কাৰমান লাইন… পৃথিৱীৰ যাদুকৰী সীমা, যি পাৰ হৈ আৰম্ভ হয় ‘মহাকাশৰ জগত’

কাৰমান লাইন কি

কোনোবা নহয় কোনোবা সময়ত এই প্ৰশ্নটো নিশ্চয় আপোনাৰ মনলৈ আহে যে পৃথিৱীৰ অন্ত ক’ত বা সেই স্থান কোনটো যৰ পৰা মহাকাশ আৰম্ভ হয় । আপুনি জানেনে যে, এডাল কাল্পনিক ৰেখা আছে য’ত আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ অন্ত পৰে । এই স্থান কোনো ধৰণৰ দেৱাল নহয় বৰঞ্চ বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰা এক সীমা যিয়ে মহাকাশ ক’ৰ পৰা আৰম্ভ হয় সেই কথা বুজাই । এই ৰেখাডাল পৃথিৱীৰ বায়ুমণ্ডল আৰু মহাকাশৰ মাজৰ কাল্পনিক ৰেখা, য’ৰ পৰা মহাকাশৰ জগতখন আৰম্ভ হয় ।

কি এই এই লাইন ?

বিজ্ঞানীসকলে যিটো সীমা নিৰ্ধাৰণ কৰিছে তাৰ নাম কাৰমান লাইন বা ৰেখা । এই ঠাই সম্পূৰ্ণ বায়ুহীন কিয়নো পৃথিৱীৰ পৰা ১০০ কিলোমিটাৰ উচ্চতাত অৱস্থিত এই ঠাই । ইয়াৰ নাম হাংগেৰী-আমেৰিকান অভিযন্তা থিয়ডৰ ভন কাৰ্মানৰ নামেৰে ৰখা হৈছে এই ৰেখাৰ নাম ।

কি আছিল বিজ্ঞানীসকলৰ গণনা ?

১৯৫০ চনত বিজ্ঞানীসকলে তেওঁলোকৰ গণনাৰ জৰিয়তে জানিব পাৰিছিল যে পৃথিৱীৰ পৰা ১০০ কিলোমিটাৰ ওপৰত বায়ুৰ এক অতি পাতল তৰপ আছে য’ত কোনো বিমানে ডেউকা মেলি উৰিব নোৱাৰে । উৰণৰ কথা বাদ দিয়ক, এই ঠাইত উশাহ ল’বও নোৱাৰে । এই ৰেখাডাল পৃথিৱীৰ বায়ুমণ্ডল আৰু মহাকাশৰ মাজৰ এক কাল্পনিক ৰেখা, য’ৰ পৰা ৰহস্যৰে ভৰা মহাকাশৰ জগত আৰম্ভ হয় ।

এই কাল্পনিক ৰেখাৰ বাহিৰত কি আছে ?

পৃথিৱীৰ পৰা ১০০ কিলোমিটাৰ উচ্চতাত অৱস্থিত এই ৰেখাক কাৰমান লাইন বা ৰেখা বোলা হয় । কাৰমান লাইনত বায়ুৰ উপস্থিতি প্ৰায় শূণ্য আৰু কোনো ধৰণৰ ঘৰ্ষণ নাথাকে, গতিকে ৰকেটে তীব্ৰ বেগত উৰিব পাৰে । কিন্তু এই স্থানত বিকিৰণ আৰু উষ্ণতাৰ উঠা-নমা হয়, যাৰ বাবে ই অতি বিপজ্জনক হৈ পৰে । কাৰমান লাইন হৈছে এক কাল্পনিক গোলক যিয়ে সমগ্ৰ পৃথিৱীখনক চাৰিওফালৰ পৰা আগুৰি ধৰিছে । আমেৰিকাৰ বায়ুসেনাই ইয়াক ৮০ কিলোমিটাৰ বুলি গণ্য কৰে যদিও আন্তঃৰাষ্ট্ৰীয় মানদণ্ড ১০০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক : ভাৰতীয় নৌসেনাই লাভ কৰিলে মেড-ইন-ইণ্ডিয়া থ্ৰীডি চাৰ্ভিলেন্স ৰাডাৰ; বতাহতে শত্ৰুক কৰিব ধ্বংস

মহাকাশত খাদ্য খোৱাটো কিমান কঠিন ! ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰিলে শুভাংশু শুক্লাই

মহাকাশত খাদ্য খোৱাটো কিমান কঠিন

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ অভিজ্ঞতা ব্যক্ত কৰি ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই কয় যে মহাকাশত খাদ্য গ্ৰহণ কৰাটোও অতি প্ৰত্যাহ্বানজনক । তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰি মহাকাশচাৰীয়ে মহাকাশত কেনেদৰে খাদ্য গ্ৰহণ কৰে সেই বিষয়ে কয় । শুভাংশুৱে লগতে কয় যে পৃথিৱীলৈ উভতি অহাৰ পিছত তেওঁ পুনৰ স্বাভাৱিক পদ্ধতিৰে খাদ্য গ্ৰহণ কৰিবলৈ শিকিব লগা হয় ।

