নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত… সম্ভাৱ্য বায়চিগনেচাৰ আৰু জৈৱিক কাৰ্বনৰ সন্ধান

নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত

মংগল গ্ৰহত আৰু অধিক জীৱনৰ চিন আৱিষ্কাৰ হৈছে । নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে জেজিৰ’ ক্ৰেটাৰৰ ব্রাইট এঞ্জেল ফৰ্মেচন অঞ্চলত ৰাসায়নিক আৰু খনিজ উপস্থিতি ধৰা পেলাইছে । বিজ্ঞানীসকলে এইবোৰক বায় চিগনেচাৰ বুলি গণ্য কৰে । বায় চিগনেচাৰ হৈছে ভৌতিক, ৰাসায়নিক বা গাঁথনিগত চিন যিয়ে কোনো গ্ৰহত জীৱনৰ কাৰ্যকলাপৰ ইংগিত দিয়ে । এইবোৰ জীৱনৰ নিৰ্দিষ্ট প্ৰমাণ নহয় যদিও যদি এইবোৰ অণুজীৱৰ সৈতে জড়িত বুলি প্ৰমাণিত হয় তেন্তে ইতিহাসৰ এক ডাঙৰ আৱিষ্কাৰ হ’ব পাৰে ।

ব্ৰাইট এঞ্জেল ফৰ্মেচন হৈছে জেজিৰো ক্ৰেটাৰৰ এটা অঞ্চল যিটো মিহি দানাযুক্ত শিলেৰে ভৰি আছে । এই শিলবোৰ কোটি কোটি বছৰ আগতে বৈ যোৱা পানীৰ দ্বাৰা সৃষ্টি হৈছিল । ইয়াত ৰভাৰে আইৰণ অক্সাইড, ফছফৰাছ, চালফাৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল জৈৱিক কাৰ্বন আৱিষ্কাৰ কৰে, যিটো জীৱনৰ ভিত্তি । অনুসন্ধানত কেইবাটাও অনন্য বৈশিষ্ট্য পোহৰলৈ আহিছে । সৰু সৰু ঘূৰণীয়া দানা (পপি গুটি) আৰু দাগযুক্ত আৰ্হিত (লিওপাৰ্ড পেটাৰ্ণ) পোৱা খনিজ ভিভিএনাইট আৰু গ্ৰেইগাইট পৃথিৱীৰ পানী সমৃদ্ধ, কম উষ্ণতাৰ পৰিৱেশত গঠন হয় ।

অণুজীৱৰ অৱদান নে ভূতাত্ত্বিক প্ৰক্ৰিয়া-

আৱিষ্কাৰৰ দুটা সম্ভাৱনা আছে । প্ৰথমতে, এই খনিজ আৰু গঠনসমূহ কেৱল ভূতাত্ত্বিক প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হ’ব পাৰে । দ্বিতীয়তে, কোটি কোটি বছৰৰ আগতে থকা অণুজীৱবোৰে হয়তো ইয়াৰ বাবে অৰিহণা যোগাইছে । চালফাৰ ভিত্তিক সংকেত সাধাৰণতে উচ্চ উষ্ণতাত গঠন হয়, কিন্তু ইয়াত উচ্চ উষ্ণতাৰ প্ৰমাণ পোৱা নগ’ল । এই দিশটোৱে অণুজীৱৰ ভূমিকাক সম্পূৰ্ণৰূপে নুই কৰা নাই ।

নমুনা ঘূৰাই অনা অভিযানৰ গুৰুত্ব-

পাৰ্চেভাৰেন্স ৰভাৰখনে ব্রাইট এঞ্জেলৰ চেফায়াৰ কেনিয়নৰ পৰা এটা মূল নমুনা সংগ্ৰহ কৰিছিল । এই নমুনা বৰ্তমান এটা সুৰক্ষিত নলীত সংৰক্ষণ কৰা হয় । বিজ্ঞানীসকলে ভৱিষ্যতে ইয়াক পৃথিৱীলৈ ঘূৰাই অনাৰ আশা কৰিছে উন্নত পৰীক্ষাগাৰত বিশ্লেষণৰ বাবে । ইয়াৰ ফলত কাৰ্বন আইছ’ট’প, খনিজ গঠন, মাইক্ৰ’ফ’চিলৰ দৰে লেখ-জোখ পৰীক্ষা কৰিব পৰা যাব ।

