মাৰ্টফোনসমূহে প্ৰত্যক্ষভাৱে হাই-স্পীড চেলুলাৰ ব্ৰডবেণ্ড লাভ কৰিব । ব্লু বাৰ্ড ব্লক-২ এল ভি এম-৩ ৰকেটৰ দ্বাৰা নিম্ন কক্ষপথলৈ প্ৰেৰণ কৰা আটাইতকৈ গধুৰ উপগ্ৰহত পৰিণত হয় ।

উৎক্ষেপণৰ ২৩ মিনিটৰ পাছত ইছৰোৱে ঘোষণা কৰে যে ব্লুবাৰ্ড ব্লক-২ উপগ্ৰহটো পৃথক গৈছে আৰু সফলতাৰে নিম্ন কক্ষপথত স্থাপিত হৈছে । লগে লগে অভিযানটো সফলতাৰে সম্পূৰ্ণ হৈছে বুলি ঘোষণা কৰে ইছৰোৱে । LVM3-M6 ৰকেটে ব্লুবাৰ্ড ব্লক-২ উপগ্ৰহটোক পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰে । ই হৈছে সৰ্ববৃহৎ বাণিজ্যিক যোগাযোগ উপগ্ৰহ আৰু ভাৰতৰ মাটিৰ পৰা এল ভি এম-৩ৰ দ্বাৰা উৎক্ষেপণ কৰা এতিয়ালৈকে আটাইতকৈ গধুৰ পেলোড ।

এই উপগ্ৰহটোৰ সফল উৎক্ষেপণৰ লগে লগে ভাৰতে পুনৰবাৰ বৃহৎ মহাকাশ অভিযান সম্পন্ন কৰাৰ সামৰ্থ্য প্ৰমাণ কৰিছে । মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ অভিযান মিছন গগণযানৰ বাবে প্ৰস্তুতি চলাই আছে ইছৰোৱে । ইয়াৰ বাবে মহাকাশচাৰীসকলক প্ৰশিক্ষণ দিয়া হৈছে আৰু মহাকাশযানখনৰ প্ৰস্তুতি অব্যাহত আছে ।

লগতে পঢ়ক : ইছৰোৰ বাহুবলী ৰকেটে কাইলৈ উৎক্ষেপণ কৰিব ​​আটাইতকৈ গধুৰ উপগ্ৰহ, মহাকাশত নতুন ইতিহাস সৃষ্টিৰ বাবে সাজু ভাৰত

আন এক অভিলেখ গঢ়িবলৈ সাজু ইছৰো; কিয় বিশেষ CMS-03 ?

আন এক অভিলেখ গঢ়িবলৈ সাজু ইছৰো

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে দেওবাৰে ৪৪১০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহ CMS-03 উৎক্ষেপণ কৰাৰ বাবে সাজু হৈছে । এই উপগ্ৰহটোৱেই হ’ব ভাৰতৰ পৰা এতিয়ালৈকে উৎক্ষেপণ কৰা আটাইতকৈ গধুৰ উপগ্ৰহ । ইয়াক ইছৰোৰ শক্তিশালী ৰকেট এল ভি এম ৩-এম৫ৰ দ্বাৰা পৃথিৱীৰ জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ কক্ষপথলৈ প্ৰেৰণ কৰা হ’ব । CMS-03 যোগাযোগ উপগ্ৰহটোৱে ভাৰতৰ উচ্চ ক্ষমতাসম্পন্ন মহাকাশ যোগাযোগৰ ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰাৰ লগতে সামুদ্ৰিক অঞ্চলত ডিজিটেল কভাৰেজ আৰু যোগাযোগ সেৱা শক্তিশালী কৰিব ।

 এই উপগ্ৰহটো অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ’ব । ভাৰতীয় মহাকাশ গৱেষণা সমস্থাই কয় যে উপগ্ৰহটোক উৎক্ষেপণ ৰকেটৰ সৈতে সংযুক্ত কৰা হৈছে, উৎক্ষেপণ পেডত স্থাপন কৰা হৈছে আৰু উৎক্ষেপণৰ কাউণ্টডাউন আৰম্ভ হৈছে । ২ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৫:২৬ বজাত এই উৎক্ষেপণ হ’ব । এই উপগ্ৰহটো উৎক্ষেপণ কৰিবলগীয়া এল এম ভি ৩ ৰকেট হৈছে ইছৰোৰ আটাইতকৈ শক্তিশালী ৰকেট ।