শুভাংশুৱে লিখিছে- আকৌ খাবলৈ শিকিব লগা হ’ল

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকাৰ সময়ত ৰেকৰ্ডিং কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে শুভাংশু শুক্লাই । এই ভিডিঅ’টোত শুভাংশুৱে মহাকাশচাৰীয়ে কেনেকৈ খাদ্য খায় আৰু ইয়াত কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় সেই বিষয়ে কৈছে । এই পোষ্টটোৰ সৈতে শ্বেয়াৰ কৰা কেপচনত শুভাশু শুক্লাই লিখিছে যে ‘কেতিয়াও ভবা নাছিলো যে মই আকৌ খাবলৈ শিকিব লাগিব । ইয়াত মই কৈছো মহাকাশত খাদ্য গ্ৰহণ কৰাৰ সময়ত অভ্যাসবোৰ কিয় গুৰুত্বপূৰ্ণ । সাৱধান নহ’লে ভুল হ’ব পাৰে । মহাকাশত বাস কৰাৰ বাবে অন্যতম ফলপ্ৰসূ মন্ত্ৰ হ’ল, ‘ধীৰ দ্ৰুত’ ।

শুভাংশুৱে কয় যে মহাকাশত পানীও খাব লাগে । ভিডিঅ’টোত শুভাংশুৱে দেখুৱাইছে যে কেনেকৈ মহাকাশত কফি খোৱা হয় আৰু খাদ্য সামগ্ৰীসমূহো তাত অতি সাৱধানে ৰখা হয় কাৰণ মাধ্যাকৰ্ষণ শক্তিৰ অভাৱৰ বাবে মহাকাশচাৰীসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । তেওঁ কয় যে ‘আন এটা আমোদজনক কথা হ’ল খাদ্য হজম কৰিবলৈ আমাক মাধ্যাকৰ্ষণৰ প্ৰয়োজন নাই । ‘পেৰিষ্টালচিছ’ নামৰ এটা প্ৰক্ৰিয়া মহাকাশত হজমৰ বাবে দায়বদ্ধ, ইয়াৰ বাবে মাধ্যাকৰ্ষণৰ প্ৰয়োজন নাই । ইয়াত মূৰটো ওপৰলৈ হওক বা তললৈ হওক, মাধ্যাকৰ্ষণ শক্তি হওক বা নহওক, আপোনাৰ শৰীৰে সদায় খাদ্য হজম কৰিব ।’

লগতে পঢ়ক : ভাৰতৰ প্ৰথমটো থলুৱা মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ মুকলি… অধিক শক্তিশালী হ’ব ৰকেট আৰু উপগ্ৰহৰ অভিযান

ৰাষ্ট্ৰীয় মহাকাশ দিৱস : পি এছ এল ভিৰ পৰা গগণযানলৈ…  ভাৰতৰ মহাকাশ সফলতা

ৰাষ্ট্ৰীয় মহাকাশ দিৱস

আজি, ২৩ আগষ্টত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হৈছে । চন্দ্ৰযান-৩ৰ ঐতিহাসিক অৱতৰণ (২৩ আগষ্ট ২০২৩)ৰ স্মৃতিত এই দিৱস উদযাপন কৰা হয় । কিয়নো এই দিনটোতে চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি দিয়া বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত গৈছিল ভাৰত ।

এইবাৰ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত দুদিনীয়া অনুষ্ঠানত (২২-২৩ আগষ্ট) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই নিজৰ সাফল্য আৰু ভৱিষ্যতৰ পৰিকল্পনা প্ৰদৰ্শন কৰে । পি এছ এল ভিৰ পৰা গগণযান আৰু ইণ্ডিয়ান স্পেচ ষ্টেচন (বি এ এছ)লৈকে ভাৰতৰ মহাকাশ যাত্ৰা গৌৰৱৰ বিষয় ।

ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ গুৰুত্ব-

২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণ কৰে । এইটো আছিল ভাৰতৰ মহাকাশ সামৰ্থ্যৰ প্ৰতীক, কিয়নো এই অঞ্চলটো আগতে কেতিয়াও অন্বেষণ কৰা হোৱা নাছিল । এই সাফল্যই ভাৰতক আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত চন্দ্ৰত উপনীত হোৱা চতুৰ্থখন দেশ হিচাপে গঢ়ি তোলে ।

২০২৫ বৰ্ষৰ এই অনুষ্ঠান বিশেষ আছিল, কাৰণ ইছৰোৱে প্ৰথমবাৰৰ বাবে ভাৰতীয় মহাকাশ কেন্দ্ৰৰ (BAS) মডেল বিশ্ববাসীৰ আগত উন্মোচন কৰে । বিশেষকৈ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

ইছৰোৰ ডাঙৰ কৃতিত্ব-

ইছৰোৱে বিগত কেইটামান দশকত বহু ঐতিহাসিক সাফল্য লাভ কৰিছে…

পি এছ এল ভি : ভাৰতৰ বিশ্বাসযোগ্য ৰকেট

পোলাৰ ছেটেলাই লঞ্চ ভেহিকল (PSLV) হৈছে ইছৰোৰ আটাইতকৈ বিশ্বাসযোগ্য ৰকেট, যিয়ে ১৯৯৩ চনৰ পৰা ৫০টাতকৈও অধিক সফল অভিযান সম্পূৰ্ণ কৰিছে । ই সূৰ্য্যৰ সমকালীন আৰু নিম্ন পৃথিৱীৰ কক্ষপথলৈ উপগ্ৰহ প্ৰেৰণ কৰাত বিশেষজ্ঞ । তাৰ প্ৰধান কৃতিত্ব…

চন্দ্ৰযান-১ (২০০৮) : ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান, য’ত চন্দ্ৰত পানীৰ অণু আৱিষ্কাৰ কৰা হৈছিল ।

মংগলযান (২০১৩) : ভাৰতৰ প্ৰথম মংগল অভিযান, যিটো প্ৰথম প্ৰচেষ্টাতে নিজেই সফল হৈছিল । ই আছিল বিশ্বৰ কম খৰছী মংগল অভিযান, যাৰ ব্যয় আছিল ৪৫০ কোটি টকা ।