সম্ভৱপৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ-

গৱেষকসকলে কয় যে এই আৱিষ্কাৰ জীৱনৰ নিৰ্দিষ্ট প্ৰমাণ নহয়, বৰঞ্চ সম্ভাৱ্য বায় চিগনেচাৰ । এইটো এটা ডাঙৰ আৱিষ্কাৰ হ’ব পাৰে । পৃথিৱীত জীৱন কেনেকৈ আৰম্ভ হৈছিল আৰু বিশ্বব্ৰহ্মাণ্ডৰ আন ঠাইত জীৱন আছে নে নাই সেই বিষয়ে বুজিবলৈ সহায় কৰিব ।

লগতে পঢ়ক : চীনে প্ৰস্তুত কৰিলে বিশ্বৰ প্ৰথমটো ‘হাড়ৰ আঠা’; ২-৩ মিনিটৰ ভিতৰত ভঙা হাড় লাগিব জোৰা

নাছাই তুলিলে মংগল গ্ৰহৰ আগ্নেয়গিৰিৰ প্ৰথমখন ছবি… মাউণ্ট এভাৰেষ্টতকৈ দুগুণ ওখ

নাছাই তুলিলে মংগল গ্ৰহৰ আগ্নেয়গিৰিৰ প্ৰথমখন ছবি

নাছাৰ মংগল অডিচি অৰ্বিটাৰে ২০২৫ চনৰ ২ মে’ত মংগল গ্ৰহত এনে এক অনন্য দৃশ্য আৱদ্ধ কৰিছিল য’ত ডাৱৰৰ ওপৰত প্ৰাচীন আগ্নেয়গিৰি আৰ্ছিয়া মন্স দেখা গৈছিল । এই ছবি ৬ জুন, ২০২৫ তাৰিখে শ্বেয়াৰ কৰা হৈছিল ।

পৃথিৱীৰ পৰা গড়ে ২২৫ নিযুত কিলোমিটাৰ দূৰত্বত থকা মংগল গ্ৰহত আৰ্ছিয়া মন্স হৈছে এক বিশাল আগ্নেয়গিৰি । ই থাৰচিছ মণ্টেছ নামৰ আগ্নেয়গিৰিৰ অঞ্চলত অৱস্থিত, য’ত আন দুটা শ্বীল্ড আগ্নেয়গিৰিও আছে, পাভ’নিছ মন্স আৰু এছক্ৰেয়াছ মন্স । আৰ্ছিয়া মন্সৰ উচ্চতা ১২ মাইল (২০ কিলোমিটাৰ) আৰু পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত মাউণ্ট এভাৰেষ্টতকৈ দুগুণ ওখ । অৱশ্যে গ্ৰহটোৰ আটাইতকৈ ওখ আগ্নেয়গিৰিটো হ’ল অলিম্পচ মন্স ।

এই গ্ৰহৰ পৃষ্ঠত থকা ৰাসায়নিক মৌল আৰু খনিজ পদাৰ্থৰ মানচিত্ৰ নিৰ্মাণৰ লক্ষ্যৰে ২০০১ চনত মংগল অডিচি অভিযান আৰম্ভ কৰা হৈছিল । ২০০৪ চনত ই প্ৰাথমিক অভিযান সম্পূৰ্ণ কৰিছিল যদিও ৰঙা গ্ৰহটোৰ পৃষ্ঠ, ডাৱৰ, কুঁৱলী আৰু বতৰৰ ওপৰত অধ্যয়ন অব্যাহত ৰাখিছিল । ২০২৩ চনৰ পৰা অডিচিয়ে গ্ৰহটোৰ দিগন্তৰ উচ্চ উচ্চতাৰ ছবি তুলিবলৈ আৰম্ভ কৰে ।

২০২৫ চনৰ ২ মে’ত সূৰ্য্য উদয়ৰ ঠিক আগতেই অডিচিয়ে আৰ্ছিয়া মন্সক বন্দী কৰে । এই ছবিখনত গ্ৰহটোৰ বায়ুমণ্ডল সেউজীয়া কুঁৱলীৰ দৰে দেখা গৈছে । আৰ্ছিয়া মন্স ডাৱৰৰ ওপৰত ক’লা দাগ হিচাপে উঠি যায় । এইটোৱেই হৈছে এই গ্ৰহত আগ্নেয়গিৰিৰ প্ৰথম দিগন্তমুখী ছবি ।

