নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত

নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত… সম্ভাৱ্য বায়চিগনেচাৰ আৰু জৈৱিক কাৰ্বনৰ সন্ধান

নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত মংগল গ্ৰহত আৰু অধিক জীৱনৰ চিন আৱিষ্কাৰ হৈছে । নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে জেজিৰ’ ক্ৰেটাৰৰ ব্রাইট এঞ্জেল ফৰ্মেচন অঞ্চলত ৰাসায়নিক আৰু খনিজ উপস্থিতি ধৰা পেলাইছে । বিজ্ঞানীসকলে এইবোৰক বায় চিগনেচাৰ বুলি গণ্য কৰে । বায় চিগনেচাৰ হৈছে ভৌতিক,

নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত

মংগল গ্ৰহত আৰু অধিক জীৱনৰ চিন আৱিষ্কাৰ হৈছে । নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে জেজিৰ’ ক্ৰেটাৰৰ ব্রাইট এঞ্জেল ফৰ্মেচন অঞ্চলত ৰাসায়নিক আৰু খনিজ উপস্থিতি ধৰা পেলাইছে । বিজ্ঞানীসকলে এইবোৰক বায় চিগনেচাৰ বুলি গণ্য কৰে । বায় চিগনেচাৰ হৈছে ভৌতিক, ৰাসায়নিক বা গাঁথনিগত চিন যিয়ে কোনো গ্ৰহত জীৱনৰ কাৰ্যকলাপৰ ইংগিত দিয়ে । এইবোৰ জীৱনৰ নিৰ্দিষ্ট প্ৰমাণ নহয় যদিও যদি এইবোৰ অণুজীৱৰ সৈতে জড়িত বুলি প্ৰমাণিত হয় তেন্তে ইতিহাসৰ এক ডাঙৰ আৱিষ্কাৰ হ’ব পাৰে ।

ব্ৰাইট এঞ্জেল ফৰ্মেচন হৈছে জেজিৰো ক্ৰেটাৰৰ এটা অঞ্চল যিটো মিহি দানাযুক্ত শিলেৰে ভৰি আছে । এই শিলবোৰ কোটি কোটি বছৰ আগতে বৈ যোৱা পানীৰ দ্বাৰা সৃষ্টি হৈছিল । ইয়াত ৰভাৰে আইৰণ অক্সাইড, ফছফৰাছ, চালফাৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল জৈৱিক কাৰ্বন আৱিষ্কাৰ কৰে, যিটো জীৱনৰ ভিত্তি । অনুসন্ধানত কেইবাটাও অনন্য বৈশিষ্ট্য পোহৰলৈ আহিছে । সৰু সৰু ঘূৰণীয়া দানা (পপি গুটি) আৰু দাগযুক্ত আৰ্হিত (লিওপাৰ্ড পেটাৰ্ণ) পোৱা খনিজ ভিভিএনাইট আৰু গ্ৰেইগাইট পৃথিৱীৰ পানী সমৃদ্ধ, কম উষ্ণতাৰ পৰিৱেশত গঠন হয় ।

অণুজীৱৰ অৱদান নে ভূতাত্ত্বিক প্ৰক্ৰিয়া-

আৱিষ্কাৰৰ দুটা সম্ভাৱনা আছে । প্ৰথমতে, এই খনিজ আৰু গঠনসমূহ কেৱল ভূতাত্ত্বিক প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হ’ব পাৰে । দ্বিতীয়তে, কোটি কোটি বছৰৰ আগতে থকা অণুজীৱবোৰে হয়তো ইয়াৰ বাবে অৰিহণা যোগাইছে । চালফাৰ ভিত্তিক সংকেত সাধাৰণতে উচ্চ উষ্ণতাত গঠন হয়, কিন্তু ইয়াত উচ্চ উষ্ণতাৰ প্ৰমাণ পোৱা নগ’ল । এই দিশটোৱে অণুজীৱৰ ভূমিকাক সম্পূৰ্ণৰূপে নুই কৰা নাই ।

নমুনা ঘূৰাই অনা অভিযানৰ গুৰুত্ব-

পাৰ্চেভাৰেন্স ৰভাৰখনে ব্রাইট এঞ্জেলৰ চেফায়াৰ কেনিয়নৰ পৰা এটা মূল নমুনা সংগ্ৰহ কৰিছিল । এই নমুনা বৰ্তমান এটা সুৰক্ষিত নলীত সংৰক্ষণ কৰা হয় । বিজ্ঞানীসকলে ভৱিষ্যতে ইয়াক পৃথিৱীলৈ ঘূৰাই অনাৰ আশা কৰিছে উন্নত পৰীক্ষাগাৰত বিশ্লেষণৰ বাবে । ইয়াৰ ফলত কাৰ্বন আইছ’ট’প, খনিজ গঠন, মাইক্ৰ’ফ’চিলৰ দৰে লেখ-জোখ পৰীক্ষা কৰিব পৰা যাব ।

সম্ভৱপৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ-

গৱেষকসকলে কয় যে এই আৱিষ্কাৰ জীৱনৰ নিৰ্দিষ্ট প্ৰমাণ নহয়, বৰঞ্চ সম্ভাৱ্য বায় চিগনেচাৰ । এইটো এটা ডাঙৰ আৱিষ্কাৰ হ’ব পাৰে । পৃথিৱীত জীৱন কেনেকৈ আৰম্ভ হৈছিল আৰু বিশ্বব্ৰহ্মাণ্ডৰ আন ঠাইত জীৱন আছে নে নাই সেই বিষয়ে বুজিবলৈ সহায় কৰিব ।

লগতে পঢ়ক : চীনে প্ৰস্তুত কৰিলে বিশ্বৰ প্ৰথমটো ‘হাড়ৰ আঠা’; ২-৩ মিনিটৰ ভিতৰত ভঙা হাড় লাগিব জোৰা

শেহতীয়া প্ৰৱন্ধসমূহ