১০৪টা উপগ্ৰহ উৎক্ষেপণ (২০১৭) : পি এছ এল ভিয়ে একেলগে ১০৮টা উপগ্ৰহ উৎক্ষেপণ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰে ।

পি এছ এল ভিয়ে ভাৰতক নেভিগেচন (IRNSS), যোগাযোগ (GSAT) আৰু পৃথিৱী পৰ্যবেক্ষণ (Cartosat) আদি উপগ্ৰহৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিছিল ।

চন্দ্ৰযান অভিযানঃ চন্দ্ৰৰ অন্বেষণ

চন্দ্ৰযান-১ (২০০৮) : ই চন্দ্ৰৰ পৃষ্ঠত পানীৰ উপস্থিতি নিশ্চিত কৰিছিল ।

চন্দ্ৰযান-২ (২০১৯): যদিও ইয়াৰ লেণ্ডাৰ দুৰ্ঘটনাগ্ৰস্ত হয়, তথাপিও অৰ্বিটাৰখনে চন্দ্ৰক প্ৰদক্ষিণ কৰি গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণ কৰি আছে ।

চন্দ্ৰযান-৩ (২০২৩) : চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল । প্ৰজ্ঞান ৰভাৰে তাত থকা মাটি আৰু শিল বিশ্লেষণ কৰিছিল ।

মংগলযান আৰু অন্যান্য গ্ৰহ অভিযান-

প্ৰথম প্ৰয়াসতে মংগলযানে ভাৰতক মংগল গ্ৰহত উপনীত হোৱা প্ৰথমখন দেশ হিচাপে গঢ়ি তুলিছিল । ইছৰো এতিয়া শুক্ৰযান (২০২৫ চনত শুক্ৰৰ অধ্যয়ন) আৰু চন্দ্ৰযান-৪ (২০২৮ চনত চন্দ্ৰৰ পৰা নমুনা অনা)ৰ বাবে প্ৰস্তুতি চলাইছে ।

গগণযান : ভাৰতৰ প্ৰথমটো মানৱ অভিযান

গগণযান হৈছে ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ অভিযান, যিটো ২০২৬ চনত আৰম্ভ হ’ব । ইয়াৰ অধীনত তিনিজন ভাৰতীয় মহাকাশচাৰীয়ে ৪০০ কিলোমিটাৰ ওপৰত নিম্ন পৃথিৱী কক্ষপথত ৩-৭ দিন কটাব । ইয়াৰ মূল বিশেষত্ব…

LVM-3 ৰকেটঃ ভাৰতৰ আটাইতকৈ শক্তিশালী ৰকেটৰ সহায়ত ইয়াক উৎক্ষেপণ কৰা হ’ব ।

ক্ৰু: বায়ুসেনাৰ চাৰিজন পাইলটে প্ৰশিক্ষণ লৈ আছে ।

থলুৱা প্ৰযুক্তিঃ গগণযানত থকা ক্ৰাইজেনিক ইঞ্জিন, হিট শ্বিল্ড আৰু লাইফ চাপৰ্ট চিষ্টেম ভাৰতত নিৰ্মিত ।

ইছৰোৱে ২০২৪ চনত গগণযান মানৱবিহীন মিছন আৰু পেড এবৰ্ট পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছিল, যিবোৰ ইয়াৰ প্ৰস্তুতিৰ অংশ ।

ভাৰতীয় মহাকাশ কেন্দ্ৰ (BAS)-

২০২৫ চনৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱসত ইছৰোৱে ভাৰতীয় মহাকাশ কেন্দ্ৰৰ (BAS) মডেল উন্মোচন কৰে । ২০২৮ চনত মুকলি কৰা হ’ব BAS-01 মডিউল । ২০৩৫ চনৰ ভিতৰত সমগ্ৰ ষ্টেচনটো সাজু হ’ব । ইয়াৰ বৈশিষ্ট্যসমূহ…

ওজন : ১০ টন, উচ্চতা: ৪৫০ কিলোমিটাৰ ।

থলুৱা প্ৰযুক্তি : ভাৰত ডকিং ব্যৱস্থা, বাৰ্থিং ব্যৱস্থা আৰু ই চি এল এছ এছ (পৰিৱেশ নিয়ন্ত্ৰণ আৰু জীয়াই থকাৰ ব্যৱস্থা) ।

২০২৫ চনৰ উদযাপন : কিয় বিশেষ ?

২২-২৩ আগষ্ট ২০২৫ তাৰিখে ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা অনুষ্ঠানত…

BAS Model : ৩.৮ মিটাৰ x ৮ মিটাৰ BAS-01 মডেলটোৱেই আছিল মূল আকৰ্ষণ । ই ভাৰতৰ মহাকাশ কেন্দ্ৰৰ প্ৰতীক ।

প্ৰদৰ্শনীঃ চন্দ্ৰযান, মংগলযান আৰু গগণযানৰ মডেল প্ৰদৰ্শন কৰা হয় ।

ছাত্ৰ-ছাত্ৰীৰ উৎসাহঃ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ইছৰোৰ বিজ্ঞানীক লগ পাইছিল আৰু মহাকাশ বিজ্ঞান বুজিছিল ।

উদ্দেশ্য : মাইক্ৰ’গ্ৰেভিটি গৱেষণা, মহাকাশ পৰ্যটন আৰু আন্তঃগ্ৰহ অভিযানৰ বাবে প্ৰস্তুতি ।