এই ছবিখন থাৰ্মেল ইমিছন ইমেজিং চিষ্টেম (THEMIS) কেমেৰাৰ সহায়ত তোলা হৈছে । THEMIS এ ৰঙা গ্ৰহটোৰ পৃষ্ঠত পানীৰ বৰফ থকা অঞ্চলৰ মানচিত্ৰ নিৰ্মাণ কৰাত সহায় কৰে, যিটো ভৱিষ্যতে মংগল গ্ৰহত অৱতৰণ কৰা প্ৰথম মহাকাশচাৰীৰ অৱতৰণ স্থান বাছনি কৰাত উপযোগী হ’ব পাৰে ।

লগতে পঢ়ক : ISRO ৰ সফলতা; প্ৰথমবাৰলৈ উত্তৰ প্ৰদেশত পেলোডৰ সৈতে ৰকেট উৎক্ষেপণ পৰীক্ষণ

মংগল গ্ৰহৰ সৈতে জড়িত এইবোৰ আশ্চৰ্যকৰ কথা জানেনে ? জানি আচৰিত হ’ব আপুনি…

নাছা আৰু অন্যান্য মহাকাশ সংস্থাসমূহ মংগল গ্ৰহত জীৱনৰ সন্ধানত ব্যস্ত । দৰাচলতে এটা সময়ত পৃথিৱীৰ দৰেই মংগল গ্ৰহতো হয়তো জীৱন আছিল বুলি বিশ্বাস কৰা হয় । এই গ্ৰহটোক প্ৰায়ে পৃথিৱীৰ লগত তুলনা কৰা হয়, কিন্তু সঁচাকৈয়ে ৰঙা গ্ৰহটোত কেতিয়াবা জীৱন আছিল নে ?  এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি বিজ্ঞানীসকল ব্যস্ত । অৱশ্যে আজি আমি মংগল গ্ৰহৰ লগত জড়িত কেইটামান আশ্চৰ্যকৰ তথ্য আপোনালোকক জনাম ।

মংগল গ্ৰহৰ বিষয়ে আপুনি কিমান জানে ?

আপুনি জানেনে যে মংগল গ্ৰহ আকাৰত পৃথিৱীতকৈ বহুত সৰু ?  ইয়াৰ ব্যাস পৃথিৱীৰ ব্যাসৰ ৫৩ শতাংশ । আপুনি জানি আচৰিত হ’ব যে ৬ টা মংগল গ্ৰহ সংযুক্ত হোৱাৰ পিছত পৃথিৱীৰ আকৃতি গঠন হ’ব পাৰে । ইয়াৰ বাহিৰেও মংগল গ্ৰহৰ মাধ্যাকৰ্ষণ শক্তি পৃথিৱীতকৈ বহু কম । ইয়াত থকা মাধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ মাধ্যাকৰ্ষণৰ এক তৃতীয়াংশহে । এইদৰে পৃথিৱীত যদি আপোনাৰ ওজন ১০০ কিলোগ্ৰাম হয়, তেন্তে মংগল গ্ৰহত আপোনাৰ ওজন মাত্ৰ ৩৮ কিলোগ্ৰাম হ’ব । লগতে মংগল গ্ৰহৰ ঋতু পৃথিৱীৰ ঋতুতকৈ প্ৰায় দুগুণ দীঘল, কাৰণ পৃথিৱীৰ বছৰটো ৩৬৫ দিন হ’লেও মংগল গ্ৰহৰ এটা বছৰ ৬৮৭ দিন ।

সৌৰজগতৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰি আছে মংগল গ্ৰহত-

ইয়াৰ বাহিৰেও মংগল গ্ৰহৰ দুটা চন্দ্ৰ তথা উপগ্ৰহ আছে । ফবছ আৰু ডোইমছ আচলতে দেখাত গ্ৰহাণুৰ দৰে, কিন্তু আপুনি জানি আচৰিত হ’ব যে দুটা চন্দ্ৰ থকাৰ পিছতো মংগল গ্ৰহত কেতিয়াও সূৰ্যগ্ৰহণ নহয় ।

ইফালে সৌৰজগতৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰিটো মংগল গ্ৰহত আছে । ইয়াত থকা অলিম্পছ মন্স কেৱল মংগল গ্ৰহৰ নহয়, সমগ্ৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰি । এই গ্ৰহৰ আটাইতকৈ ডাঙৰ গহ্বৰটো হৈছে ব’ৰালিছ বেছিন । ই সৌৰজগতৰ আটাইতকৈ ডাঙৰ গহ্বৰ নহয় যদিও ই মংগল গ্ৰহৰ ৪০ শতাংশ অঞ্চল সামৰি লৈছে ।