এই ৰকেটে ৪০০০ কিলোগ্ৰাম ওজনৰ পেলোড মহাকাশলৈ নিক্ষেপ কৰিব পাৰে । ইয়াৰ পূৰ্বে ইছৰোৱে ২০১৮ চনৰ ৫ ডিচেম্বৰত নিজৰ গধুৰ উপগ্ৰহ GSAT-11 উৎক্ষেপণ কৰিছিল যদিও সেই উৎক্ষেপণ ভাৰতৰ পৰা নহয়, ফ্ৰেন্স গিয়ানাৰ কৌৰৌ উৎক্ষেপণ ঘাটিৰ পৰা হৈছিল । GSAT-11 ৰ মুঠ ওজন আছিল ৫,৮৫৪ কিলোগ্ৰাম । এতিয়া ইছৰোৱে ভাৰতৰ মাটিৰ পৰা নিজৰ আটাইতকৈ গধুৰ উপগ্ৰহ CMS-03 উৎক্ষেপণ কৰিবলৈ সাজু হৈছে ।

কিয় বিশেষ এই উপগ্ৰহ ?

CMS-03 উপগ্ৰহৰ জৰিয়তে দেশৰ ডিজিটেল যোগাযোগ, উপগ্ৰহ ইণ্টাৰনেট আৰু সামুদ্ৰিক সংযোগ শক্তিশালী হ’ব । এই উপগ্ৰহ ভাৰতৰ ৰাষ্ট্ৰীয় যোগাযোগ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ হিচাপে চিহ্নিত হৈছে, টেলিভিছন সম্প্ৰচাৰ, টেলিমেডিচিন, অনলাইন শিক্ষা, দুৰ্যোগ ব্যৱস্থাপনা আৰু জৰুৰীকালীন যোগাযোগ সেৱাৰ সুবিধা উন্নত কৰিছে । এই অভিযানে ভাৰতক ভৱিষ্যতৰ উপগ্ৰহ নক্ষত্ৰমণ্ডল আৰু গভীৰ সাগৰীয় যোগাযোগৰ দিশত আগুৱাই নিব ।

লগতে পঢ়ক : কাউণ্টডাউন আৰম্ভ: ২ নৱেম্বৰত উৎক্ষেপণৰ বাবে সাজু CMS-03 উপগ্ৰহ

আগন্তুক তিনিমাহৰ ভিতৰত কাম আৰম্ভ কৰিব NISARএ… ৭৪৭ কিলোমিটাৰৰ ওপৰৰ পৰা ৰাখিছে চকু

আগন্তুক তিনিমাহৰ ভিতৰত কাম আৰম্ভ কৰিব NISARএ

আগন্তুক তিনিমাহৰ ভিতৰত নাছা-ইছৰোৰ যৌথ অভিযান NISARএ কাম আৰম্ভ কৰিব । ২০২৫ চনৰ ৩০ জুলাইত উৎক্ষেপণৰ পিছত নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰে (NISAR) এটা এটাকৈ ইয়াৰ বিভিন্ন অংশ সক্ৰিয় কৰি আছে । ইয়াৰ ৩৯ ফুট বহল ৰাডাৰ এন্টেনা ৰিফ্লেক্টৰ ১৫ আগষ্টত মুকলি কৰা হৈছে । এই উপগ্ৰহটোৱে পৃথিৱীৰ ভূমি, বৰফ, অৰণ্য আৰু অট্টালিকাৰ প্ৰতিটো সৰু-বৰ গতি নিবিড়ভাৱে নিৰীক্ষণ কৰিব । ইয়াৰ উপৰিও ভূমিকম্প, আগ্নেয়গিৰি আৰু ভূমিস্খলনৰ দৰে পৰিৱৰ্তনৰ তথ্যও অনুসৰণ কৰিব ।

NISAR হৈছে এনে এক অনন্য উপগ্ৰহ যিয়ে পৃথিৱীৰ পৃষ্ঠভাগ পূৰ্বতকৈ অধিক নিবিড়ভাৱে নিৰীক্ষণ কৰিব । ইয়াৰ এল-বেণ্ড আৰু এছ-বেণ্ড ৰাডাৰ চিষ্টেম অন কৰা হৈছে । এই দুয়োটা ব্যৱস্থাই একেলগে বন, নিয়ৰ, মাটিৰ আৰ্দ্ৰতা আৰু মাটিৰ গতিবিধি জুখিব । এই উপগ্ৰহটোৱে পৃথিৱীৰ বেছিভাগ অংশ প্ৰতি ১২ দিনৰ মূৰে মূৰে দুবাৰকৈ স্কেন কৰিব, যাৰ ফলত অৰণ্য, বৰফৰ পৃষ্ঠ আৰু অট্টালিকাৰ পৰিৱৰ্তনৰ সঠিক তথ্য আমি লাভ কৰাত সহায়ক হ’ব ।