BAS এ নিজাকৈ মহাকাশ কেন্দ্ৰ চলাই থকা আমেৰিকা, ৰাছিয়া আৰু চীনৰ দৰে দেশৰ সমকক্ষ কৰি তুলিব ভাৰতক ।

ইছৰোৰ ভৱিষ্যত পৰিকল্পনা-

ইছৰোৱে ২০২৪৭ চনৰ ভিতৰত ভাৰতক মহাকাশ মহাশক্তি হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে । ইয়াৰ বাবে কিছুমান ডাঙৰ পৰিকল্পনা আছে…

শুক্ৰযান (২০২৫) : শুক্ৰৰ পৃষ্ঠ আৰু বায়ুমণ্ডলৰ অধ্যয়ন ।

চন্দ্ৰযান-৪ (২০২৮) : চন্দ্ৰৰ পৰা মাটি আৰু শিলৰ নমুনা অনা ।

BAS (2035) : পাঁচটা মডিউলৰ সৈতে মহাকাশ কেন্দ্ৰ ।

মংগল গ্ৰহলৈ মানৱ অভিযান : ২০৩৫ চনৰ পিছত মংগল গ্ৰহলৈ মানুহ পঠোৱাৰ পৰিকল্পনা ।

মহাকাশ পৰ্যটনঃ ভাৰতে BAS ৰ জৰিয়তে মহাকাশ পৰ্যটনৰ বজাৰত প্ৰৱেশ কৰিব ।

ব্যক্তিগত খণ্ড : স্কাইৰুট, অগ্নিকুল কচমছ আৰু টাটা এডভান্সড চিষ্টেমছৰ দৰে ষ্টাৰ্টআপে ইছৰোৰ সৈতে একেলগে কাম কৰি আছে ।

প্ৰত্যাহ্বান আৰু সুযোগ-

প্ৰত্যাহ্বানঃ মহাকাশ অভিযানৰ উচ্চ ব্যয় (BAS ৰ ব্যয় ২০,০০০ কোটি টকা), মহাকাশৰ ধ্বংসাৱশেষ আৰু কাৰিকৰী জটিলতা ডাঙৰ প্ৰত্যাহ্বান ।

সুযোগঃ ইছৰোৰ সফলতাই মেক ইন ইণ্ডিয়াৰ প্ৰচাৰ কৰিছে । এইচ এ এল, বি ই এল আৰু ব্যক্তিগত কোম্পানীসমূহে মহাকাশ খণ্ডত অৰিহণা যোগাইছে । ইয়াৰ দ্বাৰা কৰ্মসংস্থাপন আৰু উদ্ভাৱনৰ নতুন সুযোগ আহিব ।

লগতে পঢ়ক : গগণযান, মহাকাশ কেন্দ্ৰ আৰু নতুন উচ্চতা… মহাকাশ দিৱসত ভাৰতৰ লক্ষ্যৰ কথা ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

ইছৰোৱে গঢ়িব নতুন অভিলেখ… নিৰ্মাণ কৰিব ৪০ মহলীয়া ৰকেট, মহাকাশলৈ কঢ়িয়াই নিব ৭৫ টন ওজন

ইছৰোৱে গঢ়িব নতুন অভিলেখ

মঙলবাৰে ভাৰতীয় মহাকাশ সংস্থা চমুকৈ ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে কয় যে মহাকাশ সংস্থাটোৱে ৪০ মহলীয়া অট্টালিকাৰ সমান ওখ ৰকেট নিৰ্মাণ কৰি আছে যিয়ে ৭৫ টনৰ পেলোড পৃথিৱীৰ নিম্ন কক্ষপথলৈ প্ৰেৰণ কৰিব পাৰিব ।

তেওঁ কয় যে এই বছৰ ইছৰোৰ NAVIC satellite, N1 rocketৰ দৰে প্ৰকল্প আছে । ইয়াৰ উপৰিও ভাৰতীয় ৰকেটৰ জৰিয়তে ৬৫০০ কিলোগ্ৰাম ওজনৰ আমেৰিকান যোগাযোগ উপগ্ৰহ কক্ষপথলৈ প্ৰেৰণ কৰাৰ কামো আছে । নাৰায়ণনে ক’লে, প্ৰথম ৰকেটৰ ক্ষমতা কিমান আছিল জানেনে ? ড° এ পি জে আব্দুল কালামে নিৰ্মাণ কৰা প্ৰথমটো লঞ্চাৰৰ ওজন আছিল ১৭ টন আৰু ই পৃথিৱীৰ নিম্ন কক্ষপথলৈ ৩৫ কিলোগ্ৰাম পেলোড প্ৰেৰণ কৰিব পাৰিছিল । আজি আমি এনে এটা ৰকেট বনাইছো যিয়ে ৭৫ হাজাৰ কিলোগ্ৰাম পেলোড পঠিয়াব পাৰিব, যাৰ উচ্চতা ৪০ মহলীয়া অট্টালিকাৰ সমান হ’ব ।

নাৰায়ণনে কয় যে মহাকাশ সংস্থাটোৱে এইবাৰ ভাৰতীয় নৌসেনাৰ বাবে নিৰ্মিত প্ৰযুক্তি প্ৰদৰ্শন উপগ্ৰহ আৰু সামৰিক যোগাযোগ উপগ্ৰহ GSAT-7R উৎক্ষেপণৰ পৰিকল্পনা কৰিছে, যিটোৱে বৰ্তমানৰ GSAT-7 (Rukmini) উপগ্ৰহৰ ঠাই ল’ব ।

তেওঁ কয় যে বৰ্তমান ভাৰতৰ কক্ষপথত ৫৫টা উপগ্ৰহ আছে, যিটো অহা তিনি-চাৰি বছৰত তিনিগুণ বৃদ্ধি পাব ।

