Starlink

 চেটেলাইট ইণ্টাৰনেটৰ অপেক্ষাৰ অন্ত; ভাৰতত প্ৰৱেশৰ অনুজ্ঞাপত্ৰ লাভ  Starlink ৰ

Starlink ৰ ভাৰতত প্ৰৱেশৰ অনুজ্ঞাপত্ৰ লাভ ভাৰতত উপগ্ৰহ সেৱা সন্দৰ্ভত যথেষ্ট দিনৰ পৰা আলোচনা চলি আছে।এতিয়া যেন ভাৰতত শীঘ্ৰে চেটেলাইট ইণ্টাৰনেট সেৱা আৰম্ভ হ’ব। জানিব পৰা মতে ইলন মাস্কৰ Starlink এ ভাৰত চৰকাৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে।ষ্টাৰলিংকে অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত এতিয়া ক’ব পাৰি যে চেটেলাইট

Starlink ৰ ভাৰতত প্ৰৱেশৰ অনুজ্ঞাপত্ৰ লাভ  

ভাৰতত উপগ্ৰহ সেৱা সন্দৰ্ভত যথেষ্ট দিনৰ পৰা আলোচনা চলি আছে।এতিয়া যেন ভাৰতত শীঘ্ৰে চেটেলাইট ইণ্টাৰনেট সেৱা আৰম্ভ হ’ব।

জানিব পৰা মতে ইলন মাস্কৰ Starlink এ ভাৰত চৰকাৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে।ষ্টাৰলিংকে অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত এতিয়া ক’ব পাৰি যে চেটেলাইট ইণ্টাৰনেটৰ বাবে অপেক্ষা এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে।

মাস্কৰ কোম্পানীয়ে যোৱা মাহত এই উদ্দেশ্য পত্ৰ লাভ কৰিছিল।এতিয়া আৰু এখোজ আগুৱাই গৈ চৰকাৰৰ পৰাও GMPCS ৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে।

অনুমোদন লাভ কৰা তৃতীয়টো কোম্পানী Starlink

শুকুৰবাৰে ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগে ষ্টাৰলিংকক দেশত সেৱা আৰম্ভ কৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে।ভাৰত চৰকাৰৰ পৰা ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰ লাভ কৰাটো কোম্পানীটোৰ বাবে এক ডাঙৰ সফলতা।

ষ্টাৰলিংক হৈছে ভাৰত চৰকাৰৰ পৰা চেটেলাইট ইন্টাৰনেট সেৱাৰ অনুমোদন লাভ কৰা তৃতীয়টো কোম্পানী।ইয়াৰ পূৰ্বে চৰকাৰে জিঅ’ আৰু এয়াৰটেলক অনুজ্ঞাপত্ৰও দিছিল।

চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছিল যে শীঘ্ৰে ষ্টাৰলিংক ছেটকমক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব পৰা যাব।

সেৱা আৰম্ভ কৰাৰ পৰা এখোজ দূৰত

GMPCS অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত এতিয়া Starlink ৰ সন্মুখত মাত্ৰ এটা প্ৰত্যাহ্বান আছে। কোম্পানীটোক ভাৰতত চেটেলাইট ইন্টাৰনেট সেৱা আৰম্ভ কৰিবলৈ IN-SPACe ৰ পৰা চূড়ান্ত অনুমোদন ল’ব লাগিব।

এই অনুমোদন পোৱাৰ পিছত ব্যৱহাৰকাৰীয়ে উপগ্ৰহ ভিত্তিক ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পাৰিব। কিন্তু এই চূড়ান্ত অনুমোদন সম্পূৰ্ণ হ’বলৈ কিমান সময় লাগিব সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য দিয়া হোৱা নাই।

উল্লেখ্য যে ইলন মাস্কে ২০২২ চনৰ পৰা ভাৰতত ষ্টাৰলিংকৰ প্ৰৱেশৰ বাবে অহৰহ চেষ্টা কৰি আহিছে। অৱশেষত কোম্পানীৰ অপেক্ষা অন্ত পৰিল।

আমাজনৰ কুইপাৰ কোম্পানীয়েও ভাৰতত চেটেলাইট ইণ্টাৰনেটৰ ব্যৱস্থা কৰিবলৈ চেষ্টা চলাইছে। ইয়াৰ বাবে ভাৰত চৰকাৰক আৱেদন জনাইছে কোম্পানীটোৱে।

লগতে পঢ়ক: অশ্ৰুসিক্ত নয়নেৰে দিলে অৱসৰৰ ইংগিত; ছেমিফাইনেলৰ পৰা বাহিৰ ন’ভাক জ’কভিচ