ডাৱৰ আৰু বৰষুণৰ মাজতো দিনে নিশাই কাম কৰিব পাৰে NISAR ৰাডাৰে । এল-বেণ্ড ৰাডাৰে বনাঞ্চলৰ ভিতৰৰ মাটি আৰু জৈৱবস্তু জুখিব, আনহাতে এছ-বেণ্ড ৰাডাৰে সৰু গছ-গছনি, কৃষি আৰু আৰ্দ্ৰতাক চাব । ইয়াৰ উপৰিও ভূমিকম্প, আগ্নেয়গিৰি আৰু ভূমিস্খলনৰ আগত আৰু পিছত হোৱা সৰু সৰু মাটিৰ গতিবিধি (কেইবামিলিমিটাৰ পৰ্যন্ত) ধৰি ৰাখিব । অহা কেইসপ্তাহমানৰ ভিতৰত উপলব্ধ হ’ব বৈজ্ঞানিক মানৰ ছবি । ৯০ দিনৰ পাছত সম্পূৰ্ণ বৈজ্ঞানিক কাম আৰম্ভ হ’ব ।

ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব-

ভাৰত-আমেৰিকা মহাকাশ সহযোগিতাৰ নিদৰ্শন হৈছে NISAR । ইছৰোৱে এছ-বেণ্ড ৰাডাৰ আৰু চেটেলাইট বাছ নিৰ্মাণ কৰাৰ বিপৰীতে নাছাই এল-বেণ্ড ৰাডাৰ, এণ্টিনা আৰু ডাটা চিষ্টেম যোগান ধৰিছিল । সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা এই উপগ্ৰহটো এতিয়া ৭৪৭ কিলোমিটাৰ কক্ষপথত । ইছৰোৰ টেলিমেট্ৰি, ট্ৰেকিং আৰু কমাণ্ড নেটৱৰ্কে ইয়াক নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে নাছাৰ জেট প্ৰপালচন লেবৰেটৰী (জে পি এল) আৰু গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰে এই তথ্য পৰিচালনা কৰি আছে ।

নিছাৰৰ তথ্য কেৱল বিজ্ঞানীৰ বাবেই নহয়, সাধাৰণ জনতাৰ বাবেও উপকাৰী হ’ব । ই বান, ভূমিকম্প আৰু বনাঞ্চলৰ অৱস্থা বুজি পোৱাত সহায় কৰিব, যাৰ ফলত দুৰ্যোগ ব্যৱস্থাপনা আৰু পৰিৱেশ সুৰক্ষাৰ উন্নতি ঘটিব ।

লগতে পঢ়ক : মহাকাশত খাদ্য খোৱাটো কিমান কঠিন ! ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰিলে শুভাংশু শুক্লাই

লুকাই নাথাকিব কোনো প্ৰাকৃতিক দুৰ্যোগ… ৩০ তাৰিখে উৎক্ষেপণ কৰা হ’ব পৃথিৱীৰ ৰক্ষক উপগ্ৰহ

লুকাই নাথাকিব কোনো প্ৰাকৃতিক দুৰ্যোগ

মানৱ ইতিহাসৰ আটাইতকৈ শক্তিশালী উপগ্ৰহ নিছাৰ (NISAR Mission) ২০২৫ চনৰ ৩০ জুলাইৰ সন্ধিয়া ৫:৪০ বজাত উৎক্ষেপণ কৰা হ’ব । শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এই উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব । এই উপগ্ৰহটো ভাৰতীয় মহাকাশ সংস্থা ইছৰো আৰু আমেৰিকান মহাকাশ সংস্থা নাছাই যৌথভাৱে নিৰ্মাণ কৰিছে । এই একক উপগ্ৰহটোৱে সমগ্ৰ বিশ্বতে সংঘটিত হোৱা যিকোনো ধৰণৰ দুৰ্যোগৰ তথ্য দিবলৈ সক্ষম ।