লগতে পঢ়ক : ইছৰো আৰু আই আই টি গুৱাহাটীৰ বৃহৎ সফলতা… কৃষ্ণগহ্বৰৰ পৰা ওলোৱা এক্স-ৰে সংকেত ডিকোড

মহাকাশত শুভাংশু শুক্লাই কৰিলে মগু আৰু মেথিৰ খেতি…

মহাকাশত শুভাংশু শুক্লাই কৰিলে মগু আৰু মেথিৰ খেতি

ভাৰতীয় মহাকাশচাৰী গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত এক অনন্য পৰীক্ষা চলাইছে । তেওঁ পেট্ৰি ডিচত মেথি আৰু মগুৰ খেতি কৰিছে । তেওঁ ইয়াৰ ফটো তুলি আই এছ এছৰ ফ্ৰীজাৰত ৰাখিছিল । বীজৰ অংকুৰণ আৰু উদ্ভিদৰ প্ৰাৰম্ভিক বৃদ্ধিৰ ওপৰত মহাকাশৰ কম মাধ্যাকৰ্ষণ (microgravity)ৰ প্ৰভাৱ বুজিবলৈ এই পৰীক্ষা কৰা হৈছে ।

মহাকাশত ভাৰতীয় মহাকাশচাৰীৰ অভিযান-

শুভাংশু শুক্লা এক্সিয়াম-৪ অভিযানৰ অধীনত ১২ দিন ধৰি আই এছ এছত আছে । শুভাংশু শুক্লা আৰু তেওঁৰ সতীৰ্থ মহাকাশচাৰীসকলে ২০২৫ চনৰ ১০ জুলাইৰ পিছত যিকোনো সময়ত পৃথিৱীলৈ উভতি আহিব পাৰে, যদিহে ফ্ল’ৰিডাৰ উপকূলৰ বতৰ ভাল হয় । এই অভিযানক আই এছ এছৰ পৰা পৃথক কৰাৰ তাৰিখ এতিয়াও নাছাই ঘোষণা কৰা নাই । এই অভিযান ১৪ দিনলৈকে আই এছ এছত থাকিব পাৰে ।

শুভাংশুৱে এক্সিয়াম স্পেচৰ মুখ্য বিজ্ঞানী লুচি ল’ক কয় যে ইছৰোৱে দেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ সহযোগত এক আচৰিত গৱেষণা প্ৰস্তুত কৰাত মই গৌৰৱান্বিত, যিটো মই মহাকাশ কেন্দ্ৰত কৰি আছো । এই কামটো অতি উত্তেজনাপূৰ্ণ আৰু আনন্দদায়ক ।

মেথি আৰু মগু বীজৰ পৰীক্ষা-

এই বীজ অংকুৰণ পৰীক্ষাৰ নেতৃত্বত আছে দুজন বিজ্ঞানী— ধৰৱাড়ৰ কৃষি বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৰবিকুমাৰ হোছামানী আৰু আই আই টি ধৰৱাদৰ সুধীৰ সিদ্দাপুৰেদ্দি । শুভাংশুৱে পেট্ৰি ডিচত মেথি আৰু মগুৰ গুটি খেতি কৰি ফটো তুলিছিল । এই বীজবোৰ পৃথিৱীলৈ ঘূৰি অহাৰ পিছত কেইবাটাও প্ৰজন্মৰ বাবে খেতি কৰা হ’ব, যাতে ইয়াৰ জিনীয়, অণুজীৱ আৰু পুষ্টি মূল্যৰ পৰিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰিব পৰা যায় ।

মহাকাশত উৎপাদিত উদ্ভিদবোৰ দীঘলীয়া মহাকাশ যাত্ৰাৰ বাবে খাদ্য হিচাপে কিমান উপযোগী হ’ব পাৰে সেই কথা জনাটোৱেই এই পৰীক্ষাৰ উদ্দেশ্য । ভৱিষ্যতৰ চন্দ্ৰ বা মংগল অভিযানৰ বাবে বহনক্ষম কৃষিৰ দিশত এয়া এক ডাঙৰ পদক্ষেপ ।

মাইক্ৰ’এলজিৰ ব্যৱহাৰ

আন এটা পৰীক্ষাত শুভংশুৱে মাইক্ৰ’এলজি নিয়োগ কৰি সংৰক্ষণ কৰিছিল । এই শেলাইবোৰে মহাকাশত খাদ্য, অক্সিজেন আনকি জৈৱ ইন্ধন উৎপন্ন কৰাৰ সম্ভাৱনা আছে । এই পৰীক্ষাই ভৱিষ্যতে মহাকাশচাৰীসকলৰ বাবে জীৱন সহায়ক ব্যৱস্থা সৃষ্টি কৰাত সহায় কৰিব ।

লগতে পঢ়ক : ৰাছিয়াই উৎক্ষেপণ কৰিলে বিশাল ছয়ুজ ২.১এ ৰকেট; ৫০ ঘণ্টাত কৰিব ISS ৰ যাত্ৰা

পৃথিৱীৰ ফালে আহি আছে বিশালাকাৰ ধুমকেতু; আতংকিত বৈজ্ঞানিক

আহি আছে বিশালাকাৰ ধুমকেতু

শেহতীয়াকৈ জ্যোতিৰ্বিজ্ঞানীসকলে এটা অতি বিশাল ধুমকেতু আমাৰ সৌৰজগতৰ ফালে গতি কৰা দেখা পাইছে।ইয়াৰ নাম ধুমকেতু C/2014 UN271

এইটো আজিলৈকে আটাইতকৈ ডাঙৰ ধুমকেতু বুলি ধাৰণা কৰা হৈছে, যাৰ প্ৰস্থ প্ৰায় ১৩৭ কিলোমিটাৰ।ইয়াৰ আকাৰ সেই গ্ৰহাণুতকৈ ১৪ গুণ ডাঙৰ, যিয়ে ৬৫ নিযুত বছৰ আগতে পৃথিৱীৰ ডাইনোছৰবোৰৰ অন্ত পেলাইছিল।

ই ২০২৪ চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে প্ৰচণ্ড আচৰণ দেখুৱাইছে আৰু ৮ মাৰ্চত ই এটা শক্তিশালী জেট (গেছৰ প্ৰবাহ) নিৰ্গত হোৱা দেখা গৈছিল।

ইয়াৰ পিছত ১৭ মাৰ্চত এটা আৰু, কিন্তু অলপ দুৰ্বল জেট ওলাই আহিল।এই ধুমকেতুটো অতি দূৰৈৰ অ’ৰ্ট ক্লাউড নামৰ অঞ্চলৰ পৰা আহিছে, যিটো প্লুটো আৰু কুইপাৰ বেল্টৰ বাহিৰতো আছে।

বিজ্ঞানীসকলে চিলিৰ আটাকামা লাৰ্জ মিলিমিটাৰ/ছাবমিলিমিটাৰ এৰে (ALMA) টেলিস্কোপৰ সহায়ত পৰীক্ষা কৰি দেখিলে যে ইয়াৰ পৃষ্ঠৰ পৰা অতি দ্ৰুতগতিত কাৰ্বন মনোক্সাইড গেছ নিৰ্গত কৰি আছে, যাৰ বাবে ইয়াক আৰু অধিক বিপজ্জনক আৰু আকৰ্ষণীয় কৰি তোলে।

যদিও ই অতি ডাঙৰ আৰু সক্ৰিয়, তথাপিও ই পৃথিৱীৰ বৰ ওচৰলৈ নাহে।বিজ্ঞানীসকলৰ মতে এই ই সৌৰজগতৰ ভিতৰৰ অংশত উপস্থিত হ’ব যদিও পৃথিৱীলৈ কোনো প্ৰত্যক্ষ ভাবুকি নাই।

আমেৰিকান ইউনিভাৰ্চিটি আৰু নাছা গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰৰ জ্যোতিৰ্ ৰসায়নবিদ নাথান ৰথে কয় যে ইয়াক পৰ্যবেক্ষণ কৰিলে তেওঁলোকে এই বিশাল, বৰফৰ জগতখনৰ বিষয়ে জানিবলৈ সুযোগ পায়।

তেওঁ কয় যে আমি বিস্ফোৰক গেছৰ ওলাই যোৱা আৰ্হি দেখিবলৈ পাইছো যিয়ে ইয়াৰ ভিতৰৰ সৌৰজগতৰ দিশে যাত্ৰা অব্যাহত ৰখাৰ লগে লগে কেনেদৰে বিকশিত হ’ব সেই সম্পৰ্কে নতুন প্ৰশ্ন উত্থাপন কৰিছে।

লগতে পঢ়ক: ভাৰতৰ আটাইতকৈ কম বয়সীয়া মহাকাশ যাত্ৰী ! ২০২৯ত মহাকাশলৈ ২৩ বছৰীয়া জাহ্নৱী

মহাকাশলৈ শুভাংশুৰ শুভ যাত্ৰা; আৰম্ভ হ’ল ভাৰতৰ মহাকাশ অভিযানৰ এক নতুন অধ্যায়

মহাকাশলৈ শুভাংশুৰ শুভ যাত্ৰা

মহাকাশৰ জগতখনত ভাৰতে পুনৰ সৃষ্টি কৰিছে ইতিহাস । লক্ষ্ণৌৰ শুভাংশু শুক্লাই বুধবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰি ভাৰতক ৪১ বছৰৰ পাছত মানৱ মহাকাশ উৰণ কাৰ্যসূচীলৈ ঘূৰাই আনে । আমেৰিকাৰ ব্যক্তিগত কোম্পানী এটাৰ এক্সিয়াম মিছনৰ অধীনত মহাকাশলৈ গৈছে তেওঁ । ভাৰতৰ উপৰিও হাংগেৰী আৰু পোলেণ্ডৰ মহাকাশচাৰীসকলো এই অভিযানৰ অংশ ।

কেনেডি স্পেচ চেণ্টাৰৰ পৰা যাত্ৰা-

বুধবাৰে নিশা ১২:০১ বজাত ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৰা মাৰিলে স্পেচএক্সৰ ফেলকন-৯ ৰকেট । ৰকেট মহাকাশত প্ৰৱেশ কৰাৰ লগে লগে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে এই ঐতিহাসিক মুহূৰ্তৰ উদযাপন আৰম্ভ হয় । লক্ষ্ণৌত শুভাংশু শুক্লাৰ পিতৃ-মাতৃ আৰু চিটি মন্টেছৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলেও এই যাত্ৰাৰ লাইভ চাই গৌৰৱ অনুভৱ কৰে ।

৪১ বছৰৰ পিছত ইতিহাস সৃষ্টি-

উৎক্ষেপণৰ মাত্ৰ ১০ মিনিটৰ পিছতে এই ৰকেটটোৱে পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰে । এই সময়ত শুভাংশু শুক্লাই উত্তেজিত হৈ ক’লে যে এয়া এক আচৰিত যাত্ৰা । এই কথা শুনি দেশবাসীৰ মুখবোৰ জিলিকি উঠে । ১৯৮৪ চনত ৰাকেশ শৰ্মাৰ ঐতিহাসিক উৰণৰ ৪১ বছৰৰ পাছত সম্ভৱ হৈ উঠা ভাৰতৰ মহাকাশ উৰণৰ এক নতুন অধ্যায় তেওঁৰ এই যাত্ৰা ।