মহাকাশত নিয়োজিত হ’বলগীয়া এই উপগ্ৰহটোৱে ভূমিকম্প, ভূমিস্খলন, বনজুই, বৰষুণ, ঘূৰ্ণীবতাহ, হাৰিকেন, বিজুলী, আগ্নেয়গিৰিৰ বিস্ফোৰণ, টেকটনিক প্লেটৰ গতি… সকলোৰে ওপৰত চকু ৰাখিব । এই প্ৰাকৃতিক পৰিঘটনাবোৰ ঘটাৰ আগতেই ই সতৰ্ক কৰি দিব ।

উৎক্ষেপণৰ পিছত নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰে (NISAR) আগন্তুক ভূমিকম্পৰ বিষয়ে সমগ্ৰ বিশ্বক অৱগত কৰিব । নিছাৰে চেণ্টিমিটাৰ স্তৰলৈকে টেকটনিক প্লেটৰ গতিবিধি ৰেকৰ্ড কৰিবলৈ সক্ষম হ’ব । কম বেছি পৰিমাণে ক’ত আৰু কেতিয়া ভূমিকম্প হ’ব পাৰে সেই কথা ক’ব এই উপগ্ৰহে । ই ১২ দিনত পৃথিৱীৰ এটা ৰাউণ্ড সম্পূৰ্ণ কৰিব ।

নিছাৰ উপগ্ৰহত থাকিব এটা বৃহৎ মূল বাছ, য’ত থাকিব বহুতো যন্ত্ৰ । ট্ৰেন্সপণ্ডাৰ, টেলিস্কোপ আৰু ৰাডাৰ ব্যৱস্থা থাকিব । তাৰ পৰা এটা বাহু ওলাই আহিব, তাৰ ওপৰত এটা চিলিণ্ডাৰ থাকিব । এই চিলিণ্ডাৰটো উৎক্ষেপণৰ কেইঘণ্টামান পিছত খোল খাব আৰু ইয়াৰ পৰা ডিচ এন্টেনাৰ দৰে এটা ডাঙৰ ছাতি ওলাই আহিব । এই ছাতিটোৱেই হৈছে কৃত্ৰিম এপাৰচাৰ ৰাডাৰ ।

প্ৰতি ১২ দিনৰ মূৰে মূৰে পৃথিৱীৰ নতুন প্ৰতিবেদন উপলব্ধ হ’ব-

নিছাৰৰ এপ্লিকেচন মুৰব্বী কেথলিন জ’নে কয় যে মাত্ৰ ১২ দিনৰ ভিতৰতে নিছাৰে দ্বিতীয়টো কক্ষপথ নিৰ্মাণ কৰিব । এই দিনৰ ব্যৱধানত পৃথিৱীৰ পৃষ্ঠত হোৱা পৰিৱৰ্তনৰ কথা গম পোৱা যাব । কোনখন দেশত কেনেধৰণৰ বতৰ আছে বা কেনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা আছে আমি সঠিকভাৱে জানিব পাৰিম ।

এই উপগ্ৰহটো GSLV-MK2 ৰকেট ব্যৱহাৰ কৰি উৎক্ষেপণ কৰা হ’ব । শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো উৎক্ষেপণ স্থানৰ পৰা এই উৎক্ষেপণ কৰা হ’ব । এই উপগ্ৰহ আৰু পেলোডসমূহ কেইবাবাৰো পৰীক্ষা কৰা হৈছে ।

কি কৰিব নিছাৰে ?

এই উপগ্ৰহটোৱে বিশ্বক প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰিব । ই পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ । ইয়াক নিৰ্মাণ কৰিবলৈ ১০ হাজাৰ কোটি টকা খৰচ হৈছে । ইয়াৰ জৰিয়তে টৰ্নেডো, ধুমুহা, আগ্নেয়গিৰি, ভূমিকম্প, হিমবাহ গলি যোৱা, সাগৰীয় ধুমুহা, বনজুই, সাগৰৰ জলপৃষ্ঠ বৃদ্ধিকে ধৰি বহু দুৰ্যোগৰ সতৰ্কবাণী দিয়া হ’ব ।

মহাকাশত পৃথিৱীৰ চাৰিওফালে জমা হোৱা আৱৰ্জনা আৰু মহাকাশৰ পৰা পৃথিৱীলৈ অহা বিপদৰ তথ্যও নিছাৰে দি থাকিব ।

লগতে পঢ়ক : সূৰ্য্য নুমাই গ’লে অন্ত পৰিব নেকি সৌৰজগতৰ ? কি হ’ব পৃথিৱীৰ ?