মোৰ যাত্ৰা নহয়, ভাৰতৰ যাত্ৰা- শুভাংশু

পৃথিৱীৰ কক্ষপথত উপনীত হোৱাৰ পিছত শুভাংশু শুক্লাই হিন্দী ভাষাত দেশবাসীক সম্বোধন কৰি কয়, নমস্কাৰ মোৰ প্ৰিয় দেশবাসী, ৪১ বছৰৰ পাছত আমি মহাকাশ পাইছোঁ ৷ মোৰ কান্ধত ত্ৰিৰংগা আছে, যাৰ বাবে মোৰ অনুভৱ হয় যে মই অকলশৰীয়া নহয়, ১৪০ কোটি ভাৰতীয়ৰ সৈতে আছোঁ । তেওঁ কয় যে এয়া কেৱল মোৰ মহাকাশ যাত্ৰা নহয়, ভাৰতৰ মানৱ মহাকাশ যাত্ৰাৰ আৰম্ভণি । উল্লেখ্য যে, শুভাংশু শুক্লাৰ লগতে মহাকাশচাৰীসকল এতিয়া ১৪ দিন আই এছ এছত থাকিব আৰু এই সময়ছোৱাত ৬০টা বিভিন্ন বৈজ্ঞানিক পৰীক্ষা কৰিব ।

মহাকাশলৈ চাউল আৰু আমো-

বিশেষ কথাটো হ’ল এই অভিযানত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ উপৰিও মহাকাশচাৰীসকলে নিজ নিজ দেশৰ সংস্কৃতিৰ আভাসো লৈছে । শুভাংশু শুক্লাই ভাৰতীয় তৰকাৰী, চাউল আৰু আমৰ ৰস লোৱাৰ বিপৰীতে হাংগেৰীৰ টেঙা পেপৰিকা পেষ্ট আৰু পোলেণ্ডৰ ফ্ৰীজ ফ্ৰাইড পিয়ৰ’জি মহাকাশলৈ প্ৰেৰণ কৰা হৈছে । এই অভিযান কেৱল বৈজ্ঞানিক কৃতিত্বই নহয়, সাংস্কৃতিক পৰিচয়ৰ প্ৰতীকো ।

লগতে পঢ়ক : ভাৰতৰ আটাইতকৈ কম বয়সীয়া মহাকাশ যাত্ৰী ! ২০২৯ত মহাকাশলৈ ২৩ বছৰীয়া জাহ্নৱী

ইতিহাস ৰচিবলৈ সাজু শুভাংশু শুক্লা; আজি ৰাওনা হ’ব মহাকাশলৈ

ইতিহাস ৰচিবলৈ সাজু শুভাংশু শুক্লা

বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন তথা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই আজি অৰ্থাৎ বুধবাৰে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে । ৪১ বছৰ পূৰ্বে একেৰাহে আঠ দিন পৃথিৱীক প্ৰদক্ষিণ কৰা ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা তেওঁ দ্বিতীয়জন ভাৰতীয় হ’ব । ইয়াৰ পূৰ্বে আমেৰিকাৰ মহাকাশ সংস্থা নাছাই মঙলবাৰে ঘোষণা কৰিছিল যে ভাৰতীয় মহাকাশচাৰী গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ কঢ়িয়াই নব লগা এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণ ২৫ জুনত হ’ব ।

নাছাই জনোৱা মতে, বুধবাৰে পুৱা এক্সিয়াম স্পেচ আৰু স্পেচএক্সে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ চতুৰ্থটো ব্যক্তিগত মহাকাশচাৰী অভিযান এক্সিয়াম মিছন ৪ উৎক্ষেপণৰ দিন ধাৰ্য কৰিছে । নাছাই জনোৱা মতে, ২৬ জুনত পুৱা প্ৰায় ৭ বজা (ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাত) ডকিংৰ সময় হ’ব । এই অভিযান ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা উৎক্ষেপণ কৰা হ’ব । এক্সিয়াম-৪ বাণিজ্যিক অভিযানৰ নেতৃত্বত আছে কমাণ্ডাৰ পেগী হুইটছন, মিছনৰ পাইলট হিচাপে আছে ভাৰতৰ শুভাংশু শুক্লা । ইয়াৰ পূৰ্বেও এই অভিযানৰ উৎক্ষেপণ কেইবাবাৰো পিছুৱাই দিয়া হৈছিল । ইয়াৰ পূৰ্বে ২৯ মে’ত এই অভিযান উৎক্ষেপণ হ’ব লাগিছিল যদিও কাৰিকৰী অসুবিধাৰ বাবে পিছুৱাই দিয়া হৈছিল ।

কেতিয়া আৰু কিয় পিছুৱাই দিয়া হৈছিল এই অভিযান ?

এই অভিযানৰ বাবে যোৱা মাহৰ পৰা প্ৰস্তুতি চলি আছে । কিন্তু কাৰিকৰী ত্ৰুটিৰ বাবে ইয়াৰ উৎক্ষেপণ পিছুৱাই গৈ থাকিল । ২৯ মে’ৰ পিছত ৮, ১০ আৰু ১১ জুনত ইয়াক উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছিল যদিও স্পেচএক্সৰ ফেলকন-৯ ৰকেটত ইন্ধন নিৰ্গত হোৱা আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ৰাছিয়াৰ অংশত লিকেজ হোৱাৰ বাবে এই অভিযান পিছুৱাই দিবলগীয়া হৈছিল । ইয়াৰ পিছত ১৯ জুনত আৰু তাৰ পিছত ২২ জুনত ইয়াক উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছিল যদিও নাছাই আই এছ এছত মেৰামতিৰ কামৰ পিছত ব্যৱস্থাটো পৰীক্ষা কৰাৰ অভিযান বৃদ্ধি কৰে ।

স্পেচএক্সে দিলে এই তথ্য-

ইফালে স্পেচএক্সে প্ৰকাশ কৰা অনুসৰি এই অভিযান উৎক্ষেপণৰ বাবে বতৰ অনুকূল দেখা গৈছে আৰু সকলো ব্যৱস্থাই ভালদৰে কাম কৰি আছে । স্পেচএক্সে এক্সত এটা পোষ্টত কয় যে বুধবাৰে এক্সিয়াম স্পেচৰ এক্স-৪ মিছনৰ উৎক্ষেপণৰ বাবে সকলো চিষ্টেম ভাল দেখা গৈছে । ইয়াৰ বাহিৰেও উৎক্ষেপণৰ বাবে বতৰ ৯০% অনুকূল ।

লগতে পঢ়ক : ভাৰতৰ আটাইতকৈ কম বয়সীয়া মহাকাশ যাত্ৰী ! ২০২৯ত মহাকাশলৈ ২৩ বছৰীয়া জাহ্নৱী

১০ জুনত মহাকাশলৈ ঐতিহাসিক উৰণ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ…

১০ জুনত ঐতিহাসিক উৰণ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ

ভাৰতৰ মহাকাশ ইতিহাসত এটা নতুন অধ্যায় সংযোজন হ’বলৈ গৈ আছে । ৪১ বছৰৰ মূৰত ১০ জুনত এক্সিয়াম স্পেচৰ এক্সিয়াম-৪ অভিযানৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা আৰম্ভ কৰিব ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই । এই অভিযান আমেৰিকাৰ মহাকাশ সংস্থা নাছা আৰু ব্যক্তিগত কোম্পানী স্পেচএক্সৰ সৈতে অংশীদাৰিত্বৰে সম্পন্ন কৰা হ’ব ।

উৰণৰ সময় আৰু স্থান-

অহা ১০ জুনত আমেৰিকাৰ ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হ’ব এক্সিয়াম-৪ অভিযান । স্পেচএক্সৰ ফেলকন ৯ ৰকেট ব্যৱহাৰ কৰি এই মহাকাশযানখন উৎক্ষেপণ কৰা হ’ব । ইয়াৰ পিছত ২৮ ঘণ্টাৰ যাত্ৰাৰ অন্তত ১১ জুনৰ নিশা ১০ বজাত (ভাৰতীয় সময় অনুসৰি) আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সৈতে সংযোগ স্থাপন অথবা ডকিং কৰিব মহাকাশযানখনে ।

এই অভিযানৰ আন যাত্ৰীসকল কোন ?

এই অভিযানত পাইলটৰ ভূমিকা পালন কৰিব ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই । তেওঁৰ লগত থাকিব আমেৰিকাৰ পেগী হুইটছন, মিছন কমাণ্ডাৰ আৰু ৬০০ দিনতকৈ অধিক সময় মহাকাশত কটোৱা অভিজ্ঞ মহাকাশচাৰী, হাংগেৰীৰ টিবৰ কাপু- মিছন বিশেষজ্ঞ, পোলেণ্ডৰ স্লাভছ ৱুজনানস্কি-উইছনিউস্কি – মিছন বিশেষজ্ঞ আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ বিজ্ঞানী ।

মহাকাশত ১৪ দিনীয়া সময়ছোৱাত শুভাংশু শুক্লাই কেইবাটাও বিশেষ বিজ্ঞান আৰু পুষ্টি সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষা কৰিব । এই পৰীক্ষাসমূহ ইছৰো আৰু ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগে (ডি বি টি) ডিজাইন কৰিছে । এই পৰীক্ষাৰ উদ্দেশ্য হৈছে মহাকাশত মেথি আৰু মগুৰ অংকুৰণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰা, বীজবোৰক মাইক্ৰ’গ্ৰেভিটি (মহাকাশৰ অৱস্থা)ত ৰাখি পৃথিৱীলৈ ঘূৰাই অনা আৰু অধিক খেতি কৰা, ভৱিষ্যতৰ দীৰ্ঘকালীন মহাকাশ ভ্ৰমণৰ বাবে পুষ্টি আৰু জীৱন-সহায়ক ব্যৱস্থা গঢ়ি তোলা । ইয়াৰ উপৰিও শুক্লাই নাছাৰ সৈতে ৫টা যৌথ অধ্যয়নো কৰিব ।

ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে যোৱা সপ্তাহত এক্সিয়াম স্পেচ ভ্ৰমণ কৰি অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে । ভাৰতৰ আগন্তুক গগণযান অভিযান (২০২৭)তো শুক্লাৰ অভিজ্ঞতা অতি উপযোগী বুলি প্ৰমাণিত হ’ব । এই অভিযানত ইছৰোৱে ৫৫০ কোটি টকা ব্যয় কৰিছে ।

লগতে পঢ়ক : চেটেলাইট ইণ্টাৰনেটৰ অপেক্ষাৰ অন্ত; ভাৰতত প্ৰৱেশৰ অনুজ্ঞাপত্ৰ লাভ Starlink ৰ